হবি কথা- ফেব্ৰুৱাৰী ২০২০


ভুবনেশ্বৰৰ ৰেডিঅ' মেলাত সন্মানিত হ'ব অসমৰ ৰেডিঅ'  ব্ৰহ্মপুত্ৰ 

অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰী তাৰিখে উৰিষ্যাৰ ভুবনেশ্বৰত আয়োজিত হ'ব দেশৰ ভিতৰতে আয়োজিত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' মেলা। প্ৰত্যেক বছৰৰ ১৩ ফেব্ৰুৱাৰী দিনটো বিশ্বজুৰি পালিত হয় বিশ্ব অনাতাঁৰ দিৱস হিচাপে আৰু ২০১৬ চনৰ পৰা উৰিষ্যাৰ খ্যাতনামা বেচৰকাৰী সংস্থা আউটৰিছৰ উদ্যোগত আয়োজিত হৈ আহিছে দুদিনীয়া ৰেডিঅ' মেলা যত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অনাতাঁৰ কেন্দ্ৰৰ ৰেডিঅ' বিশেষজ্ঞ, অনুষ্ঠান প্ৰযোজক, বিশিষ্ট শ্ৰোতা, ডিএক্সাৰ, হেম ৰেডিঅ' অপাৰেটৰ সকলে অংশগ্ৰহণ কৰে।
প্ৰদর্শনীস্থলীত প্ৰদৰ্শিত হয় হেজাৰোধিক পুৰণি ৰেডিঅ', ৰেডিঅ' বিষয়ক ডাকটিকট, কিতাপ-পত্ৰ, ৰেডিঅ' সম্প্ৰচাৰত ব্যৱহাৰ হোৱা ন-পুৰণি সামগ্ৰী আৰু প্ৰযুক্তি, থাকে আৰ্হি (model) কমিউনিটি ৰেডিঅ' ষ্টেছন,  থলীতে ৰেডিঅ' বিক্ৰী আৰু মেৰামতি কৰাৰ সুবিধা, অনুষ্ঠিত হয় ৰেডিঅ' সম্পৰ্কীয় নানান কৰ্মশালা, সাংস্কৃতিক অনুষ্ঠান, বিশেষ সন্মাননা অনুষ্ঠান আদিৰ। ষষ্ঠ আউটৰিচ আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' মেলাৰ অন্যতম আকর্ষণ হৈছে পৰ্যটন। উল্লেখযোগ্য যে এইবাৰ উৎসৱৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা শ্ৰেষ্ঠ কমিউনিটি ৰেডিঅ'ৰ বঁটা লাভ কৰিছে অসমৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰই। অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই সামূহিক অনাতাঁৰ কেন্দ্ৰটো ডিব্ৰুগড়ৰ মাইজান ঘাট অঞ্চলত অৱস্থিত।
২০০৯ চনৰ পৰা বেচৰকাৰী সংস্থা চি-নেছ (C-NES)ৰ উদ্যোগত ইউনিচেফৰ সহযোগিতাৰে ভাস্কৰজ্যোতি ভূঞাৰ তত্ববধানত পৰিচালিত কেন্দ্ৰটোৰ পৰা স্থানীয় কেইবাজনো শিক্ষিত যুৱক-যুৱতীয়ে প্ৰযোজনা কৰা অনুষ্ঠান নিয়মিতভাৱে অনুষ্ঠান সম্প্ৰচাৰিত হৈ আহিছে। ডিব্ৰুগড় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত এমএফ বেণ্ডৰ ৯০.৪ মেগাহার্জত সম্প্ৰচাৰিত হয় ৰেডিঅ' ব্ৰহ্মপুত্ৰ।

বন্ধ হ'ল বিবিচি হিন্দীৰ ৰেডিঅ' প্ৰসাৰণ


১৯৪০ চনৰ ১১ মে'ৰ পৰা আৰম্ভ কৰি সুদীৰ্ঘ প্ৰায় আশীটা বছৰে দেশ-বিদেশৰ প্ৰতিটো ঐতিহাসিক ঘ্টনাৱলীৰ সাক্ষী বিবিচি হিন্দীৰ ৰেডিঅ' সম্প্ৰচাৰ যোৱা ৩১ জানুৱাৰীত বন্ধ কৰি দিয়া হ'ল আৰু লগে লগে অন্ত পৰিল ভাৰতীয় অনাতাঁৰ সম্প্ৰচাৰৰ এক বৰ্ণিল অধ্যায়ৰ। উল্লেখযোগ্য যে ইতিমধ্যে যোৱা বছৰৰ ২৭ ডিচেম্বৰ তাৰিখে বিবিচি হিন্দীৰ পুৱাৰ আধাঘন্টিয়া অনুষ্ঠান 'নমস্কাৰ ভাৰত' শেষ বাৰৰ বাবে সম্প্ৰচাৰিত হৈছিল আৰু যোৱা ৩১ জানুৱাৰীত সন্ধিয়াৰ অনুষ্ঠান 'দিনভৰ' আনুষ্ঠানিক ভাৱে ৰেডিঅ'ত শেষ বাৰৰ বাবে সম্প্ৰচাৰিত হ'ল। প্ৰামানিক সংবাদৰ বাবে বিবিচি গোটেই বিশ্বতেই সৰ্বাধিক জনপ্ৰিয়। বিশেষকৈ দেশ-বিদেশৰ নানান ঘটনাৱলীৰ নিৰপেক্ষ বিশ্লেষণ আৰু সংবাদ পৰিবেশনৰ দ্বাৰা বিবিচি হিন্দী কোটি কোটি শ্ৰোতাৰ প্ৰথম পছন্দ হৈ পৰিছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত  ভাৰতীয় উপমহাদেশত মিত্ৰপক্ষ আৰু ব্ৰিটেইনৰ বা-বাতৰি প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিবিচিৰ হিন্দুস্তানী সেৱা আৰম্ভ কৰা হৈছিল। সেই সময়ত ব্ৰিটেইনৰ সৈন্য বাহিনীত নিয়োজিত অসংখ্য ভাৰতীয় জোৱানৰ মনোবল বৃদ্ধি কৰাত বিবিচি হিন্দুস্তানী সেৱাৰ হিন্দী আৰু উৰ্দু ভাষাৰ সম্প্ৰচাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেৱল ১০ মিনিটৰ কাৰ্যসূচীৰে আৰম্ভ হোৱা হিন্দুস্তানী সেৱা ১৯৪১ খনলৈ আধাঘন্টিয়া কৰি দিয়া হয় আৰু ১৯৪৩ চনৰ পৰা বিবিচিয়ে দিনটোত একাধিক বাৰ হিন্দুস্তানী সেৱা সম্প্ৰচাৰ কৰিবলৈ লয়। বিবিচিৰ উত্তৰণত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল হিন্দুস্তানী সেৱাৰ তৎকালীন সঞ্চালক জুলফিকাৰ আলি বুখাৰীয়ে। এই ব্যক্তিজনেই দেশ বিভাজন আৰু স্বাধীনতাৰ পাছত ৰেডিঅ' পাকিস্তানৰ প্ৰথম মহানিৰ্দেশকৰ পদত অধিষ্ঠিত হৈছিল। দেশৰ জৰুৰীকালীন অৱস্থাত নিৰপেক্ষ বাতৰি সম্প্ৰচাৰেৰে শ্ৰোতাৰ মন জয় কৰা বিবিচি হিন্দী সেৱাই শেহতীয়াকৈ কাশ্মীৰৰ উত্তপ্ত পৰিস্থিতিৰ সময়ত বৰ্ধিত সম্প্ৰচাৰেৰে আকৌ এবাৰ অনাতাঁৰ সংবাদ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। প্ৰণিধানযোগ্য যে বিবিচি হিন্দীৰ লগতে বিবিচিৰ উৰ্দু সেৱায়ো যোৱা ৩১ ডিচেম্বৰত বন্ধ কৰি দিয়া হয় আৰু ইয়াৰ বাবে ক্ৰমে হ্ৰাস পাই অহা ৰেডিঅ' শ্ৰোতাৰ সংখ্যাকেই বিবিচি কৰ্তৃপক্ষই কাৰণ হিচাপে অভিহিত কৰিব খোজে। তেওঁলোকৰ মতে শৰ্টৱেভ আৰু মিডিয়ামৱেভৰ পৰা অন্তৰ্ধান হ'লেও বিবিচি হিন্দী আৰু উৰ্দু সেৱা ইণ্টাৰনেট আৰু স্থানীয় কিছু কিছু এফ.এম. ৰেডিঅ' যোগে  উপলব্ধ থাকিব।

এই মাহৰ ব্যক্তিত্ব
৩৫০০০ জুইশলা-বাহৰ গৰাকী ৬৮ বছৰীয়া বিনায়ক যোশী

"আজিৰ যুগৰ লৰা-ছোৱালীয়ে ৱাটছএপ, ফেচবুকত দীৰ্ঘ সময় অতিবাহিত কৰা বা মোবাইল-ভিডিও গেম খেলাটোকে 'হবি' বুলি কয় যদিয়ো দৰাচলতে এইবোৰৰ যোগেদি নতুন প্ৰজন্মৰ বিশেষ একো লাভ হোৱা নাই। 'হবি' তেনে কিছু বিশেষ কাম যিবোৰৰ জৰিয়তে মানসিক অৱসাদ দূৰ কৰি সৃষ্টিশীলতা, একাগ্ৰতা আৰু জ্ঞান অৰ্জন কৰিব পাৰি সেয়া লাগিলে ডাকটিকট, জুইশলা-বাহ বা মুদ্ৰা সংগ্ৰহয়েই হওঁক বা কিতাপ পঢ়াৰ অভ্যাস বা বোকা মাটিৰে পুতলা সজাৰ নিচা।" - যোৱা তিনিটা দশকে দেশ-বিদেশৰ পৰা সংগ্ৰহ কৰি অনা প্ৰায় ৩৫০০০ ৰ অধিক জুইশলা-বাহ আৰু ১২০০ বটল অপেনাৰৰ গৰাকী বিনায়ক যোশীয়ে মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত এক একক প্ৰদৰ্শনীৰ সময়ত সাংবাদিকৰ সৈতে হোৱা মত বিনিময় কাৰ্যসূচীত এনেদৰে প্ৰকাশ কৰে। ১৯৮০ চন মানত ব্যৱসায় সূত্ৰে গুজৰাটৰ ইমূৰৰ পৰা সিমূৰলৈকে ভ্ৰমণ কৰিবলগীয়া সময়ছোৱাত বিনায়কে বজাত উপলব্ধ বিভিন্ন মাৰ্কাৰ জুইশলা-বাহৰ প্ৰতি আকৰ্ষিত হয়। পিছে ফিলুমেনি (Phillumeny) নামে জনাজাত জুইশলা-বাহ সংগ্ৰহৰ এই হবিটোত জুইশলা-বাহৰ বেটুপাত (Matchbox Cover) আৰু জুইশলা-বাহৰ খোপ (Matchbox Level) সংগ্ৰহয়ো অন্তৰ্ভুক্ত আৰু আজি এইটো কামতে সম্পূৰ্ণ মনোনিবেশ কৰিছে ৬৮ বছৰীয়া বিনায়ক আৰু তেওঁৰ সুপুত্ৰ সিদ্ধাৰ্থই। সংগ্ৰহ কৰি অনা জুইশলা-বাহ সমূহ বিষয়  (theme), প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ইত্যাদিৰ ভিত্তিত বিজ্ঞান সম্মত ভাবে অধ্যয়ন, সংৰক্ষণ আৰু সময়ে সময়ে দেশৰ বিভিন্ন ঠাইত এইবোৰৰ প্ৰদর্শনী কৰাৰ অন্তৰালত বিনায়কৰ একমাত্ৰ উদ্দেশ্যটোৱেই হৈছে নৱপ্ৰজন্মক এই সুন্দৰ হবিটোৰ প্ৰতি আকৰ্ষিত কৰা। "আধুনিক গেছ লাইটাৰ ইত্যাদিৰ বহুল প্ৰয়োগে পৰম্পৰাগত জুইশলা-বাহৰ প্ৰচলন যথেষ্ট হ্ৰাস কৰিছে। বৃহৎ নগৰ-চহৰত AIM মাৰ্কাৰ জুইশলা-বাহেই অধিক দেখা পোৱা যায় যদিয়ো এতিয়াও দেশৰ সৰু চহৰ আৰু গাঁও অঞ্চলত প্ৰচলিত ধাৰ্মিক আস্থা, বিশেষ ব্যক্তিত্ব, চৰাই-চিৰিকটি, জীৱ-জন্তু, ফলমূল, ফুল আৰু আন বহুতো আকৰ্ষণীয় বিষয়ৰ ওপৰত এতিয়াও জুইশলা-বাহ প্ৰস্তুত কৰা হয় আৰু সংগ্ৰহকাৰী সকলৰ বাবে উপলব্ধ। বিদেশ ভ্ৰমণলৈ যোৱা বন্ধু-বান্ধৱী সকলেও সংগ্ৰহকাৰী সকলক এই ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াব পাৰে"- বিনায়ক যোশীয়ে সাংবাদিকক কয়।

জেচিছিৰ বিশেষ চাইকেল ৰাইড 

চাইক্লিঙক নিচা বা হবি হিচাপে যোৰহাট নগৰত জনপ্ৰিয় কৰি তোলাত যিকেইজন ব্যক্তি বা সংগঠনৰ অৱদান আছে তাত নিঃসন্দেহে যোৰহাট চাইক্লিং কমিউনিটি (জেচিছি) অন্যতম। বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দিৱসৰ সৈতে সংগতি ৰাখি জেচিছিয়ে সময়ে সময়ে আয়োজন কৰি আহিছে চাইকেল ৰেলী, ৰাইড ইত্যাদি। এইবাৰ হবি গোটটোৰ কেইগৰাকীমান সদস্যই চাইক্লিঙক জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে যোৰহাটৰ পৰা গুৱাহাটীলৈ এক বিশেষ চাইকেল ৰাইড মাত্ৰ তিনি দিনতে সুকলমে সম্পন্ন কৰি উভতি আহি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই বিশেষ ৰাইডত দলটোত যুৱ চাইক্লিষ্ট ধ্ৰুৱজ্যোতি বৰা, কমল কৰ্মকাৰ, জ্যোতিষ চাহা, পংকজ উপাধ্যায়, মুন দাস, কুলদ্বীপ সিঙক উৎসাহ বৰ্ধন কৰি সমানে সংগ দিছিল প্ৰায় ষাঠিৰ উৰ্ধৰ চাইক্লিষ্ট গৌতম বনিক, ৰবীন্দ্ৰ ভট্টাচাৰ্য্য আৰু ঘনশ্যাম তচনীয়ালে।

অসমত এমেচাৰ ৰেডিঅ' পৰিচালনাৰ পৰীক্ষা

গুৱাহাটীৰ জালুকবাৰিস্হিত নায়াৰ (NIAR- National Institute of Amateur Radio) ক্লাব ষ্টেছন আৰু গুৱাহাটী বিশ্ববিদ্যালয় এমেচাৰ ৰেডিঅ' কাৰ্যকলাপ কেন্দ্ৰৰ যৌথ উদ্যোগত অহা মে/জুন মাহত এমেচাৰ ৰেডিঅ' পৰিচালনাৰ বাবে প্ৰয়োজনীয় যোগ্যতা নিৰ্ণয়কাৰী ASOC পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্ৰ চৰকাৰৰ যোগাযোগ মন্ত্ৰনালয়ৰ অধীনস্থ ওয়েৰলেছ মণিটৰিং এণ্ড প্লেনিং (WPC) শাখাই পৰিচালনা কৰিবলগীয়া এই পৰীক্ষা গুৱাহাটীৰ উপৰি প্ৰয়োজন সাপেক্ষে যোৰহাটতো অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি নায়াৰ ক্লাব ষ্টেছনৰ কাৰ্যকৰ্তা সকলে জানিবলৈ দিছে। আগ্ৰহী সকলে পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া, পাঠ্যতালিকা ইত্যাদি সম্পৰ্কে জানিবলৈ ৯১০১৪৪৬৯৮৮/ ৯৪৩৫৩৫০৮৭৫/৭০০২৩৮৪৪৭৪ এই নম্বৰ সমূহত যোগাযোগ কৰিব পাৰে।

দিল্লীত অনুষ্ঠিত হব ২৬ সংখ্যক বেছ এক্সপ' 

ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিকী সমাজ (Broadcast Engineering Society-India)ৰ উদ্যোগত নতুন দিল্লীৰ প্ৰগতি ময়দানত অহা ১৩-১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব ২৬ সংখ্যক বেছ এক্সপ' (BES EXPO 2020)। এই আয়োজনৰ মুখ্য উদ্দেশ্য হৈছে সম্প্ৰচাৰ প্ৰযুক্তিৰ শেহতীয়া উদ্ভাৱন আৰু কাৰিকৰী দিশ সমূহৰ সৈতে দেশৰ সম্প্ৰচাৰ প্ৰতিষ্ঠান সমূহক অৱগত কৰোৱা তথা দেশ বিদেশৰ সম্প্ৰচাৰ অভিযন্তা আৰু আগ্ৰহী সকলৰ মাজত সমন্বয়ৰ সৃষ্টি কৰা। এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ এই প্ৰদৰ্শনীত এইবাৰ বিশ্বৰ বিভিন্ন দেশৰ চাৰি হেজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ গ্ৰহণ কৰিব আৰু তেওঁলোকৰ  ভিতৰত আছে বিশ্বৰ প্ৰায়বোৰ ৰেডিঅ' আৰু টেলিভিছন কেন্দ্ৰৰ অভিযন্তা, কলা-কুশলী, দেশ-বিদেশৰ আগশাৰীৰ সম্প্ৰচাৰ বিশেষজ্ঞ সকল। বেছ এক্সপ'ৰ আন এক বিশেষত্ব হৈছে ইয়াত অনুষ্ঠিত বিশ্ব ডিআৰএম কনচৰ্টিয়ামৰ অন্তৰ্গত বিভিন্ন দেশৰ ৰেডিঅ' অভিযন্তা সকলৰ আলোচনাচক্ৰ আদি যিসকলৰ বাবে কম খৰচতে অত্যাধুনিক ডিআৰএম (Digital Radio Mondiale) প্ৰযুক্তিৰ ৰেডিঅ' যন্ত্ৰ, ট্ৰেন্সমিটাৰ আদি বজাৰত উপলব্ধ কৰোৱাটো আজি কেইবাবছৰে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।

 বিশ্বৰ ক্ষুদ্ৰতম সোণৰ মুদ্ৰা


চুইজাৰলেণ্ডে প্ৰস্তুত কৰি উলিয়ালে পৃথিৱীৰ ক্ষুদ্ৰতম সোণৰ মুদ্ৰাটো। ২.৯৬ মিলিমিটাৰ (০.১২ ইঞ্চি) আকাৰৰ এই মুদ্ৰাৰ এপিঠিত আছে মহান বিজ্ঞানী আলবাৰ্ট আইনষ্টাইনৰ জিভা বাহিৰত ওলাই থকা ছবি আৰু ইয়াক চাবলৈ প্ৰয়োজন হয় আতচী কাঁচ। ০.০৬৩ গ্ৰাম ওজনৰ এই বিশেষ মুদ্ৰা মাত্ৰ ৯৯৯ টাহে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰে প্ৰতিটোৰ মূল্য হৈছে ভাৰতীয় টকাত পোন্ধৰ হেজাৰ।

ভাৰতীয় ডাক টিকটৰ টুকুৰা খবৰ

যোৱা ১৪-০১-২০২০ তাৰিখে ভাৰতীয় ডাক বিভাগে ভাৰতীয় সাজপাৰ (Fashion Design)ক বিষয়বস্তু হিচাপে লৈ প্ৰকাশ কৰিছে এলানি স্মাৰক ডাকটিকট। ভাৰতীয় সাজপাৰ বা ফেছন উদ্যোগটোক ডাকটিকটৰ মাধ্যমেৰে দাঙি ধৰা শৃংখলাৰ এইয়া চতুর্থটো সংস্কৰণ। ইয়াৰ আগতে ২০১৮ আৰু ২০১৯ বৰ্ষতো এই একেটা বিষয় সামৰি ১২ খন ডাকটিকট প্ৰকাশ পাইছিল। নতুন সংস্কৰণৰ ডাকটিকটবোৰত দেশৰ নগৰাকী আগশাৰীৰ ফেছন ডিজাইনাৰ আৰু তেওঁলোকৰ বিশেষ শিল্পকৰ্মক চিত্ৰায়ন কৰা হৈছে যেনে গোৱাৰ বেণ্ডেল ৰোডৰিক্সৰ 'ইন্ডিকা এম্পৰীয়া', আবু জানি সন্দ্বীপ খোচলাৰ 'ফ্লেয়াৰ্ড চেৰৱানী', মনিশ মলহোত্ৰাৰ 'টাইমলেচ', ৰাহুল মিত্ৰৰ 'মিষ্টিকল ইণ্ডিয়ান', আশীষ চনীৰ 'এম্বেলিছমেণ্ট'(অলংকৰণ), পদ্মশ্ৰী বঁটা প্ৰাপ্ত ডিজাইনাৰ ৰিতু কুমাৰৰ 'বানাৰচী ৱিব্ছ', অনিতা দংৰেৰ 'দ্য অম্বিকা জেকেট', ৰোহিত বলৰ 'ক্লাছিক জলাবিয়া' আৰু পঁচিছ বছৰীয়া ৰিতু বেৰীৰ 'বস্ত্ৰ'। উল্লেখযোগ্য যে এই ডাকটিকট শৃংখলাৰ প্ৰতিখন টিকটৰ মূল্য ধার্য কৰা হৈছে পাঁচ টকাকৈ আৰু টিকটৰ উপৰি ফেছন ছিৰিজৰ প্ৰথম দিৱস আৱৰণ আৰু সুদৃশ্য মিনিয়েচাৰ ছিটো প্ৰকাশ কৰা হৈছে।

১৯১৯ চনত গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনে(International Labour Organization) শতবর্ষ সম্পূৰ্ণ কৰিলে। জেনেভাত মুখ্য কাৰ্যালয় থকা বিশ্বৰ অতি গুৰুত্বপূৰ্ণ এই সংস্থাটোৰ প্রতি সন্মান জনাই ভাৰতীয় ডাক বিভাগে যোৱা ২২-০১-২০২০ তাৰিখে প্ৰকাশ কৰে এখন স্মাৰক ডাকটিকট। টিকটৰ মূল্য পাঁচ টকা আৰু ইয়াৰ প্ৰথম দিৱস আৱৰণও উপলব্ধ।

যোৱা ২৬ জানুৱাৰীত সমগ্ৰ দেশে উলহমালহেৰে উদযাপন কৰে দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস। ১৯৫০ চনৰ এই দিনটোতে পবিত্ৰ ভাৰতীয় সংবিধানখন গৃহীত হৈছিল। এই বছৰৰ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি এই ডাক বিভাগে জাৰি কৰে দুখন স্মাৰক ডাকটিকট। প্ৰতিখনত দহ টকা মূল্যৰ টিকটৰ এখনত ঐতিহাসিক ভাৰতীয় সংবিধান সভা তথা ভাৰতীয় সংবিধান আৰু আনখনত অশোকচক্ৰ আৰু সংসদ ভৱনক চিত্ৰায়িত কৰা হৈছে। ইয়াৰ প্ৰথম দিৱস আৱৰণ আৰু মিনিয়েচাৰ ছিট উপলব্ধ।


(আমাৰ এই শিতানৰ বাবে হবি সম্পৰ্কীয় বিভিন্ন বা-বাতৰি, কোনো বিশেষ হবিৰ গৰাকীৰ বিষয়ে আপুনিও  প্ৰেৰণ কৰিব পাৰে। তেনেধৰণৰ যথাসম্ভৱ চুটি লেখাবোৰ আমালৈ rhfjorhat@gmail .com এই ইমেইলত অথবা 9435350875 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব পাৰিব।) 

Comments

Popular posts from this blog

হবি কথা - ডিচেম্বৰ ২০১৯

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা

ডাকটিকটত 'অষ্টলক্ষ্মী'- নগা বোৱনী