হবি কথা - জুন ২০২০

জুন মাহতে আৰম্ভ হৈছিল এফএম ৰেডিঅ'ৰ বৰ্ণিল যাত্ৰা

ৰেডিঅ' যন্ত্ৰ বা মোবাইলত ৰেডিঅ' শুনাৰ প্ৰসংগটো আলোচিত হ'লে আমাৰ মনলৈ প্ৰথমেই অহা মাধ্যমটো নিশ্চয়কৈ এফ.এম. ৰেডিঅ'। জানেনে জুন মাহটো এই এফ.এম. সম্প্ৰচাৰ ব্যৱস্থাৰ বাবে এটি স্মৰণীয় মাহ। এডৱিনৰ এই বিশেষ এম.ষ্টেছনটো এটা সাংকেতিক নামেৰে জনাজাত আছিল আৰু সেইটো হল W2XMN. অৱশ্যে ১৯৪১ চনৰ ১ মাৰ্চত আমেৰিকাৰে নেশৱিলেৰ পৰা আনুষ্ঠানিক সম্প্ৰচাৰ আৰম্ভ কৰা W47NV নামৰ কেন্দ্ৰটোৱেই বিশ্বৰ প্ৰথম বাণিজ্যিক এফ.এম. কেন্দ্ৰ হিচাপে জনাজাত। 
কিয়নো ১৯৩৫ চনৰ ১১ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী এডৱিন আৰ্মষ্ট্ৰঙে পোনপ্ৰথম বাৰৰ বাবে নিউ জাৰ্চি এলপাইন নামৰ ঠাইত এবছৰ পূৰ্বে উদ্ভাৱন কৰা এই এফ.এম. সম্প্ৰচাৰ ব্যৱস্থা ৰাজহুৱাকৈ প্ৰদৰ্শন কৰিছিল।

গুৱাহাটীয়ে লাভ কৰিলে কনিষ্ঠ বাইচাইকেল মেয়ৰ

চাইক্লিং বাৰু আপোনাৰ চখ নেকি? যদি হয় তেন্তে আপুনি নিশ্চিতকৈ এটি বৰ উপকাৰী আৰু স্বাস্থ্যকৰ হবি নিৰ্বাচন কৰিছে। কিন্তু গুৱাহাটীৰ ১৪ বছৰীয়া মালভ দত্তৰ বাবে চাইক্লিং হৈছে এটি নিচা আৰু আবেগ। চাইক্লিংৰ প্ৰতি থকা তেওঁৰ আসক্তিয়ে শেহতীয়াকৈ মালভলৈ আনি দিছে এক বিৰল সন্মান। যোৱা ৩ জুন তাৰিখে বিশ্বজুৰি পালিত হোৱা বিশ্ব বাইচাইকেল দিৱসৰ দিনাই আমষ্টাৰ্ডদামৰ বিখ্যাত সামাজিক সংস্থা BYCS (উচ্চাৰণ- বাইক্স)-য়ে গুৱাহাটীৰ বেচৰকাৰী সংগঠন 'পেডেল ফৰ চেঞ্জ'ৰ সহযোগিতাৰে মালভক 'গুৱাহাটীৰ কণিষ্ঠ বাইচাইকেল মেয়ৰ' হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে  বিশ্বজুৰি চাইকেল চালনৰ উপযোগিতাৰ প্ৰচাৰ তথা চাইকেল চালনক অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে 'বাইক্স'-ৰ উদ্যোগ উচ্চ প্ৰশংসিত আৰু সংস্থাটোয়ে ২০১৮ চনত গুৱাহাটীৰে আৰ্শ্বেল আখতাৰ নামৰ চাইকেল প্ৰেমী যুৱকজনক 'গুৱাহাটীৰ বাইচাইকেল মেয়ৰ' হিচাপে নিযুক্তি দিছিল। এতিয়া আৰ্শ্বেলৰ তত্বাৱধানত মালভে চাইক্লিংৰ প্ৰতি গুৱাহাটীৰ শিশু তথা ছাত্ৰ-ছাত্ৰী সকলক আকৰ্ষিত কৰাৰ বিভিন্ন উদ্যোগ গ্ৰহণ কৰিব। মহানগৰীৰ জু'ৰোডৰ কেপিটেল মেট্ৰপলিটান ইংলিছ হাই স্কুলৰ ছাত্ৰ মালভ এজন MTB চাইক্লিষ্ট আৰু ইতিমধ্যে ৰাষ্ট্রীয় পৰ্যায়ৰ কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিছে। এইখিনিতে উল্লেখযোগ্য যে 'পেডেল ফৰ চেঞ্জ'-য়ে গুৱাহাটীবাসীৰ মাজত চাইকেলক যাতায়াতৰ সৰ্বাধিক জনপ্ৰিয় বাহন হিচাপে আকৰ্ষিত কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি যুগুত কৰি উলিয়াইছে আৰু ইয়াৰে অধীনত অচিৰেই গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত এজনকৈ চাইকেল প্ৰেমিক 'বাইচাইকেল কাউঞ্চিলৰ' হিচাপে নিযুক্তি দিয়াৰো পৰিকল্পনা কৰিছে। 

উৰিষ্যাত উন্মোচিত কোভিড-১৯ বিশেষ খাম

ভাৰতীয় ডাক বিভাগৰ উৰিষ্যা সংমণ্ডলে যোৱা ২৬ মে' তাৰখে ভুৱনেশ্বৰত উন্মোচন কৰিলে 'কোভিড-১৯ বিশ্বব্যাপী মহামাৰী' শীৰ্ষক এটি বিশেষ খাম বা স্পেচিয়াল কভাৰ। আকৰ্ষণীয় ভাৰতীয় চিত্ৰকলাৰ জৰিয়তে মাস্ক পৰিধান কৰা, হাত ধোৱা আৰু ঘৰতে থকাৰ প্ৰয়োজনীয়তা সমূহ বৰ্ণনা কৰা হৈছে এই খামত। আনহাতে ভুৱনেশ্বৰৰ বিখ্যাত ইষ্টাৰ্ণ ইণ্ডিয়া ফিলাটেলিষ্ট এছোচিয়েচনে নিজাববীয়াকৈ প্ৰকাশ কৰিলে এটি বিশেষ কোভিড-১৯ ফ্ৰেনকিং কভাৰ।  অনুষ্ঠানটোৱে কভাৰটো কোভিড-১৯ মহামাৰীৰ সময়ত আমাৰ বিভিন্ন কৰণীয়খিনিৰ চিত্ৰ বিবৰণি আৰু কোভিড যোদ্ধা সকলৰ প্ৰতি সন্মান জনাই ডিজাইন কৰিছে। উল্লেখযোগ্য যে আধুনিক ডাক ব্যৱস্থাত ডাকটিকটৰ পৰিবৰ্তে খামৰ ওপৰত স্বয়ংক্ৰিয় ভাবে ডাক মাচুল মোহৰ ছপা কৰা এবিধ যন্ত্ৰ হৈছে ফ্ৰেনকিং মেচিন। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান, কোম্পানী আদিৰ পৰা ডাকত অহা খামৰ সোঁফালে ডাকটিকটৰ পৰিবৰ্তে এই ধৰণৰ মোহৰ ছপা কৰা দেখিবলৈ পোৱা যায়। 

দেশে-দেশে উন্মোচিত কৰ'না বিশেষ ডাকটিকট
শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশে কভিড-১৯ৰ কৰ'না যোদ্ধা সকলক সন্মান জনাই ডাকটিকট জাৰি কৰি আছে আৰু তাইৱান, ইউক্রেন আৰু চিয়েৰা লিয়ন এই ক্ষেত্ৰত নৱ সংযোজন।
ইয়াৰে চিয়েৰা লিয়নৰ ডাকটিকটটোয়ে সংগ্ৰহকাৰী সকলক বিশেষ ভাবে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যত তেওঁলোকে বিশ্বৰ প্ৰথম আধুনিক ডাকটিকট 'পেনি ব্লেক'কৰ মুখত মাস্ক লোৱাটো দেখুৱাইছে।

আৰম্ভ হল 'অ আ ক খ'ৰ ব্যতিক্ৰমী ভাৰ্চুৱেল যাত্ৰা
কুইজিংৰ প্ৰতি আগ্ৰহী সকলৰ বাবে এটি ভাল খবৰ। ফেচবুকত আৰম্ভ হল 'অ আ ক খ'ৰ ব্যতিক্ৰমী ভাৰ্চুৱেল যাত্ৰা। অসমত কুইজিঙক জনপ্রিয় কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যৰ কেইগৰাকীমান আগশাৰীৰ কুইজাৰৰ প্রচেষ্টাত জন্ম লাভ কৰা 'অ আ ক খ'ই 'বিন্দুৰ পৰা সিন্ধুলৈ বিশ্বমুখী গতি'- এই বিশেষ শ্লোগানেৰে এতিয়াৰে পৰা তেওঁলোকৰ বিশেষ ফেচবুক পেজটোত কুইজ, বিশেষকৈ অসম সম্পৰ্কীয় বিভিন্ন তথ্যৰ যোগান ধৰাৰ লগতে সময়ে সময়ে কুইজিঙৰ ওপৰত বিশেষজ্ঞ সকলৰ লাইভ আলোচনা, দৈনিক কুইজ,  লাইভ কুইজ, শিশু সকলৰ মাজত কুইজক  বিশেষ ধৰণে জনপ্ৰিয় কৰাৰ বাবে সমল আদি যোগান ধৰিব। ইতিমধ্যে কুইজ আৰু সাধাৰণ জ্ঞানৰ প্ৰতি আগ্ৰহী সকলৰ মাজত যথেষ্ট সমাদৃত হৈছে 'অ আ ক খ'ৰ এই সুন্দৰ পদক্ষেপ। 

ডাকটিকট আৰু মুদ্ৰাৰ ভাৰ্চুৱেল প্ৰদৰ্শনী

আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে যোৱা ১৮ মে তাৰিখে গোৱা ফিলাটেলিক এণ্ড নিউমাছমেটিক ছ'চাইটিৰ উদ্যোগত আয়োজিত হ'ল My Room My Museum শীৰ্ষক ভাৰ্চুৱেল প্ৰদৰ্শনী। লকডাউনৰ দিনকেইটাক সংগ্ৰহকাৰী সকলৰ মনোৰঞ্জন আৰু উপকাৰ হোৱাকৈ তথা প্ৰতিগৰাকী সংগ্ৰহকাৰীক নিজ গৃহতে একোটা ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপনত প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই এদিনীয়া বিশেষ ফেচবুক প্ৰদৰ্শনীত কেইবাগৰাকী আগশাৰীৰ ডাকটিকট আৰু মুদ্ৰা সংগ্ৰহকাৰীৰ সংগ্ৰহ সমূহ প্রদৰ্শিত হয়। দেশৰ ভিতৰতে ই এনে ধৰণৰ প্ৰথম প্ৰদৰ্শনী আৰু ইয়াৰ সৈতে সংগতি ৰাখি সংস্থাটোয়ে এলানি বিশেষ খামো জাৰি কৰে। 

বাংলাদেশৰ জুইশলা বাহত লুপ্তপ্ৰায় ৰিক্সা চিত্ৰ
শকীল হক বাংলাদেশৰ এজন আগশাৰীৰ দিয়াচলাই বাকচ সংগ্ৰহকাৰী। তেখেতৰ প্ৰচেষ্টাতে প্ৰাণ পাই উঠিছে  দেশখনৰ লুপ্তপ্ৰায় ৰিক্সা চিত্ৰৰ সংগ্ৰহ আৰু সংৰক্ষণ। শকীলে নিজে উদ্যোগলৈ প্ৰস্তুত কৰি উলিয়াইছে ৰিক্সাৰ পিছফালে এসময়ত সহজেই দেখিবলৈ পোৱা নানান সুন্দৰ চিত্ৰকৰ্ম সমূহক প্ৰতিফলিত কৰা এলানি স্মাৰক দিয়াচলাই বাকচ। উল্লেখযোগ্য যে শকীল হকে ইতিমধ্যে বাংলাদেশ, ভাৰত তথা বিশ্বৰ কেইবাগৰাকী ইতিহাস প্ৰসিদ্ধ ব্যক্তিত্ব আৰু ঘটনাকলৈ স্মাৰক জুইশলা বাহ প্ৰস্তুত কৰি জাৰি কৰিছে। ইয়াৰ ভিতৰত মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, মাদাৰ টেৰেছা, বঙ্কিম চন্দ্ৰ, সত্যজিৎ ৰায়, স্বামী বিবেকানন্দ, বংগবন্ধু শেখ মুজিবুৰ ৰহমান, শচীন টেণ্ডুলকাৰ, মাইকেল জেকচন, ওচামা বিন লাদেন, হিটলাৰ, বাংলাদেশৰ মুক্তি যুদ্ধ ইত্যাদিৰ ওপৰত তেওঁৰ কৰ্ম বিশ্বজুৰি সমাদৃত হৈছে। 

বাতিল হ'ল হেমফেষ্ট ইণ্ডিয়া আৰু লণ্ডন ২০২০
সমাজৰ বিভিন্ন ক্ষেত্ৰত কৰ'না ভাইৰাছ মহামাৰীৰ প্ৰভাৱ পৰাৰ দৰে হবিৰ ক্ষেত্ৰখনতো শেহতীয়াকৈ ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে। ডাকটিকট সংগ্ৰহকাৰী বা ফিলাটেলিষ্ট সকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবন্দু বছৰেকীয়া 'লণ্ডন ইণ্টাৰনেছনেল ষ্টাম্প একজিভিছন'ৰ আয়োজক সকলে ২০২০ ত হ'বলগীয়া অনুষ্ঠানটো বাতিল হোৱাৰ ঘোষণা কৰিছে। এতিয়া এই প্ৰদৰ্শনী ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৯ৰ পৰা ২৬ তাৰিখলৈ অনুষ্ঠিত হ'ব। ইফালে এই বছৰৰ নৱেম্বৰ মাহত কেৰেলাৰ ভাগমন নামৰ পৰ্যটন কেন্দ্ৰটোত আয়োজিত হ'বলগীয়া 'হেমফেষ্ট ইণ্ডিয়া' শীৰ্ষক দেশৰ এমেচাৰ ৰেডিঅ'ৰ সৰ্ববৃহৎ উৎসৱটোও বাতিল কৰা হৈছে। 

বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত হ'ল হেম ৰেডিঅ'

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত হ'ল হেম ৰেডিঅ'। বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গনসংযোগ বিভাগৰ উদ্যোগত আৰু সহকাৰী অধ্যাপক তথা এমেচাৰ ৰেডিঅ' পৰিচালক ডঃ টি. জয়শক্তিভেলৰ প্ৰচেষ্টাত বিশ্ববিদ্যালয়ৰ এটি বিকল্প বিষয় বা ইলেক্টিভ চাবজেক্ট হিচাপে এতিয়াৰে পৰা 'হেম ৰেডিঅ'ৰ পাঠদান কৰা হ'ব। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ প্ৰায় ৭৫ টা বিভাগৰ ছাত্র-ছাত্ৰীয়ে এই বিষয়ত অধ্যয়ন কৰাৰ উপৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। বিশ্ববিদ্যালয় স্তৰত ভাল ফল দেখুৱা সকলক বিভাগটোৱে দেশত এমেচাৰ ৰেডিঅ' পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় ভাৰত চৰকাৰৰ অনুজ্ঞাপত্ৰৰ পৰীক্ষাতো অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰিব। 

(আমাৰ এই শিতানৰ বাবে হবি সম্পৰ্কীয় বিভিন্ন বা-বাতৰি, কোনো বিশেষ হবিৰ গৰাকীৰ বিষয়ে তথ্য আপুনিও  আমালৈ প্ৰেৰণ কৰিব পাৰিব। তেনেধৰণৰ যথাসম্ভৱ চুটি লেখাবোৰ আমালৈ rhfjorhat@gmail .com এই ইমেইলত অথবা 9435350875 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰক।) 

Comments

Popular posts from this blog

হবি কথা - ডিচেম্বৰ ২০১৯

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা

ডাকটিকটত 'অষ্টলক্ষ্মী'- নগা বোৱনী