কৰ'না বীজাণুৰ আতংক আৰু পৰম্পৰাগত গণমাধ্যমৰ ভূমিকা
কভিড-১৯ নবেল কৰ'না ভাইৰাছ নামৰ মাৰাত্মক ৰোগ বিধৰ ভয়াৱহতাই সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকো ভীতিগ্ৰস্থ কৰি তুলিছে। ইতিমধ্যে আমাৰ দেশত এই ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰতি দিনে বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুযায়ী কেৱল কেতবোৰ আত্মসুৰক্ষামূলক নীতি আৰু শাৰীৰিক তথা পাৰিপাৰ্শ্বিক পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিহে এই ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়। জনসমাগম পৰিহাৰ কৰা আৰু মানুহৰ মাজত সামাজিক দূৰত্ব বজায় ৰখাটো বৰ্তমানে কোনো প্ৰতিষেধক বা দৰৱ আবিষ্কাৰ নোহোৱা কভিড-১৯ৰ দৰে ৰোগ প্ৰতিৰোধৰ অন্যতম উপায়। এই সূত্ৰ অৱলম্বন কৰিয়েই কিছুদিন পূৰ্বে বিশ্বৰ আন বহুতো দেশৰ পদানুসৰণ কৰি ভাৰততো দেশ জুৰি সৰ্বাত্মক তলা বন্ধ বা লকডাউন ঘোষণা কৰা হয়। অহা ১৫ এপ্ৰিললৈকে চলিব লগীয়া এই ২১ দিনীয়া বন্ধৰ মূল উদ্দেশ্য হৈছে দেশৰ প্ৰত্যেক নাগৰিক ঘৰতে আবদ্ধ হৈ যাতে বীজাণুমুক্ত হৈ থাকে আৰু কৰ'না ভাইৰাছৰ সম্ভাব্য শিকলি ডালক দেশ পৰা ছিঙি পঠিয়াব পৰা যায়। কিন্তু ২১ দিন একেৰাহে কৰ্মহীন হৈ ঘৰত সোমাই থকাটোও বিশ্বায়নৰ যুগত ব্যস্ততাৰে পৰিপূৰ্ণ আধুনিক দৈনিক জীৱনত অত্যন্ত কঠিন কাম যদিয়ো দেশৰ অধিকাংশ নাগৰিকেই আজি নিৰূপায়। কৰ'নাৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি এইটো কৰিবই লাগিব। দেশৰ প্ৰত্যেক নাগৰিকে এই দীঘলীয়া বিৰক্তিকৰ গৃহবন্দী জীৱনত সময় অতিবাহিত কৰাৰ তৰহ তৰহৰ উপায় উলিয়াই লোৱা দেখা গৈছে। কোনোবাই যদি তেওঁ কৰি ভাল পোৱা কাম কৰিবলৈ লৈছে, কোনোবাই আকৌ অসম্পূৰ্ণ পৰিকল্পনা সমূহ সম্পূৰ্ণ কৰাত ব্যস্ত হৈ পৰিছে। কোনোবাই যদি স্বাভাৱিক কৰ্ম ব্যস্ততাৰ বাবে পৰিয়ালক দিব নোৱাৰা সময়কন এতিয়া দিছে কোনোবাই আকৌ স্বাস্থ্য ক্ষেত্ৰ বা প্ৰশাসনৰ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত হোৱাত পৰিবাৰৰ পৰা আঁতৰিয়ো থাকিব লগীয়া হৈছে। কিন্তু যিয়ে যিয়েই নকৰক বৰ্তমান এই কৰ'নাক্ৰান্ত পৰিস্থিতিত আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে প্ৰত্যেকে কৰনা সম্পৰ্কে সজাগ আৰু সচেতন হৈ থকাৰ লগতে এই ৰোগবিধৰ সৈতে জড়িত নিজ নিজ অঞ্চক, ৰাজ্য তথা দেশৰ সঠিক শেহতীয়া তথ্য পাই থকাটো। আধুনিক সময়ছোৱাত অৱশ্যে টেলিভিছন, ইণ্টাৰনেটত আদি ইলেকট্ৰনিক মিডিয়াত তথ্যৰ কোনো অভাৱ নাই যদিও তেনে একাংশ গণমাধ্যমত অতিৰঞ্জিত, ভুল আৰু সামঞ্জষ্যহীন তথ্যই জনমানসত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰাটোও বিভিন্ন সময়ত লক্ষ্য কৰা হৈছে। বিশেষকৈ কৰ'না ভাইৰাছজনিত ৰোগৰ দৰে অতি স্পৰ্শকাতৰ বিষয় এটাক লৈ ভুৱা বা উদ্বেগ সৃষ্টি কৰা বাতৰি বা প্ৰতিবেদনে পৰিস্থিতি অধিক বিষম কৰি তুলিব পাৰে তথা মানুহৰ মাজত মানসিকচাপৰ সৃষ্টি কৰিব পাৰে। আনহাতে যিহেতু কভিড-১৯ ৰোগৰ বিস্তাৰ প্ৰতিৰোধমূলক সকলো কাৰ্যসূচী, আক্ৰান্ত ৰোগীৰ চিনাক্তকৰণ, তেওঁলোকৰ চিকিৎসা আদি এতিয়ালৈকে কেৱল চৰকাৰীতন্ত্ৰই হে দেশে দেশে কৰি আছে সেয়েহে এই বিষয়ে সঠিক আৰু বস্তুনিষ্ঠ তথ্য সংগ্ৰহৰো শ্ৰেষ্ঠ উৎস কেৱল দেশ সমূহৰ চৰকাৰী সংবাদ সংস্থা বা গণমাধ্যম সমূহ হ'ব পাৰে। তেনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী দৃশ্য আৰু শ্ৰৱ্য গণমাধ্যম প্ৰসাৰ ভাৰতীৰ অধীনস্থ আকাশবাণী আৰু দূৰদৰ্শনে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
তলাবন্ধৰ প্ৰাৰম্ভিক দিনকেইটাত সম্ভৱতঃ কিছু আতংক আৰু কৰ্তৃপক্ষৰ পৰা সঠিক নীতি-নিৰ্দেশনা নোপোৱাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ৰেডিঅ' নেটৱৰ্ক আকাশবাণী বা অল ইণ্ডিয়া ৰেডিঅ' কিছু পথভ্ৰষ্ট হোৱা দেখা গৈছিল। আৰম্ভণিতে আকাশবাণীৰ ৰাষ্ট্ৰীয় চেনেল, দেশৰ বিভিন্ন অঞ্চলত থকা আকাশবাণীৰ কেইবাটাও আঞ্চলিক কেন্দ্ৰ আৰু আনকি আকাশবাণীৰ বিদেশ সেৱা প্ৰচাৰণ বিভাগেও নিয়মীয়া অনুষ্ঠানৰ সম্প্রচাৰ বন্ধ বা কৰ্তন কৰিছিল। কিছু কিছু কেন্দ্ৰই নিয়মীয়া অনুষ্ঠানৰ লগতে আঞ্চলিক ভাষাৰ বাতৰিৰ সম্প্ৰচাৰো বন্ধ কৰাটোয়ে শ্ৰোতা সকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। একাংশ কেন্দ্ৰই নিজা অনুষ্ঠানৰ প্ৰচাৰ বন্ধ কৰি কেৱল বিবিধ ভাৰতী আৰু আকাশবাণীৰ বাতৰি বিভাগৰ অনুষ্ঠান সমূহ ৰিলে কৰিবলৈ লৈছিল। কভিড-১৯ সৃষ্ট এই আশংকাপূৰ্ণ বাতাবৰণত দেশৰ প্ৰত্যন্তৰ অঞ্চল সমূহত সঠিক আৰু নিৰ্ভেজাল তথ্য পৌঁছাই দিয়াৰ লগতে ৰোগবিধক লৈ সচেতনতা বৃদ্ধিত ৰেডিঅ'ই কিমান গুৰুত্ব ভূমিকা পালন কৰিব পাৰে এই বিষয়ে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকৰ সম্পূৰ্ণ অৱগত আৰু সেয়েহে হয়তো আকাশবাণীৰ উৰ্ধতন কৰ্তৃপক্ষৰ ভুল সিদ্ধান্তত মন্ত্ৰী জনে গভীৰ উদ্বেগ প্ৰকাশ কৰি জৰুৰী ভাবে বলৱৎ হোৱাকৈ আকাশবাণীৰ সকলো স্তৰৰ সেৱা সমূহ স্বাভাৱিক আৰু প্ৰয়োজনত বৰ্দ্ধিত সময়সূচীত কভিড-১৯ বিষয়ক জনসচেতনতামূলক অনুষ্ঠান প্ৰচাৰ কৰাৰ নিৰ্দেশ দিয়ে। অৱশ্যে এই ক্ষেত্ৰত আমাৰ অসম আৰু উত্তৰ-পূৱ ভাৰতৰ অধিকাংশ কেন্দ্ৰ সাধুবাদৰ যোগ্য।
আমাৰ দেশত লকডাউন ঘোষণা কৰাৰ লগে লগে আকাশবাণীৰ উত্তৰপূৱৰ কেইবাটাও কেন্দ্ৰই জৰুৰী ভাৱে কাৰ্যকৰী হোৱাকৈ সম্প্ৰচাৰণ নীতিত বহুতো পৰিৱৰ্তন ঘোষণা কৰে। ইয়াৰে অংশ হিচাবে কিছু কেন্দ্ৰই বৰ্ধিত সময়সূচীৰ সৈতে অনুষ্ঠান সম্প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে। অৱশ্যে এই ক্ষেত্ৰত কেন্দ্ৰ সমূহে তেওঁলোকৰ কৰ্মচাৰী সকলৰ স্বাস্থ্য সুৰক্ষাৰ দিশটোও যথেষ্ট গুৰুত্ব সহকাৰে লৈ সীমিত সংখ্যক কৰ্মচাৰীৰে উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত আমাৰ অসমৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো পিছ পৰি থকা নাই। কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগে পুৱা-গধূলি প্ৰচাৰ কৰা আঞ্চলিক বাতৰিত বৰ সুন্দৰকৈ ৰাজ্যৰ শেহতীয়া কৰ'নাক্ৰান্ত পৰিস্থিতিৰ প্ৰকৃত আভাস পোৱা গৈছে আৰু এই সম্পৰ্কে ৰাজ্য চৰকাৰৰ পৰিকল্পনা ও আঁচনি সমূহৰ সঠিক তথ্যও যোগান ধৰা হৈছে। তাৰ উপৰি কেন্দ্ৰটোৱে নিতৌ কেইবাটাও লাইভ ফোন-ইন অনুষ্ঠান, সাক্ষাৎকাৰ, বিশেষজ্ঞ, চিকিৎসক, ৰাজ্য প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বিষয়া-আমোলা, মন্ত্ৰী সকলৰ সৈতে আলোচনা অনুষ্ঠান প্ৰচাৰ কৰি শ্ৰোতা সমাজক এই মাৰাত্মক ব্যাধি সম্পৰ্কে সজাগ আৰু সচেতন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আকাশবাণীৰ এনে জনহৈতেশী অনুষ্ঠানৰ দ্বাৰা জনগণ 'বিচলিত' নহৈ যথেষ্ট উপকৃত হোৱা দেখা গৈছে। কভিড-১৯ ৰ বাবে লকডাউনৰ বহু পূৰ্বেই বন্ধ ঘোষণা কৰা বিদ্যালয়-মহাবিদ্যালয় সমূহৰ নিয়মীয়া পাঠদান কাৰ্যসূচী অত্যন্ত প্ৰভাৱিত হোৱালৈ চাই আকাশবাণী গুৱাহাটী কেন্দ্ৰই সংযোজন কৰিছে 'প্ৰজ্ঞা' নামৰ এক ৰেডিঅ' পাঠদান অনুষ্ঠান। অহা ৬ এপ্ৰিল, সোমবাৰৰ পৰা সপ্তাহত তিনিদিন (সোম, বুধ আৰু শুক্ৰবাৰে) সন্ধিয়া ৫:৪৫ বজাৰ পৰা এই অনুষ্ঠানৰ সম্প্ৰচাৰ আৰম্ভ হোৱাৰ কথা। অনুষ্ঠানটোত বিদ্যালয় পৰ্যায়ৰ বিষয় সমূহ সামৰি লোৱা হ'ব আৰু এই অনুষ্ঠান প্ৰযোজনাত কেন্দ্ৰটোক সহযোগ আগবঢ়াইছে 'সমগ্ৰ শিক্ষা অভিযান, অসম' আৰু 'ৰাজ্য শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে'। আকাশবাণী গুৱাহাটী এফএম মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ এই দুইটা চেনেলৰ লগতে এই অনুষ্ঠান সমূহ All India Radio Live এই মোবাইল এপ আৰু কেন্দ্ৰটোৰ ইউটুব চেনেলতো শুনিবলৈ পোৱা যায়। ফেচবুকৰ দৰে বহুল প্ৰচলিত সামাজিক গণমাধ্যমৰ ব্যৱহাৰৰ প্ৰতিও আকাশবাণী যথেষ্ট সচেতন আৰু কোভিড-১৯ ক লৈ সততে ওলাই থকা বিভিন্ন উৰাবাতৰিৰ আঁৰৰ শুদ্ধ তথা প্ৰকৃত তথ্য, বিভিন্ন বা-বাতৰি নিয়মীয়াকৈ পোষ্ট কৰি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ Airnews Ghy আৰু টুইটাৰ একাউন্ট সমূহে ব্যৱহাৰকাৰীৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ঘৰত সোমাই থকা দিনকেইটাত শ্রোতাৰ মনোৰঞ্জনৰ দিশটোও যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ কেন্দ্ৰটোৰ গ্ৰীষ্মকালীন অনুষ্ঠানসূচীত কেইবাটাও নতুন অনুষ্ঠানৰ সংযোজন কৰি কঠিন পৰিস্থিতিতো উৎকৃষ্ট সেৱা অব্যাহত ৰাখিছে।
![]() |
| Akashvani Dibrugarh Live Program. Photo Courtesy- AIR Dibrugarh Facebook Page |
উজনি অসমৰ হৃদস্পন্দন স্বৰূপ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইয়ো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰটোৱে নিতৌ দিনৰ ১২:০৫ বজাৰ পৰা আবেলি ৩:০০ বজালৈ এক বিশেষ ফোন-ইন অনুষ্ঠান প্ৰচাৰ কৰি শ্ৰোতাৰ মনত উদ্ভৱ হোৱা কৰ'না সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিশেষজ্ঞ সকলৰ দ্বাৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে প্ৰশাসনৰ বিভিন্ন বিভাগৰ তৰফৰ পৰা নানান গুৰুত্বপূৰ্ণ বাৰ্তা, বিদ্যাৰ্থীসকলৰ পাঠ্যক্ৰমৰ সৈতে জড়িত বিভিন্ন বিষয়ত শিক্ষাগুৰু সকলৰ পৰামৰ্শ আদি প্ৰচাৰ কৰি আহিছে। কেন্দ্ৰটোয়ে প্ৰতিদিনে উজনিৰ কেউখন জিলাৰ উপায়ুক্ত, বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী বিষয়া, গুৰুত্বপূৰ্ণ সামাজিক সংস্থাৰ কৰ্মকর্তা আদিৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপ প্ৰচাৰ কৰি আহিছে পুৱা ৭:০০ বজাত যত জিলা সমূহৰ সাম্প্ৰতিক পৰিস্থিতি আৰু প্ৰশাসনে লোৱা বিভিন্ন পদক্ষেপ সমূহৰ বিষয়ে বিতংকৈ প্ৰতিফলিত হৈছে। কেন্দ্ৰটোৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান 'আজিৰ দিনটো'ত ৰাজ্যৰ বিশিষ্ট ব্যক্তি সকলেও কৰ'নাৰ কৰণীয়বোৰ সম্পৰ্কে দিয়া বাৰ্তা প্ৰচাৰ কৰি জনমানসত এই ৰোগ সম্পৰ্কে সচেতনতা বৃদ্ধিত বিশেষ অৰিহণা যোগাবলৈ চেষ্টা কৰিছে। সন্ধিয়া ৭:১৫ বজাৰ 'চাহ শ্ৰমিকৰ আসৰ' অনুষ্ঠানত চাহ বাগানৰ চিকিৎসক, বাগান কৰ্তৃপক্ষ আৰু বাগানৰ সমাজ কল্যান বিভাগৰ বিষয়ববীয়া সকলৰ সাক্ষাৎকাৰ আদি প্ৰচাৰ কৰি শ্ৰমিক সকলৰ মাজত কভিড-১৯ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰাত কেন্দ্ৰটো যথেষ্ট পৰিমাণে সফল হোৱা পৰিলক্ষিত হৈছে। কৰ'না সংক্ৰান্তীয় এনে অত্যন্ত উপযোগী অনুষ্ঠানসূচী প্ৰচাৰ কৰাত কেন্দ্ৰ সমূহৰ স্বাভাৱিক অনুষ্ঠানমালাৰ কিছু সালসলনি কৰিব লগা হৈছে যদিও আজিৰ সংশয়পূৰ্ণ পৰিবেশত তুলনামূলক ভাবে মানসিক চাপ সৃষ্টিকাৰী কিছুমান টেলিভিছন সামগ্ৰীৰ পৰিবৰ্তে আজিয়ো ৰেডিঅ' কেন্দ্ৰ সমূহে প্ৰচাৰ কৰা নাটক, সাক্ষাৎকাৰ, সাহিত্য বিষয়ক অনুষ্ঠান, গীত-মাতৰ অনুষ্ঠান, কৃষি বিষয়ক অনুষ্ঠান, গঞা ৰাইজৰ অনুষ্ঠান, মহিলা আৰু শিশুৰ বিশেষ অনুষ্ঠান আদিৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰোতাৰ মানসিক উৎকৰ্ষ সাধনত বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। লকডাউন ঘোষণাৰ আৰম্ভণিত সম্ভৱতঃ কৰ্মচাৰীৰ অভাৱতে কিছু উজুটি খাই কেইটামান দিন স্বাভাৱিক অনুষ্ঠান সমূহৰ প্ৰচাৰ বন্ধ ৰাখি কেৱল গুৱাহাটী কেন্দ্ৰ আৰু বিবিধ ভাৰতীৰ অনুষ্ঠান ৰিলে কৰি প্ৰচাৰ কৰা আকাশবাণীৰ যোৰহাট কেন্দ্ৰইয়ো অতি সম্প্ৰতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হৈছে। বিগত কিছুদিনৰ পৰা আকাশবাণীৰ 'বহুজন হিতায়ঃ, বহুজন সুখায়ঃ' এই মূল মন্ত্ৰকে সৰোগত কৰি যোৰহাট কেন্দ্ৰইয়ো অন্যান্য কেন্দ্ৰৰ দৰে কোভিড-১৯ নবেল কৰ'না ভাইৰাছৰ বিভিন্ন দিশ সামৰি বিশেষ লাইভ ফোন-ইন, বিশেষজ্ঞৰ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আদি আৰম্ভ কৰিছে। ইয়াৰ উপৰি কেন্দ্ৰটোৱে পূৰ্বৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ প্ৰচাৰ কৰাৰ লগতে ক'বিড-১৯ বা ন'ভেল ক'ৰ'না ভাইৰাছ সম্পৰ্কে বিভিন্ন সজাগতামূলক পৰামৰ্শ, অভিজ্ঞ চিকিৎসক, অধ্যাপক, প্ৰশাসনিক বিষয়া সকলৰ মতামত, যোৰহাটৰ শেহতীয়া খবৰ, প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা সমূহ প্ৰচাৰ কৰি যোৰহাটবাসী ৰাইজৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলৰ শ্ৰোতা সকলক বিশেষ ভাবে উপকৃত কৰিছে।
সত্য আৰু নিৰপেক্ষ সংবাদৰ বাবে দেশৰ এক বৃহৎ অঞ্চলৰ জনগণৰ একমাত্ৰ নির্ভীৰযোগ্য মাধ্যম হৈছে আকাশবাণীৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বাতৰি বিভাগৰ সামগ্রী সমূহ। এই কথা উপলব্ধি কৰিয়েই আকাশবাণীৰ বাতৰি বিভাগে দিনজুৰি বিশেষ কেইবাটাও অনুষ্ঠান সম্প্ৰচাৰ কৰিছে। তাৰে অন্যতম হৈছে প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা ৯ বজালৈ প্ৰচাৰিত হিন্দী আৰু ইংৰাজীত 'বিশেষ কোভিড-১৯ বুলিটিন'। বিশেষকৈ দেশ তথা বিভিন্ন ৰাজ্যৰ শেহতীয়া কৰ'না পৰিস্থিতিৰ সংবাদ, পৰ্যালোচনা, ৰোগ বিধৰ সংক্ৰান্তত চৰকাৰী-বেচৰকাৰী পৰ্যায়ত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, পৰীক্ষা-নিৰীক্ষা, অধ্যয়ন, উদ্ভাৱন আদিৰ তথ্যৰ বাবে এই বুলিটিন এক অতি গুৰুত্বপূৰ্ণ সমল হিচাপে শ্ৰোতা ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে। বাতৰি বিভাগে হিন্দী আৰু ইংৰাজীৰ ৫ মিনিটৰ বুলিটিন সমূহ ১০ মিনিটলৈ বৃদ্ধি কৰিছে আৰু উৰ্দু বুলিটিন নিয়মিত ভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰিছে। তাৰ উপৰি বিভাগটোয়ে দিন জুৰি এই বিষয়টোকলৈ বিশেষজ্ঞ, চৰকাৰী মন্ত্ৰী, বিষয়া, স্বাস্থ্যসেৱাৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ সাক্ষাৎকাৰ, তেওঁলোকৰ সৈতে সৈতে আলোচনা আদি প্ৰচাৰ কৰি জনসাধাৰণক কৰ'না ভাইৰাছ সম্পৰ্কে সঠিক তথ্যৰ যোগান ধৰাত এক বিশেষ ভূমিকা পালন কৰি আহিছে। শেহতীয়া এক হিচাপ মতে আকাশবাণীৰ বাতৰি বিভাগৰ ফেচবুক আৰু টুইটাৰ একাউন্ট সমূহৰ অনুগামীৰ সংখ্যাও দিন প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে আকাশবাণীৰ বস্তুনিষ্ঠ আৰু সত্য আধাৰিত সংবাদ পৰিবেশনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই কথা ভালকৈ উপলব্ধি কৰিব পাৰি এই জৰুৰীকালীন পৰিস্থিতিত দেশবাসীলৈ দিয়া প্ৰতিটো বাৰ্তা আকাশবাণী আৰু দূৰদৰ্শনৰ বিশাল নেটৱৰ্কতে উপলব্ধ কৰিবলৈ লৈছে। কেন্দ্ৰ সমূহেও প্ৰধানমন্ত্ৰীৰ বাৰ্তা সমূহ স্থানীয় বিভিন্ন ভাষাত অনুবাদ কৰি প্ৰচাৰ কৰি সাধাৰণ ৰাইজৰ মাজলৈ লৈ গৈছে। কৰ'না ভাইৰাছ সৃষ্ট দেশৰ বৰ্তমান অস্থিৰ পৰিস্থিতিত ৰেডিঅ'ৰ অনুষ্ঠান আৰু বাতৰি বিভাগৰ সৈতে জড়িত কলা-কুশলী সকলে অভূতপূৰ্ব অৰিহণা যোগোৱাৰ সমান্তৰালকৈ কেন্দ্ৰবোৰৰ অভিযান্ত্ৰিক আৰু কাৰিকৰী বিভাগ সমূহৰ সৈতে জড়িত লোক সকলো বিশেষ ধন্যবাদৰ পাত্ৰ কিয়নো এই সকল লোকে দিনে-ৰাতি কেন্দ্ৰ সমূহৰ সম্প্ৰচাৰৰ কাৰিকৰী দিশটো নিৰন্তৰ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ সুবাদতে শ্ৰোতাই প্ৰচাৰণ সমূহ কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ শুনিবলৈ পাইছে। কিন্তু তেওঁলোকেও দ্বায়িত্ব পালনৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰাখিহে সকলো কাৰ্য সমাধা কৰা দেখা গৈছে।
অসমৰ সমাজ আৰু অৰ্থনীতিত চাহ উদ্যোগৰ লগতে চাহ শ্ৰমিক আৰু নৈপৰীয়া জনগোষ্ঠী সমূহে বিশেষ অৰিহণা যোগাই আহিছে। এতিয়াও শিক্ষা-দীক্ষা আৰু আৰ্থিক দিশৰ পৰা কিছু অনগ্ৰসৰ এই সকল ৰাইজক কভিড-১৯ নবেল কৰ'না ভাইৰাছ সম্পৰ্কে ল'ব লগীয়া প্ৰয়োজনীয় সাৱধানতা আদি সম্পৰ্কে সচেতন কৰি তোলাত ৰেডিঅ'ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উজনি অসমৰ ডিব্ৰুগড়, ধেমাজি আৰু দাঁতি-কাষৰীয়া অঞ্চলৰ তুলনামূলক ভাবে পিছ পৰা শ্ৰেণীৰ, বিশেষকৈ চাহ বাগান আৰু নৈৰ চৰাঞ্চলত বসবাস কৰা ৰাইজৰ মাজত স্থানীয় কেইবাটাও প্ৰচলিত ভাষাত কৰ'না ভাইৰাছৰ শিক্ষামূলক তথা সচেতনতামূলক অনুষ্ঠান প্ৰচাৰেৰে বিষয়টো সম্পৰ্কত সঠিক তথ্যৰ যোগান ধৰি জনসচেতনতা বৃদ্ধিত আজিও ৰেডিঅ'ই যে শ্ৰেষ্ঠ মাধ্যম তাক আকৌ প্ৰমাণ কৰিছে উত্তৰ-পূৱ ভাৰতৰ শ্ৰেষ্ঠ সামূহিক বা কমিউনিটি ৰেডিঅ' 'ৰেডিঅ' ব্ৰহ্মপুত্ৰ ৯০.৪ এফ এম'য়ে।
![]() |
| ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ষ্টুডিওত লাইভ অনুষ্ঠানৰ মুহূৰ্ত। ফটো- ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ফেচবুক পেজ |
ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ মাইজানঘাটত অৱস্থিত এই ৰেডিঅ' কেন্দ্ৰটোয়ে বিগত সময়ছোৱাত বিশ্ব স্বাস্থ্য সংস্থা, ভাৰত আৰু অসম চৰকাৰে কভিড-১৯ সম্পর্কে দিয়া বিভিন্ন দিশা-নিৰ্দেশনা সমূহ অসমীয়াৰ উপৰি সাদৰি, মিচিং, হাজং, দেউৰী, বানাই আদি স্থানীয় ভাষাতো বাণীবদ্ধ কৰি ৰেডিঅ'ত প্ৰচাৰ কৰাৰ উপৰি নিজৰ বৃহৎ শ্ৰোতা নেটৱৰ্কৰ মাজত হোৱাটচেপ, ফেচবুক আদি মাধ্যমেৰে বিয়পাই দি মাৰাত্মক ব্যাধি বিধকলৈ অঞ্চলটোৰ ৰাইজক সজাগ কৰি তোলাত বিশেষ ভূমিকা পালন কৰিছে। সামাজিক ব্যৱধান বৰ্তাই চলা, হোম কোৱাৰেনটাইন, হাত ধোঁৱা আদিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰেডিঅ' ব্ৰহ্মপুত্ৰই সৰল ভাষাত বুজাই দি এই অঞ্চলটোৰ ৰাইজক বিশেষ ভাবে উপকাৰ কৰিছে। তাৰ উপৰি স্থানীয় ৰাইজৰ মাজত তেওঁলোকৰ ভাষাতে এই কেন্দ্ৰটোৱে নিয়মিতভাৱে প্ৰচাৰ কৰি আছে কভিড-১৯ৰ বিষয়ে লবলগীয়া শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্নৰ উপায় সম্পৰ্কে চিকিৎসকৰ পৰামৰ্শমূলক অনুষ্ঠান, বিভিন্ন উৰাবাতৰিৰ প্ৰকৃত তথ্য বিচাৰি ৰাইজক অৱগত কৰা অনুষ্ঠান আৰু স্বাস্থ্যকৰ্মীৰ পৰা চাফাই কৰ্মী সকলৰ মনৰ বতৰা। প্ৰকৃততে ৰেডিঅ' ব্ৰহ্মপুত্ৰই অব্যৱসায়িক ভিত্তিত গঢ়লৈ উঠা দেশৰ সামূহিক কেন্দ্ৰ সমূহৰ প্ৰধান দ্বায়িত্ব, অৰ্থাৎ জনসেৱামূলক অনুষ্ঠানবোৰ এই কঠিন সময়ত নিয়মিত ভাৱে আগবঢ়াই আন আন কেন্দ্ৰ সমূহৰ সন্মুখত এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰটো পৰিচালনাৰ দ্বায়িত্বত আছে ভাস্কৰ জ্যোতি ভূঞা আৰু তেওঁৰ তত্বাৱধানত কেন্দ্ৰটোক সেৱা আগবঢ়োৱা ৮-৯ গৰাকী স্থানীয় যুৱ অনাতাঁৰ কৰ্মীৰ কোনো এজনেও এই বিষয়ে আনুষ্ঠানিক প্ৰশিক্ষণ আদি গ্ৰহণ কৰা নাই। কেৱল বিষয়টোৰ প্ৰতি থকা আগ্ৰহ আৰু কঠোৰ পৰিশ্ৰমেৰে আজি দেশ জুৰি সন্মানিত এই কেন্দ্ৰটোৰ প্ৰতিগৰাকী কলা-কুশলী ইয়াৰ বাবে নিশ্চিত ভাবে প্ৰশংসাৰ পাত্ৰ।
ৰেডিঅ' পৰিসেৱাৰ এটি বিশেষ শাখা হৈছে এমেচাৰ ৰেডিঅ' বা হেম ৰেডিঅ'। ভাৰতৰ বিভিন্ন ৰাজ্যত থকা এনে বৃহৎ সংখ্যক এমেচাৰ ৰেডিঅ' পৰিচালকেও স্থানীয় ভাবে তেওঁলোকৰ বিস্তৃত ৰেডিঅ' নেটৱৰ্ক ব্যৱহাৰ কৰি প্ৰশাসনক সহায় আগবঢ়োৱাৰ বাতৰি পোৱা গৈছে। পশ্চিমবংগৰ বিভিন্ন জিলাত থকা ৱেষ্টবেংগল ৰেডিঅ' ক্লাৱৰ হেম সদস্য সকলে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা সৰ্বাত্মক লকডাউনৰ সময়ত প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি লোকে ঠাইয়ে ঠাইয়ে বৃহৎ সংখ্যাত গোট খোৱা, কোনোবা ঠাইত কোনো অসহায় লোক আবদ্ধ হৈ পৰা, খাদ্য বা প্ৰয়োজনীয় ঔষধৰ অভাৱৰ সন্মুখীন হোৱা লোক আদি সম্পৰ্কে নিজৰ ৰেডিঅ' নেটৱৰ্কৰ সহায়ত তথ্য সংগ্ৰহ কৰি সেইবোৰ প্রশাসনক যোগান ধৰি কঠোৰ সময়ত অঞ্চলবোৰত সুব্যৱস্থা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কেৱল পশ্চিমবংগতে নহয় এই ধৰণৰ জনসেৱামূলক কাৰ্যসূচীৰ দ্বাৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ হেম সকলে সামাজিক দূৰত্ব বজাই ৰাখি জনসেৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আমাৰ অসমতো শেহতীয়াকৈ জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰা এমেচাৰ ৰেডিঅ' পৰিসেৱাৰ সৈতে জড়িত কেইজনমান হেমে লকডাউনৰ সময়চোৱাত সম্ভাব্য যিকোনো আপাতকালীন পৰিস্থিতিৰ মোকাবেলা কৰিবলৈ নিজৰ নিজৰ অনুজ্ঞাপ্ৰাপ্ত এমেচাৰ ষ্টেছন সমূহ দিনে-ৰাতিয়ে কাৰ্য্যক্ষম কৰি ৰাখিছে।
কৰ'না আতংকৰ এই সময়ছোৱাত বিদেশী অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান সমূহেও গুৰুত্বপূৰ্ণ তথা সঠিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তথ্য সৰ্বৰাহত বিশেষ ভূমিকা পালন কৰি আহিছে। উল্লেখযোগ্য যে ৰেডিঅ'ৰ শৰ্টৱেভ বেণ্ডত অজস্ৰ বিদেশী কেন্দ্ৰই ইংৰাজীৰ উপৰি কিছু কিছু কেন্দ্ৰই হিন্দী, বাংলা, তামিল আদি ভাৰতীয় ভাষাতো দৈনিক অনুষ্ঠান প্ৰচাৰ কৰে। তাৰে অন্যতম হৈছে বিবিচি, ভয়েছ অব্ আমেৰিকা, চাইনা ৰেডিঅ' ইন্টাৰনেছনেল, ৰেডিঅ' জাপান, ৰেডিঅ' ৰোমানিয়া, দক্ষিণ কোৰিয়াৰ কে.বি.এছ. ৱৰ্ল্ড ৰেডিঅ', ভয়েছ অব্ ভিয়েটনাম, ইটালীৰ আই. আৰ.আৰ. এছ. শৰ্টৱেভ, ৰেডিঅ' তাইৱান ইণ্টাৰনেছনেল, বাংলাদেশ বেতাৰ, ৰেডিঅ' হাভানা কিউবা, ৰেডিঅ' নিউজিলেণ্ড, ম্যানমাৰ ৰেডিঅ', ৰেডিঅ' ফিলিপাইন, ৰেডিঅ' থাইলেণ্ড, ৰেডিঅ' তেহেৰান ইত্যাদি। এই কেন্দ্ৰ সমূহে কভিড-১৯ সম্পৰ্কে নিজ নিজ দেশৰ শেহতীয়া পৰিস্থিতিৰ বা-বাতৰি, বিশ্লেষণধৰ্মী অনুষ্ঠান আদি প্ৰচাৰ কৰি বিদেশী শ্ৰোতা সকলক নানান তথ্যৰ যোগান ধৰি আহিছে আৰু এনেবোৰ নিৰপেক্ষ তথা শুদ্ধ বা-বাতৰি শুনি নিশ্চিত ভাবে প্ৰতি গৰাকী ৰেডিঅ' শ্ৰোতা উপকৃত হৈছে। বিশ্বৰ কেইবাটাও অনাতাঁৰ কেন্দ্ৰই কৰ'না সংকটৰ বাবে বৰ্ধিত সময়সূচীৰে অনুষ্ঠান প্ৰচাৰ কৰিছে আৰু এই মাৰাত্মক ব্যাধি সম্পৰ্কে শ্ৰোতা সকলক সজাগ কৰাৰ উদ্দেশ্যে বিশেষ কিউএছএল আদিও প্ৰেৰণ কৰা দেখা গৈছে।
ৰাষ্ট্ৰসংঘৰ ইউ.এন. ৰেডিঅ'ৰ পৰা আৰম্ভ কৰি ওপৰত উল্লেখিত কেন্দ্ৰ সমূহ আৰু বিভিন্ন কাৰণত বৰ্তমানে কেৱল অনলাইন প্লেটফৰ্মত উপলব্ধ প্ৰায় সকলো দেশৰ চৰকাৰী অনাতাঁৰ কেন্দ্ৰ সমূহে ইণ্টাৰনেটত শ্ৰোতা সকলৰ বাবে প্ৰচাৰ কৰি আছে কৰ'না মহামাৰীৰ সম্পৰ্কে বিশেষ অনুষ্ঠানমালা। স্মাৰ্টফোন ব্যৱহাৰকাৰী ৰেডিঅ' অনুৰাগী সকলে এনে অনুষ্ঠানবোৰ নিয়মিত ভাৱে শুনি নিশ্চয়কৈ বৌদ্ধিক তথা মানসিক ভাৱে উপকৃত হৈছে। ইয়াৰ দ্বাৰা এই কথা সহজেই অনুমেয় যে প্ৰতিকূল পৰিস্থিতিত ৰেডিঅ'ই সদায়েই শ্ৰেষ্ঠ গণমাধ্যমৰ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও ৰেডিঅ' গুৰুত্ব সমানেই বজায় থাকিব।
কৰ'না ভাইৰাছ সৃষ্ট পৰিস্থিতিৰ বাবে দেশৰ নাগৰিক সমাজ আজি গৃহবন্দী হৈ থকা সময়ছোৱাত বহুতো লোকক দিনটো কেৱল টিভিৰ সন্মুখত বহিয়েই সময় কটোৱাও দেখা গৈছে। টেলিভিছনৰ ভিউৱাৰশ্বিপ বৃদ্ধিৰ এই সুবৰ্ণ সময়ত দূৰদৰ্শনৰ সৰ্বাধিক জনপ্ৰিয় চেনেল ডিডি নেচনেল আৰু ডিডি ভাৰতীৰো দর্শকৰ সংখ্যা বৃদ্ধিৰ এক সুযোগ অহালৈ চাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকৰৰ নিৰ্দেশনাত দূৰদৰ্শনে নিজৰ সৰ্বকালৰ শ্ৰেষ্ঠ কেতবোৰ ধাৰাবাহিক পুনৰ সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰথমে ৰামানন্দ সাগৰৰ 'ৰামায়ণ' আৰু পাছলৈ এটাৰ পাছত আন এটাকৈ কেইবাটাও ধাৰাবাহিকৰ পুনৰ সম্প্ৰচাৰ কাৰ্যই স্বাভাৱিকতে চেনেল দুটাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিছে। দূৰদৰ্শনৰ ৰাষ্ট্রীয় চেনেল ডিডি-১ বা নেচনেলত পুনৰপ্ৰচাৰ আৰম্ভ হোৱা ধাৰাবাহিক সমূহ হৈছে ৰামায়ণ (নিতৌ পুৱা ৯ আৰু ৰাতি ৯ বজাত), বমকেশ বক্সি (নিতৌ পুৱা ১১ বজাত), মগলীৰ চৰিত্ৰৰ বাবে বিখ্যাত হোৱা 'দ্য জঙ্গল বুক' (নিতৌ দিনৰ ১ বজাত), শাহৰুখ খান অভিনীত ছাৰ্কাছ (নিতৌ আবেলি ৩ বজাত), শ্ৰীমান-শ্ৰীমতী (নিতৌ আবেলি ৪ বজাত), বুনিয়াদ (গধূলি ৫ বজাত), দেখ ভাই দেখ (সন্ধিয়া ৬ বজাত), শক্তিমান (ৰাতি ৮ বজাত) আৰু চাণক্য (ৰাতি ১০ বজাত)।
আনহাতে ডিডি ভাৰতী যোগে প্ৰচাৰিত ধাৰাবাহিক সমূহ হ'ল- অলিফ লয়লা (পুৱা ১০:৩০ বজাত), মহাভাৰত (দিনৰ ১২ আৰু সন্ধিয়া ৭ বজাত), শ্ৰীমান-শ্ৰীমতী (ৰাতি ৯ বজাত) আৰু উপনিষদ গঙ্গা (প্ৰতিদিনে সন্ধিয়া ৬ বজাত)। লকডাউন কালত দূৰদৰ্শনৰ এই বিশেষ পদক্ষেপে কেৱল চেনেলবোৰৰ দৰ্শকৰ সংখ্যা বৃদ্ধিতে অৱদান আগবঢ়োৱা নাই বৰং পৰিবাৰৰ প্ৰতিটো প্ৰজন্মৰ মাজত টিভি যোগে এক সৌহাৰ্দ্যপূৰ্ণ যোগসূত্ৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বহুজাতিক প্ৰতিষ্ঠান সমূহে পৰিচালনা কৰা শিশুসকলৰ উদ্দেশ্যে চেনেল সমূহে আজি যি কৰিব পৰা নাই সেইটো তাহানিৰ দিনত দূৰদৰ্শনৰে এই ধাৰাবাহিক সমূহে কৰিব পাৰিছিল। দূৰদৰ্শনৰ এই প্ৰচেষ্টাই নিশ্চিত ভাবে বৰ্তমান উঠি অহা প্ৰজন্মক এক সুযোগ আনি দিছে ভাৰতীয় দৰ্শণ, আধ্যাত্ম আৰু সামাজিক মূল্যবোধৰ বিষয়ে মনোৰঞ্জৰ মাজেৰে কিছু জ্ঞান আহৰণ কৰাৰ আৰু আমাৰ প্ৰজন্মটোক নিজৰ বাল্যকালৰ স্মৰণীয় মুহূৰ্ত সমূহ আকৌ এবাৰ মানসপটত সতেজ কৰাৰ পথ উলিয়াই দিছে।
পূৰ্বে উল্লেখ কৰা মতে কৰ'না ভাইৰাছ মহামাৰীৰ পৰিস্থিতি প্ৰতিটো মুহূৰ্ততে জনসাধাৰণ সজাগ আৰু শুদ্ধ তথ্যৰে সৈতে সচেতন হৈ থকাটো অতিকৈ আৱশ্যক। কিন্তু একাংশ চেটেলাইট টিভি নিউজ চেনেল আৰু শেহতীয়াকৈ চেন্সৰবিহীন ইউটুব নিউজ চেনেল সমূহে ভুৱা আৰু অতিৰঞ্জিতকৈ পৰিবেশ কৰা সংবাদ সমূহে মানুহক অত্যন্ত বিচলিত আৰু ভুল পথে পৰিচালিত কৰাটো এক স্বাভাৱিক কথা হৈ পৰিছে। তেনে এক পৰিস্থিতিত দূৰদৰ্শনৰ বাতৰি বিভাগে পৰিচালনা কৰা ডিডি-নিউজ চেনেলটো ভিউৱাৰশ্বিপৰ দিশৰ পৰা সৰ্বকালৰ শ্ৰেষ্ঠ স্থানত অধিষ্ঠিত হৈছে। কভিড-১৯ক লৈ দিনজুৰি পৰিবেশিত বুলিটিন, বিশ্লেশাত্মক অনুষ্ঠান, চৰকাৰী পক্ষৰ সঠিক তথ্য আদিৰ বাবে আজি এই চেনেলটায়েই টেলিভিছনত উপলব্ধ দেশৰ আটাইতকৈ নিৰ্ভৰযোগ্য চেনেল। তাৰ উপৰি ডিডি ফ্ৰি ডিছ প্লেটফৰ্মত উপলব্ধ কেতবোৰ বিদেশী টিভি চেনেলৰ একাংশ অনুষ্ঠানৰ দ্বাৰাও দেশৰ জনগণ বহুত উপকৃত হৈছে। এনেদৰেই আজি দেশৰ কঠিন এক পৰিস্থিতিত আকাশবাণী আৰু অন্যান্য ৰেডিঅ' মাধ্যম তথা দূৰদৰ্শনে আকৌ এবাৰ প্ৰমাণ কৰিলে যে সহজ, বিশ্বাসযোগ্য, বস্তুনিষ্ঠ অনুষ্ঠান পৰিবেশনাৰে আজিয়ো দেশৰ অধিকাংশ শ্ৰোতা-দৰ্শকক উপকৃত কৰিব পাৰি আৰু এই ক্ষেত্ৰত পৰম্পৰাগত গণমাধ্যমৰ গুৰুত্ব সদায়েই অটুট থাকিব।
✒️ পৃথ্বীৰাজ পুৰকায়স্থ





Well composed articulation with full of information. Thanks Prithwiraj !
ReplyDeleteপ্ৰবন্ধ টো পঢ়ি ভাল লাগিল।
ReplyDelete