ডাক টিকটত অষ্টলক্ষী: গুৱাহাটী তেল শোধনাগাৰ

যিকোনো দেশৰ অৰ্থনৈতিক উন্নয়নত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দেশখনৰ উদ্যোগ সমূহে আৰু তেল আৰু প্ৰাকৃতিক গেছ হৈছে উদ্যোগ খণ্ডৰ প্ৰাণ স্বৰূপ। অসম আৰু উত্তৰ-পূৱ ভাৰত অতীজৰে পৰা খাৰুৱা তেলৰ ভাণ্ডাৰ হিচাপে গণ্য আহিছে আৰু এই অঞ্চলৰ বুকুত থকা খনিজ পদাৰ্থ বিশেষকৈ খাৰুৱা তেলক শোধন কৰি আন বহুতো মূল্যবান ইন্ধন তথা খনিজাত সামগ্ৰী উৎপাদন কৰাৰ প্ৰচুৰ সম্ভাৱনাৰ কথা চিন্তা কৰিয়েই ইয়াত এটা তেল শোধনাগাৰৰ প্ৰয়োজন অনুভৱ কৰা হয়। এই মৰ্মে ১৯৫৮ চনৰ ২২ আগষ্ট তাৰিখে ইণ্ডিয়ান ৰিফাইনাৰিছ লিমিটেড (IRL) নামৰ প্ৰতিষ্ঠান স্থাপন কৰা হয় আৰু ইয়াৰ অধীনতে অসমৰ গুৱাহাটী আৰু বিহাৰৰ বাৰুণিত দুটা তেল শোধনাগাৰ স্থাপন কৰাৰ পৰিকল্পনা লোৱা হয়।

প্ৰায় ১৭.৭ কোটি টকা ব্যয়, পাঁচ শহস্ৰাধিক শ্ৰমিক, অভিযন্তা আৰু কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমেৰে গুৱাহাটীৰ নুনমাটিত শোধনাগাৰটো নিৰ্মান কৰা হয় আৰু ইয়াৰ মূল কাৰখানাৰ যন্ত্ৰ-পাতি আদি ৰোমানিয়া চৰকাৰৰ সহযোগিতাৰে যোগান ধৰা হয়। ১৯৬২ চনৰ ১ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুয়ে উদ্বোধন কৰে দেশৰ ভিতৰতে প্ৰথম চৰকাৰী খণ্ডৰ গুৱাহাটী তেল শোধনাগাৰ। এই বিশেষ দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে ভাৰতীয় ডাক বিভাগে শোধনাগাৰ উদ্বোধনীৰ দিনটোতে প্ৰকাশ কৰে এটি স্মাৰক ডাকটিকট। ৩.৯১ x ২.৯০ ছেন্টিমিটাৰ জোখৰ নীল বৰণৰ এই টিকটটো গুৱাহাটী তেল শোধনাগাৰৰ ছবি আৰু অসমৰ ৰাজ্যিক প্ৰতীক এশিঙীয়া গঁড়ৰ ছবি সম্বলিত আৰু এটা টিকটৰ মূল্য আছিল ১৫ নয়া পইছা আৰু ইয়াৰ প্ৰথম দিৱস আৱৰণো জাৰি কৰা হয়। বৰ্তমানে ইণ্ডিয়ান অয়েল কৰ্পোৰেচন লিমিটেড (IOCL)ৰ অধীনস্থ গুৱাহাটী তেল শোধনাগাৰে ২০১২ চনত ৰাষ্ট্ৰৰ সেৱাত ৫০টা গৌৰৱোজ্জ্বল বছৰ অতিক্ৰম কৰে। শোধনাগাৰটোৰ স্বৰ্ণ জয়ন্তী উপলক্ষে ভাৰতীয় ডাক বিভাগে জাৰি কৰে এটি বিশেষ আৱৰণ (Special Cover)। 

Comments

Popular posts from this blog

হবি কথা - ডিচেম্বৰ ২০১৯

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা

ডাকটিকটত 'অষ্টলক্ষ্মী'- নগা বোৱনী