Posts

হবি কথা - জুন ২০২০

Image
জুন মাহতে আৰম্ভ হৈছিল এফএম ৰেডিঅ'ৰ বৰ্ণিল যাত্ৰা ৰেডিঅ' যন্ত্ৰ বা মোবাইলত ৰেডিঅ' শুনাৰ প্ৰসংগটো আলোচিত হ'লে আমাৰ মনলৈ প্ৰথমেই অহা মাধ্যমটো নিশ্চয়কৈ এফ.এম. ৰেডিঅ'। জানেনে জুন মাহটো এই এফ.এম. সম্প্ৰচাৰ ব্যৱস্থাৰ বাবে এটি স্মৰণীয় মাহ। এডৱিনৰ এই বিশেষ এম.ষ্টেছনটো এটা সাংকেতিক নামেৰে জনাজাত আছিল আৰু সেইটো হল W2XMN. অৱশ্যে ১৯৪১ চনৰ ১ মাৰ্চত আমেৰিকাৰে নেশৱিলেৰ পৰা আনুষ্ঠানিক সম্প্ৰচাৰ আৰম্ভ কৰা W47NV নামৰ কেন্দ্ৰটোৱেই বিশ্বৰ প্ৰথম বাণিজ্যিক এফ.এম. কেন্দ্ৰ হিচাপে জনাজাত।  কিয়নো ১৯৩৫ চনৰ ১১ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী এডৱিন আৰ্মষ্ট্ৰঙে পোনপ্ৰথম বাৰৰ বাবে নিউ জাৰ্চি এলপাইন নামৰ ঠাইত এবছৰ পূৰ্বে উদ্ভাৱন কৰা এই এফ.এম. সম্প্ৰচাৰ ব্যৱস্থা ৰাজহুৱাকৈ প্ৰদৰ্শন কৰিছিল। গুৱাহাটীয়ে লাভ কৰিলে কনিষ্ঠ বাইচাইকেল মেয়ৰ চাইক্লিং বাৰু আপোনাৰ চখ নেকি? যদি হয় তেন্তে আপুনি নিশ্চিতকৈ এটি বৰ উপকাৰী আৰু স্বাস্থ্যকৰ হবি নিৰ্বাচন কৰিছে। কিন্তু গুৱাহাটীৰ ১৪ বছৰীয়া মালভ দত্তৰ বাবে চাইক্লিং হৈছে এটি নিচা আৰু আবেগ। চাইক্লিংৰ প্ৰতি থকা তেওঁৰ আসক্তিয়ে শেহতীয়াকৈ মালভলৈ আন

হবি কথা- এপ্ৰিল ২০২০

Image
লকডাউনত বিপদগ্ৰস্ত লোকৰ ত্ৰাণকৰ্তা ৰূপে অসমৰ হেম দেশজুৰি লকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ এমেচাৰ ৰেডিঅ' পৰিচালক বা হেম সকলে আকৌ এবাৰ মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। দ্বিপক্ষীয় অনাতাঁৰ সেৱা হেম ৰেডিঅ'ক দুৰ্যোগকালীন পৰিস্থিতিত যোগাযোগৰ দ্বিতীয় শাৰীৰ মাধ্যম হিচাপে জনা যায় আৰু এই খ্যাতিকে শুদ্ধ প্ৰমাণ কৰিলে অসম আৰক্ষী অনাতাঁৰ সংস্থাৰ জ্যেষ্ঠ প্ৰশিক্ষক তথা ৰাজ্যৰ এগৰাকী হেম ৰেডিঅ' পৰিচালক তাহেৰুদ্দীন আহমেদে। "কামাখ্যা মন্দিৰৰ ওচৰত লকডাউনত আবদ্ধ হৈ পৰা পশ্চিম বংগৰ এটা ১৮ জনীয়া শ্রমিক দলৰ বিষয়ে কিছুদিন পূৰ্বে কলিকতাৰ ৱেষ্ট বেংগল ৰেডিঅ' ক্লাৱৰ সংগঠক তথা হেম অম্বৰীশ নাগ বিশ্বাসৰ পৰা মই ৰেডিঅ'ত এটি জৰুৰী বাৰ্তা লাভ কৰোঁ। ততালিকে লোককেইজনৰ সন্ধান উলিয়াই গভীৰ খাদ্য আৰু অৰ্থ সংকটত ভুগি থকা এই দলটোক আমি খাদ্যৰ যোগান ধৰোঁ আৰু কথাটো ভৰলুমুখ থানাত অৱগত কৰোঁ। এই শ্ৰমিক সকল এতিয়া সময়মতে নিজ ৰাজ্যলৈ ঘূৰি যাব পাৰিব"- ৰেডিঅ' যোগে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিশ্বজুৰি এক বিশাল যোগাযোগ নেটৱৰ্ক গঠন কৰা তাহেৰুদ্দিন আহমেদে জনায়। উল্লেখযোগ্য যে VU2TUO কল

কৰ'না মহামাৰীত লকডাউন, বিহু আৰু হবি

Image
ঋতুৰ ৰাণী বসন্তৰ আগমনৰ লগে লগে ৰাজ্যৰ আকাশ-বতাহ কুলি-কেতেকীৰ মিঠা কলৰৱে মুখৰিত হৈ উঠে, ৰং-বিৰঙৰ কপৌ, কেতেকী, নাহৰ, তগৰ অথবা কৃষ্ণচূড়াৰ সুবাসে এক ন-ৰূপ ঢালি দিয়া প্ৰকৃতিয়ে প্ৰতিগৰাকী অসমীয়াৰ মনত হেঁপাহৰ ৰঙালী বিহুটিৰ আগমনৰ সূচনা দিয়ে। কিন্তু এইবেলি ৰঙালী যেন আছিল কিছু ৰং বিহীন। বিশ্বজুৰি কৰ'না ভাইৰাছজনিত অতিমাৰীৰ ফলস্বৰূপে প্ৰায় দুশৰো অধিক দেশৰ লগতে ভাৰততো সম্পূৰ্ণ তলা বন্ধ ঘোষণা কৰা হয় যিহেতু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে একমাত্ৰ সামাজিক দূৰত্ব বজায় ৰাখি তথা এই উদ্দেশ্যে ঘৰতে থাকি এই বীজাণুৰ সংক্ৰমণৰ পৰা মানুহে নিজকে ৰক্ষা কৰিব পাৰে। ইয়াৰে ফলস্বৰূপে এইবাৰ প্ৰতিগৰাকী অসমীয়াই বাপতি সাহোন ৰঙালী বিহুটি নিজ নিজ ঘৰতে থাকি পালন কৰিব লগা হয়। কিন্তু এই লকডাউনে আকৌ বহুতো লোকক উপকৃত কৰাও দেখা যায়। বিশেষকৈ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে যিসকল লোকে হবিৰ বশৱৰ্তীহৈ বিভিন্ন সময়ত নানান সামগ্ৰী সংৰক্ষণ কৰি থৈ দিছিল বা যিসকলে নিজৰ চখৰ পৰিকল্পনা সমূহ সময়ৰ অভাৱত সম্পূৰ্ণ কৰিব পৰা নাছিল তেওঁলোকক তেনে কামবোৰ নিয়াৰিকৈ কৰাৰ বাবে পৰ্যাপ্ত সময় আৰু সুযোগ দুয়ো আনি দিছিল। এই সময়তে নিজৰ হবি সমূহ ফেচবুকৰ দৰে জনপ

ডাক টিকটত অষ্টলক্ষী: গুৱাহাটী তেল শোধনাগাৰ

Image
যিকোনো দেশৰ অৰ্থনৈতিক উন্নয়নত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দেশখনৰ উদ্যোগ সমূহে আৰু তেল আৰু প্ৰাকৃতিক গেছ হৈছে উদ্যোগ খণ্ডৰ প্ৰাণ স্বৰূপ। অসম আৰু উত্তৰ-পূৱ ভাৰত অতীজৰে পৰা খাৰুৱা তেলৰ ভাণ্ডাৰ হিচাপে গণ্য আহিছে আৰু এই অঞ্চলৰ বুকুত থকা খনিজ পদাৰ্থ বিশেষকৈ খাৰুৱা তেলক শোধন কৰি আন বহুতো মূল্যবান ইন্ধন তথা খনিজাত সামগ্ৰী উৎপাদন কৰাৰ প্ৰচুৰ সম্ভাৱনাৰ কথা চিন্তা কৰিয়েই ইয়াত এটা তেল শোধনাগাৰৰ প্ৰয়োজন অনুভৱ কৰা হয়। এই মৰ্মে ১৯৫৮ চনৰ ২২ আগষ্ট তাৰিখে ইণ্ডিয়ান ৰিফাইনাৰিছ লিমিটেড (IRL) নামৰ প্ৰতিষ্ঠান স্থাপন কৰা হয় আৰু ইয়াৰ অধীনতে অসমৰ গুৱাহাটী আৰু বিহাৰৰ বাৰুণিত দুটা তেল শোধনাগাৰ স্থাপন কৰাৰ পৰিকল্পনা লোৱা হয়। প্ৰায় ১৭.৭ কোটি টকা ব্যয়, পাঁচ শহস্ৰাধিক শ্ৰমিক, অভিযন্তা আৰু কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমেৰে গুৱাহাটীৰ নুনমাটিত শোধনাগাৰটো নিৰ্মান কৰা হয় আৰু ইয়াৰ মূল কাৰখানাৰ যন্ত্ৰ-পাতি আদি ৰোমানিয়া চৰকাৰৰ সহযোগিতাৰে যোগান ধৰা হয়। ১৯৬২ চনৰ ১ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুয়ে উদ্বোধন কৰে দেশৰ ভিতৰতে প্ৰথম চৰকাৰী খণ্ডৰ গুৱাহাটী তেল শোধনাগাৰ। এই বিশেষ দিনটোক চিৰস্মৰণীয়

হবি কথা- ফেব্ৰুৱাৰী ২০২০

Image
ভুবনেশ্বৰৰ ৰেডিঅ' মেলাত সন্মানিত হ'ব অসমৰ ৰেডিঅ'  ব্ৰহ্মপুত্ৰ  অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰী তাৰিখে উৰিষ্যাৰ ভুবনেশ্বৰত আয়োজিত হ'ব দেশৰ ভিতৰতে আয়োজিত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' মেলা। প্ৰত্যেক বছৰৰ ১৩ ফেব্ৰুৱাৰী দিনটো বিশ্বজুৰি পালিত হয় বিশ্ব অনাতাঁৰ দিৱস হিচাপে আৰু ২০১৬ চনৰ পৰা উৰিষ্যাৰ খ্যাতনামা বেচৰকাৰী সংস্থা আউটৰিছৰ উদ্যোগত আয়োজিত হৈ আহিছে দুদিনীয়া ৰেডিঅ' মেলা যত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অনাতাঁৰ কেন্দ্ৰৰ ৰেডিঅ' বিশেষজ্ঞ, অনুষ্ঠান প্ৰযোজক, বিশিষ্ট শ্ৰোতা, ডিএক্সাৰ, হেম ৰেডিঅ' অপাৰেটৰ সকলে অংশগ্ৰহণ কৰে। প্ৰদর্শনীস্থলীত প্ৰদৰ্শিত হয় হেজাৰোধিক পুৰণি ৰেডিঅ', ৰেডিঅ' বিষয়ক ডাকটিকট, কিতাপ-পত্ৰ, ৰেডিঅ' সম্প্ৰচাৰত ব্যৱহাৰ হোৱা ন-পুৰণি সামগ্ৰী আৰু প্ৰযুক্তি, থাকে আৰ্হি (model) কমিউনিটি ৰেডিঅ' ষ্টেছন,  থলীতে ৰেডিঅ' বিক্ৰী আৰু মেৰামতি কৰাৰ সুবিধা, অনুষ্ঠিত হয় ৰেডিঅ' সম্পৰ্কীয় নানান কৰ্মশালা, সাংস্কৃতিক অনুষ্ঠান, বিশেষ সন্মাননা অনুষ্ঠান আদিৰ। ষষ্ঠ আউটৰিচ আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' মেলাৰ অন্যতম আকর্ষণ হৈছে পৰ্যটন। উল্লেখযোগ্য যে এইবাৰ উ

ডিএক্সিং- ইথাৰতে বিশ্ব পৰিব্ৰাজন

Image
দৃশ্যপট ১:- গ'ল.....গ'ল....গ'ল...!! মন্দাৰমণিৰ সমুদ্ৰ বিলাস ৰিজৰ্টৰ নিৰ্দিষ্ট এটা কোঠালীৰ পৰা মাজৰাতি ওলাই অহা এনে তীব্ৰ হৰ্ষল্লাসে স্বাভাৱিকতে ৰিজৰ্টৰ অন্যান্য আবাসী সকলৰ সুখনিদ্ৰা বিঘ্নিত কৰাৰ লগতে সকলোকে কম-বেছি পৰিমানে বিচলিতয়ো কৰি তুলিছিল। তাৰে দুজনমানে শীত সেমেকা ৰাতিটোত নিজৰ কোঠালীৰ পৰা ওলাই আহি কাষৰ ঘৰটোত কিনো হৈ আছে জানিবলৈ চেষ্টা কৰাত গম পোৱা গ'ল যে কলিকতাৰ পৰা অহা কেইবাগৰাকী অত্যুৎসাহী ৰেডিঅ' শ্ৰোতাই দেশী-বিদেশী বিভিন্ন ৰেডিঅ' যন্ত্ৰৰে ইতিমধ্যে তেওঁলোকৰ কোঠাটোক এটা সৰুসুৰা অনাতাঁৰ সংকেত গ্ৰহণ কক্ষলৈ ৰূপান্তৰ কৰি বিশ্বৰ নানান অনাতাঁৰ কেন্দ্ৰ শুনি থাকোতে তেওঁলোকৰ মাজৰে এজনৰ ৰেডিঅ'ত সুদূৰ ব্ৰাজিলৰ কোনোবা এটা কেন্দ্ৰৰ সংকেত ধৰা পৰিছে! সেইসময়ত কেন্দ্ৰটোয়ে কোনো এক ফুটবল খেলৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আছিল আৰু খেলখনত সেই মুহূৰ্তত হোৱা গ'ল এটাৰ ধাৰাবিবৰণি শুনিয়েই ৰেডিঅ' বলিয়া সেই মানুহকেইজনৰ এই আপোন পাহৰা হৰ্ষল্লাস! দৰাচলতে সেই ৰেডিঅ' প্ৰেমী শ্ৰোতা সকলক খেলখনত হোৱা গ'লতকৈ সুদূৰ ব্ৰাজিলৰ কেন্দ্ৰটো মন্দাৰমণিতে বহি শুনিবলৈ পোৱাৰ আশ্চৰ