আকাশবাণী ডিব্ৰুগড় আৰু মই
মৰমৰ আকাশবাণী ডিব্ৰুগড়,
পোনপ্ৰথমেই ভাৰতৰ একেবাৰে পূৱ প্ৰান্তত থকা উজনি অসমৰ 'হৃদস্পন্দন' স্বৰূপ কেন্দ্ৰটোৰ সমূহ কলা-কুশলী তথা শ্ৰোতা বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। ইতিমধ্যে জবণিকা পৰা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি বিগত এক বছৰে প্ৰচাৰ কৰা প্ৰতিটো অনুষ্ঠানেই হেঁপাহ পলুৱাই উপভোগ কৰিলো। অন্যান্য অনুষ্ঠানৰ লগতে মোৰ বাবে বিশেষ আকৰ্ষণীয় আছিল বিভিন্ন শ্ৰোতাৰ অনুভৱেৰে সজোৱা অনুষ্ঠান 'আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু মই', কেন্দ্ৰটোৰ সৈতে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে জড়িত কলা-কুশলীৰ অনুভৱৰ সম্ভাৰ 'সোণালী সোঁৱৰণ'- এই দুটা অনুষ্ঠান। অনুষ্ঠান দুটা শুনি শুনি প্ৰতিটো মুহূৰ্ততে মই 'সময় যন্ত্ৰৰ' মাজেৰে স্মৃতিৰ সেই মনিকোঠাত গৈ উপস্থিত হৈছিলো যেতিয়া মোৰ প্ৰয়াত দেউতা আপোনালোকৰ এগৰাকী নিয়মিত শ্ৰোতা আছিল।
ৰেডিঅ' তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে মোক পৰিচয় কৰাই দিয়া মানুহজনেই আছিল মোৰ দেউতা স্বৰ্গীয় প্ৰশান্ত পুৰকায়স্থ। দেউতা এগৰাকী শিক্ষক আছিল আৰু শৈশৱত দেউতাক দেখিছিলো নিজৰ ফিলিপছ ট্রেনজিষ্টাৰটোৰ ন'ভ পকাই পকাই দেশ-বিদেশৰ নানান অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠানৰ লগতে আকাশবাণী ডিব্ৰুগড়, গুৱাহাটী, কলকাতা আদি কেন্দ্ৰৰ অনুষ্ঠান নিয়মিত ভাবে শুনিছিল। আমাৰ গাওঁৰ ঘৰলৈ গ'লে সেই একেই অভ্যাস দেখিবলৈ পাইছিলো বৰদেউতাৰ মাজত। আমাৰ যোৰহাটত তেতিয়াও ৰেডিঅ' কেন্দ্ৰটো আৰম্ভ হোৱা নাছিল আৰু সেয়েহে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সেইসময়ত আমাৰ পৰিয়ালত এক বিশেষ স্থান দখল কৰি আছিল। মনত পৰে দেউতাই পুৱা শুই উঠিয়েই কৰা প্ৰথম কামটো আছিল ঘৰৰ ৰেডিঅ'টো বজাই দিয়া। আকাশবাণীৰ বিখ্যাত সেই যন্ত্ৰ সংগীতেৰে আৰম্ভ হোৱা ৰেডিঅ'ৰ অনুষ্ঠান আমাৰ দেউতাই বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ আগমুহূৰ্তলৈকে চলিয়েই থাকিছিল। মনত পৰে পুৱাৰ ৮:৫০ৰ আঞ্চলিক বাতৰি দেউতাই খুব বেছি ভলিইউমত বজাইছিল যাতে ওচৰৰ দুঘৰমানেও শুনিবলৈ পায় কিয়নো তেওঁলোকৰ ঘৰত ৰেডিঅ' নাছিল। মনত পৰে গাঁওৰ ঘৰৰ পৰা আইতাহঁত জাৰকালী আমাৰ ঘৰলৈ আহিলে দুপুৰীয়া ঘৰৰ চোতালত ৰ'দত বহি সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান নিশ্চিত ভাবে শুনিছিল আৰু আমাক কমলাৰ বাকলি গুচাই দি কমলা খুৱাইছিল! আমি অৱশ্যে সেইসময়ত ইতিমধ্যে নতুনকৈ আমাৰ পৰিয়ালৰ সদস্য হৈ পৰা টেলিভিছনৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো কিন্তু ৰেডিঅ'ৰ প্ৰতি থকা আসক্তি দেউতা, বৰদেউতাহঁতে এৰিব পৰা নাছিল। অৱশ্যে আমিবোৰে দুৰদর্শনৰ মগলী, চিত্ৰহাৰ, ৰামায়ণ, সুৰভি আদিৰ জৰিয়তে টেলিভিছনৰ সৈতে মিতিৰালি স্থাপন কৰিছিলোয়েই। সেয়েহে হয়তো ৰেডিঅ'ই শৈশৱকালত আমাক খুব বেছি আকৰ্ষিত কৰিব পৰা নাছিল। কিন্তু বেটাৰী চালিত সৰু যন্ত্ৰটোৰ ভিতৰৰ পৰা ওলাই অহা বিভিন্ন ভাষাৰ মাত-কথা, সংগীত আদিয়ে মোৰ অনুসন্ধিৎসু মনটোক সদায় আন্দোলিত কৰি ৰাখিছিল। এবাৰ জানিবলৈ মন আছিল বাকচটোৰ ভিতৰৰ ৰহস্যময় পৃথিৱীৰ বিষয়ে।
আমাৰ পৰিয়ালটোৰ বাবে ১৯৯২ চনৰ ২০ ছেপ্টেম্বৰ দিনটো এটা অভিশপ্ত দিন আছিল কিয়নো সিদিনা দেউতাই আমাক চিৰদিনৰ বাবে এৰি পৰলোক গমন কৰিছিল। মাত্ৰ ৪৪ বছৰ বয়সতে আমাক হঠাতে এনেকৈ মোৰ আদৰ্শ ব্যক্তি গৰাকীয়ে এৰি গুচি যাব বুলি মোৰ ১০ বছৰীয়া শিশু মনটোৱে কেতিয়াও ভবা নাছিল। ভাইটিতো তেতিয়া মাত্ৰ পাঁচ বছৰীয়া অবোধ। যি কি নহওঁক মাৰ হাত ধৰিয়েই আমি আগুৱাব লাগিব সেইকথা সিদিনা মই বুজি পাইছিলোঁ। কিন্তু দেউতাই এৰি যোৱা সেই যে ফিলিপছ ট্রেনজিষ্টাৰ, এতিয়া তাৰ ওপৰত 'চার্জিকেল অপাৰেচন' চলাবলৈ আমাক কোনেনো আৰু বাধা দিয়ে! সুযোগ বুজি এদিন খুলিয়েই পেলালো দুই ভাইয়ে মিলি দেউতাৰ মৰমৰ বাকচটো, উলিয়াই আনিলো ভিতৰৰ চুম্বক!! কি আনন্দ হৈছিল সিদিনা, চুম্বকেৰে আমি খেলিছিলোঁ। দেউতাই আমাক কৈ গৈছিল চুম্বকৰ আকৰ্ষণ শক্তিৰ বিষয়ে। চুম্বক, ভগা ৰেডিঅ' লৈ গৱেষণা চলিল বহুদিন আৰু এদিন সিও দেউতাৰ দৰেই হেৰাই গ'ল আমাৰ জীৱনৰ পৰা!
পৰৱৰ্তী সময়ত দিন বাগৰি যোৱাৰ লগে লগে আমি ঘৰত ট্ৰেনজিষ্টাৰ ৰেডিঅ' এটাৰ খুব অভাৱ অনুভৱ কৰিছিলোঁ যদিয়ো দেউতাই কিনি থৈ যোৱা বিপিএল কোম্পানীৰ ৰেডিঅ' কাম কেছেট প্লেয়াৰ এটা থকাত মায়ে কিন্তু ৰেডিঅ'ত ডিব্ৰুগড় আৰু পাছলৈ যোৰহাট কেন্দ্ৰৰো অনুষ্ঠান প্ৰায় নিয়মিত ভাৱে শুনি গৈছিল। মাৰ লগত আমিও ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি, হিন্দী আৰু অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান, অকণিৰ মেল, সৈন্য বাহিনীৰ বাবে প্ৰচাৰিত অনুষ্ঠান, পাশ্চাত্য সংগীতৰ অনুষ্ঠান, ডাকপখিলী, নাটকৰ অনুষ্ঠান ইত্যাদি প্ৰায় নিয়মিত ভাবেই শুনিছিলো। আমাৰ মাই সংগীত চৰ্চা কৰে আৰু তেতিয়াৰে পৰা আজিলৈকে মাই ৰাতিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কোনো দিনেই নুশুনাকৈ থকাটো মোৰ মনত নপৰে। ঘৰত ৰেডিঅ' শুনাৰ ইমান অনুকূল পৰিবেশ এটা থকা সত্যেও আমি কিন্তু এই গণমাধ্যমৰ প্ৰতি সিমান আকৰ্ষিত হোৱা নাছিলো যিমান শক্তিমান, সুৰভি, অলিফলেইলা, গৰম বন্ধৰ দিনবোৰত সম্প্ৰচাৰিত দূৰদৰ্শনৰ বিশেষ অনুষ্ঠানবোৰে আমাক টেলিভিছনৰ প্ৰতি আকৰ্ষিত কৰিছিল। এক কথাত আমাৰ স্কুলীয়া দিনবোৰত ৰেডিঅ'তকৈ টেলিভিছনৰ প্ৰভাৱ আমাৰ দৈনন্দিন জীৱনত অধিক আছিল। কিন্তু স্কুলীয়া শিক্ষাৰ দেওনা পাৰ কৰি কলেজ গৈ পোৱা মাত্ৰেই মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তনটো ঘটিল। তেতিয়া অসমত এখনি উচ্চ মানৰ আলোচনী প্ৰকাশ পাইছিল। নাম 'জিলিঙনী'। এইখন আলোচনীৰেই কোনো এক বিশেষ সংখ্যাত ৰেডিঅ' শুনাৰ বিশেষ হবি ডিএক্সিং আৰু এমেচাৰ ৰেডিঅ' সম্পৰ্কে কেইবাগৰাকী লেখকৰ মনোগ্ৰাহী প্ৰবন্ধ প্ৰকাশ পাইছিল। তথ্যপূৰ্ণ লেখাবোৰ পঢ়িয়েই মই শৰ্টৱেভ বেণ্ডত বিভিন্ন বিদেশী অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান শুনি সেইবোৰ কেন্দ্ৰৰ সৈতে যোগাযোগ স্থাপন কৰাৰ হবি ডিএক্সিংৰ প্ৰতি আকৰ্ষিত হৈছিলো আৰু তেতিয়াৰে পৰা আৰম্ভ হয় মোৰ ৰেডিঅ' যোগে বিশ্ব পৰিভ্ৰমণৰ এক ৰোমাঞ্চকৰ যাত্ৰা। পৰৱৰ্তী সময়ত শতাধিক বিদেশী কেন্দ্ৰৰ সৈতে যোগাযোগ স্থাপন কৰিছো, আয়ত্ত কৰিছো বিভিন্ন ৰেডিঅ'ৰ সম্প্ৰচাৰ মান নিৰূপণ কৰি তেওঁলোকক অৱগত কৰাৰ বিশেষ কাৰিকৰী জ্ঞান, সম্পৰ্ক স্থাপন কৰিছো অনাতাঁৰ বিশ্বৰ বহুতো বিখ্যাত ব্যক্তিত্বৰ সৈতে। আজি এই ৰেডিঅ' হবিৰ বাবেই আকাশবাণীৰ দিল্লীত থকা কাৰিকৰী বিভাগ আৰু দেশৰ বিভিন্ন ঠাইৰ আকাশবাণী কেন্দ্ৰৰ সৈতে গঢ় লৈ উঠিছে মোৰ এক মধুৰ সম্পৰ্ক। দিল্লীৰ স্পেকট্ৰাম আৰু চিনাৰ্জী ডিভিজনলৈ নিয়মিত ভাৱে প্ৰেৰণ কৰি আহিছো উত্তৰ-পূব ভাৰতৰ বিভিন্ন আকাশবাণী কেন্দ্ৰৰ প্ৰচাৰ মান সম্পৰ্কে কাৰিকৰী ৰিপোৰ্ট। এইক্ষেত্ৰত কিন্তু দেউতা-মাৰ প্ৰথম পছন্দ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চিগনাল কেন্দ্ৰবোৰৰ নিৰ্দিষ্ট ফ্ৰিকুয়েঞ্চিত মনিটৰ কৰাটোক মই সদায় অগ্ৰাধিকাৰ দি আহিছো। ভাৰতৰ বিভিন্ন ঠাইত ভ্ৰমণ কালত মই লগত লৈ ফুৰা মোৰ ৰেডিঅ' আৰু সমাকৰণৰ বাবে লাগতিয়াল অন্যান্য আহিলা সমূহ ব্যৱহাৰ কৰি অনাতাঁৰ তৰংগৰ ৫৬৭ কিলোহাৰ্যত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটো কেনে দৰে শুনাপোৱা যায় এই বিষয়ে জানিবলৈ চেষ্টা কৰিছো। উৰিষ্যাৰ পুৰি, পশ্চিমবঙ্গৰ কলিকতা, শিলিগুৰি, অসমৰ বৰাক উপত্যকা, অৰুণাচলৰ টাৱাং, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা ইত্যাদি বিভিন্ন ঠাইত ৩০০ কিলোৱাটৰ মহাশক্তিধৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান মই শুনিবলৈ সক্ষম হৈ উজনিৰ এজন ৰেডিঅ' শ্ৰোতা হিচাপে গৌৰৱ অনুভৱ কৰিছো। আপোনালোকে জানি আনন্দিত হ'ব বিদেশৰ বিভিন্ন দেশতো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ চিগনাল মোৰ দৰে ডিএক্সাৰ সকলে গ্ৰহণ কৰিছে আৰু আমাক অৱগত কৰিছে। এই বিষয়ে মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কৰ্তৃপক্ষকো জনাইছো আৰু মই জনাত ডাকপখিলী অনুষ্ঠানত কেইবাবাৰো এই বিষয়ে পত্র আদি সন্নিৱিষ্ট হৈছে।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ চিগনাল কিমান যে শক্তিশালী সেই কথা ২০১৭ চনত আমাৰ ইণ্ডোনেছিয়া যাত্ৰাৰ সময়ত সুন্দৰকৈ উপলব্ধি কৰিবলৈ পাইছিলোঁ। এইবাৰ দেশখনৰ চৰকাৰী অনাতাঁৰ প্ৰতিষ্ঠান ভয়েছ অৱ ইণ্ডোনেছিয়াৰ আমন্ত্ৰণত দেশখন আৰু তেওঁলোকৰ কেন্দ্ৰটো চোৱাৰ সুযোগ এটা পাইছিলোঁ। আমাৰ ভ্ৰমণ সূচী মতে আমি এৰাতি দেশখনৰ বিখ্যাত বন্দৰ নগৰী পাৰাপাতত কটাইছিলোঁ। সেই ৰাতি বিখ্যাত টবা হ্ৰদৰ পাৰত বহি যেতিয়া আন কেইবাজনো বিশ্বপ্রসিদ্ধ ডিএক্সাৰৰ সৈতে ৰেডিঅ'ত ভিন ভিন দেশৰ অনুষ্ঠান শুনি আছিলো মই স্বভাৱ সুলভ ভাবেই আকাশবাণী ডিব্রুগড় কেন্দ্ৰটো শুনি নে নাই চাবলৈ লওঁতেই ৫৬৭ কিলোহাৰ্যত যিদৰে স্পষ্টকৈ অসমীয়াত কথিকা আৰু 'অ' মোৰ আপোনাৰ দেশ' জাতীয় সংগীত শুনিবলৈ পাইছিলোঁ সেই মূহুৰ্তত মই যে কিমান আবেগিক হৈ পৰিছিলো আৰু নিজকে গৌৰৱান্নিত অনুভৱ কৰিছিলোঁ সেই কথা মই ভাষাত প্ৰকাশ কৰিব নোৱাৰো। এজন ৰেডিঅ' মনিটৰ হিচাপে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই এই দৰেই মোক বাৰে বাৰে গৌৰবান্বিত কৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। এটা সময়ত শৰ্টৱেভত বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰ কৰি বিশ্বজুৰি অসম আৰু অসমীয়াৰ পৰিচয় দাঙিধৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই যিসময়ত প্রচাৰ ভাৰতীৰ পৰিৱৰ্তিত সম্প্ৰচাৰ নীতিৰ প্ৰভাৱত শৰ্টৱেভত সম্প্ৰচাৰ বন্ধ কৰিব লগীয়া হোৱাত বিদেশী শ্ৰোতা সকল অসম সম্পৰ্কে জনাৰ পৰা বঞ্চিত হৈছে, ঠিক তেনে এটা সময়ত ডিব্ৰুগড় কেন্দ্ৰৰ উচ্চ ক্ষমতা সম্পন্ন মিডিয়ামৱেভ সম্প্ৰচাৰে কিছু পৰিমানে হলেও বিশ্ব প্ৰেক্ষাপটত অসমীয়া অনাতাঁৰ সেৱা অব্যাহত ৰখাত বহু পৰিমানে সফল হৈছে বুলি ক'ব পাৰি।
ইফালে আকাশবাণী ডিব্রুগড় কেন্দ্রৰ বিভিন্ন অনুষ্ঠান শুনি অনুষ্ঠানবোৰৰ উপস্থাপক, প্ৰযোজক সকলক এবাৰ লগ কৰাৰ হেঁপাহ এটা গঢ় লৈ উঠিছিল। ফেচবুকৰ দৰে সামাজিক গণমাধ্যমৰ দ্বাৰা শ্ৰদ্ধাৰ ভূপেন গগৈ, পেমথি গোহাঁই, পৰশা কোঁৱৰ, ৰাজা চট্টোপাধ্যায়, বিশ্বজিত দাসৰ দৰে ৰেডিঅ'ৰ আঁৰৰ মানুহবোৰৰ সৈতে সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ২০১৭ চনৰ কোনোবা এটা দিনত এক বিশেষ কামত ডিব্ৰুগড় লৈ যাওঁতে কোনো আগতীয়া পৰিকল্পনা নোহোৱাকৈ কেন্দ্ৰটোৰ তেতিয়াৰ উপসঞ্চালক উৎপল ভট্টাচাৰ্য ছাৰক ফোন এটা কৰি অনুমতি লৈ সোমাই গৈছিলোঁ লেপেটকটাৰ ওচৰত থকা আকাশবাণী ডিব্রুগড়ৰ ট্ৰেন্সমিটাৰ কেন্দ্ৰত। এজন ডিএক্সাৰক অনাতাঁৰ কেন্দ্ৰ এটাৰ অনুষ্ঠানবোৰৰ সমান্তৰালকৈ অনুষ্ঠান সমূহ সম্প্ৰচাৰৰ কাৰিকৰী দিশবোৰেও আকৰ্ষিত কৰে, জানিবলৈ মন যায় কেন্দ্ৰটোৰ সম্প্ৰচাৰৰ সৈতে জড়িত কাৰিকৰী তথ্য সমূহ। ডিব্ৰুগড় কেন্দ্ৰই ইতিমধ্যে আধুনিক DRM পদ্ধতিত অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু এই বিষয়টোৰ বুজ ল'বলৈয়েই সিদিনা উপস্থিত হৈছিলোঁগৈ লেপেটকটাৰ ট্ৰেন্সমিটাৰ কক্ষত। সেই সময় তাত উপস্থিত ভাৰপ্ৰাপ্ত ইঞ্জিনীয়াৰ অতুল দত্ত ডাঙৰীয়াই অতি আগ্ৰহেৰে মোক দেখুৱাই, বুজাই দিছিল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান সম্প্ৰচাৰৰ নানান কাৰিকৰী পদ্ধতি, চাইছিলো আধুনিক DRM ট্ৰেন্সমিটাৰ আৰু বছৰ বছৰ ধৰি পূৱ ভাৰতৰ ৰেডিঅ' শ্ৰোতাক সেৱা আগবঢ়াই সদ্য 'অৱসৰপ্ৰাপ্ত' ঐতিহাসিক বিবিচি ট্ৰেন্সমিটাৰ, সম্প্ৰচাৰ মান নিৰূপণ কৰিবলৈ ট্ৰেন্সমিটাৰটোত সংলগ্ন SONY ICF SW7600- GR ৰিছিভাৰ তথা নতুন DRM সম্প্ৰচাৰ কৰিবলৈ মণিটৰিং কক্ষত থকা অত্যাধুনিক Avion DRM ৰিছিভাৰ ইত্যাদি। আমাৰ যোৰহাটৰে মূল বাসিন্দা অভিযন্তা দত্ত ডাঙৰীয়াই বৰ সুন্দৰকৈ বুজাই দিছিল সকলো। সৰুৰে পৰা শুনি অহা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠানবোৰ যিবোৰ ট্ৰেন্সমিটাৰ, এন্টিনা আদিৰ জিৰিয়তে আহি আমাৰ ঘৰত থকা ৰেডিঅ' যন্ত্ৰ যোগে আমাৰ কাণত পৰেহি সেই তীৰ্থ স্বৰূপ ঠাইখনত সিদিনা উপস্থিত হৈ মই নিজকে ধন্য মানিছিলোঁ। সেইদিনাই পৰৱৰ্তী সময়ত আকাশবাণীৰে ৰাজা চট্টোপাধ্যায় আৰু পৰশা বাইদেউৰ সৈতে যোগাযোগ কৰি গুচি গৈছিলো মানকটা ৰোড থকা আকাশবাণীৰ মূল ষ্টুডিওলৈ, সেই স্থানলৈ যত আজি একাৱন বছৰে আমাৰ বাবে প্ৰস্তুত হৈ আহিছে উচ্চ মান বিশিষ্ট, মনপৰশা নানান অনুষ্ঠান। সেই সময়ত ষ্টুডিওত লাইভ 'ফোন ইন সুৰৰ সাতসৰী' অনুষ্ঠান উপস্থাপনত ব্যস্ত পৰশা বাইদেউয়ে মোক দেখিয়েই হাতেৰে ভংগী কৰি মোক বুজাই দিছিল আজি পোনপ্ৰথম বাৰৰ বাবে আমাক লগ পাই তেওঁৰ আনন্দ অনুভূতিৰ কথা। পাছলৈ কেন্দ্ৰৰ ডিউটি ৰুমত বাইদেউয়ে পৰিচয় কৰাইদিছিল ৰূপজ্যোতি দুৱৰা, ত্ৰিবেণী দাসৰ দৰে কেন্দ্ৰৰটোৰ জ্যেষ্ঠ আৰু আন কেইবাগৰাকী কলা-কুশলীৰ সৈতে যিসকলৰ কণ্ঠস্বৰে প্ৰাণ পাই উঠে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনেক অনুষ্ঠান আৰু আমি দৈনিক তেওঁলোককে ৰেডিঅ'ত শুনি থাকো। কিমান যে আপোন আপোন লাগিছিল মানুহবোৰক! ইফালে পৰশা বাইদেউয়ে 'অন্তৰা' অনুষ্ঠানৰ উপস্থাপক সংগীতা দত্তক কথাই কথাই কৈ দিলে যে মোৰ ৰেডিঅ' অভিজ্ঞতা বোৰ সামৰি এটা সাক্ষাৎকাৰ বাণীবদ্ধ কৰিব লাগে বুধৱৰীয়া বিশেষ খণ্ডৰ বাবে, কিন্তু তেনে ধৰণৰ হঠাতে ঠিক হোৱা সাক্ষাৎকাৰৰ বাবে মই যে সম্পূৰ্ণ অপ্ৰস্তুত আছিলো! পাছে পোনপ্ৰথমে কিছু নাৰ্ভাচ কৰিলেও শ্ৰীমতী দত্তৰ সুনিপুন সাক্ষাতগ্রহণ কৌশলে ৰেডিঅ' আৰু ডিএক্সিং সম্পৰ্কে মোৰ মনৰ বহু কথাই সিদিনা বৰ সুন্দৰকৈ উলিয়াই আনিলে। পৰৱৰ্তী সময়ত ২০১৭ৰ ছয় ছেপ্টেম্বৰ তাৰিখে প্ৰচাৰিত হৈছিল 'অন্তৰা'ৰ সেই বিশেষ খণ্ডটো আৰু বহুতো শ্ৰোতাই অনুষ্ঠানটো শুনি ভাল পাইছিল বুলি মোক ফোন কৰি বা লগ পাই জনাইছিল। ইফালে কেন্দ্ৰটোৰ বৰ্তমান গুৰিধৰোঁতা লোহিত ডেকা ছাৰকো সিদিনা লগ কৰাৰ সুযোগ এটা পাইছিলোঁ। ছাৰক ৰেডিঅ' সম্প্রচাৰক হিচাপে চিনি পোৱাৰ লগতে মই তেখেতৰ কিতাপ-পত্ৰৰো এজন নিয়মিত পাঠক। সেয়েহে এনে এগৰাকী ব্যক্তিত্বক লগ পাই সিদিনা নিজকে ধন্য মানিছিলোঁ, লগতে ছাৰৰ অমায়িক ব্যৱহাৰে মোক মুগ্ধ কৰিছিল। ডেকা ছাৰৰ সৈতে কিছুপৰ আকাশবাণী ডিব্ৰুগড়, ডিএক্সিং জগতত কেন্দ্ৰটোৰ গুৰুত্ব ইত্যাদি সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু চাৰে উপহাৰ স্বৰূপে মোলৈ কেন্দ্ৰটোৱে প্ৰকাশ কৰা স্মৰণিকা এখন দিছিল। সঁচাকৈয়ে এজন ৰেডিঅ' শ্ৰোতা হিচাপে সেইদিনা ডিব্ৰুগড় কেন্দ্ৰত অতিবাহিত কৰা প্ৰতিটো মুহূৰ্ত মোৰ বাবে সপোন সদৃশ আছিল আৰু এই অভিজ্ঞতা সমূহ মোৰ মানসপটত আজীৱন সজীৱ হৈ ৰ'ব। এনে এক সুন্দৰ দিন উপহাৰ দিয়াৰ বাবে মই পৰশা বাইদেউ আৰু ৰাজা চট্টোপাধ্যায়ৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰলোঁ।
শেহতীয়াকৈ ডিব্ৰুগড় কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ উদ্ভধনী অনুষ্ঠানৰ পৰা আৰম্ভ কৰি কিছুদিন পূৰ্বে অনুষ্ঠিত তিনিদিনীয়া সমৰণী অনুষ্ঠান, বছৰ জোৰা বিভিন্ন ৰঙী অনুষ্ঠান ইত্যাদি সকলোতে মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ লগতে আছিলো মোৰ ৰেডিঅ'ৰ যোগেদি। আৰু এটা কথা অবশ্যই ক'ব লাগিব যে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বছৰ জুৰা অনুষ্ঠানৰ পৰাও মই ব্যক্তিগত ভাবে বহু উপকৃত হৈছো কিয়নো ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান, কলা-কুশলী, শ্ৰোতা সমাজৰ পঞ্চাছ বছৰীয়া ইতিহাস খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে এইবোৰ অনুষ্ঠানৰ যোগেদি। লগতে আমি উজনি অসমৰ সম্ভ্ৰান্ত কলা-সংস্কৃতি, সাহিত্য, লোকাচাৰ আদিৰো এক আভাস লাভ কৰিলোঁ কেন্দ্ৰৰ বিশেষ অনুষ্ঠানবোৰৰ যোগেদি। মোৰ অনুৰোধ সোণালী সোঁৱৰণ, আকাশবাণী ডিব্ৰুগড় আৰু মই, সুৰৰ পানচৈত যোগে প্ৰচাৰিত কেন্দ্ৰৰ বিখ্যাত অনুষ্ঠানৰ ইতিহাস প্ৰতিফলিত কৰা কেইটাও বিশেষ খণ্ড ইত্যাদি অনুষ্ঠান আপোনালোকে মাজে সময়ে বজাই থাকিব লাগে কিয়নো এনেবোৰ উচ্চ মান সম্পন্ন অনুষ্ঠানে সদায়েই শ্ৰোতাক আকৰ্ষিত কৰিব। অ', আৰু এটা বিশেষ অনুৰোধ, এবাৰ ডিব্ৰুগড় কেন্দ্রৰ শ্ৰোতা সকলক লৈ শ্ৰোতা সম্মেলন এটা আয়োজন কৰিবলৈ চিন্তা এটা কৰকচোন। দিনটো আগন্তুক বিশ্ব ৰেডিঅ' দিৱসো হ'ব পাৰে কিন্তু! প্ৰস্তাৱটো বাস্তৱায়িত কৰাত আমি শ্ৰোতা সকলেও আপোনালোকক সহযোগীতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বহুত দিনৰ পৰা এইবোৰ কথা লিখিম লিখিম বুলি ভাবি আজি লিখিয়েই পেলালোঁ। সৰ্বশেষত মা-দেউতা আৰু আজি মোৰো প্ৰাণৰ প্রিয় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰি আজিলৈ ইয়াতে সামৰিছো।
ইতি,
পৃথ্বীৰাজ পুৰকায়স্থ
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সোণালী জয়ন্তী উপলক্ষে প্ৰচাৰিত বিশেষ অনুষ্ঠান 'আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু মই'ত ২০ মাৰ্চ ২০১৯ তাৰিখে প্ৰচাৰিত। অনুষ্ঠানটো শুনিবলৈ তলৰ লিংকটো ক্লিক কৰক:
Comments
Post a Comment