পত্ৰবন্ধুত্ব
বন্ধুত্ব', মিত্ৰতা, দোস্তি, ফ্রেণ্ডশ্বিপ যি নামেৰেই পৰিচিত নহওঁক কিয়, ই হয়তো মানৱ সভ্যতাৰ আটাইতকৈ মধুৰতম আৰু চিৰন্তন সুন্দৰ সম্পৰ্ক। এনে খুব কম মানুহেই ওলাব যাৰ জীৱনত কোনো বন্ধু নাই। দৰাচলতে প্ৰতিজন ব্যক্তিয়েই একোজন ভাল, বিশ্বস্ত আৰু অন্তৰংগ বন্ধুৰ সন্ধান জীৱনৰ কোনো নহয় কোনো এটা সময়ত কৰেই। এৰিষ্টটেলৰ মতে 'দুটা পৃথক দেহত এক আত্মাৰ অৱস্থানেই হ'ল বন্ধুত্ব'। নিটছৰ মতে 'বিশ্বস্ত বন্ধু এজন হ'ল প্ৰাণৰক্ষী ছাঁৰ সমান, এনে বন্ধু বিচাৰি পোৱা জনৰ বাবে ই গুপ্ত ধন বিচাৰি পোৱাৰ সমান আনন্দদায়ী'। বন্ধুত্ব বিভিন্ন প্ৰকাৰে হয়। জন্মৰ পিছত বয়স বৃদ্ধিৰ সমান্তৰালকৈ জীৱনৰ বিভিন্ন পৰ্যায়ত বিভিন্নজনৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক স্থাপন হয়। তাৰে কিছুমান চিৰস্থায়ী হয়, কিছুমান কালৰ সোঁতত হেৰাই যায়। কিছু বন্ধুত্ব এজনে আনজনৰ সৈতে পোনপটীয়া সংস্পৰ্শলৈ আহিলেহে গঢ় লৈ উঠে আৰু আন কিছু বন্ধুত্বৰ সম্পৰ্ক পৰস্পৰৰ মাজত দেখা-দেখি নোহোৱাকৈয়ে নিবিড় হৈ উঠে। বৰ্তমান ইণ্টাৰনেটৰ যুগত ফেচবুক, হোৱাটছএপ যোগে এনে অন্তৰংগ বন্ধুত্ব গঢ়লৈ উঠাৰ কথা আমি প্ৰায়েই শুনো। কিন্তু পৃথিৱীত এচাম মানুহৰ বাবে বন্ধুত্বৰ মাধ্যমটো আজিয়ো ডাকযোগে আদান-প্ৰদান কৰা চিঠি-পত্ৰয়েই হৈ আছে। এই মানুহবোৰে দূৰ-দূৰণিৰ, কাহানিও ল'গ নোপোৱা মৰমৰ বন্ধুজনে প্ৰেৰণ কৰা চিঠিখন ডাকোৱাল জনে কেতিয়া লৈ আহিব সেই মুহূৰ্তটোৰ বাবে অধীৰ আগ্ৰহেৰে দিনৰ পাছত দিন, মাহৰ পাছত মাহ ধৰি অপেক্ষা কৰি ৰয় আৰু যেতিয়া অৱশেষত সেই চিঠিখন আহি তেওঁৰ হাতত পৰে তেওঁ যে কি পৰিমানে আনন্দ আৰু তৃপ্তি লাভ কৰে সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কেৱলমাত্ৰ চিঠিপত্ৰ বিনিময়ৰ মাজেৰে গঢ় লৈ উঠা এনে বন্ধুত্বৰ সম্পৰ্কক 'পত্ৰবন্ধুত্ব' বুলি কোৱা হয়।
সৌ সিদিনাখন অসমৰে এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ষাঠিৰ উৰ্ধৰ অধ্যাপক এজনৰ সৈতে হোৱা আলোচনাৰ পৰা জানিবলৈ পাইছিলোঁ যে তেখেতে মাত্ৰ ১২ বছৰ বয়সৰ পৰাই পত্ৰ যোগে দেশ তথা বিদেশত বহুজনৰ সৈতে মিত্ৰতা স্থাপন কৰি আহিছে। শেহতীয়াকৈ তেওঁৰ তেনে এগৰাকী ইন্দোনেছীয় পত্ৰবান্ধবীৰ আমন্ত্ৰণত তেখেতে হেনো বান্ধবীৰ দেশখনো ফুৰি চাই আহিলে। আচলতে পত্ৰবন্ধুত্বৰ জৰিয়তে হোৱা পত্রচাৰৰ জৰিয়তে দুজন ব্যক্তিয়ে নিজ নিজ দেশ, অঞ্চলৰ ভাষা, সংস্কৃতি, লোকাচাৰ, সাহিত্য আদি সকলো বিষয়ে তথ্যৰ বিনিময় কৰি নিজৰ জ্ঞানৰ ভাণ্ডাৰখনো সম্বৃদ্ধ কৰিব পাৰে। মনত পৰিছে মোৰ নিজৰ পত্ৰ বান্ধৱী জাৰ্মানীৰ ক্লাৰা দেৱৰক'লৈ। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰতি বিশেষ আগ্ৰহ থকা ক্লাৰাই মোৰ লগতে ভাৰতৰ আন দুই এজন পত্ৰ বন্ধুৰ পৰা এই বিষয়ে বহুতো তথ্য আহৰণেৰে ইয়াৰ প্ৰেমত পৰে আৰু কিছু বছৰ পূৰ্বে এই বিষয়ত অধিক জানিবলৈ আমাৰ আমন্ত্ৰণত ভাৰত ভ্ৰমণ কৰি গৈছে। কিন্তু সেই সময়ত বড়োভূমিত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলস্বৰূপে শেষ মুহূৰ্তত ক্লাৰাই তেওঁৰ অসম ভ্ৰমণ বাতিল কৰে আৰু সেয়েহে আজিলৈকে আমাৰ দেখা হোৱা নাই। কিন্তু বন্ধুত্ব এতিয়াও নিবিড়। আনহাতে, পত্ৰবন্ধুত্বৰ দ্বাৰা বিভিন্ন জনে সংগ্ৰহ কৰি ভালপোৱা সামগ্ৰী যেনে ডাকটিকট, মুদ্ৰা, কিতাপ, আলোচনী আদিয়ো বিনিময় কৰি লাভবান হয়। পত্ৰবন্ধুত্ব একে অঞ্চলৰ সমভাষী দুজনৰ মাজতো হ'ব পাৰে, একেখন দেশৰ ভিন ভিন অঞ্চলৰ ভিনভাষী দুজন ব্যক্তিৰ মাজতো হয় তথা সম্পূৰ্ণ পৃথক দেশ দুখনৰ দুজন লোকৰ মাজতো হ'ব পাৰে। পত্ৰবন্ধুত্বই নামানে কোনো ভৌগোলিক পৰিসীমা, নামানে বয়সৰ পাৰ্থক্য। বিভিন্ন ভাষা শিকিবলৈ আগ্ৰহী সকলৰ বাবে পত্ৰবন্ধুত্ব অতি সুন্দৰ মাধ্যম। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় পত্ৰবন্ধুত্বত ব্যৱহৃত ভাষাটো যিহেতু ইংৰাজী সেয়েহে এই ভাষাত লেখামেলা কৰাৰ দক্ষতায়ো পত্ৰবন্ধুত্বৰ জৰিয়তে অৰ্জন কৰিব পাৰি।
পত্ৰবন্ধুত্বৰ ইতিহাস বহুতো প্ৰাচীন। পৃথিৱীৰ প্ৰায়বোৰ সংগ্ৰহালয়ত এনে বহুতো ঐতিহাসিক চিঠিপত্ৰ সংৰক্ষিত হৈ আছে যিবোৰ বিখ্যাত ব্যক্তি সকলৰ মাজৰ পত্ৰবন্ধুত্বৰে ফচল। এনে পত্ৰ বিনিময়ৰ মাধ্যমে তেওঁলোকে তৎকালীন বহুতো ঘটনা-পৰিঘটনাৰ তথ্য প্ৰমাণ স্বৰূপে লিখি থৈ গৈছে। জৰ্জ বার্নাৰ্ড শ্ব'য়ে তেওঁৰ পত্ৰবান্ধৱী অভিনেত্ৰী পেট্ৰিক কেম্পবেললৈ লিখা ২৩৯ খন চিঠি ১৯৮৪ চনত প্ৰায় ৩০০০ পাউণ্ডত নিলাম হৈছিল। পত্ৰবন্ধু সকলৰ মাজত হোৱা এনে গুৰুত্বপূৰ্ণ পত্ৰচাৰৰ বহুতো উদাহৰণ আছে যিবোৰ উল্লেখ কৰি শেষ কৰিব নোৱাৰি। ভাৰতবর্ষৰ দুগৰাকী মহামানৱ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধীৰ মাজত ১৯১৫ চনৰ পৰা ১৯৪১ চনলৈকে হোৱা পত্ৰলাপৰ এক সংকলন সব্যসাচী ভট্টাচাৰ্যই প্ৰকাশ কৰি উলিয়াইছে য'ত দেশৰ তদানীন্তন পৰিস্থিতি আৰু তেওঁলোক দুজনৰ মনোদশা সুন্দৰকৈ প্ৰকাশ পাইছে। উৰ্দুৰ বিখ্যাত কবি মিৰ্জা গালীবৰ বহুতো পত্ৰবন্ধু আছিল আৰু তেওঁলোকৰ সৈতে হোৱা পত্ৰলাপ গলীবৰ বহুতো অমৰ সৃষ্টিৰ প্ৰেৰণা আছিল বুলি জনা যায়। পত্ৰবন্ধুত্ব কেৱল ইতিহাসৰ দস্তাবেজ বা সাহিত্য সৃষ্টিৰ উৎসয়েই নহয় বৰং এনে বহুতো উদাহৰণ আছে যত দুজন পত্ৰবন্ধুৰ মাজত এনে এক নিবিড় সম্পৰ্কই গঢ় লৈ উঠে যে এজনে আনজনৰ বাবে প্ৰাণ দিবলৈয়ো কুন্ঠা বোধ নকৰে। ইয়াৰে এক উজ্জ্বল দৃষ্টান্ত দুই নোবেল বঁটা বিজয়ী নাৰীৰ মাজৰ পত্ৰবন্ধুত্ব।
১৯০৯ চনত বিশ্বৰ প্ৰথম মহিলা সাহিত্যিক হিচাপে চুইডেনৰ চেলমা লেগাৰলফে নোবেল বঁটা লাভ কৰাৰ পাছতে জাৰ্মানীৰ ১৬ বছৰীয়া নেলী চাক্স নামৰ ছোৱালী এজনী তেওঁৰ প্ৰতি খুব আকৰ্ষিত হয় আৰু চেলমালৈ চিঠি লিখি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। চেলমায়ো নেলীৰ সকলো পত্ৰৰ উত্তৰ দি ভাল পাইছিল আৰু এনেকৈয়ে এটা সময়ত এই পত্ৰ বিনিময়ে মহিলা দুগৰাকীৰ মাজত গভীৰ বন্ধুত্বৰ ৰূপ লয়। চেলমাৰ প্ৰেৰণাতে নেলী এগৰাকী সুলেখিকা হৈ উঠে আৰু ১৯৬৬ চনত বিশ্বৰ ষষ্ঠ নাৰী সাহিত্যিক হিচাপে নেলীয়ে নোবেল বঁটা লাভ কৰে! অৱশ্যে তাৰ পূৰ্বে ১৯৪০ চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ দামামা বাজি উঠে আৰু নেলীকো কঠোৰ নাজি বাহিনীয়ে অভিযুক্ত কৰি কনচেণ্ট্ৰেচন কেম্পলৈ পঠিয়াব বিচাৰিছিল। এই কথাৰ উমান পাই অনিশ্চিত ভৱিষ্যৰ কথা চিন্তা কৰি নেলীয়ে কোনো এক ঘনিষ্ঠ বন্ধুৰ জৰিয়তে চুইডেনৰ পত্ৰবান্ধৱী চেলমালৈ খবৰ পঠিয়াই আৰু নিজ মাতৃ সহ তেওঁৰ বাবে চুইডেনত আশ্ৰয় বিচাৰে। তেতিয়া চেলমাৰ বয়স প্ৰায় ৮১, শাৰীৰিক ভাৱেও অসুস্থ। তথাপি মৰমৰ পত্ৰবান্ধৱীৰ জীৱন ৰক্ষার্থে চেলমাই চুইডেনৰ যুৱৰাজ ইউজিনক এই বিষয়ে অনুৰোধ জনাই আৰু ৰাজপৰিয়ালৰ হস্তক্ষেপত নেলীলৈ ভিজাৰ ব্যৱস্থা কৰি দিয়ে। তেতিয়ালৈকে নাজিৰ অত্যাচাৰত শিহৰীত হৈ নেলী প্ৰায় বাকৰুদ্ধ। তথাপি কোনোমতে মাকক লগত লৈ তেওঁ চুইডেনলৈ পলাই আহিবলৈ সক্ষম হয়। ইফালে চেলমাই নেলীহঁতৰ থকাৰ বাবে দুই কামৰাৰ এপাৰ্টমেণ্ট এটাও ঠিক কৰি থৈছিল।
কিন্তু নিয়তিৰ কি কৰুণ পৰিহাস! নেলীৰ সৈতে দেখা হোৱাৰ কিছু সময় পূৰ্বেই বৃদ্ধা চেলমাৰ মৃত্যু হয়! কাহানিও দেখা নহ'ল দুই অন্তৰংগ পত্ৰবন্ধুৰ! নেলীয়ে আজীৱন এই আঘাত পাহৰিব নোৱাৰিলে আৰু জীৱনৰ শেষলৈকে চেলমা আৰু তেওঁৰ বন্ধুত্বৰ স্মৃতি বুকুত লৈ চুইডেনতে অতিবাহিত কৰে।

ডাকযোগে পত্ৰবন্ধুত্বৰ দৰে সুন্দৰ, আবেগিক হবি খুব কমেই আছে। অৱশ্যে আজিকালি ই-পত্ৰচাৰে বহুক্ষেত্ৰত ডাক মাৰফত পত্ৰ লিখি ও প্ৰেৰণ কৰি বন্ধুত্ব গঢ়াৰ চখটোক প্ৰভাৱিত কৰিছে যদিও বহুতে আকৌ এই ইণ্টাৰনেট প্লেটফৰ্মতে উপলব্ধ কিছু 'পেন পাল ক্লাব'ৰ সহায়ত পত্ৰবন্ধুত্বৰ প্ৰতি আগ্ৰহী দেশ-বিদেশৰ লোক সকলৰ ঠিকনা সংগ্ৰহ কৰি ডাক ব্যৱস্থাৰ জৰিয়তেই পত্ৰ বিনিময়েৰে জীয়াই ৰাখিছে পত্ৰবন্ধুত্বৰ মহত্বক। কিছু বছৰ আগলৈকে পত্ৰমিত্ৰতাত আগ্ৰহী দেশ-বিদেশৰ বহুতো ব্যক্তিৰ ফটো, ঠিকনা, ৰাপ আৰু সংক্ষিপ্ত পৰিচয় তথা পত্ৰবন্ধুত্ব সম্পৰ্কে নানান লেখা, খবৰ আদি একত্ৰিত কৰি প্ৰকাশ পাইছিল কেইবাখন জনপ্ৰিয় পেনফ্রেণ্ডশ্বিপ আলোচনী।
আমাৰ অসমৰে গুৱাহাটীৰ পৰা নিয়মিত ভাৱে ওলাইছিল 'জয়হিন্দ' নামৰ তেনে এখন বহুল প্ৰচলিত আলোচনী। বিখ্যাত যাদুকৰ পি.চি. চৰকাৰৰ তিনি নাতিনিয়েক মানেকা, মৌৱনী আৰু মুমতাজ মোৰ পত্ৰবান্ধৱী আছিল আৰু তেওঁলোকে যাদুবিদ্যা তথা পত্ৰমিত্ৰতাৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে নিয়মিত ভাৱে প্ৰকাশ কৰি তেওঁলোকৰ পত্ৰবন্ধু সকলোলৈ প্ৰেৰণ কৰিছিল 'প্রিয় বান্ধৱী' নামৰ এখনি পত্ৰিকা। বিশ্বৰ চুকেকোণে জনপ্ৰিয় পত্ৰবন্ধুত্ব হবি বা চখটোৰ লগতে পত্ৰলিখনৰ অভ্যাসটোক উদগনি যোগোৱাৰ উদ্দেশ্যৰে জাৰ্মানীৰ চৰকাৰী ডাক বিভাগ দয়চে পোষ্টে কিছুবছৰ আগলৈকে নিয়মীয়াকৈ প্ৰকাশ কৰিছিল 'লেটাৰমেগ' নামৰ এখনি সুন্দৰ সুখপাঠ্য আলোচনী আৰু বিশ্বজুৰি পত্ৰবন্ধুত্ব আৰু পত্ৰলিখনৰ প্ৰতি আগ্ৰহী সকললৈ যোগান ধৰিছিল।
এতিয়া অৱশ্যে ইণ্টাৰনেটৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ ফলশ্ৰুতিত এই আলোচনী ইণ্টাৰনেটত প্লেটফৰ্মত 'লেটাৰনেট' নামৰ ই-আলোচনী হিচাপে উপলব্ধ কৰা হৈছে। পত্ৰবন্ধুত্বৰ বাবে আগ্ৰহী সকলৰ নাম, ঠিকনা আদি যোগান ধৰা কিছুমান বিশ্বাসযোগ্য তথা জনপ্ৰিয় ৱেবচাইট হ'ল এসময়ত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ পত্ৰমিতালী আলোচনী 'চিগনাল'ৰ বৰ্তমান ই-স্বৰূপ www.signalpenpals.net; ছাত্ৰছাত্ৰী সকলক পত্ৰবন্ধুত্ব, পত্ৰলিখন আৰু বিদেশী ভাষা শিক্ষাৰ প্ৰতি আকৰ্ষিত ৱেব পৰ্টেল www.studentsoftheworld.info। তাৰ উপৰি www.geekgirlpenpals.com; www.extraordinarypenpals.com; www.interpals.net; www.penpalworld.com আদি ৱেবচাইটৰ পৰায়ো পত্ৰবন্ধুত্ব আৰম্ভ কৰিবলৈ আগ্ৰহী সকলক বিভিন্ন লাগতিয়াল তথ্য যোগান ধৰা নিৰ্ভৰযোগ্য ঠিকনা। এইখিনিতে এই হবিৰ প্ৰতি আগ্ৰহী সকলক এক সতৰ্কবাণী দি থোৱা ভাল হ'ব। এই যে আজিকালি কিছুমান আঞ্চলিক তথা ৰাষ্ট্রীয় সংবাদপত্ৰত 'PENFRIENDSHIP', '24x7 FRIEND' আদিবোৰ শিৰোনামেৰে কিছু অখ্যাত প্ৰতিষ্ঠানে বিজ্ঞাপন প্ৰকাশ কৰে এইবোৰৰ সৰহ সংখ্যকেই প্ৰকৃত পত্ৰবন্ধুত্বৰ পৰিবৰ্তে ফোনবন্ধু, ডেটিং আৰু প্ৰেমালাপ আদিকহে সহায় কৰে আৰু বহু ক্ষেত্ৰত মোটা অংকৰ ধন আদিও মাচুল হিচাপে দাবী কৰে। পত্ৰবন্ধুত্বৰ প্ৰতি আগ্ৰহী সকলে এনেবোৰ বিজ্ঞাপনৰ দ্বাৰা পৰিচালিত নহ'লেই ভাল।

পত্ৰবন্ধুত্ব আৰম্ভ কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় গুণটো হৈছে চিঠিপত্ৰ লিখাৰ প্ৰতি থকা আগ্ৰহ আৰু উৎসাহ। গোটেই ল'ব লাগিব কিছুমান দৰকাৰী বস্তু যেনে ৰাইটিং পেদ, উকা কাগজ, কলম, লেফাফা, ডাকটিকট, গ্লু বা আঠা ইত্যাদি। চিঠিখনক সজাই তুলিবলৈ বিভিন্ন ধৰণৰ ষ্টিকাৰ আদিও সংগ্ৰহ কৰি আনি ল'ব পাৰে। আনহাতে চিঠিবোৰ ডাকযোগে প্ৰেৰণ কৰিবলৈ নিজ দেশৰ ডাক ব্যৱস্থা সম্পর্কেয়ো কিছু জ্ঞান আহৰণ কৰি ল'ব লাগিব। বিশেষকৈ দেশৰ ভিতৰত আৰু বিদেশৰ বিভিন্ন ৰাষ্ট্ৰলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ কি নিয়ম আছে, কিমান মূল্যৰ ডাকটিকট লগাব লাগিব সেইবোৰ জানি ল'লে ভাল। বিভিন্ন দেশলৈ চিঠি, পাৰ্চেল আদি পঠিওৱাৰ ডাক খৰচ বেলেগ বেলেগ হয়। ওচৰৰ ডাকঘৰলৈ গৈ এইবোৰ সম্পৰ্কে সুধিলে ডাককৰ্মী সকলে নিশ্চয়কৈ সহায় আগবঢ়াব। আমি স্কুলীয়া জীৱনত ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ 'তোমালোকৰ ভাল হওক' নামৰ কিতাপখন পঢ়ি জানিছিলো লেফাফাত ঠিকনা লিখাৰ সঠিক নিয়ম। যিজনলৈ চিঠি প্ৰেৰণ কৰা হয় তেওঁৰ সম্পূৰ্ণ ঠিকনা পিনকোড সহ সদায় খামৰ মাজভাগত আৰু প্ৰেৰকৰ নাম খামৰ বাওঁহাতে তলত বা ওপৰত লিখিব লাগে। লেফাফা খুলা-বন্ধ কৰা অংশটো সোঁফালে থাকিব লাগে আৰু প্ৰাপকৰ ঠিকনা লেখা ঠাইৰ পৰা খামৰ সোঁহাতৰ একেবাৰে ওপৰতহে নিৰ্দিষ্ট মূল্যৰ ডাকটিকট লগাই পঠাব লাগে।
পত্ৰবন্ধুত্বৰ প্ৰতি আগ্ৰহী সকলে এই সকলোবোৰ জ্ঞান পত্ৰচাৰৰ জৰিয়তে বন্ধুত্ব গঢ়ি তুলি ক্ৰমান্বয়ে আয়ত্ব কৰি লয় আৰু পত্ৰবন্ধুত্বৰ দৰে এক ৰোমাঞ্চকৰ হবিৰ দ্বাৰা নিজে মানসিক সন্তুষ্টি লাভ কৰাৰ লগতে চহকী কৰি তুলে নিজৰ জ্ঞানৰো পৰিধি। তাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল, পত্ৰবন্ধুত্বই বিশ্বজুৰি সৃষ্টি কৰে নিবিড় বন্ধুত্বৰ এক অদৃশ্য মায়াজাল যিয়ে ইতিমধ্যে সৃষ্টি কৰিবলৈ সক্ষম হৈছে ইতিহাসৰো অসংখ্য দৰকাৰী দস্তাবেজ। আশা কৰিছো ই-বিশ্বৰ প্ৰত্যাহ্বানক পৰিপূৰক হিচাপে ব্যৱহাৰ কৰি আমাৰ নৱপ্ৰজন্মৰ সকলেও পত্ৰবন্ধুত্বৰ ৰস পান কৰিবলৈ যত্ন কৰিব আৰু ডাকযোগে গঢ়ি তুলিব অনেক আন্তৰিক তথা প্ৰকৃত বন্ধুত্বৰ সম্পৰ্ক।
(দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী 'বসুন্ধৰা'ত ১৬-০৬-২০১৯ তাৰিখে প্ৰকাশিত)

Comments
Post a Comment