হবি কথা- ফেব্ৰুৱাৰী ২০২০
ভুবনেশ্বৰৰ ৰেডিঅ' মেলাত সন্মানিত হ'ব অসমৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰী তাৰিখে উৰিষ্যাৰ ভুবনেশ্বৰত আয়োজিত হ'ব দেশৰ ভিতৰতে আয়োজিত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' মেলা। প্ৰত্যেক বছৰৰ ১৩ ফেব্ৰুৱাৰী দিনটো বিশ্বজুৰি পালিত হয় বিশ্ব অনাতাঁৰ দিৱস হিচাপে আৰু ২০১৬ চনৰ পৰা উৰিষ্যাৰ খ্যাতনামা বেচৰকাৰী সংস্থা আউটৰিছৰ উদ্যোগত আয়োজিত হৈ আহিছে দুদিনীয়া ৰেডিঅ' মেলা যত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অনাতাঁৰ কেন্দ্ৰৰ ৰেডিঅ' বিশেষজ্ঞ, অনুষ্ঠান প্ৰযোজক, বিশিষ্ট শ্ৰোতা, ডিএক্সাৰ, হেম ৰেডিঅ' অপাৰেটৰ সকলে অংশগ্ৰহণ কৰে। প্ৰদর্শনীস্থলীত প্ৰদৰ্শিত হয় হেজাৰোধিক পুৰণি ৰেডিঅ', ৰেডিঅ' বিষয়ক ডাকটিকট, কিতাপ-পত্ৰ, ৰেডিঅ' সম্প্ৰচাৰত ব্যৱহাৰ হোৱা ন-পুৰণি সামগ্ৰী আৰু প্ৰযুক্তি, থাকে আৰ্হি (model) কমিউনিটি ৰেডিঅ' ষ্টেছন, থলীতে ৰেডিঅ' বিক্ৰী আৰু মেৰামতি কৰাৰ সুবিধা, অনুষ্ঠিত হয় ৰেডিঅ' সম্পৰ্কীয় নানান কৰ্মশালা, সাংস্কৃতিক অনুষ্ঠান, বিশেষ সন্মাননা অনুষ্ঠান আদিৰ। ষষ্ঠ আউটৰিচ আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' মেলাৰ অন্যতম আকর্ষণ হৈছে পৰ্যটন। উল্লেখযোগ্য যে এইবাৰ উ...