হবি কথা- এপ্ৰিল ২০২০
লকডাউনত বিপদগ্ৰস্ত লোকৰ ত্ৰাণকৰ্তা ৰূপে অসমৰ হেম
দেশজুৰি লকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ এমেচাৰ ৰেডিঅ' পৰিচালক বা হেম সকলে আকৌ এবাৰ মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। দ্বিপক্ষীয় অনাতাঁৰ সেৱা হেম ৰেডিঅ'ক দুৰ্যোগকালীন পৰিস্থিতিত যোগাযোগৰ দ্বিতীয় শাৰীৰ মাধ্যম হিচাপে জনা যায় আৰু এই খ্যাতিকে শুদ্ধ প্ৰমাণ কৰিলে অসম আৰক্ষী অনাতাঁৰ সংস্থাৰ জ্যেষ্ঠ প্ৰশিক্ষক তথা ৰাজ্যৰ এগৰাকী হেম ৰেডিঅ' পৰিচালক তাহেৰুদ্দীন আহমেদে। "কামাখ্যা মন্দিৰৰ ওচৰত লকডাউনত আবদ্ধ হৈ পৰা পশ্চিম বংগৰ এটা ১৮ জনীয়া শ্রমিক দলৰ বিষয়ে কিছুদিন পূৰ্বে কলিকতাৰ ৱেষ্ট বেংগল ৰেডিঅ' ক্লাৱৰ সংগঠক তথা হেম অম্বৰীশ নাগ বিশ্বাসৰ পৰা মই ৰেডিঅ'ত এটি জৰুৰী বাৰ্তা লাভ কৰোঁ। ততালিকে লোককেইজনৰ সন্ধান উলিয়াই গভীৰ খাদ্য আৰু অৰ্থ সংকটত ভুগি থকা এই দলটোক আমি খাদ্যৰ যোগান ধৰোঁ আৰু কথাটো ভৰলুমুখ থানাত অৱগত কৰোঁ। এই শ্ৰমিক সকল এতিয়া সময়মতে নিজ ৰাজ্যলৈ ঘূৰি যাব পাৰিব"- ৰেডিঅ' যোগে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিশ্বজুৰি এক বিশাল যোগাযোগ নেটৱৰ্ক গঠন কৰা তাহেৰুদ্দিন আহমেদে জনায়। উল্লেখযোগ্য যে VU2TUO কলচাইনেৰে পৰিচিত এই ৫৫ বছৰীয়া হেম গৰাকীৰ প্ৰচেষ্টাতে শেহতীয়াকৈ গুৱাহাটীত অসমৰ বিভিন্ন জিলাৰ হেম আৰু ৰেডিঅ' অনুৰাগীৰ অংশগ্ৰহনেৰে জন্ম লাভ কৰে চেণ্ট্ৰেল এমেচাৰ ৰেডিঅ' এক্টিভিটি চেণ্টাৰ।লকডাউনৰ সময়ত ৰেডিঅ' যোগে বিভিন্ন ৰাজ্যৰ হেম সকলৰ পৰা লাভ জৰুৰীবাৰ্তাৰ প্ৰতি সঁহাৰি জনাই আহমেদৰ নেতৃত্বত এই সংগঠনটোৰ সদস্য সকলে বিভিন্ন জনসেৱামূলক কাম আৰম্ভ কৰিছে। ইতিমধ্যে চেন্নাইৰ এটা হেম ক্লাৱে ব্যৱস্থা কৰি দিয়া এম্বুলেন্সত অসমলৈ ঘূৰি আহি থকা কেন্সাৰ ৰোগীসহ অসম আৰু পশ্চিমবংগৰ কেইবাজনো ৰোগীৰ স্বৰাজ্যলৈ প্ৰত্যাৱৰ্তন সম্পৰ্কীয় গতিবিধি ৰেডিঅ' যোগেই নিৰীক্ষণ কৰা, চেন্নাইত দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে যোৱা ৰোগীত তথ্য সংগ্ৰহ কৰি প্রশাসনক অৱগত কৰোৱা, গুৱাহাটীত আহি লকডাউনত যোগাযোগ বিছিন্ন হোৱা ত্ৰিপুৰাৰ দুজন স্কাউটক উদ্ধাৰ কৰি ঘৰলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা আদিৰ দৰে সুন্দৰ কাম কৰা সংগঠনটোৰ মুখ্য পৰামৰ্শদাতা তাহেৰুদ্দিন আহমেদে জনাই যে- "ভাৰতৰ বিভিন্ন ৰাজ্যৰ হেম সকলে যোগাযোগৰ এই বিকল্প ব্যৱস্থাৰ প্ৰয়োগ কৰি স্থানীয় প্রশাসনক আন আন ৰাজ্যৰ আবদ্ধ শ্ৰমিক, পৰ্যটক, তীৰ্থযাত্ৰী, প্ৰবাসী ছাত্র-ছাত্ৰী সকলক বিচাৰি উলিয়াই বিভিন্ন সাহায্য আগবঢ়োৱা কাৰ্য্যত সহায় কৰি আছে। আনকি কেৰেলাৰ কোল্লাম জিলাত ৰাজ্যৰ হেম সকলে কৰ'না চিকিৎসালয়ত অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰে ৰোগীৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে বুলি চিন্তা কৰা জিলা প্ৰশাসনৰ আহ্বানত চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মী সকলৰ মাজত আৰু জিলাৰ ভিতৰুৱা অঞ্চলৰ চিকিৎসালয়ৰ সমূহৰ সৈতে জিলাৰ সদৰ কার্যালয়ৰ ৰেডিঅ' যোগাযোগ ব্যৱস্থা স্থাপন কৰি দি বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।" আহমেদে আশা প্ৰকাশ কৰে যে অনাগত দিনত অসমৰ সকলো জিলাতে সংগঠনটোৰ সদস্য বৃদ্ধি পাব আৰু প্ৰত্যেকেই হেম ৰেডিঅ'ৰ জৰুৰী অনুজ্ঞা লাভ কৰি প্ৰাকৃতিক দুৰ্যোগপ্ৰৱন ৰাজ্যখনত প্ৰয়োজনত সেৱা প্ৰদানত আগবাঢ়ি আহিব।
নতুন অসমীয়া আন্তঃৰাষ্ট্ৰীয় শৰ্টৱেভ সম্প্ৰচাৰ সূচী
আকাশবাণী গুৱাহাটী কেন্দ্ৰ শৰ্টৱেভ সম্প্ৰচাৰ বন্ধ হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' স্পেকট্ৰামত অসমীয়া ভাষাত কেৱল দুটা বিদেশী কেন্দ্ৰহে নিয়মীয়াকৈ শৰ্টৱেভত অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। তাৰে প্ৰথমটো হৈছে গুৱাম দ্বীপৰ পৰা প্ৰচাৰিত ট্ৰেন্স ৱৰ্ল্ড ৰেডিঅ'ৰ অনুষ্ঠান 'ভক্তি বচন'। প্ৰত্যেক সপ্তাহৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে প্ৰচাৰ হোৱা এই অনুষ্ঠানটো ভাৰতীয় সময় মতে গধূলি ৫:৪৫ ৰ পৰা ৬:১৫ বজালৈকে শৰ্টৱেভৰ ৯৯১০ কিলোহাৰ্যত শুনিবলৈ পোৱা গৈছে। আনহাতে আমেৰিকাৰ এডভেন্টিষ্ট ৱৰ্ল্ড ৰেডিঅ'ই প্ৰচাৰ কৰা অসমীয়া ভাষাৰ অনুষ্ঠান 'আশাৰ বাণী' প্ৰতি দেওবাৰ আৰু বুধবাৰে ভাৰতীয় সময় মতে সন্ধিয়া ৭:০০ বজাৰ পৰা ৭:৩০ বজালৈ শৰ্টৱেভৰ ১৫৫৫০ কিলোহাৰ্যত স্পষ্ট ভাবেই অসমত শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে এই দুটা অনুষ্ঠানেই মূলতঃ খ্ৰীষ্টধৰ্মীয় গোচপেল অনুষ্ঠান যদিয়ো এই অনুষ্ঠান দুটাৰ জৰিয়তে আমাৰ অসমীয়া ভাষাই শৰ্টৱেভ তৰংগত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে।
ডাকটিকটত মানস ৰাষ্ট্ৰীয় উদ্যান
১৯৮৫ চনতে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জৈৱবৈচিত্ৰ্য অঞ্চল মানস ৰাষ্ট্রীয় উদ্যানক বিষয়বস্তু হিচাপে লৈ ভাৰতীয় ডাক বিভাগে যোৱা ১৬ মাৰ্চ তাৰিখে এটা বিশেষ ডাকটিকট প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সমূহৰ ওপৰত প্ৰকাশ কৰা ডাকটিকটৰ এইটো দ্বিতীয় শৃংখলা আৰু ইয়াত মানসৰ লগতে স্থান পাইছে হিমাচল প্ৰদেশৰ গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান, উত্তৰাখণ্ডৰ নন্দা দেৱী আৰু ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণ ভাৰতৰ বিখ্যাত জৈৱবৈচিত্ৰ্য অঞ্চল ৱেষ্টাৰ্ণ ঘাট।
উল্লেখযোগ্য ইয়াৰ পূৰ্বে ২০০৭ চনত অসমৰ আনটো বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰতো ডাকটিকট প্ৰকাশ কৰা হৈছিল। এই ডাকটিকট সমূহ আগ্ৰহী সকলে জিলাৰ প্ৰধান ডাকঘৰৰ ফিলাটেলি কাউণ্টাৰৰ সৈতে যোগাযোগ কৰি সংগ্ৰহ কৰিব পাৰে। গুৱাহাটীৰ মেঘদূত ভৱনত থকা ফিলাটেলি ব্যুৰতো সৰ্বশেষ প্ৰকাশিত ভৰতীয় ডাকটিকট আৰু অন্যান্য ডাক সামগ্ৰী সমূহ বিক্ৰীৰ ব্যৱস্থা আছে।
২০তে আহি আছে ২০ টকীয়া মুদ্ৰা
দেশত লকডাউনৰ পাছতে নতুন বিছ টকীয়া মুদ্ৰা সাধাৰণ প্ৰচলনৰ বাবে মুকলি কৰা হ'ব। মুম্বাই, কলিকতা, নয়দা আৰু হায়দ্ৰাবাদত থকা টাকশাল সমূহত ইতিমধ্যে এই নতুন মুদ্ৰা প্ৰস্তুত হৈ উঠিছে। উল্লেখযোগ্য যে যোৱা বছৰ কেৱল দৃষ্টিহীন দিব্যাংগ সকলৰ ব্যৱহাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকুলি কৰা₹১, ₹২, ₹৫ আৰু ₹১০ৰ মুদ্ৰাৰ লগত ₹২০ৰ মুদ্ৰায়ো আছিল যদিয়ো বিশেষ কাৰণত ইয়াক এতিয়াহে সাধাৰণ জনতাৰ বাবে প্ৰচলনত অনা হ'ব। নতুন মুদ্রাটোৰ মুঠ ওজন ৮.৫৪ গ্ৰাম আৰু আকাৰ ২৭ মিলিমিটাৰ।
দেশে দেশে ডাকটিকটেৰে কৰ'না যোদ্ধা সকলক সন্মান প্ৰদৰ্শন
কভিড-১৯ নবেল কৰ'না ভাইৰাছৰ সংক্ৰমণৰ ফলস্বৰূপে বিশ্বজুৰি এক অভাৱনীয় পৰিস্থিতিত সন্মুখীন হোৱা মানৱ জাতিৰ উদ্ধাৰ কাৰ্য্যত যিসকল কোভিড যোদ্ধাই দিনে-ৰাতি ব্যক্তিগত স্বাৰ্থক বিসৰ্জন দি সেৱা আগবঢ়াই আছে সেই সকল ব্যক্তিৰ প্ৰতি সন্মান জনাই শেহতীয়াকৈ বিশ্বৰ কেইবাটাও দেশৰ ডাক বিভাগে বিশেষ স্মাৰক ডাকটিকট প্ৰকাশ কৰিছে। অৱশ্যে এনেবোৰ ডাকটিকট প্ৰকাশৰ অন্তৰালত আন এক উদ্দেশ্য হৈছে মাৰাত্মক সংক্ৰামক ব্যাধিটোৰ সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা তথা দৈনন্দিন জীৱনত ল'বলগীয়া সাৱধানতা সম্পৰ্কে মানুহক অৱগত কৰা। বিশ্বৰ প্ৰথমটো কোভিড-১৯ অতিমাৰী স্মাৰক ডাকটিকট প্ৰকাশ কৰে ইৰাণে। ১৮০০০ ৰিয়াল মূল্যৰ এই বিশেষ ডাকটিকটটো ইৰাণে দেশখনৰ স্বাস্থ্যকৰ্মী সকলক 'জাতীয় নায়ক' হিচাপে অভিহিত কৰি মাস্ক আৰু পিপিই পৰিহিত স্বাস্থ্যসেৱক তথা কৰ'না ভাইৰাছৰ প্ৰতীকী গ্ৰাফিকেৰে সজাইছে। ১৭ মাৰ্চ ২০২০ তাৰিখে উন্মোচিত হয় কৰ'না ভাইৰাছ বিষয়ক এই বিশেষ টিকটটো। দক্ষিণ-পূৱ এছিয়াৰ দেশ ভিয়েটনামে ৩১ মাৰ্চ ২০২০ত প্ৰকাশ কৰে কৰ'না মহামাৰীৰ বিষয়ে দুটাকৈ ডাকটিকট। ইয়াৰে প্ৰথমটো হৈছে ১৫০০০ ডং মূল্যৰ আৰু টিকটটোত কৰ'না ভাইৰাছৰ প্ৰতিষেধক তথা দৰৱ উদ্ভাৱনৰ লক্ষ্যৰে গৱেষণা কৰি থকা বিজ্ঞানী আৰু চিকিৎসক সকলক দেখুৱা হৈছে। আনটো ডাকটিকটৰ মূল্য ৪০০০ ডং আৰু ইয়াত কৰ'না যোদ্ধা সকলৰ লগতে চৰকাৰী নীতি-নিৰ্দেশনা মানি এই যুদ্ধত সমানে অৱদান যোগাই থকা সাধাৰণ জনতাকো সন্মান জনোৱা হৈছে।
ইৰাণ আৰু ভিয়েটনামৰ উপৰি স্পেইন, ছুইজাৰলেণ্ড, বোছনীয়া আৰু হাৰজিগোবিনা আৰু শেহতীয়াকৈ ইণ্ডোনেছিয়াইয়ো কৰ'না যোদ্ধা সকলৰ সন্মানাৰ্থে ডাকটিকট প্ৰকাশ কৰিছে। কৰ'না ভাইৰাছৰ উৎপত্তি স্থল চীনৰ উহান প্ৰদেশ আৰু সম্ভৱতঃ এই মহামাৰীক বিষয়বস্তু হিচাপে লৈ ডাকটিকট প্ৰকাশ কৰাৰ কথা পোনপ্ৰথমে চীনা ডাক বিভাগেই চিন্তা কৰিছিল। কিন্তু কোনো অজ্ঞাত কাৰণত পাছলৈ এই পৰিকল্পনাৰ কিছু সালসলনি কৰি এই স্তম্ভ লিখি শেষ কৰালৈকে চীনে ঘোষণা কৰা টিকট আনুষ্ঠানিক ভাবে প্ৰকাশ পোৱা নাই।
ইংলেণ্ড, যিখন দেশৰ প্ৰধানমন্ত্ৰীকো কৰ'নাই এৰি নিদিলে, সেইখন দেশৰ ডাক বিভাগে বিগত সময়চোৱাত বিতৰণৰ বাবে ডাকত অহা বিভিন্ন চিঠি-পত্ৰত এক বিশেষ ছিল মোহৰ লগোৱা পৰিলক্ষিত হৈছে যত লিখা আছে 'STAY HOME. PROTECT THE NHS. SAVE LIVES. এনেদৰেই কৰ'নাক্ৰান্ত পৃথিৱীত আজি দেশে-দেশে এই ৰোগৰ বিৰুদ্ধে জনসজাগতা সৃষ্টি আৰু ৰোগবিধৰ প্ৰতিৰোধত নিয়োজিত প্ৰথম শাৰীৰ যোদ্ধা সকলক সন্মান জনোৱাৰ উদ্দেশ্যে ডাকবিভাগ সমূহে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
আলিগড়ত মুকলি হ'ল বিশ্বৰ প্ৰথম কোভিড-১৯ গ্ৰন্থাগাৰ
আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ মৌলানা আজাদ গ্ৰন্থাগাৰৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক তথা গ্ৰন্থাগাৰ তথ্য বিজ্ঞানৰ প্ৰাক্তন অধ্যক্ষ প্ৰফেছৰ (ড°) চবাহত হুছেইন আৰু কাশ্মীৰৰ চৰকাৰী ডিগ্ৰী কলেজস্থ গ্ৰন্থাগাৰৰ বৰ্তমান গ্ৰন্থাগাৰিক ড° ৰুমান গুলৰ যৌথ প্ৰচেষ্টাত লকডাউনৰ আৰম্ভণিৰ দিনবোৰতে প্ৰাণ পাই উঠে দেশৰ ভিতৰতে প্ৰথমটো কভিড-১৯ মহামাৰী বিষয়ক গ্ৰন্থাগাৰ।
এই ভাৰ্চুৱেল হোম লাইব্ৰেৰীত কভিড-১৯ নবেল কৰ'না ভাইৰাছ বিষয়ক বিভিন্ন পাঠ্যসামগ্ৰী, তথ্য তথা অন্যান্য সাহিত্য যেনে গল্প, কবিতা, উপন্যাস, প্ৰকৃতি, বন্যপ্ৰাণী বিষয়ক সামগ্ৰী, বিভিন্ন হবি যেনে ৰন্ধন, উদ্যানপালন, ঘৰচীয়া জন্তুৰ লালন-পালন, যোগ আদিৰ ওপৰত ইংৰাজী, হিন্দী আৰু উৰ্দু ভাষাত বিভিন্ন সামগ্ৰী উপলব্ধ। তাৰ উপৰি লকডাউনৰ মানসিক বিষণ্ণতা দূৰ কৰিব পৰাকৈ কেইবাটাও মনোৰঞ্জনধৰ্মী ভিডিও আদিও এই ডিজিটেল গ্ৰন্থাগাৰত যোগান ধৰা হৈছে। আগ্ৰহী সকলে www.homelibrarycovid19.com/ এই লিংকটোলৈ গৈ এই গ্ৰন্থাগাৰৰ সামগ্ৰী সমূহ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰে।
ভাৰতীয় ডাকটিকটৰ টুকুৰা খবৰ
কৰ'নাক্ৰান্ত পৰিস্থিতিৰ বাবে বিগত সময়ছোৱাত ভাৰতীয় ডাকবিভাগৰ নতুন ডাকটিকট প্ৰকাশ কাৰ্যসূচীৰ গতি কিছু মন্থৰ হোৱা পৰিলক্ষিত হৈছে যদিও থমকি ৰোৱা নাই।
ভাৰতীয় ডাক বিভাগে শেহতীয়াকৈ প্ৰকাশ কৰা ডাকটিকটৰ প্ৰথমটো যোৱা ১২ ফেব্ৰুৱাৰীত সেনাবাহিনীৰ বিখ্যাত চতুৰ্থ বেটেলিয়ন (উট্ৰম'ছ)ৰাজপুতনা ৰাইফেল্ছৰ দ্বিশতবৰ্ষ উপলক্ষে জাৰি কৰে। ১৮২০ খ্ৰীষ্টাব্দৰ ২৬ মে তাৰিখে স্থাপিত দেশৰ অন্যতম পুৰণি এই সেনাবাহিনীটো প্ৰথমে ১৮১৭ খ্ৰীষ্টাব্দৰ বিখ্যাত কিৰ্কীৰ যুদ্ধত পৰাক্ৰম দেখুৱা ৰাজপুত সৈন্য সকলৰ দ্বাৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেটিভ আৰ্মীৰ অধীনত ১২ সংখ্যক ৰেজিমেণ্ট হিচাপে গঠন কৰা হয়। পাছলৈ ১৯০৩ চনত বাহিনীটোৱে প্ৰতিষ্ঠাপক ব্ৰিটিছ অধিকাৰী ছাৰ জেম্ছ উটৰমৰ নাম গ্ৰহণ কৰে আৰু ইয়াৰ নাম হয় ১২৩ সংখ্যক উট্ৰম'ছ ৰাইফেল্ছ। দেশ স্বাধীন হোৱাৰ পাছত ইয়াৰ নাম হয় চতুৰ্থ বেটেলিয়ন (উট্ৰম'ছ) ৰাজপুতনা ৰাইফেল্ছ। ব্ৰিটিছ ভাৰত আৰু স্বাধীনোত্তৰ কালত দেশৰ হৈ বিভিন্ন যুদ্ধত পৰাক্ৰম প্ৰদৰ্শন কৰি বিভিন্ন ভিক্টোৰিয়া ক্ৰছ সহ বহুতো সন্মান লাভ কৰা এই বাহিনীটোৰ সুনাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট সন্মান সহকাৰে লোৱা হয়।
১৯১৯ চনত যেতিয়া লৰ্ড চেমছফৰ্ডে সাকচি নামৰ সৰু গাঁও এখনৰ নাম পৰিৱৰ্তন কৰি 'জামশেদপুৰ' ৰাখে তেতিয়া হয়তো কোনেও ভবা নাছিল যে এদিন এই ঠাইখনেই বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ উদ্যোগ নগৰিত পৰিণত হ'ব। অৱশ্যে জামশেদপুৰক বিশ্বস্তৰত প্ৰতিষ্ঠিত কৰাত জামশেদজী নচেৰৱানজী টাটা আৰু টাটা গোষ্ঠীৰ অৱদান সৰ্বজনবিদিত। জামশেদপুৰ উদ্যোগ নগৰীৰ শতবর্ষ পূৰ্তি উদযাপন সমাৰোহৰ সৈতে সংগতি ৰাখি ১৭ ফেব্ৰুৱাৰীত ভাৰতীয় ডাকবিভাগে এটি ডাকটিকট প্ৰকাশ কৰে। পাঁচ টকা মূল্যৰ এই টিকটটোত '১০০' সংখ্যাৰ মাজৰটো শূণ্যৰ ভিতৰত জামশেদজী টাটাৰ ছবিয়ে স্থান পাইছে।
(আমাৰ এই শিতানৰ বাবে হবি সম্পৰ্কীয় বিভিন্ন বা-বাতৰি, কোনো বিশেষ হবিৰ গৰাকীৰ বিষয়ে তথ্য আপুনিও আমালৈ প্ৰেৰণ কৰিব পাৰিব। তেনেধৰণৰ যথাসম্ভৱ চুটি লেখাবোৰ আমালৈ rhfjorhat@gmail .com এই ইমেইলত অথবা 9435350875 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰক।)









Comments
Post a Comment