কৰ'না মহামাৰীত লকডাউন, বিহু আৰু হবি

ঋতুৰ ৰাণী বসন্তৰ আগমনৰ লগে লগে ৰাজ্যৰ আকাশ-বতাহ কুলি-কেতেকীৰ মিঠা কলৰৱে মুখৰিত হৈ উঠে, ৰং-বিৰঙৰ কপৌ, কেতেকী, নাহৰ, তগৰ অথবা কৃষ্ণচূড়াৰ সুবাসে এক ন-ৰূপ ঢালি দিয়া প্ৰকৃতিয়ে প্ৰতিগৰাকী অসমীয়াৰ মনত হেঁপাহৰ ৰঙালী বিহুটিৰ আগমনৰ সূচনা দিয়ে। কিন্তু এইবেলি ৰঙালী যেন আছিল কিছু ৰং বিহীন। বিশ্বজুৰি কৰ'না ভাইৰাছজনিত অতিমাৰীৰ ফলস্বৰূপে প্ৰায় দুশৰো অধিক দেশৰ লগতে ভাৰততো সম্পূৰ্ণ তলা বন্ধ ঘোষণা কৰা হয় যিহেতু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে একমাত্ৰ সামাজিক দূৰত্ব বজায় ৰাখি তথা এই উদ্দেশ্যে ঘৰতে থাকি এই বীজাণুৰ সংক্ৰমণৰ পৰা মানুহে নিজকে ৰক্ষা কৰিব পাৰে। ইয়াৰে ফলস্বৰূপে এইবাৰ প্ৰতিগৰাকী অসমীয়াই বাপতি সাহোন ৰঙালী বিহুটি নিজ নিজ ঘৰতে থাকি পালন কৰিব লগা হয়। কিন্তু এই লকডাউনে আকৌ বহুতো লোকক উপকৃত কৰাও দেখা যায়। বিশেষকৈ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে যিসকল লোকে হবিৰ বশৱৰ্তীহৈ বিভিন্ন সময়ত নানান সামগ্ৰী সংৰক্ষণ কৰি থৈ দিছিল বা যিসকলে নিজৰ চখৰ পৰিকল্পনা সমূহ সময়ৰ অভাৱত সম্পূৰ্ণ কৰিব পৰা নাছিল তেওঁলোকক তেনে কামবোৰ নিয়াৰিকৈ কৰাৰ বাবে পৰ্যাপ্ত সময় আৰু সুযোগ দুয়ো আনি দিছিল। এই সময়তে নিজৰ হবি সমূহ ফেচবুকৰ দৰে জনপ্ৰিয় সামাজিক গণমাধ্যমত বৰ সুন্দৰকৈ প্ৰকাশ কৰা বহু লোকক দেখা গৈছিল। কোনোবাই যদি নিজৰ সংগ্ৰহত থকা দেশ-বিদেশৰ কাকত-আলোচনী সমূহ ভালকৈ চিজিল কৰিছে, আন কোনোবাই নিজৰ সংগ্ৰহৰ ডাক টিকট, মুদ্ৰা, চিত্ৰ,  ভাস্কৰ্য্য, আলোকচিত্ৰ, ফুলনী,  স্মাৰক আদিয়ো বৰ পৰিপাটিকৈ সজাবলৈ সুন্দৰ সময়কণ লকডাউনৰ বাবেই যেন লাভ কৰে। ইফালে টেলিভিছন আৰু সামাজিক মাধ্যম যোগে প্ৰচাৰিত কৰনা ভাইৰাছৰ বাতৰি আদি মাত্ৰাধিক চোৱাত বহুতৰে মনত মানসিক উত্তেজনা বৃদ্ধি পোৱালৈ চাই মনোৰোগ বিশেষজ্ঞ সকলে মানুহক নিজৰ চখৰ কামবোৰত অধিক মনোনিবেশ কৰাৰ উপদেশ প্ৰদান কৰে আৰু ইয়াৰ বাবেও হয়তো বহুতো লোকে নিজৰ শৈশৱ আৰু ছাত্ৰ জীৱনৰ 'হবি' স্মৃতিবোৰক ৰোমন্থন কৰাত অধিক মনোনিবেশ কৰে। এই সময়ছোৱাত সামাজিক মাধ্যম সমূহ ভৰি পৰে তৰহ-তৰহৰ হবি কাৰ্যকলাপ আৰু কুইজ, চিত্ৰাংকণ, ৰচনা, পত্ৰলিখন, ফটোগ্ৰাফী আদিৰ দৰে পৰম্পৰাগত প্ৰতিযোগিতাৰ অনলাইন সংস্কৰণেৰে। কৰ'নাই যেন এটা প্ৰজন্মৰ বাবে আকৌ এবাৰ তেওঁলোকৰ লৰালীৰ দিনবোৰ ঘূৰাই আনিছিল আৰু বৰ্তমান প্ৰজন্মক আনি দিয়ে সুন্দৰ হবি সমূহক অভিজ্ঞ অভিভাৱক সকলৰ সহায়ত আয়ত্ব কৰাৰ। এই সুযোগতে কেইজনমান ডাকটিকট আৰু জুইশলা বাহ সংগ্ৰহাকাৰীৰ সংগ্ৰহত দেখিবলৈ পাইছিলোঁ বিহু আৰু অসম
সম্পৰ্কীয় দুটামান সামগ্ৰী। 'হবি জগত'ৰ পাঠক সকলৰ দৰ্শনৰ বাবে সাঁচি থৈছিলো তাৰেই কিছু ছবি।





Comments

Popular posts from this blog

হবি কথা - ডিচেম্বৰ ২০১৯

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা

ডাকটিকটত 'অষ্টলক্ষ্মী'- নগা বোৱনী