পৰ্যটনৰ নতুন ঠিকনা- হ'মষ্টে'
বহু বছৰ আগৰ কথা। আমি তেতিয়া কলেজৰ দেওনা পাৰ কৰাই নাছিলোঁ। ধৰালৈ শীতৰ আগমনৰ লগে লগে আন দহ জন ভ্ৰমণ পিপাসুৰ দৰে সেইবাৰ আমি কেইজনমান বন্ধুয়ে লগ লাগি কৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। ছাত্ৰ জীৱনত তেতিয়া হাতত টকা-পইছা বৰকৈ নাথাকে যদিও আমি পকেট মনি বচাই সাঁচিথোৱা ধনেৰে হেঁপাহৰ মাজুলীখনকে চাই আহিবলৈ ঠিক কৰিলোঁ। সময়টো যিহেতু মাজুলীৰ বিখ্যাত ৰাস মহোৎসৱৰ সৈতে মিলি গৈছিল সেয়েহে আমি সেই চেগতে ৰাস লীলাও চাই আহিম স্থিৰ কৰিলোঁ। ঠিক কৰি থোৱা দিন আৰু সময় মতেই আমি যোৰহাটৰ নিমাতিঘাটৰ পৰা ফেৰীৰে গৈ মাজুলীৰ কমলাবাৰী ঘাট পাছিলোঁগৈ ঠিকেই, কিন্তু তাৰপৰা আমাৰ মূল গন্তব্য স্থান ৰাওনাপাৰলৈকে যোৱা একমাত্ৰ বাছখন আমি সেইদিনা ধৰিব নোৱাৰাত আৰু আনফালে তেতিয়ালৈকে প্ৰায় সন্ধিয়া হৈ অহাত আমি মাজুলীৰ অপৰিচিত পৰিবেশত বেছ বিমোৰত পৰিছিলো। ডেকা তেজ, সেয়েহে বৰ বেছি ভয় লগা নাছিল যদিও ক'ত থাকিম আৰু কি খাম সেই কথাই অৱশ্যে আমাক কিছু চিন্তিত কৰি তুলিছিল। বৰ্তমানৰ দৰে তেতিয়া মোবাইল ইণ্টাৰনেটৰ যুগ নাছিল আৰু সেয়েহে আজিৰ দৰে স্থানীয় কোনো 'ফেচবুক ফ্রেণ্ড' আদি বিচাৰি উলিওৱাৰো কোনো সুবিধা আমাৰ হাতত নাছিল। বৰ বেছি চিন...