ডিএক্সিং- ইথাৰতে বিশ্ব পৰিব্ৰাজন
দৃশ্যপট ১:- গ'ল.....গ'ল....গ'ল...!! মন্দাৰমণিৰ সমুদ্ৰ বিলাস ৰিজৰ্টৰ নিৰ্দিষ্ট এটা কোঠালীৰ পৰা মাজৰাতি ওলাই অহা এনে তীব্ৰ হৰ্ষল্লাসে স্বাভাৱিকতে ৰিজৰ্টৰ অন্যান্য আবাসী সকলৰ সুখনিদ্ৰা বিঘ্নিত কৰাৰ লগতে সকলোকে কম-বেছি পৰিমানে বিচলিতয়ো কৰি তুলিছিল। তাৰে দুজনমানে শীত সেমেকা ৰাতিটোত নিজৰ কোঠালীৰ পৰা ওলাই আহি কাষৰ ঘৰটোত কিনো হৈ আছে জানিবলৈ চেষ্টা কৰাত গম পোৱা গ'ল যে কলিকতাৰ পৰা অহা কেইবাগৰাকী অত্যুৎসাহী ৰেডিঅ' শ্ৰোতাই দেশী-বিদেশী বিভিন্ন ৰেডিঅ' যন্ত্ৰৰে ইতিমধ্যে তেওঁলোকৰ কোঠাটোক এটা সৰুসুৰা অনাতাঁৰ সংকেত গ্ৰহণ কক্ষলৈ ৰূপান্তৰ কৰি বিশ্বৰ নানান অনাতাঁৰ কেন্দ্ৰ শুনি থাকোতে তেওঁলোকৰ মাজৰে এজনৰ ৰেডিঅ'ত সুদূৰ ব্ৰাজিলৰ কোনোবা এটা কেন্দ্ৰৰ সংকেত ধৰা পৰিছে! সেইসময়ত কেন্দ্ৰটোয়ে কোনো এক ফুটবল খেলৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আছিল আৰু খেলখনত সেই মুহূৰ্তত হোৱা গ'ল এটাৰ ধাৰাবিবৰণি শুনিয়েই ৰেডিঅ' বলিয়া সেই মানুহকেইজনৰ এই আপোন পাহৰা হৰ্ষল্লাস! দৰাচলতে সেই ৰেডিঅ' প্ৰেমী শ্ৰোতা সকলক খেলখনত হোৱা গ'লতকৈ সুদূৰ ব্ৰাজিলৰ কেন্দ্ৰটো মন্দাৰমণিতে বহি শুনিবলৈ পোৱাৰ আশ্চৰ্য্যকৰ অনুভূতিটোৱেই অধিক ৰোমাঞ্চিত কৰি তুলিছিল আৰু দিন-ৰাতিৰ কথা পাহৰি তেওঁলোকৰ তেনেদৰে আনন্দ তাৰেই যেন বহিঃপ্ৰকাশ!
দৃশ্যপট ২:- উত্তৰ প্ৰদেশৰ আজমগৰৰ বাসিন্দা কাপোৰৰ ক্ষুদ্ৰ ব্যৱসায়ী আছলাম আজমিলৈ এদিন অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহিল আৰু ফোনৰ সিপাৰে থকা জনৰ সৈতে ক্ষন্তেক সময় কথা পাতিয়েই আছলামৰ চকুৱে-মুখে আনন্দৰ বন্যা বৈযাবলৈ ধৰে, আনন্দত আত্মহাৰা হৈ তেওঁ উচ্চ স্বৰে চিঞৰি উঠিল "হিন্দী চিনী ভাই ভাই....!" আচলতে ফোন ক'লটোৱে তেওঁলৈ এনে এক বাৰ্তা লৈ আহিছিল যিটো যিকোনো মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বাবে এক সপোন সদৃশ! আছলামলৈ ফোন আহিছিল চীনৰ 'চাইনা ৰেডিঅ' ইণ্টাৰনেছনেল'ৰ পৰা তেওঁক অভিনন্দন জনাই এই বাৰ্তাটো দিবলৈ যে কেন্দ্ৰটোৱে আয়োজন কৰা সদ্য সমাপ্ত এক কুইজ তথা প্ৰবন্ধ লিখন প্ৰতিযোগিতাত তেওঁ এগৰাকী বিজয়ী হিচাপে নিৰ্বাচিত হৈছে আৰু পুৰস্কাৰ হিচাপে পৰৱৰ্তী কিছুদিনৰ ভিতৰত তেওঁ সম্পূৰ্ণ বিনামূল্যে চীন দেশ ভ্ৰমণ কৰাৰ আৰু তেওঁলোকৰ কেন্দ্ৰটোৰ আতিথ্য গ্ৰহণৰ সুযোগ লাভ কৰিছে!
ৰেডিঅ'- বহুতৰে বাবে ই কেৱল মনোৰঞ্জনৰ এক মাধ্যম হলেও ওপৰত আলোচিত এই সকল ৰেডিঅ' মতলীয়া ব্যক্তিৰ বাবে ৰেডিঅ' যন্ত্ৰবিধ হৈছে জীৱনৰ অবিচ্ছেদ্য অংগ স্বৰূপ, ৰেডিঅ'ই হৈছে তেওঁলোকৰ প্ৰথম প্ৰেম, ৰেডিঅ' তেওঁলোকৰ বাবে আত্মমৰ্যাদা প্ৰমাণ কৰাৰ একমাত্ৰ আহিলা আৰু ৰেডিঅ'ই তেওঁলোকৰ স্বাভিমানৰ কাৰণ। এনে লোক সকলৰ বাবে ইথাৰ তৰংগত ভাহি অহা বিভিন্ন ৰেডিঅ' তৰংগই কেৱল আনন্দ বাৰ্তায়ে লৈ নাহে, লগতে চহকী কৰি থৈ যায় এই বিশেষ ব্যক্তি সকলৰ জ্ঞানৰ ভঁৰাল, দি যায় বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ স্নিগ্ধ বতৰা। ৰেডিঅ'ক লৈ আৰম্ভ হোৱা এনে এটি বিশেষ হবি হৈছে ডিএক্সিং যাৰ ব্যাপ্তি আজি বিশ্বজুৰি, যাৰ প্ৰয়োজন আধুনিক প্ৰযুক্তিৰ অগ্ৰগতিৰ সময়তো অপৰিসীম।
দেশ-বিদেশৰ যিকোনো অনাতাঁৰ কেন্দ্রৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈছে তেওঁলোকৰ শ্ৰোতা সকল কাৰণ এই শ্ৰোতাৰ বাবেই যে কেন্দ্ৰবোৰৰ সকলো আয়োজন। অনুৰূপ ভাবে অনাতাঁৰ কেন্দ্ৰবোৰৰ নানান অনুষ্ঠান শুনি কেন্দ্ৰবোৰৰ সৈতে যোগাযোগ স্থাপনেৰে পাতনি মেলে কেন্দ্ৰ আৰু শ্ৰোতাৰ মধুৰ সম্পৰ্কবোৰে। অনাতাঁৰ কেন্দ্র আৰু শ্ৰোতাৰ এই এনাজৰিডালক অধিক সুদৃঢ় কৰাত যিসকল শ্ৰোতাই অগ্ৰণী ভূমিকা পালন কৰি আহিছে তেওঁলোকক লৈয়ে বিশ্বজুৰি অনাতাঁৰ সম্প্ৰচাৰৰ আৰম্ভণিৰ দিনবোৰতে সূচনা হৈছিল ৰেডিঅ'ৰ সৈতে জড়িত এবিধ বিশেষ চখ বা হবি 'ডিএক্সিং'।
কি এই ডিএক্সিং?
সাধাৰণতে ৰেডিঅ' শুনাৰ চখ বা হবিটোকেই বহুতে ডিএক্সিং বুলি ক'ব খোজে যদিয়ো প্ৰকৃত ডিএক্সাৰ সেই সকল ব্যক্তি যিসকলে শৰ্টৱেভ বেণ্ডত দূৰ-দূৰণিৰ অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান শুনে আৰু সেইবোৰক কেন্দ্ৰ কৰি নানান আনুসংগিক কাৰ্যকলাপ তথা ৰেডিঅ' সম্প্ৰচাৰৰ অধ্যয়নত ব্যস্ত থাকে। ডিএক্সাৰ সকলে ৰেডিঅ'ৰ এফ.এম. আৰু মিডিয়ামৱেভ বেণ্ডতো অনুষ্ঠান শুনাত ৰুচি ৰাখে যদিয়ো তুলনামূলক ভাবে তেওঁলোকে শৰ্টৱেভ বেণ্ডত উপলব্ধ বিদেশী (আৰু দেশী) কেন্দ্ৰৰ অনুষ্ঠান শুনাটোকেই অধিক পছন্দ কৰে। তেওঁলোকে শৰ্টৱেভ বেণ্ডতে অজস্ৰ চিনাকী-অচিনাকী ৰেডিঅ' তৰংগ ধৰা পেলাই, সেইবোৰৰ উৎস চিনাক্ত কৰে, সংশ্লিষ্ট কেন্দ্ৰ সমূহৰ সৈতে চিঠিপত্ৰ, ই-মেইল আদিৰ যোগে যোগাযোগ স্থাপন কৰি এক নিবিড় সম্পৰ্ক গঢ়ি তোলে। চমুকৈ ক'বলৈ গলে বিভিন্ন কেন্দ্ৰৰ শৰ্টৱেভ সম্প্ৰচাৰ শুনাৰ যোগেদি বিশ্বৰ বিভিন্ন দেশৰ অনাতাঁৰ কেন্দ্রৰ সৈতে যোগাযোগ স্থাপন কৰাৰ চখটোকেই কোৱা হয় 'ডিএক্সিং'। ভাৰতবর্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত এনে অসংখ্য লোক ৰেডিঅ' ডিএক্সিঙৰ সৈতে জড়িত আৰু এই সকল বিশেষ ৰেডিঅ' শ্ৰোতা সম্প্ৰচাৰ বিশ্বত 'ডিএক্সাৰ' নামেৰে পৰিচিত। যিহেতু শৰ্টৱেভ বেণ্ডতে ৰেডিঅ' শুনাটো ডিএক্সাৰ সকলৰ প্ৰথম পছন্দ সেয়েহে তেওঁলোকক শৰ্টৱেভ শ্ৰোতা বা Shortwave Listener (SWL) বুলিও সম্বোধন কৰা হয়।
ডিএক্স (DX) - এই ইংৰাজী শব্দটোৰ কাৰিকৰী অৰ্থ হ'ল দূৰৰ অজ্ঞাত ধ্বনি। ইয়াত 'D' বৰ্ণটোৱে দূৰত্ব (Distance) আৰু 'X' বৰ্ণই অজ্ঞাত (Unknown) শব্দ দুটাক সূচায়। সেয়েহে বিশ্বৰ দূৰ-দুৰান্তৰ অজ্ঞাত ঠাইৰ পৰা ইথাৰ তৰংগত বিচৰণ কৰি আহি অনাতাঁৰ যন্ত্ৰযোগে শব্দ বা ধ্বনি ৰূপে ৰেডিঅ' যন্ত্রত ধৰা দিয়া বিভিন্ন অনাতাঁৰ কেন্দ্রৰ সৈতে যোগাযোগ স্থাপন কৰাৰ কাৰিকৰী অনুৰাগটোৱেই হ'ল ডিএক্সিং। অৱশ্যে বিগত কিছু বছৰে বহুতো বিদেশী কেন্দ্ৰই আৰ্থিক মন্দাৱস্থা আৰু শৰ্টৱেভ সম্প্ৰচাৰ ব্যয়বহুল হোৱাৰ দোহাই দি এই মাধ্যমত ৰেডিঅ' সম্প্ৰচাৰ সীমিত বা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত ডিএক্সাৰ সকলে মিডিয়ামৱেভ আৰু এফ.এম. ডিএক্সিঙতো মনোনিবেশ কৰা দেখা গৈছে। আনহাতে বিশ্বৰ বহুতো লোকে চেটেলাইট টেলিভিছনতো দেশ-বিদেশৰ টিভি ষ্টেচনবোৰ ধৰা পেলাই ৰেডিঅ' ডিএক্সাৰৰ দৰেই কেন্দ্ৰবোৰৰ সৈতে যোগাযোগ স্থাপন কৰাৰ চখ এটালৈ চৰ্চা কৰি আহিছে। ইয়াৰ ফলস্বৰূপে এতিয়া ডিএক্সিঙৰ পৰিসৰ ৰেডিঅ'ৰ আটাইকেইটা বেণ্ডৰ উপৰি টেলিভিছনলৈকে সম্প্ৰসাৰিত হৈছে।
অনাতাঁৰ কেন্দ্রৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ এই ডিএক্সাৰ সকল?
প্ৰকৃততে শ্ৰোতা সকলৰ বাবেইতো অনাতাঁৰ কেন্দ্ৰ সমূহৰ সকলো আয়োজন, শ্ৰোতা নাথাকিলে ৰেডিঅ'ৰ সম্প্ৰচাৰক সকলৰো অস্তিত্ব বিপদাপন্ন। সেয়েহে দেশ-বিদেশৰ প্ৰতিটো অনাতাঁৰ কেন্দ্ৰই শ্ৰোতা সকলৰ অনুৰোধ, পৰামৰ্শ ইত্যাদিক যথেষ্ট গুৰুত্ব সহকাৰে লয় তথা প্ৰয়োজন সাপেক্ষে সেইমতে অনুষ্ঠানৰ পৰিকাঠামোতো পৰিৱৰ্তন আনিবলৈ যত্ন কৰে। প্ৰতিটো কেন্দ্ৰৰ বাবে তেওঁলোকৰ প্ৰতিগৰাকী শ্ৰোতা অতি গুৰুত্বপূৰ্ণ। কিন্তু এইক্ষেত্ৰত ডিএক্সাৰ সকলৰ বহুতো কাৰণত কিছু উচ্চ খাপত ৰখা পৰিলক্ষিত হয়। তাৰ প্ৰধান কাৰণ হৈছে ৰেডিঅ' সম্প্ৰচাৰ বিষয়টোত থকা ডিএক্সাৰ সকলৰ কাৰিকৰী জ্ঞান। দৰাচলতে ডিএক্সিঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱেই হৈছে ইয়াৰ কাৰিকৰী ব্যৱহাৰ আৰু অনাতাঁৰ কেন্দ্র সমূহৰ বাবেও ই অতি প্ৰয়োজনীয়। সম্প্ৰচাৰিত অনুষ্ঠান সম্পৰ্কে শ্ৰোতা সকলে আগবঢ়োৱা মতামত, পৰামৰ্শ আদিৰ সমান্তৰালকৈ কেন্দ্ৰসমূহৰ অভিযান্ত্ৰিক শাখাৰ বাবে যিখন ঠাই বা অঞ্চলৰ উদ্দেশ্যে অনুষ্ঠান সমূহ প্ৰচাৰ কৰা হয় তাত কেন্দ্ৰটোৰ সম্প্ৰচাৰ মান কি ধৰণৰ এই বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত ডিএক্সাৰ সকলে কেন্দ্ৰটোৰ প্ৰচাৰ সংকেত ৰেডিঅ' ট্ৰেনজিষ্টাৰত গ্ৰহণ কৰি কেন্দ্ৰ সমূহলৈ প্ৰেৰণ কৰা এক বিশেষ গ্ৰহণ বৃত্তান্ত বা ৰিছেপচন ৰিপৰ্টে (Reception Report) মুখ্য ভূমিকা পালন কৰে। কেন্দ্ৰটোৰ সম্প্ৰচাৰৰ লক্ষ্যস্থানত (Target Area) অনুষ্ঠানৰ শ্ৰৱনমান নিৰূপণ কৰাত এনে ৰিপৰ্টে যথেষ্ট অৰিহনা যোগাই আৰু সেয়েহে ডিএক্সাৰৰ গ্ৰহণ বৃত্তান্ত সমূহ কেন্দ্ৰৰ অভিযান্ত্ৰিক তথা কাৰিকৰী বিভাগৰ বাবে এই অতি মূল্যবান নথি স্বৰূপ।
ৰিছেপচন ৰিপৰ্ট আৰু কিউ এছ এল কাৰ্ড
ডিএক্সাৰ সকলে এখন ৰিছেপচন ৰিপৰ্ট প্ৰস্তুত কৰোঁতে কেইটামান বিশেষ তথ্যৰ যোগান ধৰিব লাগে আৰু তাৰে অন্যতম হ'ল শ্ৰৱণমান নিৰূপক সংকেত। ইয়াক SINPO ক'ড বুলিও কোৱা হয়। SINPO ৰ প্ৰতিটো বৰ্ণৰ কাৰিকৰী অৰ্থ আৰু পাঁচটাকৈ নিৰ্দিষ্ট মান আছে। সেইবোৰ তলত দিয়া ধৰণে হয়-
'S' (Signal Strength) সংকেতৰ তীব্ৰতা- (১) অতি বেয়া (Audible), (২) কম (Poor), (৩) মধ্যম (Fair), (৪) ভাল (Good) আৰু (৫) উত্তম (Excellent)।
'I' (Interference) অন্য কেন্দ্ৰৰ সৈতে সমাৰোপন- (১) অতি বেছি (Extreme), (২) বেছি (Severe), (৩) মধ্যমীয়া (Moderate), (৪) সামান্য (Slight) আৰু (৫) নাই (None)।
'N' (Noise)- প্ৰাকৃতিক শব্দ আৰু 'P' (Propagation) কেন্দ্ৰশক্তি বঢ়া-টুটা কৰা বুজাই আৰু এই দুইৰে মনবোৰ 'I'ৰ সৈতে একেই।
'O' (Overall Rating) সম্প্ৰচাৰৰ সামগ্ৰিক মান- (১) একেবাৰে ভাল নহয় (Unusable), (২) বেয়া বা কম (Poor), (৩) মধ্যম (Fair), (৪) ভাল (Good) আৰু (৫) উত্তম (Excellent)।
ধৰিলোৱা হ'ল এজন ডিএক্সাৰৰ ৰিছেপচন ৰিপৰ্ট মতে কোনো এক ৰেডিঅ' প্ৰচাৰণৰ SINPO ৰেটিং হৈছে S= ৫, I=৪, N= ৪, P= ৪ আৰু O= ৪। ইয়াৰ অৰ্থ হ'ল যে অনাতাঁৰ কেন্দ্ৰটোৰ পৰা সম্প্ৰচাৰিত অনুষ্ঠানটোৰ কাৰিকৰী মান এনেধৰণৰ- সংকেতৰ তীব্ৰতা উত্তম, অনুষ্ঠান শুনাৰ সময়ত অন্য কেন্দ্ৰৰ দ্বাৰা বিশেষ বাধাপ্ৰাপ্ত হোৱা নাই, প্ৰাকৃতিক শব্দ আৰু কেন্দ্ৰশক্তি উঠা-নমা সামান্য পৰিমাণে আছিল যদিও সম্প্ৰচাৰৰ সামগ্ৰিক মান ভালেই। উল্লেখযোগ্য যে আজিকালি বহু ডিএক্সাৰে SINPO ৰ সলনি কেৱল SIO ক'ডো ব্যৱহাৰ কৰে।
সাংকেতিক তথ্যাদিৰ উপৰি এখন ৰিছেপচন ৰিপৰ্ট প্ৰস্তুত কৰোঁতে আন কিছুমান তথ্যৰ যোগান ধৰিব লাগে যেনে ডিএক্সাৰ গৰাকীৰ সম্পূৰ্ণ নাম আৰু ঠিকনা, প্ৰচাৰিত অনুষ্ঠানটো শুনাৰ তাৰিখ আৰু সময় (এইটো গ্ৰীণউইচ মান সময় [GMT] বা Universal Time Coordinated (UTC)ত দিব লাগে আৰু ই ভাৰতীয় সময়তকৈ ৫:৩০ ঘণ্টা পিছ পৰা), মিটাৰ বেণ্ড, ফ্ৰিকোয়েন্সী, গ্ৰাহক যন্ত্ৰ বা ৰিছিভাৰৰ সংক্ষিপ্ত বিৱৰণ, এন্টিনাৰ প্ৰকাৰ, শুনা অনুষ্ঠানটোৰ ভাষা, অনুষ্ঠানৰ চমু বিৱৰণ আৰু সামগ্ৰিক মন্তব্য (ইতিবাচক আৰু নেতিবাচক) ইত্যাদিৰ লগতে শেষত ৰিছেপচন ৰিপৰ্ট সত্য আৰু সন্তোষজনক হ'লে এবিধ বিশেষ সত্যতা নিৰূপণ কাৰ্ড, যাক QSL কাৰ্ড বোলা হয়, প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিব লাগে।
QSL ৰ সম্পূৰ্ণ অৰ্থ হ'ল Quebec Sign Language আৰু বহুতো ক্ষেত্ৰত ইয়াক Qualified Shortwave Listener কাৰ্ডো কোৱা হয়। এনে কাৰ্ডৰ এপিঠিত সংশ্লিষ্ট অনাতাঁৰ কেন্দ্রৰ দেশ, সংস্কৃতি, ইতিহাস, পৰ্যটন, বিশিষ্ট ব্যক্তিত্ব ইত্যাদি বিষয় প্ৰতিফলিত কৰা ৰঙীন ছবি থাকে আৰু আনটো পিঠিত ডিএক্সাৰজনৰ নাম, ঠিকনা আৰু ৰিপৰ্টৰ সত্যতা নিৰূপক মন্তব্য লিখা থাকে। প্ৰকৃত ডিএক্সাৰ সকলৰ বাবে বিভিন্ন অনাতাঁৰ কেন্দ্রৰ পৰা এনে QSL কাৰ্ড সংগ্ৰহ কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ই ডিএক্সাৰজনৰ ৰেডিঅ' সম্পর্কে জ্ঞান আৰু দক্ষতাৰ স্বীকৃতি স্বৰূপ। সেয়েহে ৰেডিঅ' যন্ত্ৰৰে অচিন সংকেত গ্ৰহণৰ প্ৰচেষ্টাত দিনক ৰাতি আৰু ৰাতিক দিন কৰা ইথাৰ বিশ্বৰ পৰিব্ৰাজক এই ডিএক্সাৰ সকলক 'কিউএছএল হান্টাৰ' বুলিও অবিহিত কৰা হয়।
ডিএক্সিং আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় সা-সৰঞ্জাম
ডিএক্সিং আৰম্ভ কৰিবলৈ প্ৰয়োজন হ'ব এটা ভাল ৰেডিঅ' যন্ত্ৰ বা ৰিছিভাৰ (Receiver)। আজিকালি বজাৰত বিভিন্ন ধৰণৰ সস্তীয়া ৰেডিঅ' ছেট উপলব্ধ। কিন্তু গুণগত ভাবে ভাল ডিএক্সিঙৰ বাবে প্ৰতিষ্ঠিত কোম্পানী এটাৰ তিনি বেণ্ড (শৰ্টৱেভ, মিডিয়ামৱেভ আৰু এফ.এম) যুক্ত ৰেডিঅ' এটা হ'লে ভাল। ৰেডিঅ' যিমান ভাল হ'ব তাৰ সংকেত গ্ৰহণ ক্ষমতায়ো সিমানেই ভাল হ'ব। ভাৰতীয় বজাৰত উপলব্ধ কিছুমান বিশ্বাসযোগ্য ব্ৰেণ্ড হ'ল চনী, ফিলিপছ, পেনাচনিক, সন্তোষ, পাগৰীয়া ইত্যাদি। অৱশ্যে আজিকালি অনলাইন শ্বপিং পৰ্টেল যেনে আমাজন, ফ্লিপকাৰ্ট, আলি এক্সপ্ৰেছ আদিত উচ্চ সংকেত গ্ৰহণ ক্ষমতা সম্পন্ন পৰ্টেবল ডিজিটেল ৰিছিভাৰ উপলব্ধ। সাধাৰণ এনালগ ৰেডিঅ'তকৈ এইবোৰৰ দাম কিছু অধিক হ'লেও এনে ৰেডিঅ' ব্যৱহাৰ কৰি ডিএক্সিঙত অধিক সুফল পোৱা যায়। এনেবোৰ ডিজিটেল ৰেডিঅ'ৰ বৈশিষ্ট্য হ'ল এইবোৰত মেনুৱেল টিউনিঙৰ সুবিধা থকাৰ লগতে ৰেডিঅ'ত উপলব্ধ কী-পেদ ব্যৱহাৰ কৰি অনায়াসে কম্পনাংক বা ফ্ৰিকুয়েন্সী ডায়েল কৰিব পাৰি, পছন্দৰ ষ্টেছনবোৰৰ ফ্ৰিকুয়েন্সী সংৰক্ষণ (save) কৰি থ'ব পাৰি, ৰেডিঅ' থকা ডিছ'প্লে স্ক্ৰীনত শুনি থকা কেন্দ্ৰটোৰ ফ্ৰিকুয়েন্সী, সংকেতৰ তীব্ৰতা, ৰিছেপচন সম্পৰ্কীয় যাবতীয় তথ্য আদি ওলাই থাকে যিবোৰ ব্যৱহাৰ কৰি এখন শুদ্ধ ৰিপোৰ্ট প্ৰস্তুত কৰাতো বহুত সহায় হয়। বিশ্বত ডিজিটেল ৰিছিভাৰ প্ৰস্তুত কৰা কেতবোৰ আগশাৰীৰ প্ৰতিষ্ঠান হ'ল টেক্সন (Tecsun), ডেগে'ন (Degen), চেনজিয়ান (Sangean), এক্সডাটা (XHdata), গ্ৰোণ্ডিগ (Grundig), চনী (Sony) ইত্যাদি।
ভাল ৰেডিঅ'ৰ লগতে ডিএক্সিঙত প্ৰয়োজন হয় ভাল এন্টিনাৰ। আমাৰ সাধাৰণ ৰিছিভাৰত থকা এন্টিনা ডাল হ'ল টেলিস্কপিক এন্টিনা আৰু ইয়াৰ সংকেত গ্ৰহণ ক্ষমতায়ো সীমিত। কিন্তু দূৰ-দূৰণিৰ কম ক্ষমতা সম্পন্ন অনাতাঁৰ সম্প্ৰচাৰ সংকেতকো টানি আনিব পৰা কিছু এন্টিনা, বিশেষকৈ শৰ্টৱেভ এন্টিনা আমি ঘৰতে অতি কম খৰচত সাজি উলিয়াব পাৰোঁ। দুডাল বাঁহ বা পিভিচি পাইপ, বৈদ্যুতিক তাঁৰ আৰু কোৱেকচিয়েল তাঁৰ (কেবোল বা ডিজিটেল টিভিত ব্যৱহৃত তাঁৰ) ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব পৰা দুবিধ প্ৰভাৱশালী এন্টিনাৰ আৰ্হি তলত দিয়া হ'ল।
![]() |
| Dipole Antenna |
![]() |
| Inverted V Antenna |
মনকৰিবলগীয়া কথাটো হ'ল এডাল শক্তিশালী এন্টিনাই দূৰ দেশৰ ৰেডিঅ' সংকেতবোৰ সহজে ধৰা পেলোৱাত যিদৰে সক্ষম ঠিক একে প্ৰকাৰে বতাহ-ধুমুহা, বিজুলী-ঢেৰেকনি আদিৰ সময়ত ই ৰেডিঅ' ৰিছিভাৰ আৰু শ্ৰোতাৰ জীৱনলৈয়ো ভাবুকিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে শক্তিশালী এন্টিনা সাজি ব্যৱহাৰ কৰাৰ সমান্তৰালকৈ যিকোনো অবাঞ্চিত পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভাল বৈদ্যুতিক আৰ্থিং (Earthing) তাঁৰ এডাল ৰেডিঅ' আৰু এন্টিনাৰ সৈতে সংযোগ কৰি ল'ব লাগে। এইক্ষেত্ৰত উল্লেখযোগ্য যে সচৰাচৰ ঘৰৰ বৈদ্যুতিক সংযোগৰ বাবে থকা আৰ্থিং ডাল ৰেডিঅ'ৰ বাবে ব্যৱহাৰ নকৰি সুকীয়া আৰ্থিং ব্যৱহাৰ কৰাটোৱেই ভাল হয়।
বছ হৈ গ'ল! উপযুক্ত ৰেডিঅ' যন্ত্ৰ, শক্তিশালী এন্টিনা আৰু লগতে ডিএক্সিঙৰ ৰোমাঞ্চকৰ পৃথিৱীত ভ্ৰমণৰ চৰম আগ্ৰহ গোটাই লোৱাৰ লগে লগে আপুনি এক প্ৰকাৰে ৰেডিঅ' যোগে বিশ্ব পৰিভ্ৰমণত ওলাবলৈ প্ৰস্তুত!
শৰ্টৱেভত আজিৰ তাৰিখত কি শুনিব আৰু কেনেকৈ চিনাক্ত কৰিব অজান অনাতাঁৰ সংকেত?
বিশ্বৰ প্ৰায়বোৰ দেশৰ চৰকাৰী আৰু বহুতো ব্যক্তিগত খণ্ডৰ (বিশেষকৈ খ্ৰীষ্টান ধৰ্মীয় প্ৰচাৰক সংস্থা) অনাতাঁৰ কেন্দ্ৰই শৰ্টৱেভত ইংৰাজী আৰু নিজ দেশৰ চৰকাৰী ভাষাত অনুষ্ঠান প্ৰচাৰ কৰে। তদুপৰি প্ৰতিটো কেন্দ্ৰই দিশটোৰ বিদেশনীতি অনুযায়ী কেতবোৰ বিদেশী ভাষাতো অনুষ্ঠান প্ৰচাৰ কৰে। এনে অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য হ'ল আন্তৰ্জাতিক শ্ৰোতা সমাজ বা কোনো এক বিশেষ ভাষিক গোষ্ঠীক তেওঁলোকৰ নিজৰ ভাষাত দেশখনৰ বিষয়ে বিভিন্ন তথ্যৰ যোগান ধৰা, দেশৰ বিদেশনীতি সম্পৰ্কে অৱগত কৰোৱা তথা আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বিভিন্ন ঘটনাৱলী সম্পৰ্কে দেশ তথা চৰকাৰৰ নিজস্ব দৃষ্টিভংগী দাঙি ধৰা। ভাৰতীয় ভাষা সমূহৰ ভিতৰত বিশেষকৈ হিন্দী, বাংলা, উৰ্দু আৰু তামিল ভাষাত বহুতো বিদেশী কেন্দ্ৰই অনুষ্ঠান প্ৰচাৰ কৰে। কিছুমান কেন্দ্ৰই তেলেগু, পাঞ্জাৱী, মৈথিলী, নেপালী, মিজো, ককবৰক আৰু আমাৰ অতি আপোন অসমীয়া ভাষাতো নিয়মীয়াকৈ অনুষ্ঠান প্ৰচাৰ কৰে যদিও এই ক্ষেত্ৰত কেইটামান খ্ৰীষ্টীয় ধৰ্ম প্ৰচাৰক সংস্থাইহে আগভাগ লোৱা পৰিলক্ষিত হয়। অৱশ্যে বিশ্ব অৰ্থনীতিৰ পৰিৱৰ্তিত প্ৰেক্ষাপটত শৰ্টৱেভ সম্প্ৰচাৰ অধিক ব্যয়বহুল হোৱাৰ অজুহাত দেখুৱাই ইতিমধ্যে পশ্চিমীয়া বিশ্বৰ কেইবাখন দেশৰ অনাতাঁৰ কেন্দ্ৰই শৰ্টৱেভ সম্প্ৰচাৰ বন্ধ কৰি ইণ্টাৰনেট, মোবাইল এপ' আদিৰ দৰে ডিজিটেল প্লেটফৰ্মলৈ ঢাপলি মেলা দেখা গৈছে। কিন্তু এনে পৰিস্থিতিতো বিবিচি, ভয়েছ অব্ আমেৰিকা, ৰেডিঅ' ৰোমানিয়া, ৰেডিঅ' জাপান, দক্ষিণ কোৰিয়াৰ কেবিএছ ৱৰ্ল্ড ৰেডিঅ', ভয়েছ অব্ ভিয়েটনাম, চাইনা ৰেডিঅ' ইণ্টাৰনেছনেল প্ৰমুখ্যে বিখ্যাত অনাতাঁৰ কেন্দ্রৰ লগতে বিশেষকৈ এছিয়া মহাদেশৰ বহুতো দেশে এতিয়াও শৰ্টৱেভ সম্প্ৰচাৰৰ সহজ আৰু দূৰসংযোগী মাধ্যমটোতে শ্ৰোতা সকলক ৰেডিঅ'ৰ প্ৰতি মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে।
শৰ্টৱেভেই হওক বা মিডিয়ামৱেভ, ৰেডিঅ'ৰ এই বিশাল জগতখনত মনপছন্দৰ দেশৰ বা কেন্দ্ৰৰ শুনিবলৈ বিচৰা কোনো এক নিৰ্দিষ্ট ভাষাৰ অনুষ্ঠান কোন ফ্ৰিকুয়েন্সীত বা কোন সময়ত সম্প্ৰচাৰিত হয় এই বিষয়ে জনাটো অতিকৈ দৰকাৰী। আজিৰ পৰা কিছুবছৰ আগলৈকে এই কাম কৰাটো যথেষ্ট জটিল কাম আছিল। সেইসময়ত শ্ৰোতা সকলে ৰেডিঅ' শুনি শুনি আয়ত্ব কৰা নানান ভাষাৰ জ্ঞান, কেন্দ্ৰ সমূহৰ উদ্বোধনী স্বৰ (signature tune), অন্যান্য যন্ত্ৰ সংগীত আদিৰ দ্বাৰা একো একোটা অনাতাঁৰ কেন্দ্ৰক চিনাক্ত কৰিছিল। আনহাতে সেইসময়ত বহুতো কেন্দ্ৰই তেওঁলোকৰ ইংৰাজী আৰু অন্যান্য ভাষা সম্প্ৰচাৰত ৰেডিঅ' হবি ডিএক্সিঙৰ বিশেষ ডিএক্স অনুষ্ঠান প্ৰচাৰ কৰিছিল (এতিয়াও বহুতো কেন্দ্ৰই এনে অনুষ্ঠানৰ প্ৰচাৰ অব্যাহত ৰাখিছে) যিবোৰৰ বিভিন্ন কেন্দ্ৰৰ প্ৰচাৰণ সম্পৰ্কীয় নানান তথ্য দাঙি ধৰিছিল। শ্ৰোতা সকলে সেইবোৰ অনুষ্ঠানৰ পৰাও নানান কেন্দ্ৰৰ সম্প্ৰচাৰ ফ্ৰিকুয়েন্সী, সময়সূচী আদি লিখি ৰাখিছিল আৰু পাছত ৰেডিঅ'ৰ ন'ভ পকাই পকাই নির্দিষ্ট কেন্দ্ৰৰ অনুষ্ঠান শুনিছিল।
অৱশ্যে এইক্ষেত্ৰত অতীজৰে পৰা ৰেডিঅ' আৰু টিভি ডিএক্সিঙৰ বাইবেল স্বৰূপ এখন বছৰেকীয়া গ্ৰন্থই এক বিশেষ ভূমিকা পালন কৰি আহিছে। প্ৰথমতে ১৯৪৭ চনত 'ৱৰ্ল্ড ৰেডিঅ' হেন্ডবুক' হিচাপে আৰু ১৯৬৫ চনৰ পৰা 'ৱৰ্ল্ড ৰেডিঅ' এণ্ড টিভি হেন্ডবুক' (WRTH) হিচাপে ইংলেণ্ডৰ পৰা প্ৰকাশ হৈ অহা কিতাপখনে ডিএক্সাৰ আৰু ৰেডিঅ' প্ৰেমী সকলক বিশেষ সেৱা আগবঢ়াই বিশ্বৰ শ্ৰেষ্ঠ ৰেডিঅ' হাতপুথিৰ আসনত প্ৰতিষ্ঠিত হৈছে। বৰ্তমানে প্ৰতি বছৰে ডিচেম্বৰ মাহত কিতাপ আকাৰে আৰু জুন-জুলাই মাহত পৰিৱৰ্তিত সম্প্ৰচাৰ ঋতু বিশেষ সংযোজন হিচাপে অনলাইন তথা পিডিএফ ফাইল ৰূপে প্ৰকাশ পোৱা এই তথ্যকোষত বিশ্বৰ প্ৰতিটো অনাতাঁৰ আৰু টিভি কেন্দ্রৰ প্ৰতিটো সম্প্রচাৰৰ সবিশেষ তথ্য প্ৰকাশ পোৱাৰ উপৰি স্বনামধন্য সম্প্ৰচাৰ বিশেষজ্ঞ, ডিএক্সাৰ সকলে যুগুতোৱা বিশেষ প্ৰবন্ধ, ৰেডিঅ', এন্টিনা আৰু অন্যান্য যন্ত্ৰাদিৰ পৰিচয়মূলক লেখা আদি প্ৰকাশ পায়। প্ৰতিগৰাকী ডিএক্সাৰৰ বাবে এই কিতাপখন অতি প্ৰয়োজনীয় আৰু আগ্ৰহৰ বিষয়বস্তু। আগ্ৰহী সকলে www.wrth.com ত গৈ কিতাপখনৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰে তথা প্ৰয়োজনত ক্ৰয়য়ো কৰি ল'ব পাৰে। আমাজন দট কমতো WRTH বিক্ৰীৰ বাবে প্ৰতিবছৰে উপলব্ধ হয়।
আজিকালি অৱশ্যে যিদৰে ডিজিটেল ৰিছিভাৰৰ সংযোজনে ডিএক্সিং অধিক সহজ কৰি তুলিছে ঠিক একেদৰে ইণ্টাৰনেট আৰু মোবাইল এপ'ত উপলব্ধ কিছুমান তথ্য উৎসই অচিনাকি অনাতাঁৰ কেন্দ্রৰ চিনাক্তকৰণ তথা পছন্দৰ কেন্দ্ৰটো যথা সময়ত টিউন কৰায়ো সহজসাধ্য কৰি তুলিছে। তলত এনে কেইটামান নিৰ্ভৰযোগ্য ৱেবচাইটৰ ঠিকনা উল্লেখ কৰা হ'ল।
1. http://shortwaveschedule.com/
2. https://www.shortwave.be/
3. https://short-wave.info/
4. http://www.hfcc.org/schedule/
5. https://www.qsl.net/vu2jos/ (আকাশবাণী তথা ভাৰতীয় ৰেডিঅ' সম্প্ৰচাৰৰ সবিশেষ তথ্যৰ বাবে)।
শৰ্টৱেভ সম্প্ৰচাৰৰ অনুষ্ঠান ৰূপৰেখা
বিদেশী অনাতাঁৰ কেন্দ্ৰ সমূহে মূলতঃ প্ৰচাৰ কৰা অনুষ্ঠান সমূহত সংবাদ, প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সংবাদ পৰ্যালোচনা, বিভিন্ন সমসাময়িক বিষয়ক লৈ ফিচাৰ বা মেগাজিন অনুষ্ঠান, বিশিষ্ট ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ, সংগীত, নাটক, ভাষা শিক্ষাৰ অনুষ্ঠান আদিয়েই উল্লেখযোগ্য। এনে অনাতাঁৰ কেন্দ্রৰ পৰা দেশ-বিদেশৰ সংবাদ পলকতে লাভ কৰিব পাৰি। তদুপৰি অনুষ্ঠান সমূহত বিভিন্ন দেশৰ ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, জনপ্ৰিয় পৰ্যটনস্থল আদিৰ বিষয়ে পৰ্যাপ্ত প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰা দেখা যায়। আনন্দ ল'ব পাৰি দেশ-বিদেশৰ সুৰুচিপূৰ্ণ সংগীতৰ। শৰ্টৱেভ ৰেডিঅ'ৰ ব্যপ্তি আৰু শক্তি বিভিন্ন সময়ে বিশ্বৰ বিভিন্ন মহলে স্বীকাৰ কৰিছে, সেইয়া লাগিলে দ্বিতীয় মহাসমৰৰ সময়তে হওঁক বা ছোভিয়েট ইউনিয়নৰ পতন বা দুই জাৰ্মানীৰ একত্রিকৰণেই হওঁক বা প্ৰাচ্য আৰু পশ্চিমীয়া দেশবোৰৰ মাজত চলা দীৰ্ঘকালীন শীতলযুদ্ধ, শৰ্টৱেভ ৰেডিঅ'ই সদায়েই বিশ্বৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীত দৃষ্টান্তমূলক ভূমিকা পালন কৰি আহিছে। শেহতীয়াকৈ ভাৰতৰ কেন্দ্র চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাক কেন্দ্ৰ কৰি বহু বিতৰ্ক চলি থকাৰ সময়তে বিবিচিৰ দৰে বিশ্বৰ আগশাৰীৰ অনাতাঁৰ কেন্দ্ৰই কাশ্মীৰ উপত্যকালৈ তেওঁলোকৰ ইংৰাজী আৰু হিন্দী ৰেডিঅ' সম্প্ৰচাৰৰ সময়সীমা বৃদ্ধি কৰি টিভি, ইণ্টাৰনেট, মোবাইল, টেলিফোন যোগাযোগ বিচ্ছিন্ন স্থানীয় লোকক উৎকৃষ্ট সেৱা আগবঢ়াই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
বিবিচিৰ উপৰি অন্য বহুতো দেশৰ অনাতাঁৰ কেন্দ্ৰই বিষয়টোক লৈ যিদৰে নিৰপেক্ষ বিশ্লেষণ, বাতৰি আদি প্রচাৰ কৰিছে তাৰ দ্বাৰা ৰেডিঅ'ৰ শ্ৰোতা সকলে নিশ্চিত ভাবে ঘটনাটোৰ সম্পৰ্কে প্ৰকৃত তথা নিৰপেক্ষ ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছে। এনেদৰেই শৰ্টৱেভত সম্প্ৰচাৰিত বিদেশী অনাতাঁৰ কেন্দ্র সমূহৰ নিৰপেক্ষ সাংবাদিকতাই বিভিন্ন সময়ত বিভিন্ন ঘটনা-পৰিঘটনা সম্পর্কে বিশ্ববাসীক এক পক্ষপাতহীন দৃষ্টিকোণ সৃষ্টি কৰাত সহায় কৰি আহিছে লগতে সমবৃদ্ধশালী কৰি গৈ আদি শ্ৰোতাৰ জ্ঞানৰ ভঁৰাল।
ডিএক্সিং সকলোৱে কৰিব পাৰিব নে?
হয়, ৰেডিঅ'ৰ প্ৰতি অনুৰাগ থকা যিকোনো ব্যক্তিয়েই ডিএক্সিং আৰম্ভ কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত ব্যক্তিজনক প্ৰথমতে এগৰাকী সূক্ষ্ম তথা উৎসাহী শ্ৰোতা হ'ব লাগিব। লগতে প্ৰয়োজন যথেষ্ট ধৈৰ্য্যশক্তি। কাৰিকৰী দিশৰ পৰা চাবলৈ গ'লে সাধাৰণ ৰেডিঅ' শ্ৰোতা আৰু এজন ডিএক্সাৰৰ মাজত কিছু পাৰ্থক্য নথকাও নহয়। বহুতেই মনোৰঞ্জন, আজৰিপৰত কিছু সময় অতিবাহিত কৰিবলৈ বা দেশ-বিদেশৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ ৰেডিঅ' শুনাৰ অভ্যাস গঢ়ি তোলে। তাৰে খুব কম সংখ্যকেই নিৰ্দিষ্ট ৰেডিঅ' কেন্দ্ৰটোৰ সৈতে যোগাযোগ কৰে বা শুনা অনুষ্ঠানবোৰৰ সম্পৰ্কে কেন্দ্ৰটোলৈ মতামত, পৰামৰ্শ আদি আগবঢ়ায়। কিন্তু এইক্ষেত্ৰত ডিএক্সাৰ সকল যথেষ্ট আগবঢ়া। তেওঁলোকে কেন্দ্ৰবোৰলৈ ৰিছেপচন ৰিপ'ৰ্টৰ লগতে অনুষ্ঠান সম্পৰ্কে গঠনমূলক সমালোচনা, পৰামৰ্শ আদি সন্নিবিষ্ট কৰি নিয়মিত ভাৱে চিঠিপত্ৰ প্ৰেৰণ কৰে। আনকি এনে বহুতো শ্ৰোতা ডিএক্সাৰ আছে যিসকলে দেশ-বিদেশৰ অনাতাঁৰ কেন্দ্র সমূহলৈ প্ৰেৰণ কৰা পত্ৰ, ই-মেইল আদি একোটা ৰেজিষ্টাৰ বহীত লিখি থয় আৰু নিয়মিত ভাৱে সেইবোৰৰ উত্তৰ পোৱা-নোপোৱাৰ পৰ্যালোচনা কৰে। তাৰোপৰি এজন ভাল ডিএক্সাৰ হ'বলৈ হ'লে ইংৰাজী ভাষাত কিছু দখল আৰু ভূগোলৰ সাধাৰণ জ্ঞান থকাটো বাঞ্চনীয়। অৱশ্যে এই সকলো গুণ এজনে নিয়মিত ভাৱে ৰেডিঅ' শুনি আৰু কেন্দ্ৰসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আয়ত্ব কৰি ল'ব পাৰে।
ডিএক্সিঙৰ উপকাৰীতা
মনোৰঞ্জনৰ উপৰি ৰেডিঅ' শুনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপকাৰীতা হৈছে জ্ঞানৰ্জন। দেখা গৈছে দৃশ্যমাধ্যম যেনে টেলিভিছনত সম্প্ৰচাৰিত বা-বাতৰি, অনুষ্ঠান আদিৰ তুলনাত ৰেডিঅ'ৰ বাতৰি, সংবাদ বিশ্লেষণমূলক অনুষ্ঠানবোৰ অধিক নিৰপেক্ষ হয়। ৰেডিঅ'ৰ নানান মনোৰঞ্জনধৰ্মী, শিক্ষামূলক তথা জনসচেতনতামূলক অনুষ্ঠানবোৰ শ্ৰোতাৰ বৌদ্ধিক বিকাশত যথেষ্ট প্ৰভাৱশালী হয়। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ বাবে প্ৰস্তুতি কৰি থকা আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ বিদ্যাৰ্থী সকলৰ বাবে নিয়মিত ভাৱে ৰেডিঅ' শুনাৰ অভ্যাস গঢ়ি তুলিলে ই বিশেষ ভাবে সহায়ক হোৱা পৰিলক্ষিত হয়। আনহাতে এটি শক্তিশালী গণমাধ্যম হিচাপে ৰেডিঅ'ই হৈছে বয়স্ক আৰু দৃষ্টিহীন লোকৰ মনোৰঞ্জন তথা তথ্য সংগ্ৰহৰ শ্ৰেষ্ঠ আহিলা। আৰু এটা উল্লেখনীয় কথা হ'ল ৰেডিঅ'ৰ যিকোনো অনুষ্ঠানৰ বলিষ্ঠ উপস্থাপনা শৈলীয়ে মানুহৰ মন-মস্তিষ্কত যিদৰে ক্ৰিয়া কৰে, সুপ্ৰভাব পেলাই সেইয়া টেলিভিছন বা ইণ্টাৰনেটত পৰিবেশিত সমগ্ৰীয়ে কেতিয়াও কৰিব নোৱাৰে বুলি বিশেষজ্ঞ সকলেও মত পোষণ কৰি আহিছে। এনেক্ষেত্ৰত ডিএক্সিঙৰ জৰিয়তে গোটেই বিশ্বখনতে অবাধ বিচৰণ কৰি নানা দেশ, বিচিত্ৰ সমাজ আৰু বাৰেৰহনীয়া বিশ্ব সংস্কৃতিৰ বিষয়ে বিষয়ে জনাৰ সুযোগটোৱেই ডিএক্সিঙৰ প্ৰধান উপকাৰীতা।
ডিএক্সিঙৰ আন এটা গুৰুত্বপূৰ্ণ উপকাৰীতা হৈছে ইয়াৰ জৰিয়তে বহু বিদেশী ভাষাও শিকিব পাৰি। চাইনা ৰেডিঅ' ইণ্টাৰনেছনেল আৰু ৰেডিঅ' টাইৱান ইণ্টাৰনেছনেলৰ চীনা বা মান্দাৰিন ভাষা শিক্ষাৰ অনুষ্ঠান, ৰেডিঅ' জাপানৰ জাপানী ভাষা শিক্ষাৰ অনুষ্ঠান, বিবিচি আৰু ভয়েছ অব্ আমেৰিকাৰ ইংৰাজী ভাষা শিক্ষা পাঠ, কেবিএছ ৱৰ্ল্ড ৰেডিঅ'ৰ কোৰিয়ান ভাষা পাঠ্যক্ৰম, ৰেডিঅ' তেহেৰানৰ ফাৰ্চী ভাষা শিক্ষাৰ অনুষ্ঠান আদি শ্ৰোতা সকলৰ মাজত যথেষ্ট জনপ্রিয়। কিছু কিছু কেন্দ্ৰই এনে ৰেডিঅ' ভাষা শিক্ষণ অনুষ্ঠানৰ পাঠ্যপুস্তক শ্ৰোতা সকললৈ প্ৰেৰণ কৰে যিবোৰ এনেবোৰ ভাষা আয়ত্ব কৰাত সহায়ক হয়।
শৰ্টৱেভত আন্তঃৰাষ্ট্ৰীয় অনাতাঁৰ অনুষ্ঠান শুনি জ্ঞান আহৰণ কৰাৰ সমান্তৰালকৈ শ্ৰোতা সকলে কেন্দ্ৰ সমূহে সময়ে সময়ে আয়োজন কৰা কুইজ, প্ৰবন্ধ লিখন আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন পুৰস্কাৰ, আনকি ভাগ্য সুপ্ৰসন্ন থাকিলে বিদেশ ভ্ৰমণৰো সুযোগ লাভ কৰিব পাৰে। আমাৰ পৰিচিত বহু ডিএক্সাৰে বিদেশী কেন্দ্ৰৰ এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিদেশ ভ্ৰমণৰ উপৰি মূল্যবান ডিজিটেল ৰেডিঅ', লেপটপ, মোবাইল ফোন, কেমেৰা, পেনড্ৰাইভ, আইপ'ড, বিদেশী সংগীতৰ চিডি আৰু আন বহুতো সামগ্ৰী পুৰস্কাৰ হিচাপে লাভ কৰিবলৈ সক্ষম হৈছে। ডাক টিকট, বিদেশী মুদ্ৰা, আলোচনী, সংবাদপত্ৰ, কেলেণ্ডাৰ আদি সংগ্ৰহ কৰা সকলৰ বাবেও ডিএক্সিং এটি সুন্দৰ সহায়ক হবি কিয়নো বহু বিদেশী কেন্দ্ৰই তেওঁলোকৰ শ্ৰোতা সকললৈ স্মাৰক উপহাৰ হিচাপে এনে সামগ্ৰী প্ৰেৰণ কৰে।
ডিএক্সিং আৰু শৰ্টৱেভ ৰেডিঅ'ক কেন্দ্ৰ কৰিয়েই বিশ্বজুৰি গঢ়লৈ উঠিছে অসংখ্য শ্ৰোতা সংঘ। এনে শ্ৰোতা গোট সমূহে তেওঁলোকৰ স্থানীয় অঞ্চলবোৰত ৰেডিঅ'ক জনপ্ৰিয় কৰি তুলিবলৈ অগ্ৰণী ভূমিকা পালন কৰি আহিছে। বহুতো ৰেডিঅ' ক্লাবে ৰেডিঅ' শুনা আৰু আনুষংগিক কৰ্মকাণ্ডৰ লগতে বিভিন্ন গঠনমূলক সামাজিক-সংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে আমাৰ সমাজখনলৈয়ো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। আনকি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়তো ৰেডিঅ' শ্ৰোতা সংঘ সমূহে প্ৰশাসনক উদ্ধাৰকাৰ্য আৰু দুৰ্গতজনক ত্ৰাণ সাহায্য বিতৰণত সহযোগিতা আগবঢ়াই মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শনো দাঙি ধৰিছে। অৱশ্যে দুৰ্যোগকালীন ব্যৱস্থাপনাত প্ৰভাৱশালী অৱদান আগবঢ়োৱা অনাতাঁৰ যোগাযোগৰ মাধ্যমটো হৈছে এমেচাৰ বা হেম ৰেডিঅ' যিটো আজি বিভিন্ন দেশৰ চৰকাৰী-বেচৰকাৰী সকলো পক্ষই অতি গুৰুত্ব সহকাৰে লৈছে আৰু তেনে এক প্ৰেক্ষাপটত স্বাভাৱিকতে ৰেডিঅ'ক লৈ নানান পৰীক্ষা-নিৰীক্ষাত ব্যস্ত এই বিশেষ ৰেডিঅ' প্ৰেমী সকলৰ গুৰুত্বয়ো বিশ্বজুৰি যথেষ্ট বৃদ্ধি পাইছে।
(ডিএক্সিং সম্পৰ্কে অধিক জানিবলৈ আগ্ৰহী ৰেডিঅ' প্ৰেমী সকলে লেখকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে।)
© পৃথ্বীৰাজ পুৰকায়স্থ
















Excellent. Thank you, Prithwi, for this beautiful and informative article.
ReplyDelete