Posts

Showing posts from July, 2020

হবি কথা - জুন ২০২০

Image
জুন মাহতে আৰম্ভ হৈছিল এফএম ৰেডিঅ'ৰ বৰ্ণিল যাত্ৰা ৰেডিঅ' যন্ত্ৰ বা মোবাইলত ৰেডিঅ' শুনাৰ প্ৰসংগটো আলোচিত হ'লে আমাৰ মনলৈ প্ৰথমেই অহা মাধ্যমটো নিশ্চয়কৈ এফ.এম. ৰেডিঅ'। জানেনে জুন মাহটো এই এফ.এম. সম্প্ৰচাৰ ব্যৱস্থাৰ বাবে এটি স্মৰণীয় মাহ। এডৱিনৰ এই বিশেষ এম.ষ্টেছনটো এটা সাংকেতিক নামেৰে জনাজাত আছিল আৰু সেইটো হল W2XMN. অৱশ্যে ১৯৪১ চনৰ ১ মাৰ্চত আমেৰিকাৰে নেশৱিলেৰ পৰা আনুষ্ঠানিক সম্প্ৰচাৰ আৰম্ভ কৰা W47NV নামৰ কেন্দ্ৰটোৱেই বিশ্বৰ প্ৰথম বাণিজ্যিক এফ.এম. কেন্দ্ৰ হিচাপে জনাজাত।  কিয়নো ১৯৩৫ চনৰ ১১ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী এডৱিন আৰ্মষ্ট্ৰঙে পোনপ্ৰথম বাৰৰ বাবে নিউ জাৰ্চি এলপাইন নামৰ ঠাইত এবছৰ পূৰ্বে উদ্ভাৱন কৰা এই এফ.এম. সম্প্ৰচাৰ ব্যৱস্থা ৰাজহুৱাকৈ প্ৰদৰ্শন কৰিছিল। গুৱাহাটীয়ে লাভ কৰিলে কনিষ্ঠ বাইচাইকেল মেয়ৰ চাইক্লিং বাৰু আপোনাৰ চখ নেকি? যদি হয় তেন্তে আপুনি নিশ্চিতকৈ এটি বৰ উপকাৰী আৰু স্বাস্থ্যকৰ হবি নিৰ্বাচন কৰিছে। কিন্তু গুৱাহাটীৰ ১৪ বছৰীয়া মালভ দত্তৰ বাবে চাইক্লিং হৈছে এটি নিচা আৰু আবেগ। চাইক্লিংৰ প্ৰতি থকা তেওঁৰ আসক্তিয়ে শেহতীয়াকৈ মালভলৈ আন...