হবি কথা- এপ্ৰিল ২০২০
লকডাউনত বিপদগ্ৰস্ত লোকৰ ত্ৰাণকৰ্তা ৰূপে অসমৰ হেম দেশজুৰি লকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ এমেচাৰ ৰেডিঅ' পৰিচালক বা হেম সকলে আকৌ এবাৰ মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। দ্বিপক্ষীয় অনাতাঁৰ সেৱা হেম ৰেডিঅ'ক দুৰ্যোগকালীন পৰিস্থিতিত যোগাযোগৰ দ্বিতীয় শাৰীৰ মাধ্যম হিচাপে জনা যায় আৰু এই খ্যাতিকে শুদ্ধ প্ৰমাণ কৰিলে অসম আৰক্ষী অনাতাঁৰ সংস্থাৰ জ্যেষ্ঠ প্ৰশিক্ষক তথা ৰাজ্যৰ এগৰাকী হেম ৰেডিঅ' পৰিচালক তাহেৰুদ্দীন আহমেদে। "কামাখ্যা মন্দিৰৰ ওচৰত লকডাউনত আবদ্ধ হৈ পৰা পশ্চিম বংগৰ এটা ১৮ জনীয়া শ্রমিক দলৰ বিষয়ে কিছুদিন পূৰ্বে কলিকতাৰ ৱেষ্ট বেংগল ৰেডিঅ' ক্লাৱৰ সংগঠক তথা হেম অম্বৰীশ নাগ বিশ্বাসৰ পৰা মই ৰেডিঅ'ত এটি জৰুৰী বাৰ্তা লাভ কৰোঁ। ততালিকে লোককেইজনৰ সন্ধান উলিয়াই গভীৰ খাদ্য আৰু অৰ্থ সংকটত ভুগি থকা এই দলটোক আমি খাদ্যৰ যোগান ধৰোঁ আৰু কথাটো ভৰলুমুখ থানাত অৱগত কৰোঁ। এই শ্ৰমিক সকল এতিয়া সময়মতে নিজ ৰাজ্যলৈ ঘূৰি যাব পাৰিব"- ৰেডিঅ' যোগে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিশ্বজুৰি এক বিশাল যোগাযোগ নেটৱৰ্ক গঠন কৰা তাহেৰুদ্দিন আহমেদে জনায়। উল্লেখযোগ্য যে VU2TUO কল...