ৰেডিঅ'ই যেতিয়া বন্ধুত্ব গঢ়ে, আনে প্ৰচুৰ উপহাৰ
আমাৰ শৈশৱত দেউতাক দেখিছিলো নিজৰ ফিলিপছ ট্রেনজিষ্টাৰটোৰ ন'ভ পকাই পকাই দেশ-বিদেশৰ নানান অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান, বিশেষকৈ সোনালী জয়ন্তী বৰ্ষ গৰকা আমাৰ মৰমৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ লগতে গুৱাহাটী, কলকাতা কেন্দ্ৰ তথা বিবিচি, ভয়েছ অব আমেৰিকা, বাংলাদেশ বেতাৰ আদিৰ অনুষ্ঠান নিয়মিত ভাবে শুনিছিল। কৰিমগঞ্জস্থ আমাৰ গাওঁৰ ঘৰলৈ গ'লে এই একেই অভ্যাস দেখিবলৈ পাইছিলো বৰদেউতাৰ মাজত। সেইসময়ত ইতিমধ্যে নতুনকৈ টেলিভিছন আমাৰ পৰিয়ালৰ সদস্য হৈ পৰিছিল যদিয়ো ৰেডিঅ'ৰ প্ৰতি থকা আসক্তি দেউতা, বৰদেউতাহঁতে এৰিব পৰা নাছিল। অৱশ্যে আমিবোৰে ইতিমধ্যে মগলী, চিত্ৰহাৰ, ৰামায়ণ, সুৰভি আদিৰ জৰিয়তে টেলিভিছনৰ সৈতে মিতিৰালি কৰিছিলোয়েই। সেয়েহে হয়তো ৰেডিঅ'ই শৈশৱকালত আমাক খুব বেছি আকৰ্ষিত কৰিব পৰা নাছিল। কিন্তু বেটাৰী চালিত সৰু যন্ত্ৰটোৰ ভিতৰৰ পৰা ওলাই অহা বিভিন্ন ভাষাৰ মাত-কথা, সংগীত আদিয়ে মোৰ অনুসন্ধিৎসু মনটোক সদায় আন্দোলিত কৰি ৰাখিছিল। এবাৰ জানিবলৈ মন আছিল বাকচটোৰ ভিতৰৰ ৰহস্যময় পৃথিৱীৰ বিষয়ে।
আমাৰ পৰিয়ালটোৰ বাবে ১৯৯২ চনৰ ২০ ছেপ্টেম্বৰ দিনটো এটা অভিশপ্ত দিন আছিল কিয়নো সিদিনা দেউতাই আমাক চিৰদিনৰ বাবে এৰি পৰলোক গমন কৰিছিল। মাত্ৰ ৪৪ বছৰ বয়সতে আমাক হঠাতে এনেকৈ মোৰ আদৰ্শ ব্যক্তি গৰাকীয়ে এৰি গুচি যাব বুলি মোৰ ১০ বছৰীয়া শিশু মনটোৱে কেতিয়াও ভবা নাছিল। ভাইটি প্ৰীতমতো তেতিয়া মাত্ৰ পাঁচ বছৰীয়া অবোধ শিশু। যি কি নহওঁক মাৰ হাত ধৰিয়েই আমি আগুৱাব লাগিব সেইকথা সিদিনা মই বুজি পাইছিলোঁ। কিন্তু দেউতাই এৰি যোৱা সেই যে ফিলিপছ ট্রেনজিষ্টাৰ, এতিয়া তাৰ ওপৰত চার্জিকেল অপাৰেচন চলাবলৈ আমাক কোনেনো আৰু বাধা দিব! সুযোগ বুজি এদিন খুলিয়েই পেলালো দুই ভাইয়ে মিলি দেউতাৰ মৰমৰ বাকচটো, উলিয়াই আনিলো ভিতৰৰ চুম্বক!! কি আনন্দ হৈছিল সিদিনা, চুম্বকেৰে আমি খেলিছিলোঁ। দেউতাই আমাক কৈ থৈ গৈছিল চুম্বকৰ আকৰ্ষণ শক্তিৰ বিষয়ে। চুম্বক, ভগা ৰেডিঅ' লৈ গৱেষণা চলিল বহুদিন আৰু এদিন সিও দেউতাৰ দৰেই হেৰাই গ'ল আমাৰ জীৱনৰ পৰা!
পৰৱৰ্তী সময়ত ডাকটিকট সংগ্ৰহ আৰু পত্ৰ বন্ধুত্বৰ দৰে হবি সমূহ মোৰ বাবে আসক্তিত পৰিণত হৈছিল লগতে পত্ৰ-পত্ৰিকাত লেখা প্ৰকাশ কৰাৰ দুৰ্বিসহ হবিয়াসেয়ো ঠাই কৰি লৈছিলহি মোৰ জীৱনত। হবি সমূহৰ প্ৰতি অত্যধিক আসক্তিয়ে পৰম্পৰাগত পাঠ্যক্ৰম ভিত্তিক মোৰ কেৰিয়াৰ সম্পৰ্কে বহু সময় মাক চিন্তাত পেলাইছিল যদিয়ো মোটামুটি ভালকৈয়ে চলাই লৈ গৈছিলো পঢ়াশুনা। তেনেকৈয়ে স্নাতক শ্ৰেণী পালোগৈ। আৰু সেই সময়তে ঘটিল হবি সম্পৰ্কীয় মোৰ জীৱনৰ আটাইতকৈ বৃহৎ ঘটনাটো। তেতিয়া অসমত 'জিলিঙনী' নামৰ এখন খুব ভাল মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল। মই তাৰ নিয়মীয়া পাঠক আছিলো। এই আলোচনীখনৰে এটা সংখ্যা ৰেডিঅ' শুনাৰ বিভিন্ন চখ যেনে শ্বৰ্টৱেভ বেণ্ডত দেশ-বিদেশৰ অনাতাঁৰ কেন্দ্ৰ সমূহ শুনি তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ হবি ডিএক্সিং, আপোন ঘৰখনতে চৰকাৰী অনুমতি সাপেক্ষে ৰেডিঅ' ষ্টেছন স্থাপন কৰি দেশ বিদেশৰ অনুৰূপ এমেচাৰ ৰেডিঅ' সমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰা তথা দুৰ্যোগকালীন পৰিস্থিতিত মানৱ সমাজলৈ সেৱা আগবঢ়োৱাৰ হবি হেম' ৰেডিঅ' নামৰ ইলেকট্ৰনিক চখ আদি সম্পৰ্কে এলানি তথ্যপূৰ্ণ প্ৰবন্ধ প্ৰকাশ পাইছিল। উক্ত লেখা সমূহ পঢ়া মাত্ৰ মোৰ দেউতাৰ ফিলিপছ ৰেডিঅ'টোলৈ মনত পৰি গৈছিল। যদিহে আজি সেই ৰেডিঅ'টি ঘৰত থাকিলহেঁতেন!! সেই সময়ৰ এজন আগশাৰীৰ অসমীয়া ডি-এক্সাৰ অসীমজ্যোতি ঘোষে লেখা শ্বৰ্টৱেভ ডি-এক্সিং সম্পৰ্কীয় সেই প্ৰবন্দখন ইমানেই আকৰ্ষণীয় আৰু তথ্যপূৰ্ণ আছিল যে মন গৈছিল ততালিকে নিজেও ৰেডিঅ' যোগে বিদেশী কেন্দ্ৰ সমূহ শুনিবলৈ আৰম্ভ কৰোঁ। কিন্তু দুখৰ বিষয় ঘৰত ৰেডিঅ' নাছিল। যি কি নহওঁক হাতত থকা কিছু টকা আৰু মাৰ পৰা লোৱা আৰু কিছু টকা মিলাই এদিন ফিলিপছ জোৱান ৰেডিঅ' এটা ঘৰলৈ আনিলোঁ আৰু সেই দিনাই সন্ধিয়াৰ ভাগত নতুন ৰেডিঅ'টোৰ নভ পকাই পকাই অসীম জ্যোতিৰ প্ৰবন্ধত প্ৰকাশ পোৱা সময় আৰু ফ্ৰিকোয়েঞ্চি মতে এটা সময়ত জাৰ্মানীৰ পৰা প্ৰচাৰিত ৰেডিঅ' দয়চে ভেলেৰ হিন্দী অনুষ্ঠান ধৰিবলৈ সক্ষম হ'লো। আজিও মনত আছে, বিশিষ্ট সাংবাদিক ৰাম যাদবে সেই সময়ত হিন্দীত সংবাদ পাঠ কৰি আছিল। প্ৰথমে সংবাদ, তাৰ পিছত সংবাদ বিশ্লেষণ, কেইবাটাও আকৰ্ষণীয় মেগাজিন অনুষ্ঠান, শ্ৰোতা সকলৰ পৰা লাভ কৰা চিঠি-পত্ৰৰ অনুষ্ঠান আদিৰে মেটমৰা আছিল সেই এঘন্টিয়া হিন্দী অনুষ্ঠান। পোনপ্ৰথম কোনো বিদেশী অনাতাঁৰ কেন্দ্ৰযোগে ভাৰতীয় ভাষাৰ অনুষ্ঠান শুনি সেইদিনা মই সঁচাকৈ আবেগিক হৈ পৰিছিলো। উক্ত অনুষ্ঠানৰ শেষত সংশ্লিষ্ট কেন্দ্ৰটোৱে শ্ৰোতা সকলক উদ্দেশ্যি আহ্বান জনাইছিল তেওঁলোকৰ অনুষ্ঠান সম্পৰ্কে মতামত, জাৰ্মানী সম্পৰ্কে কিবা জানিবলৈ হ'লে তেওঁলোকলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ। শ্ৰোতা সকলৰ সুবিধাৰ্থে কেন্দ্ৰটোৱে জাৰ্মানীৰ বন' চহৰস্থ তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ লগতে কলিকতা আৰু দিল্লীৰো একোটা ঠিকনা ঘোষণা কৰে। মইয়ো বহী এখনত টুকি থৈছিলোঁ এইবোৰ ঠিকনা আৰু সেই ৰাতিয়েই পোষ্টকাৰ্ডত এজন নতুন শ্ৰোতা হিচাপে নিজৰ সংক্ষিপ্ত পৰিচয়, মই শুনা অনুষ্ঠান সম্পৰ্কে আৰু তেওঁলোকৰ কেন্দ্ৰ তথা প্ৰচাৰিত অনুষ্ঠানমালা সম্পৰ্কে অধিক জনাৰ আগ্ৰহ প্ৰকাশ কৰি চমুকৈ কেইশাৰীমান লিখি পাছ দিনা ডাক ঘৰৰ ডাকবাকচত পোষ্টকাৰ্ডখন ভৰাই আহিছিলো। পৰৱৰ্তী দিনবোৰতো দয়চে ভেলেৰ উপৰি চীন আন্তৰ্জাতিক ৰেডিঅ', ইংলেণ্ডৰ বিবিচি, ৱাছিংটনৰ পৰা প্ৰচাৰিত ভয়েছ অব আমেৰিকা, ফিলিপাইন্সৰ ৰেডিঅ' ভেৰিটাছ এছিয়া, জাপানৰ এন এইচ কে ৱৰ্ল্ড ৰেডিঅ', ৰেডিঅ' ৰাছিয়া ইত্যাদি কেন্দ্ৰৰ হিন্দী আৰু বাংলা অনুষ্ঠানৰ লগতে ৰেডিঅ' ফ্ৰান্স, ভয়েছ অব নাইজেৰিয়া, থাইলেণ্ড, আফ্ৰিকা, স্লোভাকিয়া, ৰোমানিয়া, নেদাৰলেণ্ড, উত্তৰ আৰু দক্ষিণ কোৰিয়া, তুৰ্কী, মংগলীয়া, বুলগেৰীয়া আদি দেশৰ অনাতাঁৰ কেন্দ্রৰ ইংৰাজী ভাষাৰ সম্প্ৰচাৰ সফলতাৰে মোৰ ৰেডিঅ'ত ধৰা পেলাইছিলো তথা কেন্দ্ৰবোৰলৈ চিঠি প্ৰেৰণ কৰিছিলো।
কেইসপ্তাহমান পিছত প্ৰায়েই মোলৈ দেশ-বিদেশৰ পত্ৰবন্ধু সকলে প্ৰেৰণ কৰা চিঠি-পত্ৰ তথা ভাৰতীয় ডাক বিভাগে নিয়মিত ভাৱে প্ৰেৰণ কৰা ডাক টিকটৰ টোপোলা আদি লৈ অহা আমাৰ অঞ্চলৰ ডাকোৱাল বৰুৱা খুৰাই দেখাত কিছু সুকীয়া ধৰণৰ খামত মোলৈ অহা পত্ৰ লৈ আহি ওলাল। এই পত্ৰ পাইয়েই মই সিদিনা আনন্দত আত্মহাৰা হৈ পৰিছিলো কিয়নো এই চিঠি আহিছিল সুদূৰ জাৰ্মানীৰ ৰেডিঅ' দয়চে ভেলেৰ হিন্দী বিভাগৰ পৰা! মোৰ ধৈৰ্য্যই যেন সিদিনা পাৰ ভাঙি পেলাইছিল আৰু পোৱা মাত্ৰেই খামটো খুলি উলিয়াই লৈছিলো ৰেডিঅ' কেন্দ্ৰটোৱে তেওঁলোকৰ অনুষ্ঠান শুনি মতামত জনোৱাৰ বাবে মোলৈ প্ৰেৰণ কৰা ধন্যবাদ সূচক চিঠি, তেওঁলোকৰ অনুষ্ঠানসূচী, জাৰ্মান ভাষা শিক্ষাৰ হিন্দী কিতাপ, জাৰ্মানীৰ এখন বিশাল মানচিত্ৰ, কিছুমান ষ্টিকাৰ, কেন্দ্ৰটোৰ নাম লিখা পেনেন্ট, ৰাইটিং পেদ, কলম আৰু মোক আটাইতকৈ মুগ্ধ কৰা জাৰ্মানী তথা অন্যান্য কিছু দেশৰ ডাকটিকট। মই কেতিয়াও ভাবিব নোৱাৰা ধৰণৰ উপহাৰৰ টোপোলা! ৰেডিঅ' শুনি যে এনেবোৰ নানান বিদেশী সংগ্ৰহযোগ্য সামগ্ৰী লাভ কৰিব পাৰি 'জিলিঙনী' আলোচনীত প্ৰকাশিত প্ৰবন্ধত অসীমজ্যোতি ঘোষ ডাঙৰীয়াই উল্লেখ কৰিছিল আৰু মোৰ ক্ষেত্ৰত সিদিনা যেন সেয়াই প্ৰমাণ হ'ল। সেইয়াই আছিল মোৰ ডি-এক্স জীৱনৰ আৰম্ভণি, এনে এবিধ ৰেডিঅ' হবি যাৰ জৰিয়তে ডাক টিকট সংগ্ৰহ, পত্ৰবন্ধুত্ব আদি মোৰ আন আন হবিবোৰে অন্য এক মাত্ৰা লাভ কৰিছিল। বিদেশী অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান শুনি পৃথিৱীৰ বিভিন্ন দেশৰ ঘটনা-পৰিঘটনাৰ তাৎক্ষণিক, নিৰপেক্ষ তথ্য, সংবাদ আদি আহৰণৰ লগতে বিশ্বৰ বিভিন্ন সমাজ-সংস্কৃতি, নানান বিষয়বস্তু সম্পৰ্কে জ্ঞান লাভেৰে মই বিশেষ ভাবে উপকৃত হৈছিলো যিটোৱে সেই সময়ত মোক বিভিন্ন বিষয়ে প্ৰবন্দ আদি লেখাত সহায় কৰিছিল। আনহাতে দেশৰ স্পন্দনস্বৰূপ আকাশবাণীৰো স্থানীয় তথা অন্যান্য ৰাজ্যৰ কেন্দ্ৰ সমূহৰ অনুষ্ঠান নিয়মিত ভাৱে শুনিবলৈ আৰম্ভ কৰিছিলো। সেইসূত্ৰে আকাশবাণীৰ দিল্লীস্থ কাৰিকৰী বিভাগলৈ (স্পেকট্ৰাম এণ্ড চিনাৰ্জী) তেওঁলোকৰ বিভিন্ন কেন্দ্ৰৰ ৰিছেপচন (অনুষ্ঠানৰ গ্ৰহণ মান) সম্পৰ্কে নিয়মিত ৰিপোৰ্ট আদি প্ৰেৰণ কৰি বিভাগটোৰ উৰ্ধতন কৰ্মকৰ্তা সকলৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিলো যিটো আজিও অব্যাহত আছে। তেওঁলোকৰে এজন শ্ৰীমান কে. চি. শৰ্মাদেৱৰ সৈতে মোৰ এই বন্ধুত্ব এনে এক পৰ্যায় পাইছে গৈ যে বৰ্তমান অৱসৰ গ্ৰহণ কৰা শৰ্মাদেৱে প্ৰায়েই মোক ফোন কৰি অসম তথা উত্তৰ-পূব ভাৰতৰ বিভিন্ন বিষয়ে খা-খবৰ লয়। যিকি নহওঁক দয়চে ভেলেৰ পৰা পোৱা উপহাৰৰ টোপোলাই মোৰ অন্তৰখনক চুই গৈছিল আৰু ইয়াৰ পাছত দেশ-বিদেশৰ বিভিন্ন কেন্দ্ৰৰ অনুষ্ঠান শুনি তেওঁলোকলৈ চিঠিপত্ৰ লেখাৰ এক কেতিয়াও অন্ত নপৰা ধৰণৰ অভ্যাস মোৰ ভিতৰত গঢ় লৈ উঠে। তেতিয়াৰে পৰা আজি লৈকে শ্বৰ্টৱেভ, মিডিয়ামৱেভত দূৰ-দুৰান্তৰ অসংখ্য অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান শুনি তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰি তথা নিয়মিত ভাবে এই প্ৰথা অব্যাহত ৰাখি কেন্দ্ৰবোৰৰ পৰা বিভিন্ন ধৰণৰ উপহাৰ লাভ কৰিবলৈ সক্ষম হৈছো। বিদেশী উপহাৰৰ এই তালিকাত আছে দেশ-বিদেশৰ ডাক টিকট, ষ্টিকাৰ, পত্ৰ-পত্ৰিকা, ভাষা শিক্ষাৰ কিতাপ, ধৰ্মমূলক গ্ৰন্থ, মানচিত্ৰ, বেগ, টুপী, টি-শাৰ্ট, অত্যাধুনিক ডিজিটেল ৰেডিঅ', লেপটপ ইত্যাদি পৰ্য্যন্ত। অৱশ্যে ইয়াৰে কিছুমান উপহাৰ বিভিন্ন অনাতাঁৰ কেন্দ্ৰই সময়ে সময়ে আয়োজন কৰা নানান ৰকমৰ প্ৰতিযোগিতা ইত্যাদিত অংশগ্ৰহণ কৰি লাভ কৰা। প্ৰতিযোগিতাৰ উপহাৰ বুলি ক'লে এইখিনিতে মনলৈ আহে ২০০৬ চনৰ ফিফা ফুটবল বিশ্বকাপৰ কথা।
সেইবাৰ বিবিচিয়ে আয়োজন কৰা বিশ্বকাপ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হোৱা সূত্ৰে কেন্দ্ৰটোৱে মোক এজন বন্ধুৰ সৈতে কলিকতাৰ বিখ্যাত হোটেল আইটিচি সোনাৰ বাংলালৈ নিমন্ত্ৰণ কৰি তাত অনুষ্ঠিত শ্ৰোতা সম্মেলনত পুৰস্কাৰ প্ৰদান কৰিছিল। সেইবাৰ বিমান যোগে কলিকতালৈ অহা-যোৱাৰ খৰছো বিবিচিয়ে বহন কৰিছিল। আকৌ ২০১৭ চনত ইণ্ডোনেছিয়াৰ চৰকাৰী অনাতাঁৰ কেন্দ্ৰ ভয়েছ অ'ব ইন্দোনেছিয়াই আয়োজন কৰা এলানি প্ৰতিযোগিতাত বিজয়ী হৈ তেওঁলোকৰ নিমন্ত্ৰণত বিশ্বৰ আন ন'গৰাকী ডিএক্সাৰৰ সৈতে ইণ্ডোনেছিয়া ভ্ৰমণৰ সুযোগ পাইছিলো যিটো আজি পৰ্য্যন্ত এই হবিয়ে মোক দিয়া আটাইতকৈ স্মৰণীয় উপহাৰ। জানি আচৰিত হ'ব আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' সম্প্ৰচাৰ শুনাৰ হবি ডিএক্সিঙকে কেন্দ্ৰ কৰি আজি মোৰ দৰে অসংখ্য শ্ৰোতাই এই চখটোক জীৱনৰ অন্যতম লগৰী কৰি লৈছে আৰু বিশ্বৰ চুকে-কোণে বহুতো ৰেডিঅ' শ্ৰোতা সংঘ, ক্লাব আদি গঠন হৈছে। এনে শ্ৰোতা ক্লাববোৰে ৰেডিঅ' শুনাৰ উপৰি বিভিন্ন কেন্দ্ৰৰ সম্প্ৰচাৰ সম্পৰ্কে, এই হবি সম্পৰ্কে বিভিন্ন স্থানীয় ভাবে প্ৰচাৰ আৰু প্ৰসাৰমূলক কাৰ্যসূচী গ্ৰহণ কৰে তথা বিভিন্ন সামাজিক গঠনমূলক কৰ্মকাণ্ডত মনোনিবেশ কৰা দেখা যায়। বিভিন্ন বিদেশী কেন্দ্ৰই এই ধৰণৰ শ্ৰোতা সংঘ, ক্লাব আদিক প্ৰেৰণা যোগাবলৈ তেওঁলোকক বিশেষ ভাবে পঞ্জীয়নভূক্ত কৰি পঞ্জীয়ন প্ৰমাণ পত্ৰ দিয়াৰ লগতে সময়ে সময়ে ক্লাববোৰে হাতত লোৱা বিভিন্ন কাৰ্যসূচীত সহায় আগবঢ়ায়। দেশ-বিদেশৰ এনে ক্লাববোৰৰ সদস্য সকলেও পৰস্পৰৰ মাজত ডাক ঠিকনা আদি বিনিময় কৰি বন্ধুত্ব স্থাপন কৰে, পত্ৰবন্ধুত জড়িত হয়। কিছুমান অনাতাঁৰ কেন্দ্ৰই শ্ৰোতাৰ অনুৰোধ মৰমে আৰু অনুমতি সাপেক্ষে পত্ৰবন্ধুত্বৰ বাবে বিভিন্ন শ্ৰোতাৰ ঠিকনা প্ৰেৰণ কৰি শ্ৰোতা সকলৰ মাজত সাংস্কৃতিক আদান-প্ৰদানৰ দিশটোক উদ্গনি দিয়ে। বৰ্তমানে আমাৰ অসমতো দুই এক ডিএক্স ক্লাব থকাৰ কথা বিভিন্ন অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান যোগে গম পোৱা গৈছে কিন্তু এই ক্ষেত্ৰত ভাৰতৰ পশ্চিমবংগ, তামিলনাডু, কেৰেলা, বিহাৰ, চট্টিশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্য যথেষ্ট আগবঢ়া।
ৰেডিঅ' হবি ডিএক্সিঙৰ কাৰিকৰী দিশটো সম্পৰ্কে পোনপ্ৰথম ৰেডিঅ' দয়চে ভেলে বাংলা বিভাগৰ অনুষ্ঠান 'এন্টিনা'ৰ জৰিয়তে অৱগত হৈছিলো। উপস্থাপক আছিল কলিকতাৰ বিশিষ্ট ডিএক্সাৰ স্বপন চক্ৰৱৰ্তী। এই অনুষ্ঠানটোৰ পৰাই জানিবলৈ পাইছিলোঁ যে শ্বৰ্টৱেভত ৰেডিঅ' সম্প্ৰচাৰ শুনি তাৰ গ্ৰহণ মান (Reception) সম্পৰ্কে এক বিশেষ আৰ্হিত কেন্দ্ৰ সমূহলৈ ৰিপোৰ্ট প্ৰেৰণ কৰিব লাগে। ৰিছেপচন ৰিপোৰ্ট নামে জনাজাত এনে ৰিপোৰ্টৰ গুৰুত্ব শ্ৰোতা নিৰ্ভৰ বিদেশী অনাতাঁৰ কেন্দ্ৰ সমূহৰ বাবে অপৰিসীম আৰু শ্ৰোতা সকলে এনে ৰিপোৰ্ট শুদ্ধকৈ লিখি প্ৰেৰণ কৰিলে সংশ্লিষ্ট কেন্দ্ৰবোৰে তেওঁলোকলৈ এবিধ বিশেষ ভেৰিফিকেচন কাৰ্ড পঠিয়াই। কিউ. এছ. এল. (QSL) কাৰ্ড নামে পৰিচিত এইবোৰ কাৰ্ড প্ৰত্যেকজন ডিএক্সাৰৰ অতিকৈ আগ্ৰহৰ বিষয়বস্তু। পিছে এই বিষয়ে অধিক স্বপন দাৰ পৰা পৰৱৰ্তী সময়ে বিভিন্ন পত্ৰ আৰু ইমেইল যোগাযোগ মাৰফত জানিবলৈ পাইছিলোঁ। ৰেডিঅ' যোগে পৰিচয় হোৱা এইগৰাকী ব্যক্তি আজি মোৰ অন্যতম ভাল বন্ধু, গাইড আৰু শুভচিন্তক। স্বপন দাৰ দৰেই এই ৰেডিঅ' যোগে মই দেশ-বিদেশত বহুতো বন্ধু লাভ কৰিছো আজি যি সকল মোৰ জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ। আজিলৈকে বিভিন্ন অনাতাঁৰ কেন্দ্রৰ শ্ৰোতা সম্মেলন, ডিএক্সপিডিচন আদিত অংশগ্ৰহণ কৰি দেশ-বিদেশৰ বহুতো বন্ধু-বান্ধৱ পাইছো। এই সকলৰ ভিতৰত আছে কেইবাগৰাকী ৰেডিঅ' ব্যক্তিত্ব, সাংবাদিক, সংগীতজ্ঞ, সামাজিক কৰ্মী, চিকিৎসক, ইঞ্জিনীয়াৰ, ৰাজনীতিবিদ, শিক্ষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, কৃষক আদি সমাজৰ সকলো স্তৰৰ লোক। এবাৰ ৰাখি পূৰ্ণিমাৰ দিনা ৰেডিঅ' ফ্ৰান্সৰ পৰা এটা খাম পাইছিলোঁ। পিছত খামটো খুলিহে গম পালো যে তাত কেন্দ্ৰটোৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ সাংবাদিক তথা শ্ৰোতা সকলৰ অনুষ্ঠান 'দ্য চাউণ্ড কিছেন'ৰ উপস্থাপক ৬০ বছৰীয়া সুজেন ঔনছবিয়ে মোলৈ বুলি ৰাখি প্ৰেৰণ কৰিছে কিয়নো মই তেওঁলৈ ইমেইল লিখোঁতে তেওঁক 'দিদি' বুলি সম্বোধন কৰিছিলোঁ। সুজেন 'বা'ৰ সৈতে মোৰ এই সুন্দৰ সম্পৰ্ক আজিও অব্যাহত আছে আৰু আমি দুয়ো প্ৰায় প্ৰত্যেক মাহে দুই-তিনিবাৰ পত্ৰ বিনিময় কৰোঁ। সুজেন বা'ৰ দৰেই মালয়েছিয়াত আছে মোৰ বাইদেউ বসন্তা বিবেকানন্দ। এইগৰাকীয়ো ষাঠিৰ উৰ্দ্ধৰ ৰেডিঅ' বন্ধু যিয়ে মোক ভাই বুলি কয় আৰু প্ৰত্যেক বছৰে মোৰ সংগ্ৰহলৈ মালয়েছিয়াৰ ডাকটিকট উপহাৰ স্বৰূপে প্ৰেৰণ কৰে, মোৰ আৰু আমাৰ পৰিয়ালটোৰ খা-খবৰ লয়। সুজেন, বসন্তাৰ দৰে তাইৱানৰ কেইথ পেৰণ, মলটাৰ এড্ৰিয়ান মিলান, জাৰ্মানীৰ ক্লাৰা দেৱৰ্ক, শ্ৰীলংকাৰ ভিক্টৰ গুণাট্টালিকে, বাংলাদেশৰ চালাউদ্দীন ডলাৰ, আমাৰ দেশৰ অলকেশ গুপ্ত, নিলকন্দন বিশ্বনাথন, প্ৰদীপ কুন্ডু, অদিতা পৃথিকা প্ৰমুখ্যে এনে বহুতো বন্ধু-বান্ধৱ মই একমাত্ৰ এই ৰেডিঅ' যোগেই পাইছো যি সকলৰ সৈতে আজি আমাৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছে। আমি কেৱল বন্ধুত্ব গঢ়াতে ক্ষান্ত নাথাকি আমাৰ মাজত অহৰহ সাংস্কৃতিক আদান প্ৰদানেৰে জ্ঞানবৃদ্ধিৰ লগতে বিশ্ব ভাতৃত্ববোধ গঢ় দিয়াৰো চেষ্টা অব্যাহত ৰাখিছো। অৱশ্যে ৰেডিঅ' শুনাৰ হবি যোগে সাংস্কৃতিক আদান-প্ৰদানৰ দিশটো আমাৰ শেহতীয়া ইণ্ডোনেছিয়া ভ্ৰমণত লগ পোৱা চীন, জাপান, অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়াৰ বন্ধু-বান্ধৱ সকলে এক অন্য মাত্ৰা প্ৰদান কৰিছে।
ৰেডিঅ' শুনাৰ উপৰি ২০১১ চনৰ পৰা মই আমেৰিকাস্থ এডভেন্টিষ্ট ৱৰ্ল্ড ৰেডিঅ' যোগে ডি-এক্সিং সম্পৰ্কীয় এটা বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছো। নাম 'ইণ্ডিয়ান ডিএক্স ৰিপোৰ্ট'। ভাৰতৰ পৰা ৰেডিঅ' হবি বিষয়ক ই একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। অনাতাঁৰ কেন্দ্ৰটোৰ প্ৰবীণ ডিএক্স এডিটৰ ড° এড্ৰিয়ান এম পিটাৰ্ছন ডাঙৰীয়াই মোক এই সুযোগ প্ৰদান কৰিছিল। আশীৰো উৰ্ধৰ এইগৰাকী ৰেডিঅ' বিশেষজ্ঞ বহু বছৰ এডভেন্টিষ্ট ৱৰ্ল্ড ৰেডিঅ'ৰ পুনেৰ ষ্টুডিওত কৰ্মৰত আছিল আৰু তেওঁৰ আছে ভাৰতৰ প্ৰতি প্ৰচুৰ ভালপোৱা। সেয়েহে হয়তো মোৰ আগ্ৰহত তেখেতে পোনচাটেই সন্মতি প্ৰদান কৰিছিল। মাজত দুবছৰ এই একেটা অনুষ্ঠান দক্ষিণ কোৰিয়াৰ কে.বি.এছ ৱৰ্ল্ড ৰেডিঅ' যোগেও সম্প্ৰচাৰিত হৈছিল। এই অনুষ্ঠানৰ সম্পাদক আৰু উপস্থাপক হিচাপে বিশ্বৰ বিভিন্ন দেশৰ পৰা অসংখ্য শ্ৰোতা বন্ধুৰ চিঠি-পত্ৰ মই পাওঁ। এই অনুষ্ঠানটোৰ জৰিয়তেই মই চেষ্টা কৰিছো মোৰ শ্ৰোতা সকলক অসম তথা উত্তৰ-পূৱ ভাৰত সম্পৰ্কে কিছু তথ্য দিবলৈ আৰু সেয়েহে শিলিগুৰিৰ বন্ধু পাৰ্থ সাৰথি গোস্বামীৰ সহযোগত প্ৰস্তুত কৰি উলিয়াইছো আমাৰ কলা-সংস্কৃতি-পৰ্যটনস্থলী আদিৰ পৰিচয়বাহক কিউ.এছ.এল. কাৰ্ড। ইণ্ডিয়ান ডিএক্স ৰিপোৰ্ট শুনি মোলৈ চিঠি-পত্ৰ, ৰিছেপচন ৰিপোৰ্ট আদি প্ৰেৰণ কৰা শ্ৰোতা সকলক মই প্ৰেৰণ কৰি আহিছো এইবোৰ কাৰ্ড। প্ৰচেষ্টা মোৰ অনুষ্ঠানৰ জৰিয়তে বিশ্ব ভাতৃত্ববোধ অধিক দৃঢ় কৰা।
ৰেডিঅ'ৰ জৰিয়তে যে কেৱল বিদেশতে নানাজনৰ সৈতে সম্পৰ্ক স্থাপন কৰিছো এনে নহয়। বিভিন্ন সময়ে আকাশবাণীৰ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আদি কেন্দ্ৰৰ বহুতো জ্যেষ্ঠ কলা-কুশলীৰো সান্নিধ্য লাভ কৰিছো, পাইছো যথেষ্ট মৰম। তাৰ ভিতৰত মই নাম ল'বই লাগিব আকাশবাণী গুৱাহাটীৰ উপসঞ্চালক তথা বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচক উৎপল দত্ত ডাঙৰীয়াৰ কথা আজি যিজন ব্যক্তি মোৰ গঠনমূলক কামকাজৰ অন্যতম পথ প্ৰদৰ্শক স্বৰূপ। আকাশবাণী শিলচৰৰ হিতব্ৰত ভট্টাচাৰ্য, আকাশবাণী ডিব্ৰুগড়ৰ লোহিত ডেকা, পৰশা কোঁৱৰ, ভূপেন গগৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলৰ মৰম-চেনেহ একমাত্ৰ এই ৰেডিঅ' শুনাৰ হবিটোৰ বাবেই পাইছো। অৱশ্যে এটা কথা মই সদায় স্বীকাৰ কৰো যে বৰ্তমান আধুনিক তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰেয়ো ৰেডিঅ' যোগে পৰিচয় হোৱা এনে ব্যক্তিৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষাত বিশেষ অৰিহণা যোগাই আহিছে। কিন্তু বিশ্ব ভাতৃত্ববোধ স্থাপনত, জ্ঞান আহৰণত তথা দেশ-বিদেশৰ নানান ৰোমাঞ্চকৰ সা-সামগ্ৰী সংগ্ৰহত ৰেডিঅ' শুনাৰ হবি ডি-এক্সিঙৰ তুলনা আন কোনো হবিৰ সৈতে হ'ব নোৱাৰে। ৰেডিঅ' সদায়েই অতুলনীয়, শ্ৰেষ্ঠ আৰু সুলভ গণমাধ্যম। সেয়েহে ৰেডিঅ' শুনক, বিশ্বক জানক আৰু ৰেডিঅ'ৰ জৰিয়তে বিশ্ব ভাতৃত্ববোধ গঢ়ি তোলক।
(অসম আদিত্য ১৩ ফেব্ৰুৱাৰী ২০১৯ সংখ্যাৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত)




Comments
Post a Comment