Posts

Showing posts from April, 2020

পৰ্যটনৰ নতুন ঠিকনা- হ'মষ্টে'

Image
বহু বছৰ আগৰ কথা। আমি তেতিয়া কলেজৰ দেওনা পাৰ কৰাই নাছিলোঁ। ধৰালৈ শীতৰ আগমনৰ লগে লগে আন দহ জন ভ্ৰমণ পিপাসুৰ দৰে সেইবাৰ আমি কেইজনমান বন্ধুয়ে লগ লাগি কৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। ছাত্ৰ জীৱনত তেতিয়া হাতত টকা-পইছা বৰকৈ নাথাকে যদিও আমি পকেট মনি বচাই সাঁচিথোৱা ধনেৰে হেঁপাহৰ মাজুলীখনকে চাই আহিবলৈ ঠিক কৰিলোঁ। সময়টো যিহেতু মাজুলীৰ বিখ্যাত ৰাস মহোৎসৱৰ সৈতে মিলি গৈছিল সেয়েহে আমি সেই চেগতে ৰাস লীলাও চাই আহিম স্থিৰ কৰিলোঁ। ঠিক কৰি থোৱা দিন আৰু সময় মতেই আমি যোৰহাটৰ নিমাতিঘাটৰ পৰা ফেৰীৰে গৈ মাজুলীৰ কমলাবাৰী ঘাট পাছিলোঁগৈ ঠিকেই, কিন্তু তাৰপৰা আমাৰ মূল গন্তব্য স্থান ৰাওনাপাৰলৈকে যোৱা একমাত্ৰ বাছখন আমি সেইদিনা ধৰিব নোৱাৰাত আৰু আনফালে তেতিয়ালৈকে প্ৰায় সন্ধিয়া হৈ অহাত আমি মাজুলীৰ অপৰিচিত পৰিবেশত বেছ বিমোৰত পৰিছিলো। ডেকা তেজ, সেয়েহে বৰ বেছি ভয় লগা নাছিল যদিও ক'ত থাকিম আৰু কি খাম সেই কথাই অৱশ্যে আমাক কিছু চিন্তিত কৰি তুলিছিল। বৰ্তমানৰ দৰে তেতিয়া মোবাইল ইণ্টাৰনেটৰ যুগ নাছিল আৰু সেয়েহে আজিৰ দৰে স্থানীয় কোনো 'ফেচবুক ফ্রেণ্ড' আদি বিচাৰি উলিওৱাৰো কোনো সুবিধা আমাৰ হাতত নাছিল। বৰ বেছি চিন...

আকাশবাণী ডিব্ৰুগড় আৰু মই

Image
মৰমৰ আকাশবাণী ডিব্ৰুগড়,  পোনপ্ৰথমেই ভাৰতৰ একেবাৰে পূৱ প্ৰান্তত থকা উজনি অসমৰ 'হৃদস্পন্দন' স্বৰূপ কেন্দ্ৰটোৰ সমূহ কলা-কুশলী তথা শ্ৰোতা বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। ইতিমধ্যে জবণিকা পৰা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি বিগত এক বছৰে প্ৰচাৰ কৰা  প্ৰতিটো অনুষ্ঠানেই হেঁপাহ পলুৱাই উপভোগ কৰিলো। অন্যান্য অনুষ্ঠানৰ লগতে মোৰ বাবে বিশেষ আকৰ্ষণীয় আছিল বিভিন্ন শ্ৰোতাৰ অনুভৱেৰে সজোৱা অনুষ্ঠান 'আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু মই', কেন্দ্ৰটোৰ সৈতে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে জড়িত কলা-কুশলীৰ অনুভৱৰ সম্ভাৰ 'সোণালী সোঁৱৰণ'- এই দুটা অনুষ্ঠান। অনুষ্ঠান দুটা শুনি শুনি প্ৰতিটো মুহূৰ্ততে মই 'সময় যন্ত্ৰৰ' মাজেৰে স্মৃতিৰ সেই মনিকোঠাত গৈ উপস্থিত হৈছিলো যেতিয়া মোৰ প্ৰয়াত দেউতা আপোনালোকৰ এগৰাকী নিয়মিত শ্ৰোতা আছিল। ৰেডিঅ' তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে মোক পৰিচয় কৰাই দিয়া মানুহজনেই আছিল মোৰ দেউতা স্বৰ্গীয় প্ৰশান্ত পুৰকায়স্থ। দেউতা এগৰাকী শিক্ষক আছিল আৰু  শৈশৱত দেউতাক দেখিছিলো নিজৰ ফিলিপছ ট্রেনজিষ্টাৰটোৰ ন'ভ পকাই পকাই দ...

ডাকটিকটত 'অষ্টলক্ষ্মী'- নগা বোৱনী

Image
চিকিমক সামৰি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহক শেহতীয়াকৈ 'অষ্টলক্ষী' নামেৰে অভিহিত কৰা হৈছে। স্বাধীনোত্তৰ কালৰ পৰাই ভাৰতীয় ডাক বিভাগে এই অঞ্চলটোৰ কেতবোৰ ঐতিহাসিক ঘটনা, বিভিন্ন জাতি-জনগোষ্ঠীয় পৰম্পৰা, কলা-কৃষ্টি, সাহিত্য, সংস্কৃতি, সাজপাৰ আদিৰ লগতে ৰাজ্য সমূহৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিত্ব সকলৰ প্ৰতি সন্মান জনাই সময়ে সময়ে কেইবাখনো স্মাৰক ডাক টিকট প্ৰকাশ কৰি আহিছে। আমাৰ এই শিতানত তেনে ধৰণৰে কিছু বিশেষ ডাকটিকট সম্পৰ্কে সংক্ষেপে আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে।   সাধাৰণতে ভাৰতীয় ডাক বিভাগে মূলতঃ দুই ধৰণৰ ডাক টিকট প্ৰকাশ কৰি থাকে- ডেফিনেটিভ (সাধাৰণ বা নিৰ্দিষ্ট ডাক টিকট) আৰু কমেমোৰেটিভ (স্মাৰক ডাক টিকট)। উত্তৰ-পূৱ ভাৰতৰ প্ৰসংগত অৱশ্যে ডাক বিভাগে জাৰি কৰা প্ৰথম ডাক টিকটখন আছিল এটা ডেফিনেটিভ ষ্টাম্পহে।  সেউজ পাহাৰ, বিচিত্ৰ জনজাতি, ৰংবিৰঙৰ উৎসৱ-পাৰ্বনৰ ভূখণ্ড নাগালেণ্ড। উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে যুদ্ধ আৰু চিকাৰত আটাইতকৈ দক্ষ জাতিও এই নগা সকল। নগা জনজীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আভাষ পোৱা যায় বৈচিত্ৰতাৰ। দৈনন্দিন জীৱনত তেওঁলোকে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰীৰ...

হবি কথা - ডিচেম্বৰ ২০১৯

Image
মানুহে আজৰি পৰত কৰি ভাল পোৱা কিছুমান বিশেষ কাম বা চখকে সাধাৰণতে 'হবি' বুলি কোৱা হয়। বিখ্যাত কেম্ব্ৰিজ অভিধানত হবিৰ সংজ্ঞা এনে ধৰণে দিয়া হৈছে- "an activity that someone does for pleasure when they are not working"। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে আজৰি সময়ত আনন্দ অনুভূতিৰ বাবে কৰা কামটোৱেই হৈছে 'হবি'। মানুহৰ হবিবোৰত আৱেগ অধিক জড়িত হৈ থকা দেখা যায় আৰু সেইবোৰত বিত্তীয় লাভালাভৰ কোনো কথা নাথাকে। তথাপি কোৱা হয় যি সকলে নিজৰ চখ বা নিচাক পেচালৈ ৰূপান্তৰ কৰিব পাৰে তেওঁলোক পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি! কিন্তু এনে সৌভাগ্য খুব কম মানুহৰে কপালত জোটে! যি কি নহওঁক, হবিবোৰে আমাক সুখানুভূতি প্ৰদান কৰাৰ উপৰি বহু ক্ষেত্ৰত জ্ঞানৰ ভঁৰালটোকো টনকিয়াল কৰাত সহায় কৰে। এনে বহু হবি আছে যিবোৰে পৰ্যায়ক্ৰমে গৱেষণাৰ ৰূপ লৈ মানৱ সভ্যতাৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইতিহাসৰ পাততো হবিৰ অৱদান অপৰিসীম। এটা সময় আছিল যেতিয়া হবি বুলি ক'লে আমি চিঠি লিখা, পত্ৰ বন্ধুত্ব, ডাক টিকট সংগ্ৰহ, মুদ্ৰা সংগ্ৰহ, আলোচনী-সংবাদপত্ৰ আদিৰ সংগ্ৰহ, দিয়াছলাই বাকচ, পুতলা আদি গোটাই সংৰক্ষণ কৰা, দূৰ-দূৰণিৰ ৰ...

কৰ'না বীজাণুৰ আতংক আৰু পৰম্পৰাগত গণমাধ্যমৰ ভূমিকা

Image
কভিড-১৯ নবেল কৰ'না ভাইৰাছ নামৰ মাৰাত্মক ৰোগ বিধৰ ভয়াৱহতাই সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকো ভীতিগ্ৰস্থ কৰি তুলিছে। ইতিমধ্যে আমাৰ দেশত এই ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰতি দিনে বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুযায়ী কেৱল কেতবোৰ আত্মসুৰক্ষামূলক নীতি আৰু শাৰীৰিক তথা পাৰিপাৰ্শ্বিক পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিহে এই ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়। জনসমাগম পৰিহাৰ কৰা আৰু মানুহৰ মাজত সামাজিক দূৰত্ব বজায় ৰখাটো বৰ্তমানে কোনো প্ৰতিষেধক বা দৰৱ আবিষ্কাৰ নোহোৱা কভিড-১৯ৰ দৰে ৰোগ প্ৰতিৰোধৰ অন্যতম উপায়। এই সূত্ৰ অৱলম্বন কৰিয়েই কিছুদিন পূৰ্বে বিশ্বৰ আন বহুতো দেশৰ পদানুসৰণ কৰি ভাৰততো দেশ জুৰি সৰ্বাত্মক তলা বন্ধ বা লকডাউন ঘোষণা কৰা হয়। অহা ১৫ এপ্ৰিললৈকে চলিব লগীয়া এই ২১ দিনীয়া বন্ধৰ মূল উদ্দেশ্য হৈছে দেশৰ প্ৰত্যেক নাগৰিক ঘৰতে আবদ্ধ হৈ যাতে বীজাণুমুক্ত হৈ থাকে আৰু কৰ'না ভাইৰাছৰ সম্ভাব্য শিকলি ডালক দেশ পৰা ছিঙি পঠিয়াব পৰা যায়। কিন্তু ২১ দিন একেৰাহে কৰ্মহীন হৈ ঘৰত সোমাই থকাটোও বিশ্বায়নৰ যুগত ব্যস্ততাৰে পৰিপূৰ্ণ আধুনিক দৈনিক জীৱনত অত্যন্ত কঠিন কাম যদিয়ো দেশৰ অধি...