এমেচাৰ ৰেডিঅ'- অনাতাঁৰ যোগাযোগৰ গুৰুত্বপূৰ্ণ মাধ্যম
এপ্ৰিল মাহটো বিশ্বত যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কিয়নো ১৮৭৪ চনৰ ২৫ এপ্ৰিলত ইটালীত জন্মগ্ৰহণ কৰিছিল অনাতাঁৰ পৰিসেৱা 'ৰেডিঅ'ৰ' আৱিষ্কাৰক গুগলিয়েলমো মার্কনিয়ে। আনহাতে আপাতকালীন যোগাযোগৰ সাংকেতিক ভাষা 'মোৰ্চ কোড'ৰ উদ্ভাৱক চেমুয়েল মোৰ্চে ১৭৯১ চনৰ এপ্ৰিল মাহৰে ২৭ তাৰিখে আমেৰিকাত জন্মগ্ৰহণ কৰিদিল। এটি ইলেকট্ৰনিক হবি তথা জৰুৰীকালীন যোগাযোগ ব্যৱস্থাৰ অতি গুৰুত্বপূৰ্ণ মাধ্যম 'এমেচাৰ' বা হেম ৰেডিঅ'ৰ ক্ষেত্ৰতো এই মাহটো বিশেষ কিয়নো ১৯২৫ চনৰ ১৮ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত পেৰিছত জন্ম লাভ কৰে ইণ্টাৰনেছনেল এমেচাৰ ৰেডিঅ' ইউনিয়ন (IARU) আৰু তেতিয়াৰে পৰা এই দিনটো বিশ্বজুৰি 'বিশ্ব এমেচাৰ ৰেডিঅ' দিৱস' হিচাপে পালিত হৈ আহিছে। ৰেডিঅ' পৰিসেৱাৰ অপৰিহাৰ্য অংগ এমেচাৰ ৰেডিঅ'ৰ বাবে এই মাহটো সেয়েহে অতি গুৰুত্বপূৰ্ণ আৰু এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি যুগুতাই উলিয়াইছোঁ এই প্ৰবন্ধটো। আশা কৰিছোঁ পাঠকবৰ্গই লেখাটো আঁকোৱালি ল'ব।
যোৱা বছৰ কেৰেলা ৰাজ্যত অহা প্ৰলয়ংকাৰী বানপানীয়ে ৰাজ্যখনলৈ যি বিভীষিকা নমাই আনিছিল সেয়া বোধকৰোঁ প্ৰতিগৰাকী ব্যক্তিৰেই মানসপটত এতিয়াও সজীৱ হৈ আছে। ৰাজ্যখনৰ ইতিহাসত বৰ্তমান শতিকাৰ আটাইতকৈ বৃহৎ এই প্ৰাকৃতিক দুৰ্যোগত প্ৰায় পাঁচ শতাধিক লোকৰ মৃত্যু হোৱাৰ উপৰি বহুতো লোক নিৰুদ্দেশ হৈছিল, গৃহহীন হৈছিল অসংখ্য পৰিয়াল। কেৰেলাৰ ১৪ খন জিলাত ধ্বংসলীলা চলোৱা এই বানপানীয়ে ৰাজ্যখনৰ প্ৰচুৰ আৰ্থিক আৰু আন্তঃগাঁথনিমূলক ক্ষতি সাধন কৰাৰ লগতে চৰকাৰী যোগাযোগ ব্যৱস্থা যেনে টেলিফোন, মোবাইল, ইণ্টাৰনেট সেৱা আদি সম্পূর্ণ ভাবে বিধস্ত কৰি পেলাইছিল। তেনে এক পৰিস্থিতিত চুবুৰীয়াৰ ৰাজ্য তামিলনাডু, কৰ্ণাটক, গোৱা তথা কেৰেলাৰে কিছু অপেছাদাৰী লোক ব্যস্ত হৈ পৰিছিল নিজৰ নিজৰ বেটাৰী চালিত বিশেষ অনাতাঁৰ যন্ত্ৰবোৰৰ সৈতে। কেৰেলাৰ বানবিধস্ত বিভিন্ন জিলাত ৰেডিঅ' যোগাযোগ কেন্দ্ৰ স্থাপন কৰি তেওঁলোকে চৰকাৰী দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু অন্যান্য উদ্ধাৰকাৰী সংস্থাক সহায় আগবঢ়াই গৈছিল। প্ৰায় ১২০ গৰাকী এনে ৰেডিঅ' উৎসাহী ব্যক্তিয়ে কেৰেলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিছিল, নিজৰ নিজৰ ৰেডিঅ' যন্ত্ৰ যোগে এজনে আনজনৰ সৈতে যোগাযোগ কৰি উদ্ধাৰ কৰিছিল হেজাৰোধিক দুৰ্ভোগীয়া ব্যক্তিক, ৰক্ষা কৰিবলৈ সক্ষম হৈছিল অসংখ্য পশুধনৰ। আলুভা নামৰ ঠাইত এখন হোটেলত আবদ্ধ ৪৫ গৰাকী বিমান কৰ্মী আৰু কুমিলিৰ বানাক্ৰান্ত অঞ্চলৰ বৃহৎ সংখ্যক চাহ শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত এই সকল স্বেচ্ছাসেৱী ৰেডিঅ' পৰিচালকে আগভাগ লৈছিল। তাঁৰ বিহীন যোগাযোগ ব্যৱস্থা বা অনাতাঁৰ পৰিসেৱাৰ এক অতি গুৰুত্বপূৰ্ণ কিন্তু কোনো বাণিজ্যিক লাভালাভ নথকা বিশ্বজুৰি চলি থকা এই ৰেডিঅ' কাৰ্যসূচী এমেচাৰ ৰেডিঅ' বা 'হেম ৰেডিঅ'' নামেৰে পৰিচিত। অপেছাদাৰী তথা অৱসৰ বিনোদনৰ আহিলা হিচাপে আৰম্ভ হোৱা এমেচাৰ ৰেডিঅ' চর্চাই আজি বিশ্বজুৰি বিভিন্ন প্ৰতিকূল পৰিস্থিতিত মানবজাতিলৈ নানা ৰকমে সেৱা আগবঢ়াই যোগাযোগৰ দ্বিতীয় শাৰী বা Second Line of Communication ৰ স্বীকৃতি লাভ কৰিছে। কেৰেলাৰ বানপানীৰ দৰেই আমাৰ দেশৰ হেম পৰিচালক সকলে বিভিন্ন সময়ত দেখা দিয়া প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাত চৰকাৰী পক্ষৰ সৈতে সমানে তাল মিলাই উদ্ধাৰকাৰ্য আৰু পৰিস্থিতি মোকাবিলাত অংশগ্ৰহণ কৰি মানৱ সমাজলৈ শ্ৰেষ্ঠ অৱদান আগবঢ়াই আহিছে। ১৯৮৪ চনৰ ভূপাল গেছ কাণ্ড, ২০০১ চনত অহা নাটোৰ ভূমিকম্প, ২০০৪ৰ ছুনামী, নেপালৰ ভূমিকম্প, চেন্নাই, মুম্বাই আদি মহানগৰীত অহা আকস্মিক বান, উত্তৰাখণ্ডৰ প্ৰলয়ংকাৰী বান আৰু ভূমিস্খলন আদি বিভিন্ন সময়ত দেশৰ এমেচাৰ ৰেডিঅ' পৰিচালক সকলে মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। ১৯৬০ চনৰ ডাক-তাঁৰ বিভাগৰ ধৰ্মঘটৰ সময়তো হেম ৰেডিঅ' অপাৰেটৰ সকলে যোগাযোগ ব্যৱস্থা বৰ্তাই ৰাখি ৰাইজক সকাহ দিবলৈ সক্ষম হৈছিল। আনকি বিভিন্ন সময়ত মৃত্যুমুখী ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধপাতি, তেজ আদি জোগাৰ কৰি দিয়াতো হেম সকলে সাহায্য আগবঢ়াই আহিছে। এভাৰেষ্ট তথা হিমালয় অভিযান, এণ্টাৰটিকা অভিযান, বিভিন্ন মহাসাগৰীয় অভিযান, আজিকালি জনপ্ৰিয় হোৱা আন্তঃৰাষ্ট্ৰীয় কাৰ ৰেলী আদিতো অংশগ্ৰহণকাৰী সকলৰ মাজত যোগাযোগৰ মাধ্যম এই এমেচাৰ ৰেডিঅ' সেৱাই। আনকি মহাকাশ গৱেষণাৰ বাবে অন্তৰীক্ষলৈ যাত্ৰা কৰা বা মহাকাশযানত থকা নভোচাৰী সকলো একো একোজন এমেচাৰ ৰেডিঅ' অপাৰেটৰ আৰু এই অনাতাঁৰ পৰিসেৱাৰ জৰিয়তেই তেওঁলোকে পৃথিৱীৰ সৈতে যোগাযোগ ৰক্ষা কৰে আৰু বিশ্বৰ চুকে-কোণে থকা অন্যান্য এমেচাৰ ৰেডিঅ' পৰিচালক সকলৰ সৈতেও বাৰ্তালাপ কৰি মহাকাশ বিজ্ঞান সম্পৰ্কীয় নানান তথ্যৰ আদান-প্ৰদান কৰে। এমেচাৰ ৰেডিঅ' হ'ল এটা 'হাই ফ্রিকুয়েন্সী' ৰেডিঅ' পৰিসেৱা। আমি সচৰাচৰ বিভিন্ন ৰেডিঅ' অনুষ্ঠান শৰ্টৱেভ, মিডিয়াম ৱেভ বা এফ.এম তৰংগত শুনো। কিন্তু বিশ্বৰ এমেচাৰ ৰেডিঅ' অপাৰেটৰ সকলে উচ্চ কম্পনাংক (High Frequency) বা অতি উচ্চ কম্পনাংক (Very High Frequency)ত এছ.এছ.বি. (SSB- Single Side Band) ব্যৱহাৰ কৰি শুনে আৰু অন্য হেম অপাৰেটৰ সকলৰ সৈতে ৰেডিঅ' তৰংগতে যোগাযোগ কৰে, কথাবাৰ্তা পাতে। পাঠক সকলৰ জ্ঞাতাৰ্থে ৰেডিঅ' যোগাযোগত ব্যৱহাৰ হোৱা ফ্ৰিকুয়েন্সি আৰু বেণ্ডৰ তালিকা এখন দিয়া হ'ল ।
এমেচাৰ ৰেডিঅ'ৰ দ্বিপক্ষীয় অনাতাঁৰ কাৰ্যকলাপত একোজন এমেচাৰ ৰেডিঅ' পৰিচালকে নিৰ্দিষ্ট ফ্রিকুয়েন্সীত আন এজন বা কেইবাজন এমেচাৰ ৰেডিঅ' পৰিচালকৰ সৈতে বাৰ্তা বিনিময় কৰিব পাৰে। উল্লেখযোগ্য যে এমেচাৰ ৰেডিঅ' বেণ্ডত যিকোনো ব্যক্তিয়ে বাৰ্তা বিনিময় কৰিব নোৱাৰে আৰু ইয়াৰ বাবে বিশ্ব জুৰি বিভিন্ন দেশৰ বেলেগ বেলেগ আইন আছে। এমেচাৰ ৰেডিঅ' অপাৰেটৰ সকলে ইয়াৰ বাবে চৰকাৰ বা প্ৰশাসনৰ পৰা অনুজ্ঞাপত্ৰ ল'ব লাগে যিটোৰ প্ৰক্ৰিয়া দেশ ভেদে পৃথক হয়। অৱশ্যে ৰেডিঅ' স্পেকট্ৰামত 'চিটিজেন বেণ্ড'ত কিছুমান ফ্ৰিকুয়েন্সি আবন্টন কৰা হৈছে যিবোৰ ব্যৱহাৰ কৰি যিকোনো ব্যক্তিয়ে সীমিত শক্তিৰ দ্বিপক্ষীয় ৰেডিঅ' বাৰ্তা বিনিময় কৰিব পাৰে। ৱাকি-টকী জাতীয় ৰেডিঅ' চিটিজেন বেণ্ড ৰেডিঅ'ৰ ভিতৰতে পৰে যিবোৰ ব্যৱহাৰ কৰিবলৈ কোনো চৰকাৰী পঞ্জীয়ন বা অনুজ্ঞাৰ প্ৰয়োজন নহয়। কিন্তু এনে ৰেডিঅ' সম্প্ৰচাৰৰ শক্তি আৰু বিস্তৃতি অত্যন্ত সীমিত হয়। ভাৰতবৰ্ষত 'চিটিজেন বেণ্ড' ৰেডিঅ' পৰিচালনাৰ বাবে শৰ্টৱেভৰ ১১ মিটাৰ বেণ্ডৰ ২৬.৯৫৭ মেগাহার্জৰ পৰা ২৭.২৮৩ মেগাহার্জলৈকে ফ্ৰিকুয়েন্সি আবণ্টিত আৰু এনে ৰেডিঅ' সম্প্ৰচাৰৰ শক্তি সৰ্বাধিক পাঁচ (৫) ৱাট পৰ্যন্ত হ'ব লাগিব। 'চিটিজেন বেণ্ড'ৰ কিছুমান ফ্ৰিকুয়েন্সি পৰ্বতাৰোহণ, অত্যাৱশ্যকীয় তথা দুৰ্যোগকালীন ৰেডিঅ' যোগাযোগ, গ্ৰাম্য ৰেডিঅ' পৰিসেৱা, ৰেডিঅ' পৰিচালিত খেলনা ইত্যাদিৰ বাবে আবন্টন কৰি থোৱা হৈছে। আনহাতে HamSphere নামৰ প্ৰতিষ্ঠান এটাই ইণ্টাৰনেট আৰু মোবাইল প্লেটফৰ্মত অনুজ্ঞাপ্ৰাপ্ত তথা অনুজ্ঞাপত্ৰ নথকা, কিন্তু এমেচাৰ ৰেডিঅ' পৰিচালনাত আগ্ৰহী সকলৰ বাবে এনে এক সেৱা উপলব্ধ কৰিছে যাৰ দ্বাৰা এক ভাৰ্চুৱেল স্পেকট্ৰামত একেবাৰে ৰেডিঅ' তৰংগত বাৰ্তা বিনিময় কৰা ধৰণে এজনে আনজনৰ সৈতে যোগাযোগ কৰি হেম ৰেডিঅ' ব্যৱহাৰৰ প্ৰাৰম্ভিক জ্ঞান আৰু পৰিবেশ দুয়ো আয়ত্ব কৰিব পাৰে। কিন্তু প্ৰকৃত এমেচাৰ ৰেডিঅ' যোগাযোগত ব্যৱহৃত অনাতাঁৰ যন্ত্ৰবিধ আমি সাধাৰণতে ৰেডিঅ' কাৰ্যসূচী উপভোগ কৰিবলৈ ব্যৱহাৰ কৰা ট্ৰেনজিষ্টাৰৰ পৰা কিছু সুকীয়া আৰু ইয়াৰ কিছু বিশেষত্ব আছে। এই যন্ত্ৰবিধক ট্ৰেনছিভাৰ বুলি কোৱা হয় আৰু ইয়াত ৰেডিঅ' ছিগনাল গ্ৰহণ আৰু প্ৰেৰণ কৰাৰ দুইটা ক্ষমতাই থাকে। প্ৰয়োজন অনুসাৰে বিভিন্ন ট্ৰেনছিভাৰৰ তৰংগ সম্প্ৰচাৰ ক্ষমতা কম-বেছি হয় আৰু এই যন্ত্ৰ ব্যৱহাৰ কৰিয়েই আয়নস্ফীয়াৰৰ নিৰ্দিষ্ট ৰেডিঅ' তৰংগ কেইটামানত হেম ৰেডিঅ' পৰিচালক সকলে বাৰ্তা, তথ্য আদি আদান-প্ৰদান কৰে। হেম সকলে পৰস্পৰৰ মাজত যোগাযোগ স্থাপন কৰোঁতে দুই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰে। এটা হ'ল ৰেডিঅ' টেলিগ্ৰাফীত ব্যৱহাৰ হোৱা মোৰ্চ (Morse) কোড আৰু আনটো হ'ল ৰেডিঅ' টেলিফোনি (কণ্ঠ)। উল্লেখযোগ্য যে বিশ্ব বজাৰত একো একোটা ভাল ব্ৰেণ্ডৰ ট্ৰেনছিভাৰ যথেষ্ট উচ্চ মূল্যতহে উপলব্ধ আৰু সেয়েহে ইলেকট্ৰনিক বিজ্ঞানত ৰুচি ৰখা হেম সকলে স্থানীয় যন্ত্ৰপাতি ব্যৱহাৰ কৰি ঘৰতে নিজে সাজি উলিয়াবলৈ চেষ্টা কৰে কম খৰচৰ ট্ৰেনছিভাৰ। এমেচাৰ ৰেডিঅ' চৰ্চাৰ ই এক বিশেষ দিশ আৰু এনে গুণ সম্পন্ন হেম সকলক 'হোম ব্ৰিউয়াৰ' নামেও জনা যায়। ৰেডিঅ' সম্প্ৰচাৰৰ বাবে লাগতিয়াল সকলো যন্ত্ৰপাতিৰ উদ্ভাৱক এনে হেম সকলে নিজৰ লগতে স্থানীয় ৰেডিঅ' আৰু ইলেকট্ৰনিক বিজ্ঞানৰ প্ৰতি আগ্ৰহী সকলক এই কাৰিকৰী বিদ্যা সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰে আৰু প্ৰয়োজনত হেম সকলক অতি কম খৰচতে ট্ৰেনছিভাৰ তথা এমেচাৰ ৰেডিঅ' চৰ্চাৰ বাবে প্ৰয়োজনীয় অন্যান্য সা-সঁজুলি যেনে এন্টিনা, পাৱাৰ চাপ্লাই, এন্টিনা টিউনাৰ আদি প্রস্তুত কৰি দি এমেচাৰ ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ অৰিহণা যোগাই আহিছে। এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ'ব যে উন্নত প্ৰযুক্তিৰ অৱদানে ৰেডিঅ' পৰিসেৱাক ইণ্টাৰনেটৰ জৰিয়তে আৰু নানান ছফ্টৱেৰ উদ্ভাৱনেৰে অভিনৱ ভাবে আগুৱাই লৈ যাবলৈ আৰম্ভ কৰিছে। ইয়াৰে অংশ হিচাপে এছ. ডি. আৰ. (SDR- Software Defined Radio)ৰ জৰিয়তে এবিধ বিশেষ ৰেডিঅ' ডঙল, নিৰ্দিষ্ট ছফ্টৱেৰ, হস্ত নিয়ন্ত্ৰিত মাইক (কথাপতা যন্ত্ৰ) আদি ব্যৱহাৰ কৰি তথা উপযুক্ত এন্টিনাৰে সংযোগ কৰি কম্পিউটাৰ বা লেপতপতো ৰেডিঅ' শুনিব পাৰি তথা উন্নত এচডিআৰ ব্যৱহাৰ কৰি এমেচাৰ বেণ্ডত বাৰ্তা বিনিময়য়ো কৰিব পাৰি।
বিশ্বত এমেচাৰ ৰেডিঅ'ৰ প্ৰচলন দৰাচলতে ১৯০১ চনৰ ১২ ডিচেম্বৰত ৰেডিঅ'ৰ জনক মাৰ্কনীয়ে পোনপ্ৰথমে এটলাণ্টিক মহাসাগৰৰ দুয়োপাৰে ৰেডিঅ'ৰ তৰংগৰ মাজেৰে যোগাযোগ স্থাপন কৰিয়েই সূচনা কৰিছিল বুলি ক'ব পাৰি। তাৰ পিছৰে পৰা ইলেকট্ৰনিক আৰু অনাতাঁৰ প্ৰযুক্তিৰ জয়যাত্ৰাৰ আৰম্ভণি হয়। বিশ্বৰ বিভিন্ন দেশ, বিশেষকৈ ব্ৰিটেইন, আমেৰিকা, জাৰ্মানী, জাপান, ৰাছিয়া আদি দেশৰ বিজ্ঞানী সকলে বিভিন্ন গৱেষণা, অধ্যয়ন আদিৰ জৰিয়তে অনাতাঁৰ সম্প্ৰচাৰ পদ্ধতিক চহকী কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে এই ক্ষেত্ৰত ভাৰতৰ বিখ্যাত বিজ্ঞানী আচাৰ্য জগদীশ চন্দ্ৰ বসুৰ অৱদানো গোটেই বিশ্বই স্বীকাৰ কৰে কিয়নো তেখেতেই তৰংগ মানক অতি ক্ষুদ্ৰ মানলৈ (প্ৰায় ৫ মিলিমিটাৰ) হ্ৰাস কৰাৰ সূত্ৰটো উলিয়াইছিল। বহুতে আকৌ জগদীশ চন্দ্ৰ বসুকেই ৰেডিঅ'ৰ আৱিষ্কাৰক হিচাপে স্বীকৃতি দিব খোজে। অৱশ্যে এই লৈ বহুতো বিতৰ্ক আছে আৰু আমি এই বিষয়ে ইয়াত আলোচনা নকৰোঁ। ১৯০৯ চনত হাৰ্ভাদ বিশ্ববিদ্যালয়ৰ তিনিজন ছাত্ৰ ক্ৰমে এলবাৰ্ট হাইমন, বব' আলমি আৰু পেগী মুৰেই লগ লাগি বিশ্বৰ প্ৰথমটো এমেচাৰ ৰেডিঅ' ষ্টেছন স্থাপন কৰে। পিছলৈ এই ষ্টেছন 'হাৰ্ভাদ ওয়েৰলেচ ক্লাব' নামেৰে পৰিচিত হয়। জনপ্ৰিয় মতানুসাৰে এই ক্লাৱৰ প্ৰতিষ্ঠাপক তিনি এমেচাৰ ৰেডিঅ' গৱেষকৰ উপাধিৰ প্ৰথম তিনিটা আখৰ H, A আৰু M ৰ পৰাই এমেচাৰ ৰেডিঅ' পৰিচালক সকলৰ সংক্ষিপ্ত নাম 'হেম' (HAM) শব্দটোৰ উৎপত্তি হয় আৰু তেতিয়াৰে তেওঁলোকক হেম নামেৰে সম্বোধন কৰাৰ প্ৰথা আৰম্ভ হয়। কিছুমান হেম অপাৰেটৰে আকৌ HAM শব্দটিক 'Help All Mankind' বুলি ব্যখ্যা কৰিও ভাল পায়। ভাৰতবৰ্ষত এমেচাৰ ৰেডিঅ' চৰ্চাৰ ইতিহাস যথেষ্ট পুৰণি আৰু দেশৰ প্ৰথম হেম হিচাপে ১৯২১ চনতে অমৰেন্দ্ৰ চন্দ্ৰ গুপ্ত (2JK)ই অনুজ্ঞাপত্ৰ লাভ কৰিছিল। সেই একেটা বছৰৰে শেষৰ পিনে মুকুল বোসে (2HQ) দেশৰ দ্বিতীয় গৰাকী ব্যক্তি হিচাপে চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰে। এই দুয়োগৰাকী ব্যক্তি বংগৰ আছিল আৰু তেতিয়াৰে পৰা দেশত দ্বিপক্ষীয় এমেচাৰ ৰেডিঅ' কাৰ্যসূচীৰ সূচনা হৈছিল। বৰ্তমানে ভাৰতত প্ৰায় ১৭০০০ অনুজ্ঞা প্রাপ্ত এমেচাৰ ৰেডিঅ' পৰিচালক আছে আৰু কেৱল বাঙ্গালুৰুতে প্ৰায় ৫০০০ হেম আছে। সেয়েহে বাঙ্গালুৰুক দেশৰ 'হেম ৰাজধানী' বুলি কোৱা হয়। আমাৰ দেশত ৰেডিঅ' হবি তথা প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১২ বছৰ বা তাৰ উৰ্ধৰ যিকোনো ব্যক্তিয়েই আগবাঢ়ি আহিব পাৰে। দেশত এমেচাৰ ৰেডিঅ' পৰিচালনা কৰিবলৈ আগ্ৰহী সকলে কেন্দ্র চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ Wireless Planning and Coordination (WPC) বিভাগে অনুষ্ঠিত কৰা ASOC (Amateur Radio Operator's Certificate) পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতকাৰ্যৰে উত্তীৰ্ণ হৈ ল'ব লাগিব। ইয়াৰ পাছতহে নির্দিষ্ট কিছুমান চৰকাৰী প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰত চৰকাৰে এমেচাৰ ৰেডিঅ' পৰিচালনাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে আৰু প্ৰত্যেক গৰাকী হেমক একোটা বিশেষ কল চাইন (সাংকেতিক নাম) আবন্টন কৰে। ভাৰতবৰ্ষত এনে কল চাইন VU আখৰ দুটাৰে আৰম্ভ হয় কিয়নো আন্তৰ্জাতিক এমেচাৰ প্ৰেক্ষাপটত দেশৰ পৰিচয়মূলক সাংকেতিক চিহ্নয়ো 'VU'। এ.এছ.অ'.চি পৰীক্ষা দুই ধৰণৰ হয়। ৰেষ্ট্ৰিকটেড গ্ৰেড পৰীক্ষাৰ পাঠ্যক্ৰমৰ বিষয় 'ৰেডিঅ' থিয়ৰী এণ্ড প্ৰেক্টিছ' আৰু 'ৰেডিঅ' ৰুলছ এণ্ড ৰেগুলেচন'। ইয়াৰে প্ৰথম বিষয়টোত অনাতাঁৰ যোগাযোগৰ সৈতে জড়িত বিভিন্ন বিষয় তথা ইলেকট্ৰনিছৰ প্ৰাথমিক জ্ঞান আয়ত্ব কৰিব লাগে আৰু দ্বিতীয় বিষয়টোত দেশ-বিদেশৰ অনাতাঁৰ পৰিসেৱাৰ নিয়মাৱলী, ফোনেটিক বৰ্ণমালা, বিশেষ কিউ (Q) কোড আদিৰ বিষয়ে অধ্যয়ন কৰিব লাগে। কিউ কোড হৈছে ইংৰাজী Q আখৰেৰে প্ৰতিনিধিত্ব কৰোৱা কিছুমান প্ৰশ্নবোধক বাক্যৰ সংক্ষেপ আৰু সাংকেতিক বাৰ্তা যিবোৰ ৰেডিঅ' অপাৰেটৰ সকলে অনুৰূপ সাংকেতিক কোড ব্যৱহাৰ কৰিয়েই উত্তৰ দিয়ে। ৰেডিঅ' যোগাযোগত ব্যৱহৃত কিছুমান কিউ 'Q' কোড উত্তৰ সহ তালিকা নং-৩ ত উল্লেখ কৰা হ'ল। এই পৰীক্ষাৰ দ্বিতীয়টো গ্ৰেড হ'ল জেনেৰেল গ্ৰেড য'ত ৰেষ্ট্ৰিকটেড গ্ৰেড পৰীক্ষাৰ বাবে দিয়া পাঠ্যক্ৰমৰ উপৰি মোৰ্চ কোডৰ ব্যৱহাৰিক (Practical) পৰীক্ষা দিব লাগে। ইয়াত পৰীক্ষাৰ্থী সকলে প্ৰতি মিনিটত নূন্যতম ৮ টা মোৰ্চ কোডত শব্দ গ্ৰহণ ও প্ৰেৰণ কৰিব পাৰিব লাগে। এইখিনিতে মোৰ্চ কোড সম্পৰ্কে কিছু তথ্য দি ল'লে ভাল হব।
হলিউদ ফিল্ম "Them", "A Night to Remember", "Journey 2: The Mysterious Island", "Titanic" আদিৰ পৰা আৰম্ভ কৰি শেহতীয়া বলিউড ফিল্ম "দি গাজী এটাক"ত চিত্ৰায়িত আপাতকালীন পৰিস্থিতিৰ উদ্ভৱ হওঁতে চলচ্চিত্ৰৰ চৰিত্ৰবোৰে এবিধ ৰেডিঅ' যন্ত্ৰ যোগে কিছুমান বিপদকালীন সাংকেতিক বাৰ্তা প্ৰেৰণ কৰি ত্ৰাণ সাহায্যৰ বাবে কাষৰীয়া পৰ্যবেক্ষণ কেন্দ্ৰলৈ আহ্বান জনোৱা বা অন্যান্য যোগাযোগ স্থাপন কৰাৰ দৃশ্যাংশ সমূহ মনত পৰে নে? শুনাত 'টু-টু-টি-টি'ৰ দৰে লগা এই সাংকেতিক বাৰ্তাক 'মোৰ্চ' কোড বুলি কোৱা হয় আৰু ৰেডিঅ' উদ্ভাৱনৰ বহু পূৰ্বে ১৮৩৮ চনত চেমুয়েল মোৰ্চ নামৰ এজন ব্যক্তিয়ে তেওঁৰ এজন সহায়ক অলফ্ৰেড ভেইলক লগত লৈ এই পদ্ধতিৰ আবিষ্কাৰ কৰিছিল। মোৰ্চ কোডত ইংৰাজী বৰ্ণমালাৰ আখৰ, সংখ্যা আৰু চিহ্ন সমূহক সাংকেতিক ভাবে ডেশ (_) আৰু ডট (●)ৰে প্ৰতিনিধিত্ব কৰোৱা হৈছে আৰু এবিধ বিশেষ 'মোৰ্চ কী' যন্ত্ৰৰে পোনপ্ৰথমে বিদ্যুৎ চুম্বকীয় শক্তিৰ প্ৰয়োগ কৰি তাঁৰ যুক্ত 'টেলিগ্ৰাফী' ব্যৱস্থাৰে আৰু পিছলৈ অনাতাঁৰ মাধ্যম ৰেডিঅ'ৰ দ্বাৰা প্ৰেৰণ আৰু গ্ৰহণ কৰি সাংকেতিক যোগাযোগৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মোৰ্চ কোড এনে ধৰণৰ হয়:- A বৰ্ণটোক লিখা হয় '●_' সংকেতেৰে যাৰ উচ্চাৰণ হ'ব 'ডি-ডা'; অনুৰূপ ধৰণে B বৰ্ণ _●●● (ডা-ডি-ডি-ডিট); C বৰ্ণ _●_● (ডা-ডিট-ডা-ডিট); D বৰ্ণ _●● (ডা-ডি-ডিট) ইত্যাদি। বৰ্তমানে বিভিন্ন জৰুৰীকালীন অনাতাঁৰ পৰিসেৱা, যুদ্ধ ক্ষেত্ৰ, দেশ-বিদেশৰ চোৰাংচোৱা সংস্থাৰ যোগাযোগত আৰু এমেচাৰ বা হেম ৰেডিঅ'ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই 'মোৰ্চ কোড'ৰ যোগাযোগ ভাষাই।
সাধাৰণতে একাগ্ৰতা আৰু নিয়মিত অভ্যাসৰ জৰিয়তে দুই তিনি মাহতে মোৰ্চ কোডৰ লগতে ASOC পৰীক্ষাৰ পাঠ্যক্ৰম আয়ত্ব কৰি ল'ব পাৰি। মোৰ্চ কোড এবিধ বিশেষ মোৰ্চ 'কী' (key) যন্ত্ৰৰে বজাব লাগে আৰু অভ্যাস কৰিব লাগে। অৱশ্যে আধুনিক প্ৰযুক্তিগত অগ্ৰসৰতাৰ যুগত কিছুমান মোবাইল এপ্লিকেচনো উপলব্ধ হৈছে যিবোৰ ব্যৱহাৰ কৰি সঠিককৈ মোৰ্চ কোডৰ ব্যৱহাৰ আয়ত্ব কৰি ল'ব পাৰি। ৰেষ্ট্ৰিকটেড গ্ৰেডৰ অনুজ্ঞাপত্ৰ প্রাপ্ত এমেচাৰ ৰেডিঅ' পৰিচালক সকলে VU3 আৰু জেনেৰেল গ্ৰেড অনুজ্ঞাপত্ৰধাৰী সকলে VU2 সাংকেতিক নামৰ লগতে অপাৰেটৰ গৰাকীৰ প্ৰকৃত নামৰ দুই বা তিনি আখৰযুক্ত 'কলচাইন' লাভ কৰে। উদাহৰণ স্বৰূপে ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী এগৰাকী দক্ষ হেম আছিল আৰু তেখেতৰ কলচাইন আছিল 'VU2RG' ।
আমাৰ দেশত এমেচাৰ ৰেডিঅ' পৰিচালনাৰ বাবে অনুষ্ঠিত পৰীক্ষা আৰু অনুজ্ঞাপত্ৰৰ বাবে আবেদন মাচুল আদি যথেষ্ট কম। এই বিষয়ে অধিক জানিবলৈ আগ্ৰহী সকলে নিকটৱৰ্তী কোনো হেমৰ সৈতে যোগাযোগ কৰিব পাৰে বা পোনপটীয়াকৈ এই ঠিকনাতো যোগাযোগ কৰিব পাৰে:- Assistant Wireless Adviser, WPC Wing, Ministry of Communication, Sardar Patel Bhavan, Parliament Street, New Delhi- 110001. উত্তৰ-পূৱ ভাৰতৰ শ্বিলং আৰু ডিব্ৰুগড়ত থকা ৱেৰলেচ মনিটৰিং ষ্টেছন সমূহৰ সৈতে যোগাযোগ কৰি আগ্ৰহী সকলে ASOC পৰীক্ষাৰ নিয়মাৱলী, পাঠ্যতালিকা (syllabus) আদি সম্পৰ্কে জানিব পাৰিব। ষ্টেছন দুটাৰ ঠিকনা:- ১. Officer-in-charge, Wireless Monitoring Station, Dibrugarh, Girdharilal Sardamalls Bldg, Mancotta Road, Dibrugarh- 786001. ২. Officer-in-Charge, Wireless Monitoring Station- Shillong, Lapalang, Rynjah, Shillong- 793006. বৰ্তমানে ভাৰতবৰ্ষৰ প্ৰায়বোৰ আই আই টি তথা বহুতো অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এমেচাৰ ৰেডিঅ' প্ৰযুক্তিৰ বিষয়ে অধ্যয়ন আৰু এই প্ৰযুক্তিৰ ব্যৱহাৰক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে ভালেকেইটামান এমেচাৰ ৰেডিঅ' ক্লাব ও ষ্টেছন গঠন কৰা হৈছে। আনকি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ 'ইছৰো'ইয়ো বাঙ্গালুৰুত এমেচাৰ ষ্টেছন স্থাপন কৰি মহাকাশ গৱেষণা আৰু নভোচাৰী সকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। ২০০৫ চনত ইছৰোয়ে HAMSET নামৰ এটা এমেচাৰ ৰেডিঅ' পৰিসেৱাৰ উপযোগী কৃত্ৰিম উপগ্ৰহ মহাকাশৰ কক্ষপথত স্থাপন কৰি বিশ্বৰ ভিতৰতে দেশৰ হেম চৰ্চাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। এইখিনিতে উল্লেখযোগ্য যে বিশ্বৰ সকলো নভোচাৰী একো একোজন দক্ষ এমেচাৰ ৰেডিঅ' অপাৰেটৰ আৰু তেওঁলোকৰ বাবে এই যোগাযোগ পদ্ধতিৰ বিষয়ে জ্ঞান অৰ্জন কৰাটো একপ্ৰকাৰ বাধ্যতামূলক।
বিখ্যাত ভাৰতীয় মূলৰ মহাকাশচাৰী কল্পনা চাওলা (K5ESI) এগৰাকী দক্ষ হেম আছিল আৰু অনুৰূপ ধৰণে আন এগৰাকী বিশিষ্ট ভাৰতীয়মূলৰ মহাকাশ বিজ্ঞানী সুনীতা উইলিয়ামছো (KD5PLB) এমেচাৰ ৰেডিঅ' পৰিচালনাত বিশেষজ্ঞ আছিল। বিশ্বৰ বহুতো দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ৰজা-মহাৰজা, নেতা-অভিনেতা, উচ্চপদস্থ প্ৰশাসনীয় বিষয়াই ৰেডিঅ' যোগাযোগৰ ৰোমাঞ্চকৰ চখ এমেচাৰ ৰেডিঅ' পৰিচালনাত দক্ষতা অৰ্জন কৰি অৱসৰ বিনোদনতে হওঁক বা মানৱসেৱাৰ বাবে হওক, নিজৰ এই বিশেষ দক্ষতাক কামত লগাই আহিছে। ভাৰতৰ কেইজনমান চেলিব্ৰেটি হেম হ'ল বলিউড চুপাৰষ্টাৰ অমিতাভ বচ্চন (VU2AMY), কমল হাছান (VU2HAS), ছোনিয়া গান্ধী (VU2SON), দয়ানিধি মাৰান (VU2DMK), ড° সঞ্জয় সিং (VU2SJS) আৰু আন বহুতো। ভাৰতবৰ্ষত এমেচাৰ ৰেডিঅ' পৰিচালক সকলক কেন্দ্ৰ চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ে নিয়ন্ত্ৰণ কৰে যদিও সমগ্ৰ বিশ্বজুৰি হেম সকলৰ বিভিন্ন কাৰ্যকলাপ তথা এমেচাৰ ৰেডিঅ' যোগাযোগৰ বাবে ব্যৱহাৰ হোৱা ৰেডিঅ' তৰংগ আৰু কম্পনাংক (frequency) সমূহক পৰ্যবেক্ষণকাৰী সংস্থাটো হৈছে ৰাষ্ট্ৰসংঘৰ অধীনস্থ ইণ্টাৰনেছনেল টেলিকমিউনিকেচন ইউনিয়ন (ITU)। এই সংস্থাটোৰ উদ্যোগতে ১৯২৫ চনৰ ১৮ এপ্ৰিলত পেৰিছত জন্ম লাভ কৰে ইণ্টাৰনেছনেল এমেচাৰ ৰেডিঅ' ইউনিয়ন (IARU) আৰু বৰ্তমানে বিশ্বৰ ১৬০ খন দেশৰ এমেচাৰ ৰেডিঅ' সংগঠন ইয়াৰ সদস্যভুক্ত। এই সংস্থাটোত ভাৰতক প্ৰতিনিধিত্ব কৰে 'এমেচাৰ ৰেডিঅ' ছ'চাইটি অব্ ইণ্ডিয়া' (ARSI) নামৰ সংগঠনটোৱে। এমেচাৰ ৰেডিঅ' নিয়ন্ত্ৰক সংস্থা হিচাপে IARU ৰ প্ৰতিষ্ঠা দিৱস, ১৮ এপ্ৰিল দিনটোত বিশ্বজুৰি এমেচাৰ ৰেডিঅ' চর্চাৰ দিশটোক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্য আগত লৈ 'আন্তৰ্জাতিক এমেচাৰ ৰেডিঅ' দিৱস' হিচাপে পালন কৰা হয়। ১৯৯১ চনৰে পৰা ভাৰতবৰ্ষত এমেচাৰ ৰেডিঅ' পৰিচালক সকলৰ মিলনমেলা হিচাপে 'হেমফেষ্ট ইণ্ডিয়া' নামেৰে এক বৃহৎ হেম সমাৰোহ আয়োজন হৈ আহিছে। উদ্দেশ্য দেশৰ বিভিন্ন প্ৰান্তত থকা হেম সকলৰ মাজত যোগসূত্ৰ স্থাপন কৰা, যোগাযোগ প্ৰযুক্তিৰ শেহতীয়া উদ্ভাৱন আৰু অগ্ৰগতিৰ সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱা আৰু এমেচাৰ ৰেডিঅ'ৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰা। দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা এই হেম মহোৎসৱৰ প্ৰথম সংস্কৰণ কেৰেলাৰ কূটটিকানম চহৰত অনুষ্ঠিত হৈছিল আৰু শেহতীয়া হেমফেষ্ট ২০১৮ চনত বাঙ্গালুৰুত আয়োজন কৰা হৈছিল। দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম তথা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহ এমেচাৰ ৰেডিঅ'ৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাৰ দিশত যথেষ্ট পিছ পৰি আছে। অৱশ্যে অসমত এমেচাৰ ৰেডিঅ'ৰ বাটকটীয়া স্বৰূপ ব্যক্তিগৰাকী আছিল নগাঁওৰ ৰঞ্জিত চলিহা (VU2RCH)।
১৯৮৩ চনতে নিজা প্ৰচেষ্টাৰে এমেচাৰ ৰেডিঅ' অপাৰেটৰ লাইচেন্স লাভ কৰা ৰঞ্জিত চলিহাই সম্ভৱতঃ অসমৰ প্ৰথম হেম। ইলেকট্ৰনিক আৰু ইলেক্ট্রিকেল বিজ্ঞানৰ এজন নীৰৱ সাধক চলিহাই এমেচাৰ ৰেডিঅ' যোগাযোগৰ বাবে প্ৰয়োজনীয় ট্ৰেনছিভাৰ সহ সকলো যন্ত্ৰপাতি নিজেই সাজি উলিয়াইছিল আৰু নগাঁওৰ ঘৰতে স্থাপন কৰা এমেচাৰ ষ্টেছনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ হেম সকলৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল, চিনাকি কৰাই দিছিল অসম আৰু অসমীয়াৰ সাংস্কৃতিক ঐতিহ্য। ৰঞ্জিত চলিহাৰ পত্নী বিজয়া চলিহায়ো (VU3BCH) এগৰাকী দক্ষ হেম। ৰঞ্জিত চলিহাই তেওঁৰ এমেচাৰ ষ্টেছনৰ পৰা বিশ্বৰ চুকে-কোণে কেৱল হেম সকলৰ সৈতে যোগাযোগেই স্থাপন কৰা নাছিল, বৰং বিভিন্ন দুৰ্যোগকালত বিপদত পৰা বহু লোকক সহায় আগবঢ়াই মানৱ সেৱাৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছিল। কিন্তু যোৱা বছৰ (২০১৮) ২১ নৱেম্বৰ তাৰিখে এক শোকাবহ পথ দুৰ্ঘটনাত অসমৰ এইগৰাকী বিশিষ্ট হেম ৰেডিঅ' পৰিচালকৰ মৃত্যু হয়। ভাৰতবৰ্ষত বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ প্ৰচাৰ-প্ৰসাৰত অগ্ৰণী ভূমিকা লোৱা কেন্দ্ৰ চৰকাৰৰ অধীনস্থ সংস্থা 'বিজ্ঞান প্ৰসাৰ'ৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী সন্দীপ বৰুৱা (VU2MUE) দেশৰ ভিতৰতে এজন আগশাৰীৰ হেম। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বৰুৱাই ছাত্ৰ জীৱনতে বিশ্ববিদ্যালয় চৌহদৰ পৰা নিজে সজা ট্ৰেনছিভাৰ আদি ব্যৱহাৰ কৰি এমেচাৰ ৰেডিঅ' চৰ্চা আৰম্ভ কৰিছিল। বৰ্তমানে সন্দীপ বৰুৱা বিজ্ঞান প্ৰসাৰৰ নিজা এমেচাৰ ৰেডিঅ' ক্লাব ষ্টেছনৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু অসম তথা দেশৰ বিভিন্ন অঞ্চলত এমেচাৰ ৰেডিঅ' চৰ্চাৰ প্ৰসাৰতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। বৰ্তমানে উত্তৰ-পূৱ ভাৰতত থকা কেইগৰাকীমান হেম হৈছে দেৱজিত শৰ্মা (VU2DBM), প্ৰকাশ ব্ৰহ্ম (VU3YPB), প্ৰণৱ চৌধুৰী (VU3YPK), ৰিতু মহন্ত (VU3ZRI), ভগৱান বৰ্মন (VU3XBP), ৰুদ্ৰপ্ৰসাদ শৰ্মা (VU2PTF), এন.দি.আৰ.এফৰ জয়ন্ত তালুকদাৰ (VU2XJT), চি. এছ. বিদ্যানন্দা (VU2XBS), নাংকং পাৰমে (VU2HQY), আনং পাৰমে (VU2ARJ) আদি। প্ৰয়াত ৰঞ্জিত চলিহাৰ পৃষ্ঠপোষকতাতে অঞ্চলটোত হেম চৰ্চা কৰি থকা এই সকল হেম, কেইবাগৰাকী শৰ্টৱেভ শ্ৰোতা (SWL) আৰু অনাতাঁৰ যোগাযোগ পদ্ধতিৰ প্রতি আগ্ৰহী কিছু ব্যক্তিৰ প্রচেষ্টাতে ২০০৫ চনৰ ২৫ ডিচেম্বৰত গুৱাহাটীত প্ৰতিষ্ঠা লাভ কৰিছিল 'এমেচাৰ ৰেডিঅ' ছ'চাইটি অব্ আছাম' (ARSA) নামৰ সংস্থাটোৱে।
ভাৰত চৰকাৰে সন্ত্ৰাস আৰু উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত অসম সহ উত্তৰ-পূৱ ভাৰতত প্ৰায় ১৯৯০ চনমানৰ পৰাই হেম ৰেডিঅ'ৰ ব্যৱহাৰত কঠোৰ প্ৰতিবন্ধকতা আৰু নতুনকৈ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰক্রিয়াটো বন্ধ কৰি থৈছিল। কিন্তু শেহতীয়াকৈ এনে কঠোৰ নীতি কিছু পৰিমানে পৰিহাৰ কৰা হৈছে আৰু ২০০৫ চনতে অসম আৰক্ষীৰ পাঁচ গৰাকী বিষয়াই ASOC পৰীক্ষাত উত্তীৰ্ণ হৈ এমেচাৰ ৰেডিঅ' অপাৰেটৰ লাইচেন্স লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ এগৰাকী সু-সাহিত্যিক তথা অসম আৰক্ষীৰ অনাতাঁৰ সংস্থা (APRO)ৰ বিষয়া তাহেৰুদ্দিন আহমেদ (VU2TUO) তেওঁলোকৰ অন্যতম। উল্লেখযোগ্য যে ৰাজ্যত এমেচাৰ ৰেডিঅ'ৰ জনপ্ৰিয়তা বৃদ্ধিত এপিআৰঅ'ই 'আৰ্চা'ৰ সহযোগত ইতিমধ্যে কেতবোৰ বিশেষ পদক্ষেপ হাতত লৈছে আৰু নিকট ভৱিষ্যতে ৰেডিঅ'ৰ এই বিশেষ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী সকলক হেম ৰেডিঅ' সম্পৰ্কীয় প্ৰশিক্ষণ তথা ASOC পৰীক্ষাৰ বাবে প্ৰস্তুতি পাঠ্যক্ৰম আদি প্ৰদান কৰাৰো পৰিকল্পনা কৰিছে। এপিআৰঅ'ই ইতিমধ্যে হায়দ্ৰাবাদৰ 'নেচনেল ইনষ্টিটিউট অব্ এমেচাৰ ৰেডিঅ'ৰ সহযোগত নিজাববীয়াকৈ এটি হেম ক্লাব গঠন কৰিছে, নাম 'NIAR-APRO এমেচাৰ ৰেডিঅ' চেণ্টাৰ' (VU2VKP)। আনহাতে এমেচাৰ ৰেডিঅ' ছ'চাইটি অব্ আছামৰ প্ৰচেষ্টাত তথা ডিব্ৰুগড়স্থ ৱেৰলেছ মনিটৰিং ষ্টেছনৰ সহযোগত সুদীৰ্ঘ কালৰ অন্তত যোৱা জানুৱাৰী মাহত গুৱাহাটীত ASOC পৰীক্ষা অনুষ্ঠিত হৈ যায় আৰু অসম সহ উত্তৰ-পূৱ ভাৰতৰ প্ৰায় ৪৫ গৰাকী 'ভৱিষ্যতৰ হেম' এই পৰীক্ষাত অৱতীৰ্ণ হয়। 'আৰ্চা'ই ইতিমধ্যে দ্বিতীয়লানি পৰীক্ষাৰ বাবে পত্ৰ আহ্বান কৰিছে আৰু এই পৰীক্ষা ডিব্ৰুগড় নাইবা শ্বিলঙৰ ৱেৰলেছ মনিটৰিং ষ্টেছনৰ তত্বাৱধানত অনুষ্ঠিত হ'ব। এই পৰীক্ষা আৰু এমেচাৰ ৰেডিঅ' সম্পৰ্কে জানিবলৈ আগ্ৰহী সকলে 'আৰ্চা'ৰ সৈতে এই ঠিকনাত যোগাযোগ কৰিব পাৰে:- Amateur Radio Society of Assam, C/o. Sri Paresh Brahma (Working President), Brahma Kutir, Opp. C.J.M. Residence, Red Cross Road, Chandmari, Guwahati-781003. ইমেইল- assamham@rediffmail.com. এটি ৰোমাঞ্চকৰ ইলেকট্ৰনিক হবি হিচাপে আৰম্ভ হোৱা এমেচাৰ ৰেডিঅ' চর্চাই ইয়াৰ বহুমুখী ব্যৱহাৰ, বিশেষকৈ দুৰ্যোগ প্ৰসমন আৰু জৰুৰীকালীন যোগাযোগ ব্যৱস্থাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে আজি বিশ্বজুৰি অনাতাঁৰ যোগাযোগ ব্যৱস্থাত অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। উত্তৰপূৱ ভাৰত দেশৰ ভিতৰতে আটাইতকৈ অধিক প্ৰাকৃতিক দুৰ্যোগ প্ৰবন অঞ্চল। ভূমিকম্প, বানপানী, ভূমিস্খলন, হিমপ্ৰবাহ, বা-মাৰলি আদিৰ প্ৰকোপত প্ৰতি বছৰে অঞ্চলটোলৈ বিভীষিকা নামি আহে। তেনে এক পৰিস্থিতিত যেতিয়া সকলো চৰকাৰী যোগাযোগ ব্যৱস্থা যেনে মোবাইল, টেলিফোন, ইণ্টাৰনেটৰ পৰিসেৱা বিধ্বস্ত হৈ পৰে তেতিয়া একমাত্ৰ তাঁৰ বিহীন এমেচাৰ ৰেডিঅ' পৰিসেৱাৰ দ্বাৰা হেম সকলেহে ত্ৰাণ আৰু উদ্ধাৰ কাৰ্যত চৰকাৰী পক্ষলৈ সহায় আগবঢ়াব পাৰে আৰু জনসাধাৰণলৈ যোগাযোগৰ সেৱা আগবঢ়াই মানৱসেৱাত ব্ৰতী হয়। এনেবোৰ স্বাৰ্থতে হওক বা অনাতাঁৰ গৱেষণাৰ বাবে, উত্তৰপূৱ ভাৰতৰ যোগাযোগ ব্যৱস্থাত এমেচাৰ ৰেডিঅ' পৰিসেৱাই অনাগত দিনবোৰত এক যুগান্তকাৰী পৰিৱৰ্তন সাধিবলৈ সক্ষম হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। © পৃথ্বীৰাজ পুৰকায়স্থ









Comments
Post a Comment