পৰ্যটনৰ নতুন ঠিকনা- হ'মষ্টে'


বহু বছৰ আগৰ কথা। আমি তেতিয়া কলেজৰ দেওনা পাৰ কৰাই নাছিলোঁ। ধৰালৈ শীতৰ আগমনৰ লগে লগে আন দহ জন ভ্ৰমণ পিপাসুৰ দৰে সেইবাৰ আমি কেইজনমান বন্ধুয়ে লগ লাগি কৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। ছাত্ৰ জীৱনত তেতিয়া হাতত টকা-পইছা বৰকৈ নাথাকে যদিও আমি পকেট মনি বচাই সাঁচিথোৱা ধনেৰে হেঁপাহৰ মাজুলীখনকে চাই আহিবলৈ ঠিক কৰিলোঁ। সময়টো যিহেতু মাজুলীৰ বিখ্যাত ৰাস মহোৎসৱৰ সৈতে মিলি গৈছিল সেয়েহে আমি সেই চেগতে ৰাস লীলাও চাই আহিম স্থিৰ কৰিলোঁ। ঠিক কৰি থোৱা দিন আৰু সময় মতেই আমি যোৰহাটৰ নিমাতিঘাটৰ পৰা ফেৰীৰে গৈ মাজুলীৰ কমলাবাৰী ঘাট পাছিলোঁগৈ ঠিকেই, কিন্তু তাৰপৰা আমাৰ মূল গন্তব্য স্থান ৰাওনাপাৰলৈকে যোৱা একমাত্ৰ বাছখন আমি সেইদিনা ধৰিব নোৱাৰাত আৰু আনফালে তেতিয়ালৈকে প্ৰায় সন্ধিয়া হৈ অহাত আমি মাজুলীৰ অপৰিচিত পৰিবেশত বেছ বিমোৰত পৰিছিলো। ডেকা তেজ, সেয়েহে বৰ বেছি ভয় লগা নাছিল যদিও ক'ত থাকিম আৰু কি খাম সেই কথাই অৱশ্যে আমাক কিছু চিন্তিত কৰি তুলিছিল। বৰ্তমানৰ দৰে তেতিয়া মোবাইল ইণ্টাৰনেটৰ যুগ নাছিল আৰু সেয়েহে আজিৰ দৰে স্থানীয় কোনো 'ফেচবুক ফ্রেণ্ড' আদি বিচাৰি উলিওৱাৰো কোনো সুবিধা আমাৰ হাতত নাছিল। বৰ বেছি চিন্তা নকৰি আমি কমলাবাৰীৰ পৰা গড়মূৰলৈকে গৈ তাতে গড়মূৰ বৰ সত্ৰতে ৰাসলীলা চাই ৰাতিটো যেনেতেনে কটাই পিছদিনা ৰাওনাপাৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেইমতে আমি গড়মূৰ গৈ পালো আৰু ৰাস আৰম্ভ হ'বলৈ কেইবা ঘণ্টা বাকী থকালৈ চাই গৰমুড় ঠাই খনকে অনাই-বনাই ঘূৰি-পকি চাবলৈ ললোঁ। তেনেকুৱাতে আমাৰ সন্দেহজনক (!!) গতিবিধিলৈ চাই এজন বয়সস্থ লোকে আমাক প্ৰশ্ন কৰাত আমি সকলো কথা তেখেতক জনালোঁ। মাজুলীৰ মানুহৰ অতিথি আপ্যায়নৰ বহু কাহিনী ইয়াৰ আগতে শুনিছিলোঁ আৰু ঈশ্বৰে কৃপা কৰাত সেইবাৰ আমি নিজেও তেনে এক সুন্দৰ অভিজ্ঞতা লাভ কৰিলোঁ কিয়নো শইকীয়া উপাধিৰ এই সদাশয় ব্যক্তি জনে আমাৰ কথা শুনি আৰু আমাৰ নাম, ঠিকনা আদিৰ প্ৰতি বিশ্বাস কৰি আমাক তেওঁৰ আলহী কৰি নিজৰ ঘৰলৈ লৈ গৈ যিদৰে আমাৰ থকা-খোৱাৰ সুব্যৱস্থা কৰি দিছিল আৰু পিছদিনা পুৱা আমাক আপোন মিতিৰ-কুটুমক দৰে খাতিৰ-বাতি কৰি যি দৰে বিদায় জনাইছিল সেইয়া আমাৰ বাবে এক কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা হৈ আজিও আমাৰ স্মৃতিৰ মণিকোঠাত সজীৱ হৈ আছে। আচলতে মাজুলীৰ সেই পৰিবাৰটো পৰম্পৰাগত ভাৰতীয় দৰ্শনৰ এক সুন্দৰ নিদৰ্শন যত কোৱা হৈছে 'অতিথি দেৱ ভ'ৱ', অৰ্থাৎ অতিথি ৰূপে অভ্যাগত সকলক ঈশ্বৰ জ্ঞানে সেৱা-যত্ন কৰিলে ঈশ্বৰ প্ৰাপ্তিৰ সমান পূণ্য লাভ হয়। এই পৰম্পৰাগত জাতীয় আদর্শকে সৰোগত কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ঠন ধৰি উঠা হ'মষ্টে' ব্যৱস্থা আৰু ইয়াক কেন্দ্ৰ কৰি বিকশিত হোৱা বহনক্ষম (sustainable) তথা সম্প্ৰদায়ভিত্তিক (community based) পৰ্যটন উদ্যোগে একো একোটা অঞ্চলত থকা সম্প্ৰদায়, জাতি জনগোষ্ঠী, ব্যৱস্থাটোৰ সৈতে জড়িত হৈ পৰা ব্যক্তি বিশেষ আৰু অতি গুৰুত্বপূৰ্ণ ভাবে দেশ-বিদেশৰ অসংখ্য পৰ্যটকক লাভান্বিত কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ যিসকল ভ্ৰমণ ৰসিকে সচৰাচৰ পর্যটকে গৈ ভিৰ কৰা, কোলাহলপূৰ্ণ পৰ্যটনস্থলবোৰৰ বিপৰীতে তুলনামূলক ভাবে অখ্যাত কিন্তু অজস্ৰ পৰ্যটন সম্ভাৱনাপূৰ্ণ ঠাই, পাহাৰীয়া দুৰ্গম অঞ্চল, প্ৰাকৃতিক সম্পদ আৰু বন্যপ্ৰাণীৰে চহকী বনাঞ্চল আদি ফুৰবলৈ পছন্দ কৰে তেওঁলোকৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য পৰ্যটন ঠিকনা হৈছে হ'মষ্টে' । আনহাতে ভাৰতৰবর্ষত পৰ্যটনৰ ভৰ মৰশুম, মানে অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে যেতিয়া দেশজুৰি অসংখ্য জনপ্ৰিয় পৰ্যটনস্থলী পৰ্যটকৰ সমাগমেৰে মুখৰিত হৈ পৰে ঠিক সেই সময়ত কিন্তু আগতীয়াকৈ ব্যৱস্থা কৰি নথ'লে সময় মতে হোটেল আদিত সৰু কোঠা এটাও পোৱাটো বৰ কঠিন হয় আৰু তেনে এক পৰিস্থিতিত এই হ'মষ্টে' সমূহে পৰ্যটক সকলক তেনে বিখ্যাত পৰ্যটনস্থলীতো থকা-খোৱাৰ এক বিকল্প অথচ সুন্দৰ ব্যৱস্থা গ্ৰহণৰ সুযোগ কৰি দিয়ে। 

অনাৱিস্কৃত ভাৰত আৱিষ্কাৰৰ সুন্দৰ মাধ্যম হ'মষ্টে'

অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰ অধিকাৰী উত্তৰ বংগৰ জলদাপাৰৰ অভয়াৰণ্যই হওঁক বা হিমালয়ৰ পাদদেশত অৱস্থিত হিমাচলৰ স্পীটি ভেলি, কৰ্ণাটকৰ কুর্গ উপত্যকাই হওক বা তামিলনাডুৰ কামাৰাজাৰ হ্ৰদ, অৰুণাচল প্ৰদেশৰ কিবিথোই হওক বা মণিপুৰৰ ল'কটাক হ্ৰদ, মধ্যপ্ৰদেশৰ মাহেশ্বৰেই হওক বা প্ৰতি গৰাকী ভ্ৰমণপ্ৰেমীৰ আগ্ৰহৰ লেহ-লাদাখ, গুজৰাটৰ ভুজেই হওক বা নাগালেণ্ডৰ খনমা গাঁও, প্ৰকৃত ভাৰত আবিষ্কাৰ কৰিবলৈ হ'লে নগৰ-মহানগৰৰ কৃত্ৰিমতাই আগুৰি থকা ঠাইৰ পৰা ওলাই গৈ দেশৰ প্ৰতিটো প্ৰান্তত অৱস্থিত এনে এশ-এবুৰি স্বল্পখ্যাত বা এতিয়ালৈকে অনাৱিস্কৃত প্ৰত্যন্তৰ ঠাইবোৰলৈ যাবই লাগিব, মিলি যাব লাগিব স্থানীয় জাতি-জনগোষ্ঠীৰ নানা ৰঙে উপচাই ৰখা দৈনন্দিন জীৱন, বহুবিস্ময়কৰ পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে। কিন্তু স্বাভাৱিক ভাবেই তেনে ঠাই সমূহত আমি সাধাৰণতে ভবাৰ দৰে থকা-খোৱা বা বহুতো ক্ষেত্ৰত ঠাই বোৰলৈ যোৱাৰ বাটপথ সমূহয়ো বৰ সুচল নাথাকে। তেনে পৰিস্থিতিত মাটিৰ সৈতে মিলি ভ্ৰমণৰ প্ৰকৃত আনন্দ ল'ব খোজা, দুঃসাহসিক পৰ্যটনৰ প্ৰতি আগ্ৰহী সকলৰ বাবে হ'মষ্টে'বোৰে আশাৰ সঞ্চাৰ কৰিছে। আজি দেশৰ লগতে বিদেশৰ পৰ্যটক সকলেও ভাৰত ভ্ৰমণৰ সময়ছোৱাত নামী-দামী হোটেল, স্পা', ৰিজৰ্ট আদিৰ পৰিবর্তে দূৰ-দূৰণিৰ ঠাইবোৰত প্ৰাকৃতিক তথা অকৃত্ৰিম পৰিবেশত গঢ় লৈ উঠা হ'মষ্টে' বোৰতে থাকিবলৈ পছন্দ কৰা দেখা গৈছে। 

কি এই হ'মষ্টে' আৰু কিয় আজি এইবোৰ পৰ্যটকৰ প্ৰথম পছন্দ?

হ'মষ্টে' গ্ৰামীণ আৰু বহনক্ষম পৰ্যটনৰ এটা নতুন দিশ। যোৱা ১৫ আগষ্টত লাল কিল্লাৰ পৰা দিয়া স্বাধীনতা দিৱসৰ ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি ভাৰতৰ চুকেকোণে সিঁচৰতি হৈ থকা অপূৰ্ব সুন্দৰ বিভিন্ন পৰ্যটন কেন্দ্ৰ সমূহ, বিশেষকৈ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ-পূৱ ভাৰতৰ পৰ্যটনস্থল সমূহ, জীৱনত অন্ততঃ এবাৰ ফুৰি চাবলৈ আহ্বান জনাইছিল। প্ৰধান মন্ত্ৰীয়ে এই প্ৰসংগত কৈছিল যে প্ৰতিজন ভাৰতীয়ই এটা বছৰত দেশৰ অন্ততঃ ১৫ খন পৰ্যটনস্থল ফুৰাৰ চেষ্টা কৰিব লাগে। এতিয়া কথা হ'ল যদি প্ৰধানমন্ত্ৰীৰ এনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই সঁচাকৈয়ে দেশৰ ভ্ৰমণ অনুৰাগী সকল ওলাই আহে তেন্তে পৰ্যটন কেন্দ্ৰ সমূহত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ঠাইবিলাকত পৰ্যটক সকলৰ বাবে বিশেষকৈ থকা-খোৱাৰ পৰ্যাপ্ত সুবিধাৰ অভাৱ দেখা দিব পাৰে কিয়নো দেশৰ বিখ্যাত তথা উন্নত পৰ্যটনস্থলী সমূহক বাদ দিলে অন্যান্য স্বল্পখ্যাত ঠাই সমূহত এনেও ভাল যাত্ৰীনিবাস, হোটেল, ৰিজৰ্ট আদিৰ সুবিধা নাই। উদাহৰণ স্বৰূপে আমাৰ উত্তৰ পূৱ ভাৰতৰে শ্বিলং, চেৰাপুঞ্জী, কাজিৰঙা, গুৱাহাটী-কামাখ্যা, শিৱসাগৰ, মাজুলী, তেজপুৰ, টাৱাং আদি কিছু ঠাইক বাদ দিলে অন্যান্য বহুতো গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰত পৰ্যটনৰ নূন্যতম মানবিশিষ্ট থকা-খোৱাৰ সুবিধা থকা পৰ্যাপ্ত ব্যৱস্থা খুব কম আছে বুলিয়েই ক'ব পাৰি। কিন্তু এই অঞ্চলত যোৱা কিছু বছৰে আন বহুতো পৰ্যটনস্থলীয়ে স্বকীয় প্ৰাকৃতিক সৌন্দৰ্য্যতা আৰু পৰ্যটন বৈশিষ্ট্যৰে দেশ-বিদেশৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে এনে ঠাইবোৰলৈ পৰ্যটকৰ আগমনৰ সংখ্যা সন্তোষজনক ভাবে বৃদ্ধিয়ো পাই আহিছে। কিন্তু এইবোৰ ঠাইত প্ৰয়োজন অনুসাৰে পৰ্যটক নিবাস, হোটেল, ৰিজৰ্ট আদিৰ সংখ্যা তেনেই তাকৰ আৰু যি দুই-এক হোটেল আদি আছে সেইবোৰত কেৱল কোঠালীৰ চাৰি বেৰ, ৰঙীন টিভি, তালিকাভুক্ত কেইপদমান ব্যঞ্জনৰ বাহিৰে প্ৰকৃত মানসিক তৃপ্তি দিব পৰা সুবিধা প্ৰায় নাথাকেই।
এনে অভাৱ পূৰণৰ বাবেই আজিকালি পৰ্যটন সম্ভাৱনাপুষ্ট বহুতো অঞ্চলৰ লোকে তেওঁলোকে নিজে বাস কৰি থকা ঘৰখনৰে অব্যৱহৃত কোঠাবোৰক অতিথি বা পৰ্যটকৰ সুবিধা হোৱাকৈ সজাই-পৰাই অতিথিশালাৰ ৰূপ দিছে আৰু পৰ্যটক সকলেও তাৰকা যুক্ত হোটেল, দামী ৰিজৰ্ট আদিত মূল্যবান ছুটিৰ দিনবোৰ অতিবাহিত কৰাতকৈ তেনে ঘৰুৱা পৰিবেশত থাকি ভ্ৰমণৰ দিনকেইটা চিৰস্মৰণীয় কৰি তুলিবলৈ অধিক পছন্দ কৰিবলৈ লৈছে। বহুতো ঠাইত আকৌ একেখন গাঁওৰ কেইঘৰমান মানুহে লগ লাগি আত্মসহায়ক গোট গঠন কৰি সামূদায়িক পৰ্যটন প্ৰকল্পৰ অধীনত হ'মষ্টে', ৰিজৰ্ট আদি আৰম্ভ কৰিছে। কোনো খেতিয়কে যদি তেওঁৰ বাৰীৰ সংলগ্ন ভূমিতে ঘৰ সাজি হ'মষ্টে'ৰ ৰূপ দিছে, নৈপৰীয়া দুঘৰমানেও নৈ পাৰত ঘৰ সাজি কৰিছে হ'মষ্টে'ৰ ব্যৱস্থা। তেনেদৰেই প্ৰতি দিনে দেশৰ বিভিন্ন অঞ্চলত বাঢ়ি গৈ আছে নানান মানবিশিষ্ট হ'মষ্টে'। পৰ্যটক সকলেও এই সুন্দৰ ব্যৱস্থাৰ ভৰপূৰ লাভ লৈছে কিয়নো তুলনামূলক ভাবে হ'মষ্টে' বোৰ হয় যথেষ্ট ব্যয়সাধ্য। ঘৰৰ পৰা বহুত আঁতৰত সম্পূৰ্ণ ঘৰুৱা পৰিবেশ এটাত পৰ্যটকৰ নিশা যাপনৰ এই সুবিধাটোৱেই আজি 'হ'মষ্টে'' হিচাপে দেশ-বিদেশৰ পৰ্যটক সকলৰ মাজত অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। আমাৰ দেশৰ পৰ্যটন বিশেষত্ব থকা গ্ৰাম্যাঞ্চল, পাহাৰীয়া পৰ্যটনস্থলী, সাগৰ পাৰৰ উপকূলীয় ঠাই, বিভিন্ন অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আদিৰ ওচৰে-পাজৰে বহু পৰিবাৰে আজি হ'মষ্টে'ৰ সুবিধা আগবঢ়াই পৰ্যটক সকলক সম্পূৰ্ণ প্ৰাকৃতিক তথা ঘৰুৱা পৰিবেশত ভ্ৰমণৰ আনন্দ লোৱাৰ সুবিধা কৰি দিছে আৰু আৰ্থিক ভাৱে নিজেও স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। এনে হ'মষ্টে' সমূহত অতিথি সকলে আগশাৰীৰ হোটেল সমূহৰ তুলনাত কোনো ক্ষেত্ৰে কম সুবিধা নাপাই, বৰং বহু ক্ষেত্ৰত সেইবোৰতকৈ অধিক আৰু মনে বিচৰা ধৰণৰ সুবিধাহে পায়। ভ্ৰমণ কালত হ'মষ্টে' সমূহত থকাৰ আন বহুতো লাভ আছে যেনে এই ব্যৱস্থাত এজন পৰ্যটকে ফুৰিবলৈ যোৱা ঠাইডোখৰত বাস কৰা জাতি-জনগোষ্ঠীৰ সাংস্কৃতি, পৰম্পৰা, সমাজ ব্যৱস্থাৰ সৈতে খুব সহজেই পৰিচিত হ'ব পাৰে, ল'ব পাৰে স্থানীয় খাদ্যাভ্যাসৰ জুতিয়ো। মহিলা পৰ্যটক, বিশেষকৈ অকলে ফুৰি পছন্দ কৰা মহিলা সকলৰ নিৰাপত্তাৰ দিশৰ পৰা হ'মষ্টে'বোৰ বিশেষভাৱে উল্লেখযোগ্য কিয়নো অনুৰোধ মৰ্মে বহুতো গৃহস্থই আলহীক বাছষ্টেণ্ড, ৰেল ষ্টেছন বা এয়াৰপৰ্টৰ পৰা অনা-নিয়াৰ ব্যৱস্থা কৰি দিয়াৰ লগতে প্ৰয়োজন সাপেক্ষে ভ্ৰমণৰ সময়ছোৱাত নিজে গাইডৰ সেৱাও আগবঢ়ায়। তেনেকুৱাত মহিলা বা যিকোনো পৰ্যটকে পৰ্যাপ্ত নিৰাপত্তা লাভ কৰাটোৱেই স্বাভাৱিক। বহুতো হ'মষ্টে'ৰ গৰাকীয়ে আকৌ অতিথি সকলক ভ্ৰমণ সংক্ৰান্তীয় অন্যান্য ব্যৱস্থা যেনে বিচৰা ধৰণে এটা ট্যুৰ প্লেন বনাই দিয়া, স্থানীয় গাইডৰ ব্যৱস্থা কৰি দিয়া, গাড়ী, মটৰ চাইকেল, বাইচাইকেল আদি ভাড়ালৈ দি সহায় কৰাও দেখা যায়। আনকি মন গ'লে হ'মষ্টে'বোৰত পর্যটকে গৃহস্থৰ সৈতে আজৰি সময়ত ৰসাল আড্ডা আৰু তেওঁলোকৰ দৈনন্দিন কামকাজত যোগ দিয়ো ভ্ৰমণৰ এক সুকীয়া অভিজ্ঞতা অৰ্জন কৰা দেখা যায়। এক কথাত ক'বলৈ গলে হ'মষ্টে' ব্যৱস্থাত আছে এজন প্ৰকৃত ভ্ৰমণপিয়াসীয়ে সম্পূৰ্ণ নিৰ্ভেজাল পৰ্যটনৰ সুন্দৰ অভিজ্ঞতা অৰ্জনৰ সকলো ধৰণৰ সম্ভাৱনা আৰু সেয়েহে আজি পৰ্যটক সকলৰ বাবে এই হ'মষ্টে' বোৰ হৈ পৰিছে ভ্ৰমনকালীন নৈশ যাপনৰ প্ৰথম পছন্দৰ ঠিকনা।

কিদৰে নিৰ্বাচন কৰিব আপোনাৰ বাবে শ্ৰেষ্ঠ হ'মষ্টে'? 

দৰাচলতে হ'মষ্টে' সমূহ কোনো এজন ব্যক্তি বা পৰিয়ালৰ মালিকীস্বত্ব থকা পুৰণি ঘৰ, হেৰিটেজ বাংলো, এখন গাওঁৰ বাসিন্দা সকলে লগ লাগি আৰম্ভ কৰা গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ অধীনৰ ঘৰ বা আমি ইতিমধ্যে আলোচনা কৰা সাধাৰণ কিন্তু পৰ্যটন বিষয়টোৰ প্ৰতি আগ্ৰহ থকা কোনো লোকৰ ঘৰও হ'ব পাৰে। সাধাৰণতে এনে হ'মষ্টে' সমূহে নিজে বিজ্ঞাপন আদি দি নিজৰ বিষয়ে খুব কম প্ৰচাৰ কৰে। তেওঁলোকৰ আতিথ্য গ্ৰহণ কৰি সন্তুষ্ট হৈ যোৱা আলহী সকলৰ মুখে মুখেই প্ৰধানকৈ তেওঁলোকৰ দ্বাৰা পৰিচালিত হ'মষ্টে'ৰ প্ৰচাৰ হয়। তাৰ উপৰি তেওঁলোকে হ'মষ্টে' তথা বহনক্ষণ পৰ্যটন ব্যৱস্থাক লৈ কাম কৰি থকা নিৰ্দিষ্ট কিছুমান পৰ্যটন সংস্থানৰ সৈতে চুক্তিবদ্ধ হৈ লয় আৰু তেনে প্ৰতিষ্ঠানৰ যোগেদিয়ো আলহী লাভ কৰে। আমাৰ দেশত ইতিমধ্যে এনে বহুতো প্ৰতিষ্ঠানে পৰ্যটকক এই ক্ষেত্ৰত সেৱা আগবঢ়াই বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

অসমৰ পৰা কেইবাবছৰ আগত বেংগালুৰুলৈ গৈ এজন সফল সংগীতজ্ঞ আৰু ফটোগ্ৰাফাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা জিম অংকন ডেকা আৰু তেওঁৰ কেইজনমান বন্ধুয়ে মিলি ২০১৭ চনত জন্ম দিয়া অ'কে নৰ্থইষ্ট (OK! North East) নামৰ প্ৰতিষ্ঠানটোয়ে হোম'ষ্টে আৰু বহনক্ষণ পৰ্যটনৰ ক্ষেত্ৰখনত কাম কৰি যথেষ্ট পৰ্যটকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ২০০৮ চন মানত জিম, তেওঁৰ বন্ধু দর্শনা বৰুৱা, নৰেন হাজৰিকা, প্রবাল গগৈ, দেৱজানি হাজৰিকা আৰু অংকুৰ ডেকাই লগ লাগি  উত্তৰ পূৱ ভাৰতৰ পৰ্যটন সমল, কলা-কৃষ্টি, পৰম্পৰাগত খাদ্যাভ্যাস আদিবোৰক বিশ্বৰ চুকেকোণে বিয়পাই দিয়াৰ উদ্দেশ্যৰে এটি ফেচবুক পেজ আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে এই পেজৰ প্ৰতি অসংখ্য ভ্ৰমণ অনুৰাগী আকৰ্ষিত হয়। তেওঁলোকে উত্তৰপূৱ ভাৰতৰ বহুতো অখ্যাত কিন্তু যথেষ্ট পৰ্যটন সম্ভৱনাময় ঠাইৰ বিষয়ে ইতিমধ্যে তেওঁলোকৰ পেজটোৰ জৰিয়তে লেখামেলা আৰম্ভ কৰিছিল আৰু সেইবোৰ পঢ়ি দেশ-বিদেশৰ বহুতো লোকে ঠাইবোৰ ফুৰিবলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰি জিম আৰু তেওঁৰ গোটটোৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছিল। তেনে ক্ষেত্ৰত সেইবোৰ ঠাইত পৰ্যটকৰ বাবে পৰ্যাপ্ত সা-সুবিধাৰ অভাৱৰ কথাটোৱে জিম আৰু তেওঁৰ সহযোগী সকলক বাৰুকৈ অসুবিধাত পেলাইছিল। সেইবাবেই বহুদিনৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন, আলোচনা আদিৰ অন্তত ২০১৭ চনত তেওঁলোকে অ'কে নৰ্থইষ্ট নামৰ এই প্ৰকল্পটো আৰম্ভ কৰে। বৰ্তমানে বিশেষকৈ অসম, অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডৰ গাঁও সমূহত স্থানীয় লোকৰ সহায়ত আৰম্ভ কৰা অকে নৰ্থইষ্টৰ কেইবাটাও গ্ৰাম্য পৰ্যটন প্ৰকল্প সুচাৰুৰূপে চলি আছে আৰু যথেষ্ট পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উত্তৰ পূৱ ভাৰতৰ প্ৰায় ২০০ খন চহৰ আৰু গাঁওত থকা অকে নৰ্থইষ্টৰ সৈতে তালিকাভুক্ত হ'মষ্টে, ৰিজৰ্ট, ই'ন, কেম্প ছাইট আদি আজি অঞ্চলটো ভ্ৰমণ কৰিবলৈ ইচ্ছুক পৰ্যটকৰ মাজত যথেষ্ট জনপ্ৰিয় আৰু বিশ্বাসযোগ্য। থকা-খোৱাৰ সুব্যৱস্থাৰ যোগান ধৰাৰ লগতে অ'কে নৰ্থইষ্ট আৰু ইয়াৰ সহযোগী গৃহস্থ (host) সকল বিভিন্ন ধৰণৰ পৰ্যটন সহায় আৰু পৰামৰ্শ আদি আগবঢ়াই পৰ্যটকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। উত্তৰ-পূৱ ভাৰতত হ'মষ্টে, ৰিজৰ্ট আদি সংৰক্ষণ কৰিবলৈ আগ্ৰহী সকলে অ'কে নৰ্থইষ্টৰ ৱেবচাইট www.oknortheast.com লৈ গৈ তেওঁলোকৰ বিষয়ে সবিশেষ জানি ল'ব পাৰে। 


বিনোদ বাৰ্মা আৰু শৈলজা সুদ দাশগুপ্ত দেশৰ অন্যতম দুগৰাকী পৰ্যটন বিশেষজ্ঞ। বিনোদ এজন শীৰ্ষস্থানীয় আলোকচিত্ৰকৰ, ভ্ৰমণ লেখক তথা ভাষা বিশেষজ্ঞ হোৱাৰ বিপৰীতে শৈলজা এগৰাকী বিশিষ্ট ভূ-পৰ্যটক, লেখিকা আৰু পৰ্যটন পৰামৰ্শদাতায়ো। অত্যন্ত ভ্ৰমণপিয়াসী মনৰ অধিকাৰী হোৱাৰ সুবাদতে এই দুগৰাকী ব্যক্তিয়ে ল'গ লাগি কেইবাবছৰ আগত আৰম্ভ কৰ হ'মষ্টে'ইছ অব্ ইণ্ডিয়া (Homestays of India) নামৰ প্ৰতিষ্ঠানটোৱেই সম্ভৱত দেশৰ ভিতৰতে একমাত্ৰ হ'মষ্টে' বিষয়টোক লৈ কাম কৰি থকা অন্যতম শ্ৰেষ্ঠ সংস্থা। কাশ্মীৰৰ পৰা কন্যাকুমাৰী, অৰুণাচলৰ মেচুকাৰ পৰা ৰাজস্থানৰ পুস্কৰলৈকে দেশৰ প্ৰায়বোৰ ঠাইৰ বহুতো নিৰ্ভৰযোগ্য হ'মষ্টে'ৰ উৎস আৰু প্ৰেৰণা বিনোদ-শৈলজাৰ এই প্ৰতিষ্ঠানটো। ভাৰতৰ যিকোনো ঠাইলৈ যোৱাৰ পূৰ্বে অধ্যয়ন আৰু প্ৰস্তুতিপৰ্বত এবাৰ তেওঁলোকৰ তলত দিয়া ৱেবছাইটটোত বিচৰণ কৰি চাব পাৰে। আপোনাৰ পছন্দৰ হ'মষ্টেৰ সন্ধান দিয়াত নিশ্চিত ভাবে ই সহায়ক হ'ব। ৱেবছাইটটো:- www.homestaysofindia.com

উত্তৰ-পূৱ আৰু পূৱ ভাৰতত হ'মষ্টে' পৰ্যটনৰ সৈতে জড়িত হ'ব খোজা গৃহস্থ সকলক বিভিন্ন ধৰণৰ পৰামৰ্শ, প্ৰশিক্ষণ আদি প্ৰদান কৰি ভাৰত চৰকাৰৰ ভূয়সী প্ৰশংসা লাভ কৰা এটি সংস্থা হৈছে হেল্প ট্যুৰিজম (Help Tourism)।
যোৰহাটৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ নিলগত অৱস্থিত মৰিয়নিৰ ওচৰত থকা 'গিবন ৰিজৰ্ট' হেল্প ট্যুৰিজমৰ সহায় আৰু পৰামৰ্শৰে আজি শ্ৰেষ্ঠত্বৰ শিখৰত অধিষ্ঠিত হোৱা হ'মষ্টে'ৰ এক সুন্দৰ নিদৰ্শন। স্থানীয় যুৱক তথা এগৰাকী আগশাৰীৰ ওৱাইল্ড লাইফ ফটোগ্ৰাফাৰ দিগন্ত গগৈৰ জীৱনলৈ সেই সময়ত এক বিশেষ পৰিৱৰ্তন আহে যেতিয়া তেওঁ হেল্প ট্যুৰিজমৰ স্বত্বাধিকাৰী অশিত বিশ্বাসৰ সংস্পৰ্শলৈ আহে। গিবন অভয়াৰণ্যৰ ওচৰতে থকা নকছাৰীৰ নাগাদেৰা গাঁওত অৱস্থিত গিবন ৰিজৰ্টত এজন পৰ্যটকে বিচৰা সকলো সুবিধাৰ যোগান ধৰিবলৈ দিগন্তই যৎপৰোনাস্থি চেষ্টা কৰিছে আৰু এইক্ষেত্ৰত তেওঁক পূৰ্ণ সহযোগিতা আগবঢ়াইছে কেইবাজনো স্থানীয় যুৱকে। পৰ্যটকৰ বাবে ঘৰুৱা পৰিবেশত থকা খোৱাৰ সুব্যৱস্থাৰ লগতে গিবন ৰিজৰ্টৰ অতিথি সকলক দিগন্তই অসমীয়া সাহিত্য-সংস্কৃতি, কলা-কৃষ্টিৰ সৈতে পৰিচয় কৰাই দিবলৈয়ো বিভিন্ন প্ৰকাৰে যত্ন কৰা দেখা যায়।
অভ্যাগত সকলক দিগন্তই নিজে কাষৰীয়া গিবন অভয়াৰণ্যৰ লগতে তিতাবৰৰ শ্যাম গাঁও, মাজুলী, শিৱসাগৰ, নাগালেণ্ড আদি ঠাইলৈ ফুৰাবলৈ লৈ যায়, ব্যৱস্থা কৰি দিয়ে যানবাহনৰ, উপহাৰ স্বৰূপে আগবঢ়াই থলুৱা শিল্পীয়ে প্ৰস্তুত কৰা বাঁহৰ নানান সামগ্ৰী। আগ্ৰহী সকলক সন্ধিয়া বিহু, ঝুমুৰ আদি পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰি এই অতিথি গৃহত থকাৰ মুহূৰ্তকেইটা অধিক জীপাল কৰি তোলে। আলহী সকলক নিত্য নতুন পৰ্যটন বিষয়েৰে মোহিত কৰা গিবন ৰিজৰ্টলৈ সেয়েহে প্ৰতি বছৰে আগমন ঘটিবলৈ লৈছে দেশ-বিদেশৰ প্ৰচুৰ পৰ্যটকৰ। দিগন্তৰ এনে সুন্দৰ প্ৰচেষ্টাৰ স্বীকৃতি হিচাপে অসম চৰকাৰৰ পৰ্যটন বিভাগে গিবন ৰিজৰ্টলৈ ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ হোম'ষ্টে বঁটা আগবঢ়াইছে। ইয়াত কোনো সন্দেহ নাই গিবন ৰিজৰ্টৰ এই সফলতাৰ যাত্ৰাত প্ৰতিটো পদক্ষেপত সুপৰামৰ্শৰে দিশনিৰ্দেশনা আগবঢ়াইছে হেল্প ট্যুৰিজম আৰু অশিত বিশ্বাসে।
দিগন্তৰ দৰেই আন বহুতো পৰ্যটন উদ্যোগীক হ'মষ্টে' ব্যৱস্থা প্ৰণয়নত সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই উত্তৰপূৱ ভাৰত আৰু পূৱ ভাৰতৰ বিভিন্ন ঠাই যেনে সুন্দৰৱন, দাৰ্জিলিং, চিকিম, মেঘালয়, অসম, অৰুণাচলৰ বহুতো বিখ্যাত-অখ্যাত পৰ্যটনস্থলীত এক সুদৃঢ় হ'মষ্টে'ৰ নেটৱৰ্ক গঢ়ি তোলা হেল্প ট্যুৰিজমৰ বিভিন্ন প্ৰকল্পলৈ ইতিমধ্যে কেন্দ্ৰ চৰকাৰ আৰু কেইবাখন ৰাজ্যৰ পৰ্যটন বিভাগে আগবঢ়াইছে বহুতো বঁটা আৰু সন্মান। আগ্ৰহী সকলৰ বাবে হেল্প ট্যুৰিজমৰ ৱেবচাইটটো হ'ল www.helptourism.com। গিবন ৰিজৰ্ট আৰু দিগন্ত গগৈৰ আতিথ্য গ্ৰহণত আগ্ৰহী সকলে তেওঁৰ সৈতে  9101613224 এই নম্বৰটোত যোগাযোগ কৰিব পাৰে।

হ'মষ্টে' ব্যৱস্থাৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কেন্দ্ৰ চৰকাৰৰ পৰ্যটন বিভাগ আৰু বহুতো ৰাজ্যৰ ৰাজ্যিক পৰ্যটন বিভাগে আগ্ৰহী সকলক হ'মষ্টে' ব্যৱস্থা প্ৰণয়নত আকৰ্ষিত কৰাৰ বিভিন্ন প্ৰয়াস অব্যাহত ৰাখিছে। ইতিমধ্যে উত্তৰাখণ্ড, হিমাচল, চিকিম, কেৰেলা, কৰ্ণাটক আনকি আমাৰ অসমতো ৰাজ্য চৰকাৰে অধিক সংখ্যক লোকক হ'মষ্টে' আৰম্ভ কৰিবলৈ উদ্গনি যোগোৱাৰ উদ্দেশ্যে বিভিন্ন আঁচনি আদি ঘোষণা কৰিছে তথা সুপৰিকল্পিত ভাবে গঢ় লৈ উঠা তেনে হ'মষ্টে' সমূহক স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ ৱেেেবচাইট আদিত তালিকাভুক্ত কৰাৰো ব্যৱস্থা হাতত লৈছে। 

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ ৱেবচাইটত স্বীকৃতি প্ৰাপ্ত হ'মষ্টে'ৰ এক সুদীৰ্ঘ তালিকা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰয়োজনসাপেক্ষে ৱেবচাইটৰ এই পেজটো চাব পাৰে:- 

লগতে বিভিন্ন ৰাজ্যৰ চৰকাৰী পৰ্যটন উন্নয়ন নিগম আৰু মন্ত্ৰালয়ে স্বীকৃতি দিয়া হ'মষ্টে'বোৰৰ সন্ধান তেওঁলোকৰ ৱেবছাইটত সহজলভ্য। তাৰে কিছুমান তলত উল্লেখ কৰা হ'ল। 
কেৰেলা:- 
অৰুণাচল প্ৰদেশ:-  http://www.arunachaltourism.com/homestay.php 
মেঘালয় :- 
নাগালেণ্ড:-  
উত্তৰাখণ্ড:- 

ইয়াৰ সমান্তৰাল ভাৱে পূৰ্বে আলোচিত পৰ্যটন সংস্থাবোৰৰ দৰে বিশ্বাসযোগ্য আন কেইবাটাও ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ জৰিয়তে আগ্ৰহী পৰ্যটকে তেওঁৰ বাজেট, চাহিদা আৰু প্ৰয়োজন অনুসাৰে সকলো স্তৰৰ হ'মষ্টে' অগ্ৰীম সংৰক্ষণৰ সুবিধা গ্ৰহণ কৰিব পাৰে। তলত পছন্দ অনুসাৰে হ'মষ্টে' বাছি লোৱাৰ সুবিধা থকা কিছুমান ৱেবচাইটৰ ঠিকনা উল্লেখ কৰা হ'ল।

অৱশ্যে দেশৰ বহুতো আগশাৰীৰ হ'মষ্টে'ই লাহে লাহে নিজৰ ৱেবচাইট আদি আৰম্ভ কৰিছে আৰু পোনপটীয়া কোঠা সংৰক্ষণৰ ব্যৱস্থা আগবঢ়াবলৈ সক্ষম হৈছে। এইখিনিতে উল্লেখযোগ্য যে হ'মষ্টে'বোৰ যে কেৱল কম খৰচত থকাৰ ঠাই, বা আগশাৰীৰ হোটেল আদিত কোঠা নাপাই বিকল্প হিচাপে বাছি লোৱা থকাৰ ব্যৱস্থা তেনে নহয়, দেশৰ বিখ্যাত পৰ্যটনস্থল বা ভিতৰুৱা অঞ্চলত থকা আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ সমূহৰ আশেপাশে আজি বিশ্বমানৰ কিছু হ'মষ্টে' গঢ় লৈ উঠিছে যিবোৰৰ তুলনা পঞ্চতৰকাযুক্ত হোটেল আদিত উপলব্ধ সুবিধাৰ সৈতে সহজেই কৰিব পাৰি। যোৱা বছৰ দেশৰ আগশাৰীৰ ভ্ৰমণ আলোচনী 'আউটলুক ট্ৰেভেলাৰ'ৰ দ্বাৰা নিৰ্বাচিত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ১০ টা হ'মষ্টে'ৰ কিছু তথ্য তলত দাঙি ধৰা হ'ল। 


মধ্যপ্ৰদেশৰ বিখ্যাত কানহা ব্যঘ্ৰ অভয়াৰণ্যৰ ওচৰতে 'ছালবান' নামৰ হ'মষ্টে'খন যোৱা কিছুবছৰৰ পৰা বহু পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰকৃতিবিদ তথা পৰ্যটন কৰ্মী ঝম্পন আৰু সীমা মুখাৰ্জীয়ে এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত চলাই থকা এই হোমষ্টেখনত নৈশযাপনত আগ্ৰহী সকলে 7692835206 বা salbanhomestay@gmail.comত যোগাযোগ কৰিব পাৰে। 

কৰ্ণাটকৰ কুর্গ ৰাজ্যখনৰ অন্যতম শৈলচহৰ। প্ৰতি বছৰে ইয়ালৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। তাকে কেন্দ্ৰ কৰি ঠাইডোখৰত গঢ় লৈ উঠিছে হোটেল, হ'মষ্টে' আদিৰ ৰমৰমীয়া ব্যৱসায়। কিন্তু তাৰে ভিতৰত চিলিপিলী ইষ্টেট কিছু ব্যতিক্ৰম। স্থানীয় চিলিপিলী মন্দিৰৰ নামতে নামকৰণ কৰা এই সুন্দৰ যাত্ৰীগৃহত ২০ জনলৈকে পৰ্যটকক আশ্ৰয় দিয়াৰ সুবিধা আছে। চিলিপিলী ইষ্টেটৰ ফোন নম্বৰ 8272230123 আৰু তেওঁলোকৰ ৱেবছাইট www.coorgchilipili.com. 

মহাৰাষ্ট্ৰৰ ৰত্নাগিৰীৰ নিকটৱৰ্তী ফুঙগুচ গাঁওত অৱস্থিত ফাৰ্ম অব্ হেপিনেছ হৈছে প্ৰকৃতপক্ষে আনন্দেৰে বাগিচা। মুম্বাইৰ ব্যস্ত তথা কৃত্ৰিম জীৱন যাপনত অতিষ্ঠ হৈ আনন্দৰ সন্ধানত ৰাহুল আৰু সম্পদা নামৰ পতি-পত্নী হালে ফুঙগুচ গাঁওত আৰম্ভ কৰা এইখন হ'মষ্টে' কেইবা বিঘা জমিত বিস্তৃত কৃষিপামতে অৱস্থিত আৰু কৃষি পৰ্যটনৰ এক সুন্দৰ নিদৰ্শন। তেওঁলোকৰ যোগাযোগ নম্বৰ 9820002863 আৰু ৱেবছাইটটো হ'ল www.farmofhappiness.com. 


ৰাজস্থানৰ বিখ্যাত প্রজাপতি বয়নশিল্পী সম্প্ৰদায়ৰ চোতাৰাম প্ৰজাপত আৰু তেওঁৰ পৰিয়ালে মিলি আৰম্ভ কৰা হ'মষ্টে' খন যোধপুৰ ফুৰিবলৈ যোৱা পৰ্যটকৰ অন্যতম পছন্দ। পৰম্পৰাগত ৰাজস্থানী মাটিৰ ঘৰত সকলো সা-সুবিধাৰ যোগান ধৰা এই হ'মষ্টে'ৰ যোগাযোগ নম্বৰ 0291-2696744. তেওঁলোকৰ ৱেবছাইট www.salawashomestay.com. 

ৰাজস্থানৰে জয়পুৰ আৰু উদয়পুৰৰ মাজত সাহপুৰা নামৰ ঠাইত অৱস্থিত সাহপুৰাবাগ হ'মষ্টে'ত এৰাতি কটাই যিকোনো জনে ৰাজকীয় অনুভূতি আৰু অভিজ্ঞতা অৰ্জন কৰিব পাৰে। দুটাকৈ ৰজাদিনীয়া প্ৰাসাদ নাহৰ নিবাস আৰু উমেইদ নিবাস, ৪৫ বিঘা অঞ্চলজুৰি থকা বিশাল ফুলনী আদিৰে পৰিবেষ্টিত এই হ'মষ্টে' সম্ভৱতঃ দেশৰ ভিতৰতে অন্যতম বিলাসী হ'মষ্টে'। বহুতে ইয়াত পঞ্চ তাৰকাযুক্ত হোটেল, স্পা আদিতকৈ অধিক সুবিধা আছে বুলি মত পোষণ কৰে। সাহপুৰাবাগ হ'মষ্টে'ৰ যোগাযোগ নম্বৰ 9982226606 আৰু ৱেবছাইট www.shahpurabagh.com.

আউটলুক ট্ৰেভেলাৰৰ এই সমীক্ষাত স্থান প্ৰাপ্ত অন্যান্য হ'মষ্টে'বোৰ হ'ল- চিমলাৰ সঞ্জীৱছ আইৰা হ'লমি ৰিট্ৰিট (যোগাযোগ:- 9814782557, sanjiv-aira-holme.blogspot.in), বুণ্ডেলখণ্ডৰ ফৰ্ট ৰামপুৰা (যোগাযোগ 94150324666, www.fortrampura.com), দাৰ্জিলিঙৰ তথাগত ফাৰ্ম'ষ্টে (যোগাযোগ:- 9775809299, www.tathagatafarm.com), কলিকতাৰ ৰেডবৃক ৰেছিডেন্সী (যোগাযোগ:- 9830128115, redbrickresidency@gmail.com) আৰু কেৰেলাৰ কোচি আৰু আলেপীৰ চেৰথেলা নামৰ ঠাইত ৭০ বছৰ প্ৰাচীন পৰ্তুগীজ হেৰিটেজ ভৱন এটাক হ'মষ্টে'ৰ ৰূপ দিয়া আন্থৰাপাৰ হাউচ (যোগাযোগ 0478-2813211, www.anthrapergardens.com)। 

অভ্যাসগত ভ্ৰমণপ্ৰেমী আৰু ভ্ৰমণক হবি বা চখ হিচাপে লোৱা লোক সকলৰ দেশৰ ভিতৰতে সৰ্ববৃহৎ গোট হৈছে বেকপেকাৰ্ছ এণ্ড ট্ৰেভেলাৰ্চ ইণ্ডিয়া বা চমুকৈ BATI। সামাজিক গণমাধ্যম ফেচবুকৰ পৰা পাতনি মেলি আজি দেশ তথা বিদেশতো অগণন সদস্য থকা বাটিৰ সদস্য সকলে কম খৰচত কি দৰে বিভিন্ন ঠাই ফুৰিব পাৰি, ভ্ৰমণৰ সময়ছোৱাত স্থানীয় সদস্য সকলৰ সহায়ত কিদৰে অঞ্চলটো, অঞ্চলটোৰ মানুহবোৰৰ বিষয়ে, তেওঁলোকৰ জীৱন শৈলী, পৰম্পৰা, খাদ্যাভ্যাস আদিৰ বিষয়ে সাম্যক জ্ঞান আহৰণ কৰিব পাৰি এই দিশবোৰত অধিক জোৰ দিয়ে। তেওঁলোকৰ বাবে ভ্ৰমণৰ আচল উদ্দেশ্য হ'ল সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তে বিশ্বভাতৃত্বৰ আদৰ্শ স্থাপন কৰা। 'বাটি'ৰ বহুতো সদস্যই দেশৰ প্ৰত্যন্তৰ অঞ্চললৈ গৈ স্থানীয় স্কুল, বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম আদিত নিজৰ অন্তৰ্নিহিত প্ৰতিভা সমূহ ব্যৱহাৰ কৰি শ্ৰমদান কৰে। বিনিময়ত তেওঁলোকক কেৱল সেই ঠাইত কেইদিনমান থকাৰ আৰু খোৱাৰ সুবিধা কৰি দিলে তেওঁলোকে এই সুযোগতে ঠাইখন ফুৰি চোৱাৰ সুবিধাকনো লাভ কৰে। বহুতো বাটি সদস্যই আকৌ এজনে আনজনক নিজ গৃহত থকাৰ সুবিধা কৰি দিয়ে আৰু এইদৰে পৰস্পৰ সহযোগিতাৰে তেওঁলোকে ভ্ৰমণ বলিয়া মনৰ এক সুদৃঢ় শৃংখল সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বাটি গোটৰ জনপ্ৰিয়তাই বিভিন্ন ঠাইত সস্তীয়া কিন্তু নিৰ্ভৰযোগ্য বহুতো হ'মষ্টে'ৰ সৃষ্টিতো অৰিহণা যোগাইছে। আমাৰ মাজুলীৰে পবিত্ৰ হাজৰিকা আৰু তেওঁৰ হ'মষ্টে' তাৰেই সুন্দৰ এক উদাহৰণ। হজৰিকাই নিজৰ ঘৰৰ দুটামান কোঠালি পৰ্যটকৰ সুবিধাৰ্থে এৰি দি ৰূপ দিছে 'হাজৰিকাছ হ'মষ্টে'ৰ আৰু ত্ৰুটিহীন ভাবে আপ্যায়ন কৰে দেশ-বিদেশৰ পৰ্যটক সকলক। মাজুলী ভ্ৰমণলৈ যোৱা পৰ্যটক সকলে পবিত্ৰ আৰু তেওঁৰ পৰিবাৰৰ আতিথ্য গ্ৰহণ কৰিবলৈ হ'লে 9864478181 এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। পবিত্ৰ নিজেও এজন ভ্ৰমণবিলাসী আৰু সুযোগ পালেই ওলাই যাই বিভিন্ন ঠাইলৈ। তেওঁৰ দৃষ্টিত উত্তৰ-পূৱ ভাৰতৰ কিছুমান নিৰ্ভৰযোগ্য হ'মষ্টে'ৰ সন্ধান তলত দিয়া হ'ল। 

1) View Point Homestay, Ziro, Duku Village (Abulyang), Lower Subansiri District, Arunachal Pradesh; Phone No:- 08974384507/09774395596; Email- viewpointhomestayziro@gmail.com. 

2) Pier’s Homestay, Khonoma Green Village, Nagaland; Phone No:- 9865304338/9862822979. 

3) Niribili Homestay, Hospital Road, Kamalabari, Majuli- 785106; Phone No:- 09864165280 (Indukalpa Bharali).

4) Jaya Pegu Homestay, Majuli; Phone No:- 8752844964.

5) Maipakchao Homestay, Thanga Village, Near Loktak Lake, Manipur; Phone No:- 9856356993/8014921286.

6) Madhavi’s Homestay, Guwahati; Phone No:- 08861142500.

7) Jaryum Homes, Dimow Chariali, Dhemaji-787059; Phone No:- 9957915010. 

8) Mikey’s Homestay, Shnongpdeng, Meghalaya; Phone No:- 9862602776.

9) Yargyap Chhu Homestay, Mechuka, Arunachal Pradesh; Phone No:- 9402663192.
10) Jeilei’s Homestay, Longwa Village, Mon,Nagaland; Phone No:-8732093138.

11) Dawn Homestay, Kigwema Village, Kohima; Phone No:- 8575826863.

12) Mpui Mizo, Aizawl, Mizoram; Phone No:- 7005407425. 

13) Gebu’s Homestay, Mechuka, Arunachal Pradesh; Phone No:- 9436074877.

14) Tachek Darrang, Pasighat, Arunachal Pradesh; Phone No:- 7085881939. 

15) Biswajit’s Homestay, Tezpur, Assam; Phone No:- 9818113065. 

16) Amar Ghar Homestay, Kaziranga, Assam; Phone No:- 9864083037/8638054031. 

17) Homestay by the Tea Garden, Seujpur, Dibrugarh, Assam; Phone No:- 9899997370. 

18) Assam Linzey Homestay, East Sikkim, Gangtok, Sikkim; Phone No. 9775552239. 

19) Ashrayaa Prakriti Homestay, Hazari Gaon, Jorhat; Phone No:- 9957684734. 

20) Prabhakar Homestay, Chandmari, Guwahati, Assam; Phone No:- 8893112230, 9020112230. 

21) Aalohee Ghor Homestay, Old Amulapatty, Sivasagar, Assam; Phone No:- 8011512018. 

22) Softender Homestay, Nongrim, Sohra (Cherrapunjee), Meghalaya; Phone No:- 9774182632; 

23) Morning Star, Pyninchula, Meghalaya; Phone No:- 8794147715. 


24) Harud Wahduid Home Stay, Mawlynnong Village, Meghalaya; Phone No:- 8575440445. 

25) Abode in the Mountains, Mokokchung, Nagaland; Phone No:- 09862054789. 



শেহতীয়াকৈ আমাৰ অসমতো হ'মষ্টে' ব্যৱস্থাই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত উজনি অসমৰ মাৰ্ঘেৰিটাৰ চিংফৌ ইক' ল'জক বাটকটীয়া বুলি ক'লে হয়তো নিশ্চয়কৈ অত্যুক্তি কৰা নহ'ব। চিংফৌ জনগোষ্টীয় পৰম্পৰা, খাদ্যাভ্যাস, নৃত্য-গীত আদিৰ সুন্দৰ অভিজ্ঞতা অর্জনৰ ব্যৱস্থা থকা এই হ'মষ্টে'খন সেউজ চাহ বাগান আৰু চাৰিওকাষে টকৌ টকৌ গছৰ ছাঁৰে আবৃত। ষ্টীলৱেল ৰোড বা পূৱ অৰুণাচললৈ ভ্ৰমণৰ উদ্দেশ্যে যোৱা প্ৰতিজনৰ বাবে চিংফৌ ইক' ল'জ এক আদৰ্শ জিৰণিৰ ঠাই। এই হ'মষ্টে'ৰ পৰিচালক অমিয় নিঙদাৰ ফোন নম্বৰ 8811927171। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে অনিল দাস আৰু তেওঁৰ পৰিবাৰে নিজ বাসগৃহতে আৰম্ভ কৰিছে এক সুন্দৰ হ'মষ্টে'। আগতীয়াকৈ জনাই গ'লে দাস দম্পতিয়ে অভ্যাগত সকলক আন্তৰিকতাৰে আপ্যান কৰি বহু পৰ্যটকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অনিল দাসৰ সৈতে যোগাযোগৰ নম্বৰ 9401820029 আৰু 9678152236। এই মানাহ ৰাষ্ট্রীয় উদ্যানতে থকা আন এটা ভাল হ'মষ্টে' হৈছে মানস অৰ্কিড হ'মষ্টে'। আগ্ৰহী সকলে স্বত্ত্বাধিকাৰ কৃষ্ণ পাঠকৰ সৈতে  9101668510/8812004793 এই নম্বৰ দুটাত যোগাযোগ কৰিব পাৰে। গুৱাহাটীৰ নিকটৱৰ্তী চানডুবি অসমৰ শেহতীয়া আকৰ্ষণীয় পৰ্যটনস্থলী। সপ্তাহন্তত গুৱাহাটী মহানগৰীৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা দুদিনমান আঁতৰি থাকি এই চানডুবিতে আজিকালি বহু মহানগৰবাসী আৰু অন্যান্য বহু পর্যটকে আপোনজনৰ সৈতে অতিবাহিত কৰিবলৈ খুব পছন্দ কৰে। ঠাইখনৰ প্ৰতি মানুহৰ আকর্ষণ বৃদ্ধি পোৱালৈ চাই এই ঠাইত কিছু হ'মষ্টে' আৰম্ভ হৈছে আৰু চানডুবি লেক ভিউ হোম'ষ্টে তাৰেই এক উদাহৰণ। এই হ'মষ্টে'ৰ যোগাযোগ নম্বৰ 9132227796/9434695716। বৰ্তমানে এই চানডুবিতেই অসম চৰকাৰৰ পৰ্যটন তথ্য বিষয়া হিচাপে কৰ্মৰত হৈ আছে অসমত বহনক্ষম আৰু সম্প্ৰদায় ভিত্তিত গঢ়লৈ উঠা পৰ্যটনৰ অন্যতম কৰ্মী তথা সমৰ্থক, বিশিষ্ট কবি ডেনী গাম। ডেনীয়ে ইতিমধ্যে মাজুলী আৰু কাজিৰঙাৰ দৰে ঠাইত এইক্ষেত্ৰত বহুতো সুন্দৰ অৱদান আগবঢ়াই এতিয়া চানডুবি আৰু ইয়াৰ আশেপাশে থকা জনগোষ্ঠীয় লোক সকলক পৰ্যটনক শিল্প হিচাপে গ্ৰহণ কৰি কি দৰে আত্মনিৰ্ভৰশীল হ'ব পাৰি এই ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ, প্ৰশিক্ষণ আদি দি স্থানীয় ভাবে হ'মষ্টে' ব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ডেনী গামে মাজুলীত স্থাপন কৰা 'লা মেইচন দ্য আনন্দ' অসমৰ অন্যতম চৰ্চিত হ'মষ্টে' আৰু ইতিমধ্যে ই দেশ-বিদেশৰ বহু পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। পৰ্যটকক সকলো ধৰণৰ পৰামৰ্শ, সহায়-সহযোগিতা আগবঢ়াবলৈ সদায় প্ৰস্তুত থকা ডেনী গামৰ সৈতে যোগাযোগ কৰাৰ নম্বৰটো 09435205539 ভ্ৰমণৰসিক পাঠক সকলৰ সুবিধাৰ্থে  ইয়াতে দি থলো। প্ৰয়োজনত সদব্যৱহাৰ কৰে যেন। 

বৰ্তমান যুগত মানুহৰ হাতত সময়ৰ বৰ অভাৱ। সেয়েহে  ১৫/২০ দিনৰ উত্তৰাখণ্ড বা হিমাচলৰ ব্যয়বহুল ভ্ৰমণ এটাৰ পৰিকল্পনা লৈ ওলাই যোৱাতকৈ আজিকালি বহুলোকে সপ্তাহন্তত ওচৰ-চুবুৰীয়াৰ কোনো নিৰ্জন, শান্ত আৰু মনোৰম ঠাইলৈ দুই চাৰিদিনৰ বাবে ছুটি কটাই অহাটোৱেই অধিক আদর্শ বুলি ভাবে। তাৰউপৰি কিছুবছৰ আগলৈকে 'ঠাই নিৰ্ভৰ' পৰ্যটন উদ্যোগে 'অভিজ্ঞতা নিৰ্ভৰ' পৰ্যটকৰ ওপৰতহে অধিক নিৰ্ভৰশীল হোৱা পৰিলক্ষিত হৈছে। তেনে এক প্ৰেক্ষাপটত অকৃত্ৰিম ভাবে গঢ় লৈ উঠা হ'মষ্টে'বোৰেই হৈ পৰিছে 'অ'ফবিট' ভ্ৰমণৰ অক্সিজেন স্বৰূপ আৰু ইয়াৰ জৰিয়তে লাভবান হৈছে সকলোপক্ষ- আলহী, গৃহস্থ তথা দেশৰ পৰ্যটন উদ্যোগ।

ফুৰিবলৈ গৈ হ'মষ্টে' কৰাৰ কেইটিমান টিপছ


ফোন নম্বৰ লৈ ল'ব:- অপৰিচিত ঠাই এখনলৈ গৈ হ'মষ্টে' কৰাৰ প্ৰথম টিপছটোৱেই হ'ল যে আপুনি যিটো হ'মষ্টে'ত থাকিছে তাৰ স্বত্বাধিকাৰৰ ফোন নম্বৰ আৱশ্যকীয় ভাবে নিজৰ মোবাইলত চেভ' কৰি লওক। একেবাৰে অজানা ঠাইটুকুৰাত যিকোনো ধৰণৰ অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ'লে আপোনাৰ হ'মষ্টে'ৰ গৰাকীজনেই আপোনাৰ একমাত্ৰ উদ্ধাৰকৰ্তা। তাৰ উপৰি থাকি ভাল পালে উক্ত হ'মষ্টে'ৰ বিষয়ে আন দুজন বন্ধু-বান্ধৱক এই নম্বৰটো দিলে তেওঁলোকৰো সহায় হ'ব।

নিজৰ ব্যৱহাৰত সংযম বজায় ৰাখক:- মনত ৰাখিব আপুনি হ'মষ্টে' হিচাপে য'ত থাকিবলৈ স্থিৰ কৰিছে বা আছে গৈ সেইটো কোনো হোটেল নহয়, কোনোবা এজনৰ ঘৰ। গৃহস্থই আপোনাক তেওঁৰ ঘৰতে অতিথি হিচাপে থাকিবলৈ দিছে কিছু অৰ্থৰ বিনিময়ত। সেয়েহে তেনে ঠাইত হোটেলৰ দৰে ব্যৱহাৰ কৰা একেবাৰেই শোভনীয় নহয়। অত্যধিক চিঞৰ-বাখৰ, মৌজ-মস্তিয়ে আপোনাৰ প্ৰতি পৰিবাৰটোৰ মনত বিৰূপ মনোভাব জন্ম দিব পাৰে। সেয়েহে হ'মষ্টে'ত থাকিলে ভদ্ৰতা অৱলম্বন কৰিব লাগে আৰু অকৰ্তৃত্বশীল ভাবে বা অনুমতি নোলোৱাকৈ ঘৰৰ সা-সামগ্ৰী ব্যৱহাৰ বা ফুলনী আদিত প্ৰৱেশ কৰিব নালাগে। লগতে পৰিবাৰটোৰ আদৰ্শ, নীতি-নিয়মৰ প্ৰতি শ্রদ্ধাশীল হ'ব লাগে। অৱশ্যে বেছিভাগ হ'মষ্টে'ত আলহী সকলক যথাসম্ভৱ উৎকৃষ্ট সা-সুবিধা আগবঢ়াই তথা মনোৰঞ্জন প্ৰদান কৰিবলৈ গ্ৰহস্থই যত্ন কৰা দেখা যায়। 

খোৱা-বোৱা:- কোনো ঠাইলৈ ফুৰিবলৈ গৈ হ'মষ্টে'ত থাকিলে খোৱাবোৱা বাহিৰৰ ৰেষ্টুৰেণ্ট, হোটেল আদিত নকৰি নিজৰ হোম'ষ্টেতেই কৰক। হ'মষ্টে'বোৰৰ নিজা আখলৰ মেনুত থাকে সম্পূৰ্ণ স্থানীয় পৰম্পৰাগত ব্যঞ্জনৰ সম্ভাৰ। যিকোনো ঠাইৰ বিষয়ে ভালকৈ জানিবলৈ হ'লে ঠাইখনৰ খাদ্যাভ্যাসৰ বিষয়ে অভিজ্ঞতা অৰ্জন কৰাটো প্ৰকৃত ভ্ৰমণ অনুৰাগীৰ বাবে অতিকৈ আৱশ্যকীয় এটা দিশ আৰু এই ক্ষেত্ৰত হ'মষ্টে'বোৰৰ পাকঘৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তাৰ উপৰি হ'মষ্টে'ত আলহীৰ জুতি আৰু চাহিদাৰ প্ৰতি সম্পূৰ্ণ লক্ষ্য ৰখা হয়। সেয়েহে হ'মষ্টে'ত থাকি ফুৰাৰ কথা ভাবিলে পুৱা-গধূলি তাতে খোৱাৰ কথাটোও গৃহস্থক আগতীয়াকৈ জনাই থওক। 

কথা পাতক:- য'ত আছে সেই হ'মষ্টে'ৰ গৰাকীৰ সৈতে ভাব বিনিময় কৰক, কথা পাতত। ফুৰিবলৈ যোৱা ঠাইখন বা ইয়াৰ আশেপাশে কি কি চাবলগীয়া, কৰিবলগীয়া আছে, কেনেকৈ যাব, বিশেষ কি আৰু কত খাব আদিৰ বিষয়ে সঠিক তথা নিৰ্ভেজাল তথ্য আপোনাক হ'মষ্টে'ৰ গৃহস্থইহে দিব পাৰিব। লগতে ঘৰৰ মানুহবোৰৰ সৈতে সুসম্পৰ্ক স্থাপনে ভৱিষ্যতে আপোনাৰ বা আপোনাৰ পৰিচিত সকলৰ ঠাইখনলৈ ভ্ৰমণত বিশেষভাৱে সহায় কৰে। 

বেছি সুবিধাও নিবিচাৰিব:- প্ৰতিটো মুহূৰ্তত ইটো লাগে, সিটো লাগে, অমুকটো কৰক, তমুকটো কৰক কৈ থাকিলে গৃহস্থ বিব্ৰত হৈ পৰিব পাৰে। আপুনি যত থাকিছে সেইটো ঘৰৰ দৰে হলেও ঘৰ কিন্তু নহয়। সেয়েহে কিছু ক্ষেত্ৰত এৰা-ধৰাৰে মিলাই ল'বলৈ চেষ্টা কৰিব লাগে।

✒️পৃথ্বীৰাজ পূৰকায়স্থ

(দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী 'বসুন্ধৰা'ত ৮ ছেপ্টেম্বৰ ২০১৯ তাৰিখে প্ৰকাশিত)

Comments

Popular posts from this blog

হবি কথা - ডিচেম্বৰ ২০১৯

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা

ডাকটিকটত 'অষ্টলক্ষ্মী'- নগা বোৱনী