আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা
আজি ২১ ফেব্ৰুৱাৰী, আন্তৰ্জাতিক মাতৃভাষা দিৱস। ১৯৪৮ চনত পাকিস্তান চৰকাৰে পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)ত চৰকাৰী ভাষা হিচাপে উৰ্দুৰ প্ৰচলন ঘোষণা কৰে। ইয়াতে জাঙুৰ খাই উঠে বাংলাভাষী পূব পাকিস্তানৰ নাগৰিক সকল আৰু জ্বলিবলৈ ধৰে বিদ্ৰোহৰ জুই।১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত পাকিস্তান চৰকাৰৰ এই এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজপথত ওলাই অহা ঢাকা বিশ্ববিদ্যালয়ৰ কেইবাজনো আন্দোলনকাৰী ছাত্ৰ আৰক্ষীৰ গুলীত নিহত হয় যাৰ ফলত এই ভাষা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰে। এই আন্দোলনৰ ওচৰত শেষ পৰ্যন্ত পৰাজয় স্বীকাৰ কৰি পাকিস্তান চৰকাৰে বাংলা ভাষাক পূৱ পাকিস্তানৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ে। পাছত বাংলাদেশৰ সেই বিখ্যাত ভাষা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ ইউনেস্কই ১৯৯৯ চনত বিশ্বত মাতৃভাষাৰ ব্যাপক প্ৰসাৰৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আপোন আইৰ মুখেৰে ওলাই অহা ভাষা, চিৰ চেনেহী মাতৃভাষা। আই মাতৃক যেনেদৰে কোনোপধ্যেই ঘৃণা কৰিব নোৱাৰি, ঠিক একেদৰে মায়ে কোৱা ভাষা আমাৰ প্ৰত্যেকৰে হিয়াৰ আমঠু, প্ৰাণতকৈ অধিক প্রিয়। আজিৰ এই ঐতিহাসিক দিনটোত মই গৰ্বেৰে কৱ খোজো যে মই এজন চিলটি, আৰু মোৰ মাতৃভাষা চিলেটি। কাৰণ মোৰ মায়ে এই ভাষাতে মোক নিচুকনি গীত শুনাইছিল, আমাৰ কাণত পোনপ্ৰথম চিলেটি শব্দয়েই সোমাইছিল আৰু আমাৰ জীৱনত ভাষাৰ আদি পাঠ এই চিলেটিতে। কালক্ৰমে যদিও আমি বাংলা ভাষা আৰু অসমীয়া ভাষা অধিক ব্যৱহাৰ কৰিছো, তথাপি নিজ মাতৃ ভাষা চিলেটিক স্বগৃহত জীয়াই ৰাখিছোঁ স্বসন্মানে।
'চিলেটি এটি স্বতন্ত্ৰ ভাষা, ই কোনো অন্য ভাষাৰ উপভাষা নহয়'। কথাষাৰ কোৱাৰ লগে লগে বহুতে হয়তো ভাবিব পাৰে আকৌ এক ভাষা ভিত্তিক বিভাজনৰ সৃষ্টি কৰাৰ অপচেষ্টা চলাইছো। কিন্তু এইয়া সম্পূৰ্ণ মোৰ ব্যক্তিগত অনুভৱৰ অভিব্যক্তি মাথো আৰু এনে মতাদৰ্শ পোষণ কৰাৰ যথেষ্ট সমল আছে। কিয়নো বিশ্বত প্ৰায় ১১ মিলিয়ন লোকে চিলেটিত মাতবোল কৰে। এই ভাষাৰ নিজা বৰ্ণমালা আছে যাক 'চিলেটি নাগৰি' ( ꠡꠤꠟꠦꠐꠤ ꠘꠣꠉꠞꠤ) বুলি কোৱা হয়। কোৱা হয় মাত্ৰ আঢ়ৈ দিনতে শিকিব পাৰি এই নাগৰি। নাগৰিৰ আখৰ ৩৩ টা, ইয়াৰে ৫ তা স্বৰবৰ্ণ আৰু ২৮ টা ব্যঞ্জনবৰ্ণ। চিলেটিত অকল 'ও' ব্যৱহাৰ কৰা হয়, আৰু য়, অ-ৰ ব্যৱহাৰ ইয়াত নাই। ঠিক তেনেদৰে এই ভাষাৰ শ, ষ আৰু স হিচাপে অকল 'শ' ব্যৱহাৰ হয়। চিলেটিত 'শ' উচ্চাৰণ 'হ' হিচাপে কৰা হয়। চিলেটি নাগৰি লিপিৰ ব্যৱহাৰ এসময়ত খুব হৈছিল যদিয়ো কালক্ৰমে বাংলা লিপি আৰু ভাষাৰ প্ৰভাৱত ইয়াৰ স্বকীয়তা হেৰোৱাব ধৰে আৰু এই কাৰণতে বহুতে ইয়াক বাংলাৰ উপভাষা বুলি কব খোজে। চিলেটি ভাষাত বাংলাৰ প্ৰভাৱ অতি বেছি, আৰু বৰ্তমানে এই ভাষাক লেখিবলৈ বাংলা বৰ্ণমালাই ব্যৱহাৰ হৈ আহিছে। আনকি বাংলা লিপি ব্যৱহাৰ কৰিয়েই চিলেটিত ৰামায়ণৰ অনুবাদলৈকে হৈছে, কবিতা পুথি আদি প্ৰকাশ পাইছে। আচলতে চিলটি সকল এই অসমৰে ভূমিপুত্ৰ। আদি যুগত চিলেটি ভাষী অধ্যুষিত অঞ্চল মানে অবিভিক্ত চিলেট কিন্তু অসমৰে অংগ আছিল । কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বত শ্ৰীহট্ট (চিলেটৰ পূৰ্বৰ নাম) কামৰূপৰ অংশ আছিল৷ এই শ্ৰীহট্ট বা চিলেট ১৮৭৪ চনত অসম প্ৰদেশৰ অধীন হৈছিল আৰু মাজৰ বংগ ভংগৰ ৬ বছৰ বাদ দি দেশবিভাজনলৈকে চিলেট অসমৰ সৈতে আছিল৷ স্বাধীনতাৰ সময়ত চিলেটক লৈ তীব্ৰ বাদানুবাদ হৈছিল৷ যিহেতু অসম পাকিস্তানৰ সৈতে চামিল হোৱা নাছিল, সেয়েহে চিলেটো হব নালাগিছিল৷ পিছে মুছলিম অধ্যুষিত এক বৃহৎ জিলা হিচাপে চিলেটক লৈ দৰদাম আৰম্ভ হৈছিল আৰু গণভোটৰ পিছত চিলেটৰ পয়ত্ৰিশখন থানাৰ চাৰেতিনি থানা ভাৰতৰ লগত (বৰ্তমান কৰিমগঞ্জ) আৰু বাকী অঞ্চল পুৱ পাকিস্তানৰ সৈতে 'চিলেট' নাম লৈ অন্তৰ্ভূক্ত হৈছিল৷ সেয়েহে এই ভাষাৰ উচ্চাৰণত অসমীয়া ভাষাৰ সৈতে অনেক মিল দেখা পোৱা যায় আৰু চিলেটি ভাষাৰ বহুতো শব্দ অসমীয়া শব্দৰ সৈতে একেবাৰে একেই। উদাহৰণ স্বৰূপে কব পাৰি অসমীয়াত 'বিচনী' চিলেটিত 'বিচৈন', উৰহী=উৰি, নিজান= নিজান, পাহৰি যোৱা= পাউৰী যাওয়া, গুৱা= গুৱা, আচৰিত= আচৰিত, আহুকাল = আউকাল, সঁচাকথা = হাচাকথা... ইত্যাদি বহুতো। এই ভাষাৰ শব্দবিন্যাশ আৰু উচ্চাৰণতো বাংলাতকৈ অসমীয়া ভাষাৰ উচ্চাৰণৰ সৈতেহে বহু মিল দেখা পোৱা যায়।
চিলেটি ভাষাৰ সামঞ্জস্য বাংলা আৰু অসমীয়া দুয়োৰে সৈতে থাকিলেও এই ভাষা এটা সম্পূৰ্ণ পৃথক ভাষা আৰু সেয়েহে চিলেটি ভাষাক ইউনেস্কোই ২০০৫ চনত আন্তৰ্জাতিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। ইউনিকোড প্ৰাপ্ত ভাষা চিলেটি। পলমকৈ হলেও আজি বিশ্বৰ বিভিন্ন ঠাইত এই ভাষাৰ ওপৰত আকৌ গৱেষণা আদি আৰম্ভ হৈছে, আৰু চিলেটি সকলে আপোন মাতৃভাষাক আকোৱালি লৈছে, গৰ্ব বোধ কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বৰ্তমান বাংলাদেশৰ চিলেট, অসমৰ বৰাক উপত্যকাৰ লগতে অসম তথা ভাৰতৰ বিভিন্ন ঠাইত এই ভাষাৰ ওপৰত গৱেষণা, চৰ্চা আদি আৰম্ভ হৈছে। ইংলেণ্ড, ফ্ৰান্স আদি দেশৰ বিভিন্ন বিশ্ববিদ্যালয়তো চিলেটি ভাষা আৰু নাগৰি লিপি সম্পৰ্কে গৱেষণা, অধ্যয়ন চলি আছে, বহুতে এই ভাষাৰ গৱেষণা কৰি পি এইচ ডি লাভ কৰিছে। নাগৰি ভাষাত শিলালিপি লৈকে আবিষ্কাৰ হৈছে আৰু ফ্ৰান্সৰ চৰকাৰী ভাষা যাদুঘৰত 'চিলেটি' ভাষাই স্থান পাইছে। চিলেটিত প্ৰকাশিত হৈ আছে নানান গ্ৰন্থ,পত্ৰিকা। আনকি তথ্য প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিৰ যুগত চিলেটি নাগৰি ভাষাত টাইপ কৰিব পৰাকৈ কি বৰ্ড, মোবাইল এন্দ্ৰইড এপ আদিলৈকে সংযোজন হৈছে। অসমৰ সমাজ জীৱনতো চিলেটি সকলৰ অৱদান যথেষ্ট। লাল-বাল-পাল খ্যাত বিপিন চন্দ্ৰ পালো চিলেটি আছিল। নৱ ভাৰতৰ বৈষ্ণৱ আন্দোলনৰ বাটকটীয়া শ্ৰী চৈতন্য দেৱো চিলেটৰ আছিল। শ্রদ্ধেয় হেমাঙ্গ বিশ্বাস এজন চিলেটি আছিল। সদ্য প্ৰয়াত লোকসঙ্গীত গৱেষক আৰু প্ৰখ্যাত সংগীত শিল্পী কালিকাপ্ৰসাদ ভট্টাচাৰ্য চিলেটি আছিল। দুবছৰমান পূৰ্বে গুৱাহাটীত অনুষ্ঠিত 'চিলেটি সম্মেলন'ত অংশগ্ৰহণ কৰি অভিভূত হৈ শ্ৰদ্ধেয় কনকসেন ডেকাদেৱে দৈনিক অগ্ৰদূত কাকতত লেখা এক প্ৰবন্ধত উল্লেখ কৰিছে- 'চিলেট সম্পৰ্কে এটি প্ৰবাদ আছে: সকলোতে উত্তম, মাধ্যম আৰু নীচ লোক আছে, পিছে চিলেট(শ্ৰীহট্ট)ত উত্তমেই অধিক৷ ....' তেখেতে আৰু উল্লেখ কৰিছে- 'অসম বিধান সভাৰ প্ৰথমজন স্পীকাৰ বসন্ত দাস চিলেটি আছিল৷ শ্বিলঙত অসমৰ ৰাজধানী থকালৈকে সচিবালয়ৰ গুৰুত্বপুৰ্ণ পদবীবোৰত চিলেটি মানুহৰ আধিপত্য আছিল৷ বিত্তৰ দৰে জটিল বিষয়ৰ সমাধানত চিলেটি আগৰণুৱা আছিল৷' আজিয়ো অসমৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চিলেটি সকলে ঘৰুৱা জীৱনত মাতৃভাষা চিলেটিক সংৰক্ষণ কৰি হলেও ৰাজহুৱা জীৱনত অসমীয়াক আকোৱালী লৈছে। সকলোলৈ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ আন্তৰিক অভিনন্দন। মাতৃভাষাক জীয়াই ৰখাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ, আহক আমি নিজ নিজ ভাষা জননীক জীয়াই ৰখাত ব্ৰতী হওঁ আৰু লগতে অন্যান্য সকলো ভাষাৰ প্ৰতি শ্রদ্ধাশীল হওঁ। - পৃথ্বীৰাজ পুৰকায়স্থ ( ꠙৃꠕ꠆ꠛꠤꠞꠣꠎ ꠙꠥꠞꠇꠣꠅꠡ꠆ꠕ)

Comments
Post a Comment