হবি কথা - ডিচেম্বৰ ২০১৯
মানুহে আজৰি পৰত কৰি ভাল পোৱা কিছুমান বিশেষ কাম বা চখকে সাধাৰণতে 'হবি' বুলি কোৱা হয়। বিখ্যাত কেম্ব্ৰিজ অভিধানত হবিৰ সংজ্ঞা এনে ধৰণে দিয়া হৈছে- "an activity that someone does for pleasure when they are not working"। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে আজৰি সময়ত আনন্দ অনুভূতিৰ বাবে কৰা কামটোৱেই হৈছে 'হবি'। মানুহৰ হবিবোৰত আৱেগ অধিক জড়িত হৈ থকা দেখা যায় আৰু সেইবোৰত বিত্তীয় লাভালাভৰ কোনো কথা নাথাকে। তথাপি কোৱা হয় যি সকলে নিজৰ চখ বা নিচাক পেচালৈ ৰূপান্তৰ কৰিব পাৰে তেওঁলোক পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি! কিন্তু এনে সৌভাগ্য খুব কম মানুহৰে কপালত জোটে! যি কি নহওঁক, হবিবোৰে আমাক সুখানুভূতি প্ৰদান কৰাৰ উপৰি বহু ক্ষেত্ৰত জ্ঞানৰ ভঁৰালটোকো টনকিয়াল কৰাত সহায় কৰে। এনে বহু হবি আছে যিবোৰে পৰ্যায়ক্ৰমে গৱেষণাৰ ৰূপ লৈ মানৱ সভ্যতাৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইতিহাসৰ পাততো হবিৰ অৱদান অপৰিসীম। এটা সময় আছিল যেতিয়া হবি বুলি ক'লে আমি চিঠি লিখা, পত্ৰ বন্ধুত্ব, ডাক টিকট সংগ্ৰহ, মুদ্ৰা সংগ্ৰহ, আলোচনী-সংবাদপত্ৰ আদিৰ সংগ্ৰহ, দিয়াছলাই বাকচ, পুতলা আদি গোটাই সংৰক্ষণ কৰা, দূৰ-দূৰণিৰ ৰেডিঅ' ষ্টেছন শুনি সেইবোৰৰ সৈতে যোগাযোগ কৰা, ওচৰৰ লাইব্ৰেৰীলৈ গৈ বা বিভিন্ন প্ৰকাৰে সংগ্ৰহ কৰি আনি কিতাপ পঢ়া, হাবি-জঙ্গল খাল-পিটনিৰ ওচৰে-পাজৰে ঘূৰি ফুৰি পক্ষী নিৰীক্ষণ কৰা, ফটোগ্ৰাফী, ফুলনি কৰাৰ চখ বা গাৰ্ডেনিং আদি বোৰকেই মূলতঃ 'হবি'ৰ সংজ্ঞাত ৰাখিছিলো। কালক্ৰমে সংগীত, নৃত্য বা নানান বাদ্যযন্ত্ৰৰ চৰ্চা, ইলেকট্ৰনিক মডেল প্ৰস্তুত কৰাৰ অভিৰুচি, প্ৰয়োজনতকৈ অধিক চখলৈ পৰ্যবসিত হোৱা কেতবোৰ কাম যেনে সাঁতোৰ, চাইকেল চালন, ৰন্ধন আদিয়ো 'হবি' তালিকাত অন্তৰ্ভুক্ত হ'ল। কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ ফলস্বৰূপে যেন এইবোৰ সকলো মনোমুগ্ধকৰ তথা জ্ঞানবৰ্ধক চখ পাহৰণিৰ গৰ্ভলৈ গতি কৰিবলৈ আৰম্ভ কৰিছে। নৱ প্ৰজন্মৰ এক বৃহৎ অংশক আজি ফেচবুক, হোৱাটচেপত অধিক সময় অতিবাহিত কৰাৰ হবিয়াস তথা ভিডিও গেম, মোবাইল গেম, বাইক ষ্টান্ত আদিৰ দৰে চখবোৰেহে অধিক আকৰ্ষিত কৰা পৰিলক্ষিত হয় যিবোৰৰ এজনৰ ব্যক্তিত্ব বিকাশ আৰু মানসিক তথা বৌদ্ধিক উৎকৰ্ষ সাধনত কোনো ধৰণৰ অৱদান নাথাকে। কিন্তু ভাল কথাটো হৈছে আজিও আমাৰ সমাজত এনে বহু লোক আছে যিসকলে 'ধ্ৰুপদী হবি' হিচাপে আখ্যায়িত এনে এশ-এবুৰি চখকে সাৰথি কৰি অব্যাহত ৰাখিছে জ্ঞানৰ অন্বেষণ আৰু বিভিন্ন ক্ষেত্ৰত উচ্চ স্থানত অধিষ্ঠিত হবলৈয়ো সক্ষম হৈছে। সুন্দৰ হবি সমূহৰ চৰ্চাত ব্যস্ত এনে কিছু ব্যক্তিত্ব আৰু হবি জগতৰ শেহতীয়া খা-খবৰক লৈয়ে আমাৰ এই নতুন আয়োজন। আশা কৰিছোঁ পাঠক সমাজেয়ো আমাৰ এই নতুন শিতানটোক আঁকোৱালি ল'ব।
যোৰহাটত 'ৰেডিঅ' এণ্ড হবি ফাউণ্ডেশ্যন'ৰ যাত্ৰা আৰম্ভ

আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা কিছুমান বিশেষ হবি যেনে ৰেডিঅ' ডিএক্সিং, পত্ৰ বন্ধুত্ব, ডাক টিকট, মুদ্ৰা, দিয়াছলাই বাকচ, পুৰণা আপুৰুগীয়া সামগ্ৰী, কিতাপ-আলোচনী-সংবাদপত্ৰ ইত্যাদিৰ সংগ্ৰহৰ চখ, কিতাপ পঢ়া, সাধু কোৱা, পক্ষী নিৰীক্ষণ আদিবোৰক পুনৰ এবাৰ নৱপ্ৰজন্ম, বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে পৰিচয় কৰাই দি এইবোৰৰ জ্ঞানবৰ্দ্ধক দিশ তথা মানুহৰ বৌদ্ধিক আৰু ব্যক্তিত্ব বিকাশত থকা অৰিহনাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি 'ৰেডিঅ' এণ্ড হবি ফাউণ্ডেশ্যন, যোৰহাট' নামৰ এটি ব্যতিক্ৰমী অনুষ্ঠানৰ আত্মপ্ৰকাশ ঘটিছে। উদ্যোক্তা সকলে এই অনুষ্ঠানৰ সৈতে যুক্ত হ'বলৈ খোজা প্ৰতিগৰাকী ব্যক্তিক হবিৰ সুন্দৰ পৃথিৱীখনৰ দ্বাৰা কোনো নহয় কোনো প্ৰকাৰে উপকৃত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ফাউণ্ডেশ্যনৰ দ্বাৰা ভৱিষ্যতে পত্ৰবন্ধুৰ তালিকা প্ৰকাশ, বিভিন্ন হবি সম্পৰ্কীয় কৰ্মশালাৰ আয়োজন, অসমৰ একমাত্ৰ ৰেডিঅ' আৰু হবি সংগ্ৰহালয় স্থাপন আদিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে। 'ৰেডিঅ' এণ্ড হবি ফাউণ্ডেশ্যন, যোৰহাট'ৰ সৈতে অসমৰ যিকোনো আগ্ৰহী লোক জড়িত হ'ব পাৰিব আৰু ইয়াৰ বাবে সদ্যহতে আগ্ৰহী সকলে কেৱল ডাকযোগে এখন পত্ৰ প্ৰেৰণ কৰি সবিশেষ তথ্য লাভ কৰিব পাৰিব। পত্ৰত এজনে নিজৰ হবি সম্পৰ্কে দুশাৰী লিখি নাম, জন্মৰ তাৰিখ, বয়স, লিংগ, দেউতাৰ নাম, যদি পঢ়ি আছে তেন্তে শ্ৰেণীৰ মান, বিদ্যালয়ৰ/মহাবিদ্যালয়ৰ নাম, একপি পাছপোৰ্ট জোখৰ ফটো, এখন খালি খামত (২৬ x ১২ ছেন্টিমিটাৰ) পাঁচ টকীয়া ডাকটিকট লগাই তথা পিন কোড সহ নিজৰ সম্পূৰ্ণ ডাক ঠিকনা লিখি ফাউণ্ডেশ্যনৰ এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব :- ৰেডিঅ' এণ্ড হবি ফাউণ্ডেশ্যন, যোৰহাট, 'প্ৰশান্ত নিবাস', পূৱ বঙালপুখুৰী, উপপথ নং ৪ (চাৰি), যোৰহাট ৭৮৫০০১, অসম।
এই মাহৰ ব্যক্তিত্ব
যোৰহাটৰ এগৰাকী নীৰৱ উদ্ভাৱক তথা হবিইষ্ট তপন দেৱ। অতি সাধাৰণ পৰিয়াল এটাৰ সন্তান এই মানুহজনে পৰম্পৰাগত দবা খেলৰ বৰ্ডক প্ৰত্যাহ্বান জনাই সাজি উলিয়াইছে এক নতুন পৰিবর্ধিত দবা বৰ্ড আৰু ইতিমধ্যে এই বৰ্ডে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰনালয়ৰ পৰা স্বীকৃতি লাভ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱসায়িক পেটেণ্টও লাভ কৰিবলৈ সক্ষম হৈছে। দেৱে সাজি উলিওৱা দবা বৰ্ডখন সাধাৰণতে আমি ব্যৱহাৰ কৰা বৰ্ডৰ পৰা কিছু সুকীয়া। ইয়াত তেওঁ সংযোজন কৰিছে দুজন অতিৰিক্ত সৈনিক আৰু দুজন বায়ু সেনা বিষয়া ৰূপী গুটি, বৰ্ডৰ আৰ্হিতো যথেষ্ট পৰিৱৰ্তন সাধন কৰি সংযোজন কৰা হৈছে অতিৰিক্ত ৩৬ টা ঘৰ আৰু খেলৰ নিয়মাৱলীতো সামান্য পৰিবৰ্ত্তন সাধন কৰা হৈছে। Deb's NSG AIR CHESS নামেৰে নামকৰণ কৰা এই বিশেষ দবা বিধক ইতিমধ্যে গুৱাহাটী, কলিকতা আদি ঠাইত প্ৰদৰ্শিত কৰি ভূয়সী প্ৰশংসা বুটলিবকৈ সক্ষম হোৱা তপন দেৱে ভৱিষ্যতে ইয়াক ব্যৱসায়িক ভিত্তিত বজাৰত মুকলি কৰি দিবলৈ সপোন পুহি ৰাখিছে যদিয়ো আৰ্থিক দুৰ্বলতাৰ বাবে এই ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। উল্লেখযোগ্য যে নানান ধৰণৰ উদ্ভাৱনী কৰ্মত বিশেষ ৰাপ থকা তপন দেৱ এজন ভাল দিয়াছলাই বাকচ সংগ্ৰহকাৰী আৰু যোগগুৰু। তাৰ উপৰি তপন দেৱে নিৰ্মান কৰা স্বচ্ছ ভাৰত বিষয়ক এক চুটিছবিয়েও উপৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত প্ৰশংসাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল। দেৱৰ সৃষ্টিশক্তি আৰু হবিবোৰে ভৱিষ্যতে আৰু অধিক সফলতা লাভ কৰক, আমি এইয়াই কামনা কৰিলো।
কণ্যাকুমাৰীত হেমফেষ্ট ২০১৯ৰ সফল সামৰণি
দেশৰ বিভিন্ন ৰাজ্যত থকা এমেচাৰ ৰেডিঅ' বা হেম ৰেডিঅ'ৰ পৰিচালক, ক্লাব, সংগঠন আদিৰ সৰ্ববৃহৎ সম্মেলন বছৰেকীয়া 'হেমফেষ্ট ইণ্ডিয়া'ৰ ২০১৯ বৰ্ষৰ সংস্কৰণ যোৱা ৮ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ কণ্যাকুমাৰীত অনুষ্ঠিত হৈ যায়। পশ্চিমবংগ, ত্ৰিপুৰা, দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি ৰাজ্যৰ লগতে জাপান, জাৰ্মানী, বাংলাদেশ, আমেৰিকা, ওমান আদি বিদেশী ৰাষ্ট্ৰৰ প্ৰায় ১০০০ হেম প্ৰতিনিধিয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰে। এইবাৰৰ হেমফেষ্ট ইন্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰি কেইবাগৰাকী হেমে অংশগ্ৰহণ কৰে তথা অসম আৰক্ষী অনাতাঁৰ সংস্থাৰ বিষয়া তথা ৰাজ্যৰ এগৰাকী প্ৰতিষ্ঠিত হেম তাহেৰুদ্দিন আহমেদে সম্মেলনত বিশেষ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। হেমফেষ্টৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰাৰ উপৰি আহমেদে এক কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি 'প্ৰাকৃতিক দুৰ্যোগকালীন পৰিস্থিতিত হেম আৰু কমিউনিটি ৰেডিঅ'ৰ উপযোগিতা' এই বিষয় এক মনোজ্ঞ বক্তৃতা আগবঢ়াই প্ৰতিনিধি সকলৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। এমেচাৰ ৰেডিঅ' ছোচাইটি অব আছাম (আৰ্চা)ৰ প্ৰতিনিধি সকলেও অংশগ্ৰহণ কৰা সম্মেলনৰ পৰৱৰ্তী সংস্কৰণটো অহা বছৰৰ ২১ আৰু ২২ নৱেম্বৰত কেৰেলাৰ পাৰ্বত্য চহৰ ভাগামনত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে হেমফেষ্ট ইণ্ডিয়াত অংশগ্ৰহণকাৰী সকলে ৰেডিঅ' যোগাযোগ আৰু সম্প্ৰচাৰ ব্যৱস্থাৰ সৈতে জড়িত অত্যাধুনিক প্ৰযুক্তি তথা ন-ন উদ্ভাৱন আদিৰ বিষয়ে কৰ্মশালা, আলোচনাচক্ৰ, প্ৰদৰ্শনী আদিৰ জৰিয়তে জ্ঞান আহৰণ কৰাৰ সুন্দৰ সুযোগ লাভ কৰে।
পক্ষী নিৰীক্ষণত সহায়ক মোবাইল এপ' মুকলি
ক্ষেত্ৰভিত্তিক পক্ষী নিৰীক্ষণৰ সময়ছোৱাত বিভিন্ন চৰাইক চিনাক্তকৰণত সহায় হোৱাকৈ এটি গুৰুত্বপূৰ্ণ মোবাইল এপ' মুকলি কৰা হৈছে। দেশৰ আগশাৰীৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী বিষয়ক বেচৰকাৰী অনুষ্ঠান বোম্বে নেচাৰেল হিষ্ট্ৰী ছোচাইটি (বিএনএইচএছ)য়ে এচেনটিউৰ লেবৰ সহায়ত সাজি উলিওৱা 'Internet of Birds' নামৰ এই এপ'টো অনলাইন আৰু অফলাইন দুটা মাধ্যমতে কাম কৰে আৰু বৰ্তমানে প্ৰায় ৬০০ বিধ ভাৰতীয় পক্ষীৰ সচিত্ৰ সবিশেষ বিৱৰণ এই এপ্লিকেশ্যনত উপলব্ধ। আগ্ৰহী সকলে গুগল প্লে' ষ্টৰলৈ গৈ বিনামূলীয়াকৈ এই এপ' নিজৰ এন্দ্ৰইড মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব।
অসমীয়া ভাষাত আন্তৰ্জাতিক অনাতাঁৰ সম্প্ৰচাৰ
আপুনি জানি হয়তো গর্ববোধ কৰিব যে আমাৰ অতিকৈ চেনেহৰ অসমীয়া ভাষাতো বিদেশী অনাতাঁৰ কেন্দ্ৰই অনুষ্ঠান সম্প্ৰচাৰ কৰে। অসমীয়া ভাষাত শর্টৱেভ বেণ্ডত প্ৰচাৰিত আন্তৰ্জাতিক কাৰ্যক্ৰম সমূহ মূলতঃ খ্ৰীষ্টীয় ধৰ্ম প্ৰচাৰ মূলক অনুষ্ঠান আৰু বৰ্তমানে দুটাকৈ বিদেশী প্ৰতিষ্ঠানে নিয়মীয়াকৈ এনে অনুষ্ঠান প্ৰচাৰ কৰি আছে। আমেৰিকাৰ এডভেন্টিষ্ট ৱৰ্ল্ড ৰেডিঅ'ই প্ৰতি সপ্তাহৰ দেওবাৰ আৰু বুধবাৰে ভাৰতীয় সময় সন্ধিয়া ৭ বজাৰ পৰা ৭:৩০ বজালৈকে শর্টৱেভৰ ১১৯৪৫ কিলোহাৰ্য আৰু গুৱাম দ্বীপৰ পৰা প্ৰচাৰিত ট্ৰেন্স ৱৰ্ল্ড ৰেডিঅ'ৰ অসমীয়া ভাষাত অনুষ্ঠান সপ্তাহৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ভাৰতীয় সময়ানুসাৰে সন্ধিয়া ৫:৪৫ ৰ পৰা ৬:১৫ বজালৈকে শর্টৱেভৰ ৯৯১০ কিলোহাৰ্যত শুনিবলৈ পোৱা যায়। আগ্ৰহী সকলে এনেবোৰ অনুষ্ঠান শুনি সংলিষ্ট কেন্দ্ৰ সমূহলৈ পত্ৰ প্ৰেৰণ কৰিলে সবিশেষ জানিবলৈ পাব।
লক্ষীমপুৰত আহোম যুগৰ মুদ্ৰা উদ্ধাৰ
লক্ষীমপুৰৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বাগিচাগাঁওৰ শ্যামল সন্দিকৈ নামৰ এগৰাকী কৃষকৰ পথাৰত ট্ৰেক্টৰেৰে হাল বাই থাকোতে আহোম যুগৰ কেইবাটাও মুদ্ৰা উদ্ধাৰ হয়। যথেষ্ট প্ৰত্নতাত্বিক গুৰুত্ব থকা প্ৰায় ১৭ টা মুদ্ৰা ইতিমধ্যে জিলা প্ৰশাসনক হস্তান্তৰ কৰা হৈছে আৰু মুদ্ৰা বিশেষজ্ঞ সকলৰ মতে ইয়াৰে কিছুসংখ্যক আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ দিনৰ তথা আন কেতবোৰ মুঘল যুগৰ বুলি ধাৰণা কৰা হৈছে।
ভাৰতীয় ডাক টিকটৰ টুকুৰা খবৰ
ভাৰতীয় ডাক বিভাগে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শক প্ৰতিফলিত কৰা ছ'খন স্মাৰক ডাকটিকট যোৱা ২ অক্টোবৰত বাপুৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিয়ায়। টিকট সমূহৰ উপৰি বিষয়বস্তুৰ সৈতে সংগতি ৰাখি প্ৰথম দিৱস আৱৰণ, মিনিয়েচাৰ শীট, উপহাৰ টোপোলা আদিও মুকলি কৰা হয়। আগ্ৰহী সকলে ওচৰৰ প্ৰধান ডাকঘৰ নাইবা www.epostoffice.gov.in ত সামগ্ৰী সমূহ ক্ৰয় কৰিব পাৰিব। উল্লেখযোগ্য যে মহামানৱ গৰাকীৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে বহু বিদেশী ৰাষ্ট্ৰইয়ো স্মাৰক ডাকটিকট প্ৰকাশ কৰিছে আৰু এইবোৰ সংগ্ৰহ কৰিবলৈ বিশ্বজুৰি ডাকটিকট সংগ্ৰহকাৰী সকলৰ মাজত এক অঘোষিত প্ৰতিযোগিতায়ো আৰম্ভ হৈছে।
শিখ ধৰ্মগুৰু গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মোত্সৱ উপলক্ষে যোৱা ৯-১১-১৯ তাৰিখে ভাৰতীয় ডাক বিভাগে পাঁচটা পবিত্ৰ গুৰুদ্বাৰক বিষয়বস্তু হিচাপে লৈ ক্ৰমে ১০, ১০, ১০, ১৫ আৰু ১০ টকা মূল্যৰ পাঁচখন ডাক টিকট, প্ৰথম দিৱস আৱৰণ আৰু মিনিয়েচাৰ শীট প্ৰকাশ কৰে।
শিশু দিৱস উপলক্ষে 'শিশুৰ অধিকাৰ' সম্পৰ্কে প্ৰতিখনত ১৫ টকা মূল্যৰ দুখন ডাক টিকট, প্ৰথম দিৱস আৱৰণ তথা মিনিয়েচাৰ শীট প্ৰকাশ কৰা হয়। উন্মোচন তাৰিখ ১৪-১১-১৯। উল্লেখযোগ্য যে শিশু দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ভাৰতীয় ডাক বিভাগে স্কুলীয়া শিশু সকলৰ মাজত 'ষ্টাম্প ডিজাইন' প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু ইয়াত শ্ৰেষ্ঠত্ব অৰ্জন কৰা শিশু সকলৰ সৃষ্টিকেই ডাক টিকট হিচাপে শিশু দিৱসৰ দিনা উন্মোচন কৰাৰ এক প্ৰথা প্ৰচলিত। এইবাৰ এই বিশেষ প্ৰতিযোগিতাত মহাৰাষ্ট্ৰৰ দশম শ্ৰেণীৰ ছাত্ৰী নিধি ৰাহুল মাত্ৰেই বিজয়ীৰ সন্মান অৰ্জন কৰিছিল।
ৰাজ্যসভাৰ ২৫০ সংখ্যক অধিবেশনৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে ভাৰতীয় ডাক বিভাগে পাঁচ টকা মূল্যৰ এক বিশেষ গোলাকৃতিৰ ডাকটিকট জাৰি কৰিছে। যোৱা ২৬-১১-২০১৯ তাৰিখে উন্মোচিত এই ডাক টিকটৰ উপৰি প্ৰথম দিৱস আৱৰণও বিক্ৰীৰ বাবে বৰ্তমানে ডাকঘৰ সমূহত উপলব্ধ।
কেৰেলাৰ বিশিষ্ট শিক্ষাবিদ মেথিউ এম কুঁজীভেলীৰ ওপৰত এক স্মাৰক ডাকটিকট আৰু প্ৰথম দিৱস আৱৰণ যোৱা ২২-১১-২০১৯ তাৰিখে উন্মোচন কৰা হয়।
ধৰ্মীয় পৰ্যটনৰ বাবে জগত বিখ্যাত উত্তৰাখণ্ডৰ চাৰিটা বিশেষ হিন্দু তীৰ্থস্থান বদ্রিনাথ (মূল্য- ১৫ টকা), কেদাৰনাথ ( মূল্য- ১৫ টকা), গংগোত্ৰী (মূল্য- ১০ টকা) আৰু যমুনোন্ত্রী (মূল্য- ১০ টকা)ক বিষয়বস্তু হিচাপে লৈ 'চাৰ ধাম' শীৰ্ষক এলানি ডাকটিকট প্ৰথম দিৱস আৱৰণ আৰু মিনিয়েচাৰ শীট সহ প্ৰকাশ কৰি উলিয়াইছে ভাৰতীয় ডাক বিভাগে।উন্মোচনৰ তাৰিখ ২৯-১১-২০১৯।
ভাৰতীয় ডাক বিভাগে অলপতে প্ৰকাশ কৰিবলগীয়া ডাক টিকট
১. ভাৰতৰ এম্ব্ৰইদাৰী (Embroideries of India)। প্ৰকাশৰ সম্ভাব্য তাৰিখ- ১৮-১২-২০১৯
২. ভাৰতীয় সুগন্ধি (Indian Perfumes- Kewra and Tuberose)। প্ৰকাশৰ সম্ভাব্য তাৰিখ- ২৪-১২-২০১৯
আগন্তুক ডাকটিকট প্ৰদর্শনী
ৰাষ্ট্ৰীয় ডাকটিকট প্ৰদর্শনী (INPEX 2019) অহা ১৮-২২ ডিচেম্বৰলৈ মায়ানগৰী মুম্বাইৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব। ফিলাটেলিক কংগ্ৰেছ অব্ ইন্ডিয়াই ভাৰতীয় ডাক বিভাগ আৰু দেশৰ অন্যান্য ফিলাটেলি সংগঠন সমূহৰ সহযোগত আয়োজন কৰা দেশৰ সৰ্ববৃহৎ ডাকটিকট প্ৰদর্শনীত দেশ-বিদেশৰ প্ৰায় ২৫০ গৰাকী ফিলাটেলিষ্টৰ সংগ্ৰহ প্ৰদৰ্শিত হোৱাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বঁটা আৰু সন্মান আদিয়ো প্ৰদান কৰা হ'ব। অসম আৰু উত্তৰ-পূৱ ভাৰতৰ কেইবাগৰাকী ডাকটিকট সংগ্ৰহকাৰীয়ে এই মেগা ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে।
আমাৰ এই শিতানৰ বাবে হবি সম্পৰ্কীয় বিভিন্ন বা-বাতৰি, কোনো বিশেষ হবিৰ গৰাকীৰ বিষয়ে আপুনিও সামগ্ৰী প্ৰেৰণ কৰিব পাৰে। তেনেধৰণৰ যথাসম্ভৱ চুটি লেখাবোৰ আমালৈ rhfjorhat@gmail এই ইমেইল ঠিকনালৈ কৰিব কৰক।






Comments
Post a Comment