ডাকটিকটত 'অষ্টলক্ষ্মী'- নগা বোৱনী

চিকিমক সামৰি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহক শেহতীয়াকৈ 'অষ্টলক্ষী' নামেৰে অভিহিত কৰা হৈছে। স্বাধীনোত্তৰ কালৰ পৰাই ভাৰতীয় ডাক বিভাগে এই অঞ্চলটোৰ কেতবোৰ ঐতিহাসিক ঘটনা, বিভিন্ন জাতি-জনগোষ্ঠীয় পৰম্পৰা, কলা-কৃষ্টি, সাহিত্য, সংস্কৃতি, সাজপাৰ আদিৰ লগতে ৰাজ্য সমূহৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিত্ব সকলৰ প্ৰতি সন্মান জনাই সময়ে সময়ে কেইবাখনো স্মাৰক ডাক টিকট প্ৰকাশ কৰি আহিছে। আমাৰ এই শিতানত তেনে ধৰণৰে কিছু বিশেষ ডাকটিকট সম্পৰ্কে সংক্ষেপে আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে।  

সাধাৰণতে ভাৰতীয় ডাক বিভাগে মূলতঃ দুই ধৰণৰ ডাক টিকট প্ৰকাশ কৰি থাকে- ডেফিনেটিভ (সাধাৰণ বা নিৰ্দিষ্ট ডাক টিকট) আৰু কমেমোৰেটিভ (স্মাৰক ডাক টিকট)। উত্তৰ-পূৱ ভাৰতৰ প্ৰসংগত অৱশ্যে ডাক বিভাগে জাৰি কৰা প্ৰথম ডাক টিকটখন আছিল এটা ডেফিনেটিভ ষ্টাম্পহে। 


সেউজ পাহাৰ, বিচিত্ৰ জনজাতি, ৰংবিৰঙৰ উৎসৱ-পাৰ্বনৰ ভূখণ্ড নাগালেণ্ড। উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে যুদ্ধ আৰু চিকাৰত আটাইতকৈ দক্ষ জাতিও এই নগা সকল। নগা জনজীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আভাষ পোৱা যায় বৈচিত্ৰতাৰ। দৈনন্দিন জীৱনত তেওঁলোকে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰীৰ পৰা আৰম্ভ কৰি নগা সকলৰ সাজপাৰ, আ-অলংকাৰ সকলোতে জাতিটোৰ পৰম্পৰাগত হস্তকলা আৰু বয়নশিল্পৰ নৈপুণ্যতা প্ৰতিফলিত হয়। আনকি পৰম্পৰাগত ভাবে নিৰ্মিত নগা চাংঘৰ সমূহৰ নিৰ্মানশৈলীয়েও ঠাইখনলৈ যোৱা প্ৰতিগৰাকীকে আকৰ্ষিত কৰে। নগা বয়ণশিল্পই ইতিমধ্যে দেশ-বিদেশৰ বিভিন্নজনৰ মন মোহিবলৈ সক্ষম হৈছে। নাগালেণ্ডৰ প্ৰতিটো পৰিয়ালত তাঁতশাল থকাটো একপ্ৰকাৰে তেওঁলোকৰ পৰম্পৰা স্বৰূপ আৰু সেয়েহে হয়তো ৰাজ্যখনৰ অন্যতম বিকশিত উদ্যোগটোৱেই হৈছে হস্ততাঁত। নাগালেণ্ডৰ উৎকৃষ্ট বয়ণশিল্প আৰু নগা বোৱনী সকলৰ প্ৰতি সন্মান জনাই ভাৰতীয় ডাক বিভাগে ১৯৫৫ চনৰ ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা প্ৰকাশ কৰিছিল এখন ডেফিনেটিভ ডাকটিকট যত এগৰাকী নগা তিৰোতাই তাঁতশালত তাত বোৱা দৃশ্য উপস্থাপন কৰা হৈছে। এই টিকটখনৰ মূল্য আছিল মাত্ৰ তিনি আনা।

Comments

Popular posts from this blog

হবি কথা - ডিচেম্বৰ ২০১৯

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা